Skip to content

Skip to table of contents

দহ অধ্যায়

আত্মিক প্ৰাণীবোৰে আমাক কেনেকৈ প্ৰভাৱিত কৰে

আত্মিক প্ৰাণীবোৰে আমাক কেনেকৈ প্ৰভাৱিত কৰে
  • স্বৰ্গদূতসকলে আমাক সহায় কৰিব পাৰেনে?

  • দুষ্ট আত্মাবোৰে মানুহক কেনেকৈ প্ৰভাৱিত কৰিছে?

  • দুষ্ট আত্মাবোৰক আমি ভয় কৰা উচিতনে?

১. স্বৰ্গদূতসকলৰ বিষয়ে আমি কিয় জনা উচিত?

এজন ব্যক্তিৰ বিষয়ে ভালদৰে জানিবলৈ হ’লে আমি তেওঁৰ পৰিয়ালৰ লোকসকলৰ লগতো চিনা-পৰিচয় হোৱা প্ৰয়োজন। ঠিক সেইদৰে, যেতিয়া আমাৰ সম্পৰ্ক যিহোৱা ঈশ্বৰৰ লগত হয়, তেতিয়া আমি তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ লগতো পৰিচয় হোৱাটো অতি প্ৰয়োজন। ঈশ্বৰৰ এই পৰিয়ালৰ সদস্যসকলক স্বৰ্গদূত বুলি কোৱা হয় আৰু বাইবেলে তেওঁলোকক ‘ঈশ্বৰৰ সন্তানবিলাক’ বুলি উল্লেখ কৰিছে। (ইয়োব ৩৮:৬) এতিয়া প্ৰশ্ন হ’ব পাৰে যে মানৱ জাতিৰ বাবে ঈশ্বৰৰ যি উদ্দেশ্য আছে, তাত এই স্বৰ্গদূতসকলৰ ভূমিকা কি? গোটেই ইতিহাসত হোৱা ঘটনাবোৰত তেওঁলোকৰ কিবা হাত আছেনে? স্বৰ্গদূতসকলে ব্যক্তিগতভাৱে আপোনাৰ জীৱনত প্ৰভাৱিত কৰিব পাৰেনে? যদি প্ৰভাৱিত কৰে, তেনেহ’লে কেনেকৈ?

২. স্বৰ্গদূতসকলক কোনে সৃষ্টি কৰিলে আৰু তেওঁলোকৰ সংখ্যা কিমান?

বাইবেলত বহু বাৰ স্বৰ্গদূতসকলৰ বিষয়ে উল্লেখ কৰিছে। আহক আমি বাইবেলত উল্লেখ কৰা কিছুমান বিৱৰণ আলোচনা কৰোঁ, যাৰ দ্বাৰা আমি স্বৰ্গদূতসকলৰ বিষয়ে আৰু ভালকৈ জানিবলৈ সক্ষম হ’ম। স্বৰ্গদূতসকলক কোনে সৃষ্টি কৰিলে? ইয়াৰ উত্তৰ কলচীয়া ১:১৬ পদত পোৱা যায়: “স্বৰ্গত আৰু পৃথিবীত . . . সকলোকে তেওঁৰ [যীচুৰ] দ্বাৰাই আৰু তেওঁৰ নিমিত্তেই স্ৰজা হল।” ইয়াৰ অৰ্থ এই যে সকলো আত্মিক প্ৰাণী অৰ্থাৎ স্বৰ্গদূতসকলক যীচু খ্ৰীষ্টৰ যোগেদি যিহোৱা ঈশ্বৰে সৃষ্টি কৰিছে। এই স্বৰ্গদূতসকলৰ সংখ্যা কিমান? বাইবেলে বৰ্ণনা কৰিছে যে তেওঁলোকৰ সংখ্যা কোটি কোটি আৰু তেওঁলোক বৰ শক্তিশালী।—গীতমালা ১০৩:২০. *

৩. ইয়োব ৩৮:৪-৭ পদত স্বৰ্গদূতসকলৰ বিষয়ে কি বৰ্ণনা আছে?

ঈশ্বৰৰ বাক্য বাইবেলে বৰ্ণনা কৰিছে যে যেতিয়া এই পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰা হৈছিল, তেতিয়া “ঈশ্বৰৰ সকলো সন্তানবিলাকে জয়-ধ্বনি কৰিছিল।” (ইয়োব ৩৮:৪-৭) ইয়াৰপৰা ক’ব পাৰি যে পৃথিৱী তথা মানৱক সৃষ্টি কৰাৰ পূৰ্ব্বে স্বৰ্গদূতসকলৰ অস্তিত্ব আছিল। বাইবেলৰ এই বৃত্তান্তত উল্লেখ কৰা হৈছে যে সকলো সন্তানবিলাকে জয়-ধ্বনি কৰিছিল।” গতিকে ইয়াৰপৰা ক’ব পাৰি যে এই স্বৰ্গদূতসকলৰ অনুভূতি আছে। এই বিষয়েও লক্ষ্য কৰক যে ঈশ্বৰৰ “সকলো সন্তানবিলাকে” একেলগে জয়-ধ্বনি কৰিছিল। অৰ্থাৎ সেই সময়ত স্বৰ্গদূতবিলাকে যিহোৱা ঈশ্বৰক একতাৰে সেৱা কৰিছিল।

