আমি বিভিন্ন ভাষা আৰু পৃষ্ঠভূমিৰপৰা অহা লোক, কিন্ত্ত আমাৰ লক্ষ্য হৈছে এটা। আমি বাইবেলত উল্লেখ কৰা ঈশ্বৰ আৰু গোটেই পৃথিৱীৰ সৃষ্টিকর্ত্তা যিহোৱাক প্রশংসা কৰিব বিচাৰোঁ। আমি যীচু খ্রীষ্টক অনুকৰণ কৰিবলৈ চেষ্টা কৰোঁ আৰু নিজকে খ্রীষ্টান বুলি পৰিচয় দিবলৈ আনন্দিত। বাইবেল আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে আনক জনাবলৈ আমি সকলোৱে সময় অতিবাহিত কৰোঁ। যিহোৱা ঈশ্বৰ আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে আনক জনোৱাৰ বাবে, আমাক যিহোৱাৰ সাক্ষী বুলি জনা যায়।

আমাৰ ৱেবছাইট চাওক।অনলাইনত বাইবেল পঢ়ক। আমাৰ বিশ্বাস আৰু আমাৰ বিষয়ে জানক।