যীচু—তেওঁৰ জীৱন আৰু পৰিচৰ্য্যা
এই ৰোমাঞ্চকৰ ভিডিঅʼ ধাৰাবাহিকত আপুনি মানৱজাতিক উদ্ধাৰ কৰা ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্টাৰ বিষয়ে জানিব পাৰিব।
যীচু—তেওঁৰ জীৱন আৰু পৰিচৰ্য্যা: ধাৰাবাহিকৰ আভাস
যীচু খ্ৰীষ্টৰ বিষয়ে এই ৰোমাঞ্চকৰ ধাৰাবাহিক ভিডিঅ’ত শুভবাৰ্তাৰ ঘটনাবোৰ জীৱন্ত হৈ উঠা চাওক।
খণ্ড ১: জগতলৈ সত্য পোহৰ আহে
আদমে কৰা পাপৰ পৰা মানৱজাতিয়ে কেনেকৈ উদ্ধাৰ পাব? মচীহ হৈছে মানৱজাতিৰ একমাত্ৰ আশা।
খণ্ড ২: ‘এওঁ মোৰ পুত্ৰ’
যোহন বাপ্তিষ্মা দিওঁতাই মচীহৰ বাবে ৰাস্তা তৈয়াৰ কৰে। যীচুৱে পৃথিৱীত সেৱা আৰম্ভ কৰাৰ সময়ত হোৱা ৰোমাঞ্চকৰ ঘটনাবোৰ চাওক।
খণ্ড ৩: “ময়েই সেইজন”
যীচুৱে যে মচীহ হয়, এয়া তেওঁ নীকদীম, চমৰীয়া তিৰোতা আৰু নাচৰতৰ লোকসকলৰ আগত প্ৰকাশ কৰিলে, কিন্তু কেৱল নম্ৰ মনৰ লোকসকলহে তেওঁৰ ওপৰত বিশ্বাস কৰিলে। আচৰিত চমৎকাৰ কৰাৰ পাছত তেওঁ নম্ৰ মাছমৰীয়াসকলক তেওঁৰ শিষ্য হʼবলৈ কʼলে।
খণ্ড ৪: “মই ইয়াৰ কাৰণেই আহিছোঁ”
যীচুৱে দেখুৱালে যে তেওঁৰ ওচৰত লোকসকলৰ বেমাৰ সুস্থ কৰাৰ আৰু তেওঁলোকৰ পৰা দুষ্ট স্বৰ্গদূত উলিওৱাৰ শক্তি আছে। কিন্তু কিছুমান লোকে তেওঁৰ বিৰোধ কৰে আৰু তেওঁক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰে। তেওঁ লোকসকলৰ অৱস্থা দেখি ব্যাকুল হৈছিল, তেওঁলোকক দয়া দেখুৱাইছিল আৰু প্ৰভাৱশালীৰূপে শিকাইছিল। তেওঁ শিষ্য বনাই আৰু ১২ জন পাঁচনিকো বাছনি কৰে।
খণ্ড ৫: ‘যীচুৰ শিক্ষাত তেওঁলোক আচৰিত হʼল’
ভিৰৰ লোকসকলৰ বেমাৰ সুস্থ কৰাৰ পাছত যীচুৱে তেওঁলোকক এনেদৰে শিকায়, যিদৰে ধৰ্ম গুৰুসকলে কেতিয়াও শিকোৱা নাছিল। যীচুৱে তেওঁলোকক অধিকাৰ থকা ব্যক্তিৰ দৰে শিকাইছিল, উদাহৰণ ব্যৱহাৰ কৰিছিল আৰু এনে পৰামৰ্শ দিছিল, যি সদায় তেওঁলোকৰ কামত আহিব পাৰে। তেওঁৰ কথা শুনি লোকসকল আচৰিত হৈছিল।
খণ্ড ৬: “যিজন আহিবলগীয়া আছিল, সেইজন আপুনিয়েই নে?”
যীচুৱে প্ৰকাশ কৰিলে যে তেওঁৰ ওচৰত মৃত লোকসকলক আকৌ জীয়াই তোলাৰ শক্তি আছে। তেওঁৰ চমৎকাৰৰ পৰা আৰু তেওঁ যি গভীৰ কথাবোৰ শিকায়, তাৰ পৰা তেওঁৰ শ্ৰোতাসকলৰ উদ্দেশ্য জানিব পাৰি। যীচুৱে বেলেগ বেলেগ উদাহৰণ দি ৰাজ্যৰ বিষয়ে বুজালে।
যীচু—তেওঁৰ জীৱন আৰু পৰিচৰ্য্যা: ধাৰাবাহিক ভিডিঅʼৰ এক আভাস
এই ৰোমাঞ্চকৰ ধাৰাবাহিক ভিডিঅʼৰ এক আভাস চাওক যিয়ে শুভবাৰ্তাৰ কিতাপবোৰক জীৱন্ত কৰি তোলে।