স্বৰ্গদূতসকলৰপৰা সহায় আৰু সুৰক্ষা

৪. বাইবেলে কেনেকৈ প্ৰকাশ কৰিছে যে বিশ্বাসী স্বৰ্গদূতসকলে মানৱৰ কাৰ্য্যকলাপবোৰৰ প্ৰতি আগ্ৰহী?

স্বৰ্গদূতসকলে প্ৰথম পুৰুষ আৰু তিৰোতাৰ সৃষ্টি দেখিছিল। তেওঁলোকে মানৱ পৰিয়াল আৰু ঈশ্বৰৰ উদ্দেশ্য পূৰ হোৱাৰ প্ৰতি সদায় গভীৰ আগ্ৰহ প্ৰকাশ কৰিছে। (হিতোপদেশ ৮:৩০, ৩১; ১ পিতৰ ১:১১, ১২) সময় অতিবাহিত হোৱাৰ লগে লগে এই স্বৰ্গদূতসকলে এটা কথা লক্ষ্য কৰিলে যে বেছিভাগ মানৱ পৰিয়ালে তেওঁলোকৰ সৃষ্টিকৰ্ত্তা যিহোৱা ঈশ্বৰক উপাসনা কৰিবলৈ বাদ দিছে। ইয়াক দেখি এই স্বৰ্গদূতসকলৰ নিশ্চয় বেজাৰ লাগিছিল। কিন্তু আনহাতে যেতিয়া এজন দুষ্ট ব্যক্তিয়ে অসৎ পথ ত্যাগ কৰি, ঈশ্বৰক উপাসনা কৰিবলৈ আকৌ আৰম্ভ কৰে, তেতিয়া “দূতবিলাকৰ সাক্ষাতে আনন্দ হয়।” (লূক ১৫:১০) যিহেতু, এই স্বৰ্গদূতসকলে যিহোৱাৰ উপাসকসকলৰ প্ৰতি গভীৰ চিন্তা প্ৰকাশ কৰে, সেইবাবে যিহোৱা ঈশ্বৰে তেওঁলোকক এই পৃথিৱীত থকা তেওঁৰ দাসসকলক উৎসাহ আৰু সুৰক্ষা দিবলৈ ব্যৱহাৰ কৰে। (ইব্ৰী ১:৭, ১৪ পঢ়ক।) যিহোৱা ঈশ্বৰে এই স্বৰ্গদূতসকলক কেনেকৈ ব্যৱহাৰ কৰিছে, তাৰে কেইটামান উদাহৰণ আহক আমি লক্ষ্য কৰোঁ।

“মোৰ ঈশ্বৰে তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে।”—দানিয়েল ৬:২২

৫. স্বৰ্গদূতসকলে সহায় কৰাৰ বিষয়ে বাইবেলত কি কি উদাহৰণ পোৱা যায়?

প্ৰাচীন সময়ত চদোম আৰু ঘমোৰা নামৰ নগৰ কেইখনক ধ্বংস কৰোঁতে, দুজন স্বৰ্গদূতে ধাৰ্ম্মিক ব্যক্তি লোট আৰু তেওঁৰ ছোৱালীকেইজনীক তাৰপৰা উদ্ধাৰ কৰিছিল। (আদিপুস্তক ১৯:১৫, ১৬) বহু শতিকাৰ পাছত দানিয়েল নামৰ ভৱিষ্যতবক্তা এজনক সিংহৰ গাঁতত পেলাই দিয়া হৈছিল। দানিয়েলে এই বিপদৰপৰা ৰক্ষা পাই কৈছিল: “মোৰ ঈশ্বৰে তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে।” (দানিয়েল ৬:২২) প্ৰথম শতিকাত এটা স্বৰ্গদূতে পিতৰ নামৰ যীচুৰ এজন শিষ্যক কাৰাগাৰৰপৰা মুক্ত কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ১২:৬-১১) ইয়াতকৈ মন কৰিবলগীয়া কথা হৈছে যে যীচু খ্ৰীষ্টই এই পৃথিৱীত তেওঁৰ সেৱকীয়া কাৰ্য্য আৰম্ভ কৰোঁতে, স্বৰ্গদূতসকলে তেওঁক সহায় কৰিছিল। যীচুৰ মৃত্যুৰ আগমুহূৰ্ত্তত এজন স্বৰ্গদূতে তেওঁৰ ওচৰত উপস্থিত হৈছিল আৰু তেওঁক “শক্তি দান” কৰিছিল অৰ্থাৎ উৎসাহিত কৰিছিল। (লূক ২২:৪৩) যীচুৰ জীৱনৰ এই অন্তিম মুহূৰ্ত্তত স্বৰ্গদূতে এনে সহায় কৰাৰ বাবে তেওঁ নিশ্চয় উৎসাহিত হৈছিল।

৬. (ক) স্বৰ্গদূতবিলাকে ঈশ্বৰৰ লোকসকলক বৰ্তমানে কেনেকৈ সহায় কৰে? (খ) আমি এতিয়া কি কি প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম?

