যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যৰ বাবে টকা-পইচা কʼৰ পৰা আহে?
যিহোৱাৰ সাক্ষীসকলে a স্ব-ইচ্ছাৰে আগবঢ়োৱা দান-বৰঙণিৰ দ্বাৰা আমাৰ কামৰ খৰচ-পাতি বহন কৰা হয়। দান-বৰঙণি দিয়াৰ বহুতো উপায় আছে। আমাৰ সভাবোৰত দান-পাত্ৰ ৰখা হয়, যʼত যিকোনো ব্যক্তিয়ে দান দিব পাৰে। ইয়াৰ উপৰিও আৰু বেলেগ বেলেগ উপায়েৰে দান দিয়াৰ বিষয়ে আমাৰ ৱেবছাইটৰ “দান-বৰঙণি” পেজত জনোৱা হৈছে। এই “দান-বৰঙণি” পেজত কেইবাটাও বিকল্প আছে। যিজন ব্যক্তিয়ে দান দিব বিচাৰে, তেওঁ “বিশ্বজুৰি হৈ থকা কামৰ বাবে,” স্থানীয় কামৰ বাবে বা দুয়োটা কামৰ বাবে দান দিব পাৰে।
যিহোৱাৰ সাক্ষীসকলক তেওঁলোকৰ উপাৰ্জনৰ দশম ভাগ দান কৰিবলৈ হেচাঁ দিয়া নহয়, লগতে তেওঁলোকক এক নিৰ্ধাৰিত টকা দান কৰিবলৈও কোৱা নহয়। (২ কৰিন্থীয়া ৯:৭) যিসকলে আমাৰ সভালৈ আহে আমি তেওঁলোকৰ পৰা টকা নলওঁ আৰু চান্দাও নুতুলোঁ। আমি বাপ্তিষ্মা, শোক সভা, বিয়া বা আন ধাৰ্ম্মিক কামৰ বাবে টকা-পইচা নলওঁ। আমি কাৰ্নিভাল, লটাৰি, লোকসকলক আহাৰ খোৱাই, মেলা লগায়, বজাৰ পাতি বা এনেধৰণৰ আন কোনো কাৰ্যক্ৰম কৰি দান-বৰঙণি জমা নকৰোঁ। আমি দান দিয়া ব্যক্তিজনৰ পৰিচয় গোপনীয়কৈ ৰাখোঁ আৰু তেওঁ দিয়া দানৰ বিষয়ে আনক কোনো তথ্য নজনাওঁ। (মথি ৬:২-৪) টকা-পইচা উপাৰ্জন কৰিবলৈ আমি আমাৰ ৱেবছাইটত বা প্ৰকাশনবোৰত কোনোধৰণৰ বিজ্ঞাপন নিদিওঁ।
যিহোৱাৰ সাক্ষীসকলৰ মণ্ডলীবোৰত প্ৰতি মাহে এখন ৰিপৰ্ট দিয়ে, যি সকলোৱে চাব পাৰে। ইয়াৰ উপৰিও নিয়মীয়াকৈ মণ্ডলীৰ একাউণ্টিং ৰিপৰ্ট চালি-জাৰি (অʼডিট) চোৱা হয়। ইয়াৰ যোগেদি নিশ্চিত কৰা হয় যে দান-বৰঙণিৰ পইচা ভালদৰে ব্যৱহাৰ কৰা হৈছে।—২ কৰিন্থীয়া ৮:২০, ২১.
দান দিয়াৰ পদ্ধতিবোৰ
দান-পাত্ৰ: আপুনি টকা-পইচা বা চেকৰ যোগেদি দান দিব পাৰে। আমাৰ ৰাজ্যগৃহত, সন্মিলন ভৱন আৰু যʼতে আমাৰ সভা হয়, তাত দান-পাত্ৰ ৰখা হয়। আপুনি এই দান-পাত্ৰবোৰত দান দিব পাৰে।
অনলাইন দান: বহুতো দেশৰ লোকসকলে দান কৰিবলৈ “যিহোৱাৰ সাক্ষীসকলক দান দিয়ক” পেজ ব্যৱহাৰ কৰে। তেওঁলোকে ক্ৰেডিত কাৰ্ড, ডেবিট কাৰ্ড, বেঙ্ক ট্ৰেন্সফাৰ বা আন কোনো ইলেক্ৰনিক পদ্ধতিৰে দান কৰে। b বহুতো যিহোৱাৰ সাক্ষীয়ে দান কৰিবলৈ প্ৰতি মাহে ‘কিছু টকা বেলেগ কৰি ৰাখে।’ (১ কৰিন্থীয়া ১৬:২) এইদৰে তেওঁলোকে অনলাইন বা আন পদ্ধতিৰে নিয়মীয়াকৈ দান (ৰেকাৰিং ড’নেচন) দিয়াৰ তালিকা বনায়।
দান দিয়াৰ পৰিকল্পনা: দান দিয়াৰ এনে কিছুমান উপায় আছে, যাৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰিবলগীয়া হয় বা আইনগত পৰামৰ্শ লʼবলগীয়া হয়। যদি আপোনাৰ দেশত কৰ দিয়াৰ ক্ষেত্ৰত ৰেহাই পোৱাৰ ব্যৱস্থা আছে, তেনেহʼলে পৰিকল্পনা কৰি দান দিলে কৰ দিয়াৰ ক্ষেত্ৰত আপোনাৰ লাভ হʼব পাৰে। বহুতো লোকে পৰিকল্পনা বনোৱাৰ বাবে লাভৱান হৈছে। তেওঁলোকে এই ক্ষেত্ৰত তথ্য গোটালে যে কি কি উপায়েৰে দান (চেৰিটেবুল গিফ্ট) দিব পাৰি। কিছুমান উপায়ত এজন ব্যক্তিয়ে দান দিয়াৰ লগে লগে দান পোৱা ব্যক্তিজনৰ লাভ হয়। আন কিছুমান উপায়ত ব্যক্তিজনে দানটো কৰে, কিন্তু দান দিয়া ব্যক্তিজনৰ মৃত্যুৰ পাছতহে দান লাভ কৰা ব্যক্তিজনৰ লাভ হʼব। যদি আপুনি তলত উল্লেখ কৰা কোনো উপায়েৰে দান দিব বিচাৰে, তেনেহʼলে নিজৰ দেশৰ যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়ক যোগাযোগ কৰক।
বেঙ্ক একাউণ্ট
বীমা আৰু ৰিটায়াৰমেণ্ট বা পেঞ্চন যোজনা
সা-সম্পতি
ষ্টক আৰু বণ্ড
ইচ্ছাপত্ৰ (উইল) আৰু পুঁজি (ট্ৰাষ্ট)
আপোনাৰ দেশত দান দিয়াৰ কি কি উপায় আছে, তাৰ বিষয়ে বেছিকৈ জানিবলৈ “যিহোৱাৰ সাক্ষীসকলক দান দিয়ক” পেজ চাওক।
a যিসকল যিহোৱাৰ সাক্ষী নহয়, তেওঁলোকেও আমাৰ কামৰ বাবে আনন্দেৰে দান দিয়ে।
b এই বিষয়ে বেছিকৈ জানিবলৈ ইণ্টাৰনেটৰ যোগেদি দান কেনেকৈ দিব পাৰি? নামৰ ভিডিঅʼখন চাওক।