বৰ্তমান সময়ত এই পৃথিৱীত থকা ঈশ্বৰৰ লোকসকলৰ আগত স্বৰ্গদূতসকলে দেখা নিদিয়ে। যদিও কোনো মানুহে তেওঁলোকক দেখা নাপায়, তথাপিও এই শক্তিশালী স্বৰ্গদূতবিলাকে ঈশ্বৰৰ লোকসকলক সুৰক্ষা দিব পাৰে। বিশেষকৈ যেতিয়া ঈশ্বৰৰ লোকসকলৰ ওপৰত আধ্যাত্মিকভাৱে কিবা হানি আহে, তেতিয়া এই স্বৰ্গদূতসকলে তেওঁলোকক সহায় কৰে। স্বৰ্গদূতসকলৰ বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “যিহোৱাৰ দূতে তেওঁলৈ ভয় ৰাখোঁতাবিলাকৰ চাৰিওফালে ছাউনি পাতে, আৰু তেওঁবিলাকক উদ্ধাৰ কৰে।” (গীতমালা ৩৪:৭) এই কথাফাঁকি আমাৰ বাবে কিয় উৎসাহজনক? কিয়নো, এনে বহুতো দুষ্ট আত্মিক প্ৰাণী আছে, যিবিলাকে আমাক অনিষ্ট কৰিবলৈ উঠিপৰি লাগিছে। এই দুষ্ট আত্মিক প্ৰাণীবোৰ কোন হয়? তেওঁলোক ক’ৰপৰা আহিল? তেওঁলোকে আমাক কেনেকৈ অনিষ্ট কৰিব বিচাৰে? ইয়াৰ উত্তৰ পাবলৈ হ’লে প্ৰথমে আমাক মানৱ জীৱনৰ আৰম্ভণিত কি ঘটিল, তাৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়োজন আছে।

আত্মিক প্ৰাণীবোৰ যি আমাৰ শত্ৰু

৭. চয়তানে লোকসকলক ঈশ্বৰক সেৱা কৰাৰপৰা বিৰত ৰাখিবলৈ কিমান সফল হৈছিল?

আমি যেনেকৈ তিনি অধ্যায়ত শিকিলোঁ যে এটা স্বৰ্গদূতে আনৰ ওপৰত শাসন কৰিবলৈ নিজৰ মনতে লোভ কৰিছিল আৰু ইয়াৰ যোগেদি সি নিজকে ঈশ্বৰৰ বিৰোধী কৰি তুলিলে। পাছলৈ এই স্বৰ্গদূতজন চয়তান নামেৰে বিখ্যাত হৈ পৰিল। (প্ৰকাশিত বাক্য ১২:৯) হৱাক ছলনা কৰাৰ প্ৰায় ১,৬০০ বছৰৰ পাছতো চয়তানে পৃথিৱীৰ বহুতোলোকক ঈশ্বৰক সেৱা কৰাৰপৰা বিৰত ৰাখিবলৈ সফল হৈছিল। কিন্তু তাৰ ভিতৰতো হেবল, হনোক, নোহ আদি কিছুমান বিশ্বাসী লোকক চয়তানে ছলনা কৰিব নোৱাৰিলে।—ইব্ৰী ১১:৪, ৫, ৭.

৮. (ক) কিছুমান স্বৰ্গদূতে কেনেকৈ নিজকে দুষ্ট আত্মিক প্ৰাণীৰূপে গঢ়ি তুলিলে? (খ) নোহৰ দিনত হোৱা জল-প্লাৱনৰ সময়ত নিজকে ৰক্ষা কৰিবলৈ এই দুষ্ট আত্মিক প্ৰাণীবোৰে কি কৰিবলৈ বাধ্য হ’ল?

নোহৰ সময়ছোৱাত স্বৰ্গদূতসকলে যিহোৱা ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। এই স্বৰ্গদূতসকলে ঈশ্বৰৰ লগত থকাৰ যি সুযোগ আছিল, তাক ত্যাগ কৰি পৃথিৱীলৈ আহি মানৱ শৰীৰ ধাৰণ কৰিলে। প্ৰকৃততে তেওঁলোকে এনে কৰাৰ কাৰণ কি বাৰু? ইয়াৰ উত্তৰ আদিপুস্তক ৬:২ পদত পোৱা যায়: “তেতিয়া ঈশ্বৰৰ সন্তানবিলাকে মানুহৰ জীয়াৰীবোৰক ৰূপৱতী দেখি, সিহঁত আটাইৰে পৰা যেয়ে যাক ইচ্ছা কৰিলে, সিয়ে তাইক বিয়া কৰি ললে।” এই স্বৰ্গদূতবিলাকৰ অসৎ কাৰ্য্য আৰু ইয়াৰ পৰিণামস্বৰূপে মানৱ জাতিৰ মাজত হোৱা অনৈতিকতাক যিহোৱা ঈশ্বৰে চিৰকালৰ বাবে হ’বলৈ নিদিলে। সেইবাবে তেওঁ গোটেই পৃথিৱীজুৰি এক জল-প্লাৱন আনিলে আৰু সকলো দুষ্ট লোকক ধ্বংস কৰিলে। কিন্তু যিহোৱা ঈশ্বৰে তেওঁৰ বিশ্বাসী লোকসকলক জীৱিত ৰাখিলে। (আদিপুস্তক ৭:১৭, ২৩) এই জল-প্লাৱনৰ বাবে দুষ্ট স্বৰ্গদূতবিলাকে তেওঁলোকৰ মানৱীয় শৰীৰ ত্যাগ কৰিবলৈ বাধ্য হ’ল আৰু আত্মিক প্ৰাণীৰূপে স্বৰ্গলৈ উভতি গ’ল। স্বৰ্গত তেওঁলোকে নিজকে চয়তানৰ ফলীয়া কৰিলে আৰু চয়তান অৱশেষত ‘ভূতৰ ৰজা’ হৈ পৰিল।—মথি ৯:৩৪.

৯. (ক) দুষ্ট আত্মিক প্ৰাণীবোৰে স্বৰ্গলৈ উভতি যোৱাত তেওঁলোকৰ কি হ’ল? (খ) দুষ্ট আত্মিক প্ৰাণীবোৰৰ বিষয়ে আমি এতিয়া কি আলোচনা কৰিম?

জল-প্লাৱনৰ পাছত দুষ্ট আত্মিক প্ৰাণীবোৰ স্বৰ্গলৈ উভতি গ’ল। তাত কিন্তু তেওঁলোকে স্বৰ্গীয় আত্মিক পৰিয়ালৰ সদস্যসকলৰ লগত একত্ৰিত হ’ব নোৱাৰিলে, বৰঞ্চ তেওঁলোকক চয়তানৰ দৰে এঘৰীয়া যেনহে কৰিলে। (যিহূদা ৬) বৰ্তমানে যদিও এই দুষ্ট আত্মিক প্ৰাণীবোৰে মানুহৰ শৰীৰ ধাৰণ কৰিব নোৱাৰে, কিন্তু তেওঁলোকে মানুহৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। মন কৰিবলগীয়া কথা যে এই দুষ্ট আত্মিক প্ৰাণী বা ভূতবোৰৰ সহায়ত চয়তানে “গোটেই জগতৰ ভ্ৰান্তি জন্মায়।” (প্ৰকাশিত বাক্য ১২:৯; ১ যোহন ৫:১৯) কেনেকৈ ভ্ৰান্তি জন্মায়? এই ভূতবোৰে মানুহক ভুল পথলৈ পৰিচালিত কৰে। (২ কৰিন্থীয়া ২:১১ পঢ়ক।) দুষ্ট আত্মিক প্ৰাণীবোৰে মানুহক কেনেকৈ ভুল পথলৈ পৰিচালিত কৰে, আহক আমি তাৰে কেইটামান কৌশলৰ বিষয়ে আলোচনা কৰোঁ।

দুষ্ট আত্মাই কেনেকৈ ভুল পথলৈ পৰিচালিত কৰে

১০. মায়াকৰ্ম্ম কি?

১০ দুষ্ট আত্মাই মায়াকৰ্ম্মৰ সহায়ত মানুহক ভুল পথলৈ পৰিচালিত কৰে। মায়াকৰ্ম্মৰ যোগেদি এজন ব্যক্তিয়ে দুষ্ট আত্মাৰ লগত পোনপটীয়াকৈ বা কোনো তান্ত্ৰিকৰ সহায়ত সম্পৰ্ক গঢ়ি তুলিব পাৰে। মন কৰিবলগীয়া বিষয় যে বাইবেলে মায়াকৰ্ম্মক নিন্দা কৰিছে আৰু ইয়াৰ লগত জড়িত থকা সকলো ধৰণৰ বিষয়ৰপৰা আঁতৰি থাকিবলৈ আমাক সকীয়নি দিছে। (গালাতীয়া ৫:১৯-২১) মাছমৰীয়াই মাছ ধৰিবলৈ ব্যৱহাৰ কৰা টোপৰ লগত মায়াকৰ্ম্মৰ তুলনা কৰিব পাৰি। যেনেকৈ এজন মাছমৰীয়াই বিভিন্ন ধৰণৰ মাছ ধৰিবলৈ বেলেগ বেলেগ টোপ ব্যৱহাৰ কৰে, ঠিক সেইদৰে দুষ্ট আত্মাই বিভিন্ন ধৰণৰ মায়াকৰ্ম্মৰ দ্বাৰা লোকসকলক তেওঁলোকৰ অধীনত কৰিব বিচাৰে।

১১. মংগল চোৱা কি, আৰু আমি ইয়াৰপৰা কিয় আঁতৰি থকা উচিত?

১১ দুষ্ট আত্মাই লোকসকলক তেওঁলোকৰ অধীন কৰিবলৈ ব্যৱহাৰ কৰা এটা টোপ হৈছে, মংগল চোৱা। এতিয়া প্ৰশ্ন হয় যে মংগল চোৱা কি? মংগল চোৱা হৈছে, ভৱিষ্যতৰ বিষয়ে জানিবলৈ ইচ্ছা কৰা। মংগল চোৱাৰ বিভিন্ন উপায় হৈছে, জ্যোতিষশাস্ত্ৰ, জন্মপত্ৰিকা, ৰাশিফল, হাতচোৱা আৰু সপোনৰ ভাল-বেয়াৰ ভাঙণি আদি। বহুতোলোকে আকৌ বিশ্বাস কৰে যে মংগল চোৱা আদি বিষয়বোৰে কোনো অনিষ্ট নকৰে। কিন্তু আমি মনত ৰখা উচিত যে ভৱিষ্যতৰ বিষয়ে কোৱা লোকসকলৰ লগত দুষ্ট আত্মাৰ সম্পৰ্ক থাকে বুলি বাইবেলে আগতেই বৰ্ণনা কৰিছে। ইয়াৰ বিষয়ে ভালদৰে বুজিবলৈ এই উদাহৰণলৈ লক্ষ্য কৰক। পাঁচনিৰ কৰ্ম্ম ১৬:১৬-১৮ পদত উল্লেখ কৰিছে যে “দৈবজ্ঞ আত্মা থকা” ছোৱালী এজনীয়ে দৈববাণী কৰিছিল। কিন্তু লক্ষ্য কৰিবলগীয়া বিষয় যে ছোৱালীজনীৰপৰা এই দুষ্ট আত্মাক বাহিৰ কৰাৰেপৰা তাই ভৱিষ্যতৰ বিষয়ে ক’ব নোৱাৰা হৈছিল।

মানুহক ভুল পথলৈ পৰিচালিত কৰিবলৈ দুষ্ট আত্মিক প্ৰাণীবোৰে বেলেগ বেলেগ উপায় গ্ৰহণ কৰে

১২. মৃতসকলৰ লগত কথা পতাটো কিয় ভয়ানক হ’ব পাৰে?

১২ মৃত ব্যক্তিৰ লগত কথা পাতিবলৈ উদগণি কৰাৰ যোগেদি দুষ্ট আত্মাই আমাক ভুল পথলৈ পৰিচালিত কৰে। যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয়, তাৰ বাবে পৰিয়ালৰ সকলো সদস্যই শোক কৰে। নিঃসন্দেহ, তেওঁলোকে এই মৃত ব্যক্তিজনক আকৌ চাবলৈ ইচ্ছা কৰে আৰু তেতিয়াই তেওঁলোকে এই ফান্দত পৰে। মৃত ব্যক্তিজনৰ লগত যাতে কথা পাতিব পাৰে, তাৰ বাবে পৰিয়ালৰ লোকসকলে তান্ত্ৰিকৰ সহায় লয়। তান্ত্ৰিকে এনে সুৰত কথা পাতে, যেন সেই মৃত ব্যক্তিজনেহে কথা পাতিছে বা এনে লাগে যে তেওঁ মৃত ব্যক্তিজনৰপৰা কিবা খবৰহে কঢ়িয়াই আনিছে। ইয়াৰ ফলত বহুতোলোকে বিশ্বাস কৰে যে মৃত লোকসকলে ক’ৰবাত জীয়াই আছে আৰু তেওঁলোকৰ লগত যোগাযোগ কৰিলে, পৰিয়ালৰ লোকসকলৰ দুখ-কষ্ট উপশম হ’ব পাৰে। এনে ধৰণৰ শান্তনাৰ ওপৰত বিশ্বাস নকৰিব, কিয়নো ই মাত্ৰ মিছাই নহয়, কিন্তু আপোনাৰ বাবে বিপদো কঢ়িয়াই আনিব পাৰে। কিয় বাৰু? কিয়নো দুষ্ট আত্মাই এজন মৃত ব্যক্তিৰ সুৰত কথা ক’ব পাৰে আৰু তান্ত্ৰিকজনক মৃত ব্যক্তিজনৰ বিষয়ে সম্পূৰ্ণ বিৱৰণ দিব পাৰে। (১ চমূৱেল ২৮:৩-১৯) আমি আগতে ছয় অধ্যায়ত শিকিছিলোঁ যে এজন ব্যক্তিৰ মৃত্যুত তাৰ অস্তিত্ব সম্পূৰ্ণৰূপে লোপ পায়। (গীতমালা ১১৫:১৭) গতিকে যিয়ে “মৰা মানুহৰ” লগত কথা হ’ব বিচাৰে, তেওঁলোকে প্ৰকৃততে দুষ্ট আত্মাৰ দ্বাৰা পৰিচালিত হৈছে আৰু ই ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে কৰা কাৰ্য্য। (দ্বিতীয় বিবৰণ ১৮:১০, ১১ পঢ়ক; যিচয়া ৮:১৯) গতিকে, দুষ্ট আত্মাই ব্যৱহাৰ কৰা এই ভয়ানক টোপৰপৰা আমি সাৱধান হোৱা উচিত।

১৩. যিসকলে দুষ্ট আত্মাৰ ভয়ত জীৱন অতিবাহিত কৰিছিল, তেওঁলোকে কি কৰিবলৈ সক্ষম হ’ল?

১৩ দুষ্ট আত্মাই মানুহক কেৱল ভুল পথলৈ পৰিচালিত কৰে এনে নহয়, কিন্তু তেওঁলোকক ভয় খোৱাবও বিচাৰে। বৰ্তমানে চয়তান আৰু তাক অনুকৰণ কৰা ভূতবোৰে জানে যে তেওঁলোক নিষ্ক্ৰিয় হোৱাৰ বাবে মাত্ৰ “অলপ” সময়হে বাকী আছে। গতিকে তেওঁলোকে আগতকৈ ভয়ানক আৰু হিংস্ৰ হৈ পৰিছে। (প্ৰকাশিত বাক্য ১২:১২, ১৭) কিন্তু মন কৰিবলগীয়া কথা যে এসময়ত দুষ্ট আত্মাক ভয় কৰা হাজাৰ হাজাৰ লোকে আজি ইয়াৰ বন্ধনৰপৰা নিজকে মুক্ত কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে নিজকে ইয়াৰপৰা কেনেকৈ মুক্ত কৰিলে? যদি এজন ব্যক্তিয়ে মায়াকৰ্ম্মত লিপ্ত হৈ আছে, তেনেহ’লে তেওঁ নিজকে কেনেকৈ ইয়াৰপৰা মুক্ত কৰিব পাৰিব?

দুষ্ট আত্মাক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি

১৪. ইফিচ নগৰত বাস কৰা যীচুৰ শিষ্যসকলৰ দৰে আমি কেনেকৈ দুষ্ট আত্মাৰ কবলৰপৰা মুক্ত হ’ব পাৰিম?

১৪ দুষ্ট আত্মাক প্ৰতিৰোধ কৰিবলৈ আৰু ইয়াৰ কবলৰপৰা মুক্ত হ’বলৈ বাইবেলে আমাক শিক্ষা দিছে। প্ৰথম শতিকাত ইফিচ নামৰ নগৰখনত বাস কৰা যীচুৰ শিষ্যসকলৰ উদাহৰণলৈ লক্ষ্য কৰক। যীচুৰ শিষ্য হোৱাৰ আগতে, এই নগৰত বাস কৰা কিছুমান লোকে মায়াকৰ্ম্মত লিপ্ত আছিল। যেতিয়া তেওঁলোকে এই মায়াকৰ্ম্মৰপৰা মুক্ত হ’বলৈ নিৰ্ণয় লৈছিল, তেতিয়া তেওঁলোকে কি কৰিলে? ইয়াৰ উত্তৰ বাইবেলে এইদৰে দিছে: “মায়াকৰ্ম্ম কৰাবিলাকৰো ভালেমান লোকে নিজ নিজ পুস্তক গোটাই আনি, সকলোৰে আগত পুৰি পেলালে।” (পাঁচনিৰ কৰ্ম্ম ১৯:১৯) যীচুৰ শিষ্যসকলে যাদুবিদ্যাৰ এই কিতাপবোৰ পুৰি পেলোৱাৰ যোগেদি দুষ্ট আত্মাৰ কবলৰপৰা মুক্ত হ’ব বিচৰা লোকসকলৰ বাবে এক উত্তম উদাহৰণ ৰাখিলে। যিসকলে যিহোৱা ঈশ্বৰক সেৱা কৰিব বিচাৰে তেওঁলোকে সকলো ধৰণৰ মায়াকৰ্ম্মৰপৰা আঁতৰি আহিব লাগিব। এনে কিছুমান আলোচনী, কিতাপ-পত্ৰ, চিনেমা, ফ’টো আৰু সংগীত আছে, যিয়ে মায়াকৰ্ম্মৰ অভ্যাস কৰিবলৈ লোকসকলক প্ৰেৰণা দিয়ে। দুষ্ট আত্মাৰপৰা ৰক্ষা পাবলৈ পিন্ধা কিছুমান তাবিজ বা সুতা আদি যদিও আকৰ্ষণীয় হয়, কিন্তু এই সকলোবোৰ ধ্বংস কৰা উচিত।—১ কৰিন্থীয়া ১০:২১.

১৫. দুষ্ট আত্মিক শক্তিবোৰৰ বিৰুদ্ধে যুঁজ দিবলৈ আমি কি কৰা উচিত?

১৫ ইফিচ নগৰত বাস কৰা যীচুৰ শিষ্যসকলে যাদুবিদ্যাৰ কিতাপবোৰ জুইত জ্বলাই দিয়াৰ পাছত, পাঁচনি পৌলে তেওঁলোকলৈ এইদৰে লিখিছিল: “আমাৰ মালযুদ্ধ . . . দুষ্টতাৰ আত্মিক দলবোৰে সৈতে হৈছে।” (ইফিচীয়া ৬:১২) এই দুষ্ট প্ৰাণীবোৰে এতিয়ালৈকে হাৰ মনা নাই। আজিও এই দুষ্ট আত্মিক প্ৰাণীবোৰে লোকসকলক নিজৰ কবলত কৰিব বিচাৰে। গতিকে, যীচুক অনুকৰণ কৰা লোকসকলে কি কৰা উচিত? পাঁচনি পৌলে ইয়াৰ উত্তৰ দিছে: “তাত বাজে যিহেৰে তোমালোকে পাপ-আত্মাৰ [চয়তানৰ] সকলো অগ্নি-শৰ নুমাব পাৰিবা, এনে বিশ্বাসৰ ঢাল লোৱা।” (ইফিচীয়া ৬:১৬) যেতিয়া আমাৰ বিশ্বাসৰ ঢাল মজবুত হ’ব, তেতিয়া আমি দুষ্ট আত্মিক শক্তিবোৰৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম হ’ম।—মথি ১৭:২০.

১৬. আমি আমাৰ বিশ্বাস কেনেকৈ মজবুত কৰিব পাৰিম?

১৬ এতিয়া প্ৰশ্ন হ’ব পাৰে যে আমাৰ বিশ্বাস আমি কেনেকৈ মজবুত কৰিব পাৰিম? এক কথাত ক’বলৈ গ’লে, বাইবেল অধ্যয়ন কৰাৰ যোগেদি। এই উদাহৰণলৈ লক্ষ্য কৰক। এটা মজবুত ভেঁটিয়ে এখন দেৱালৰ স্থিৰতা অনুমান কৰিব পাৰি। ঠিক সেইদৰে, বিশ্বাসৰ স্থিৰতাৰ তুলনা ইয়াৰ ভেঁটিৰ মজবুতিৰ লগত কৰিব পাৰি আৰু সেই ভেঁটি হৈছে, ঈশ্বৰৰ বাক্য বাইবেলৰ সঠিক জ্ঞান। প্ৰতিদিনে বাইবেল পঢ়া আৰু অধ্যয়ন কৰাৰ যোগেদি আমি আমাৰ বিশ্বাস মজবুত কৰিব পাৰিম। এই বিশ্বাসে আমাক এখন মজবুত দেৱালৰ দৰে দুষ্ট আত্মাৰ সকলো প্ৰভাৱৰপৰা মুক্ত কৰিব।—১ যোহন ৫:৫.

১৭. দুষ্ট আত্মাবোৰক প্ৰতিৰোধ কৰিবলৈ আমি কি পদক্ষেপ লোৱা উচিত?

১৭ ইফিচ নগৰত বাস কৰা যীচুৰ শিষ্যসকলক দুষ্ট আত্মাৰ কবলৰপৰা ৰক্ষা পাবলৈ আন এক উপায় হাতত ল’বলগীয়া হৈছিল। কিয় বাৰু? কাৰণ সেই নগৰখন যাদুবিদ্যা কৰা আৰু ভূত-প্ৰেতৰ উপাসনা কৰা লোকেৰে ভৰি আছিল। সেইবাবে পাঁচনি পৌলে, ইফিচ নগৰত বাস কৰা শিষ্যসকলক এইদৰে কৈছিল: “সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰা . . . নিবেদনত লাগি থাকা।” (ইফিচীয়া ৬:১৮) আমিও এনে এখন জগতত বাস কৰিছোঁ, য’ত ভূত-প্ৰেতক উপাসনা কৰা হয় আৰু যাদুবিদ্যা আদিৰে ভৰি আছে। গতিকে, আমি দুষ্ট আত্মাৰ কবলৰপৰা ৰক্ষা পাবলৈ আৰু তাক প্ৰতিৰোধ কৰিবলৈ যিহোৱা ঈশ্বৰলৈ আন্তৰিকতাৰে প্ৰাৰ্থনা কৰা উচিত। কিন্তু আমি মনত ৰাখিব লাগিব যে প্ৰাৰ্থনা কৰোঁতে যিহোৱাৰ নাম ব্যৱহাৰ কৰা অতি প্ৰয়োজন। (হিতোপদেশ ১৮:১০ পঢ়ক।) এতেকে, “পাপ-আত্মাৰ [চয়তানৰ] পৰা আমাক ধৰি” ৰাখিবলৈ সদায় প্ৰাৰ্থনাত লাগি থকা উচিত। (মথি ৬:১৩) যিহোৱা ঈশ্বৰে নিশ্চয় আমাৰ এনে প্ৰাৰ্থনাৰ উত্তৰ দিব।—গীতমালা ১৪৫:১৯.

১৮, ১৯. (ক) আমি কিয় নিশ্চিত হ’ব পাৰোঁ যে দুষ্ট আত্মিক প্ৰাণীবোৰৰ বিৰুদ্ধে হৈ থকা যুদ্ধত সফল হ’ব পাৰিম? (খ) পৰৱৰ্তী অধ্যায়ত কি প্ৰশ্নৰ উত্তৰ দিয়া হ’ব?

১৮ এইটো সঁচা যে দুষ্ট আত্মিক প্ৰাণীবোৰ আমাতকৈ শক্তিশালী, কিন্তু আমি তেওঁলোকক ভয় কৰা উচিত নহয়। যেতিয়া আমি ঈশ্বৰৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিম আৰু তেওঁৰ ইচ্ছা অনুসৰি আমাৰ জীৱন অতিবাহিত কৰিম, তেতিয়া আমি চয়তানৰ প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ম। (যাকোব ৪:৭, ৮ পঢ়ক।) আমি মনত ৰখা উচিত যে দুষ্ট আত্মাৰ শক্তি সীমিত। নোহৰ জল-প্লাৱনৰ সময়ত তেওঁলোকক শাস্তি দিয়া হৈছিল আৰু ভৱিষ্যতে তেওঁলোকৰ চূড়ান্ত বিচাৰ হ’বলগীয়া আছে। (যিহূদা ৬) আপুনি কেতিয়াও নাপাহৰিব যে আপোনাৰ ওপৰত যিহোৱা ঈশ্বৰৰ শক্তিশালী স্বৰ্গদূতসকলৰ সুৰক্ষা আছে। (২ ৰাজাৱলি ৬:১৫-১৭) এই স্বৰ্গদূতসকলে বিচাৰে যে আপুনি দুষ্ট আত্মিক প্ৰাণীবোৰক প্ৰতিৰোধ কৰাত সফল হওক। ইয়াৰপৰা এনে লাগে যেন এই বিশ্বাসী স্বৰ্গদূতসকলে আপোনাক ইয়াৰ বাবে উৎসাহিত কৰিছে। গতিকে আহক, আমি সকলোৱে যিহোৱা ঈশ্বৰ আৰু তেওঁৰ বিশ্বাসী আত্মিক পৰিয়ালৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলো। আমি নিজেও সকলো ধৰণৰ মায়াকৰ্ম্মৰপৰা আঁতৰি থাকি বাইবেলৰ শিক্ষাবোৰ নিজৰ জীৱনত প্ৰয়োগ কৰা উচিত। (১ পিতৰ ৫:৬, ৭; ২ পিতৰ ২:৯) তেতিয়াহে আমি দুষ্ট আত্মিক প্ৰাণীবোৰৰ বিৰুদ্ধে হোৱা এই যুদ্ধত সফল হ’ব পাৰিম।

১৯ এতিয়া আমাৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে ঈশ্বৰে দুষ্ট আত্মিক প্ৰাণীবোৰক আৰু তেওঁলোকৰ বাবে গোটেই মানৱ জাতিয়ে ভুগী থকা দুখ-কষ্টৰ কিয় অনুমতি দিছে? এই প্ৰশ্নৰ উত্তৰ পৰৱৰ্তী অধ্যায়ত দিয়া হ’ব।

^ অনু. 2 ধাৰ্ম্মিক স্বৰ্গদূতসকলৰ বিষয়ে প্ৰকাশিত বাক্য ৫:১১ পদত এইদৰে বৰ্ণনা কৰিছে: “তেওঁবিলাকৰ সংখ্যা অযুত গুণ অযুত, আৰু হাজাৰ গুণ হাজাৰ আছিল।” (দানিয়েল ৭:১০ পদত চাওক।) গতিকে বাইবেলে আমাক ইংগিত দিয়ে যে ঈশ্বৰে অযুত অযুত স্বৰ্গদূতক সৃষ্টি কৰিছিল।