Skip to content

Skip to table of contents

অতিৰিক্ত লেখ

প্ৰভুৰ ভোজ—এই উৎসৱে ঈশ্বৰলৈ সন্মান কঢ়িয়াই আনে

প্ৰভুৰ ভোজ—এই উৎসৱে ঈশ্বৰলৈ সন্মান কঢ়িয়াই আনে

খ্ৰীষ্টানসকলক যীচু খ্ৰীষ্টৰ মৃত্যুৰ দিন উদ্‌যাপন কৰিবলৈ আজ্ঞা দিয়া হৈছিল। এই উদ্‌যাপনক “প্ৰভুৰ ভোজ” বুলি কোৱা হয়। (১ কৰিন্থীয়া ১১:২০) এই উৎসৱ কিয় গুৰুত্বপূৰ্ণ? ইয়াক কেতিয়া আৰু কেনেকৈ পালন কৰা উচিত?

যীচু খ্ৰীষ্টই ৩৩ খ্ৰীষ্টাব্দত যিহূদীসকলে পালন কৰা নিস্তাৰ পৰ্ব্বৰ দিনাখন এই উৎসৱ স্থাপন কৰিছিল। প্ৰতি বছৰে, নীচান মাহৰ ১৪ তাৰিখে যিহূদীসকলে নিস্তাৰ পৰ্ব্ব পালন কৰিছিল। মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পাছত যেতিয়া নতুন জোন দেখা গৈছিল, তেতিয়াৰপৰা নীচান মাহৰ প্ৰথম দিন আৰম্ভ হৈছিল। ইয়াৰ ১৩ দিনৰ পাছত নিস্তাৰ পৰ্ব্ব পালন কৰা হৈছিল।

যীচু খ্ৰীষ্টই নিস্তাৰ পৰ্ব্ব পালন কৰাৰ পাছত, ঈষ্কৰিয়োতীয়া যিহূদাক বাহিৰলৈ পঠিয়াইছিল আৰু বাকী থকা শিষ্যসকলৰ লগত তেওঁ প্ৰভুৰ ভোজ স্থাপন কৰিছিল। নিস্তাৰ পৰ্ব্বৰ সলনি প্ৰভু ভোজৰ এই উৎসৱ স্থাপন কৰা হৈছিল। নিস্তাৰ পৰ্ব্ব বছৰেকত এবাৰ পালন কৰা হৈছিল আৰু সেইবাবে প্ৰভু ভোজৰ এই উৎসৱো বছৰেকত এবাৰহে পালন কৰা উচিত।

মথি নামৰ শুভবাৰ্ত্তাৰ কিতাপে ইয়াৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে: “যীচুৱে পিঠা লৈ, আশীৰ্ব্বাদ কৰি, ভাঙি, শিষ্যবিলাকক দি কলে, লোৱা, খোৱা; এয়ে মোৰ শৰীৰ। পাছে তেওঁ পান-পাত্ৰকো লৈ স্তুতি কৰি, তেওঁলোকক দি কলে, ইয়াক তোমালোক সকলোৱে পান কৰা; কিয়নো মোৰ যি তেজ, অৰ্থাৎ নিয়মৰ তেজ, পাপ-মোচনৰ নিমিত্তে অনেকৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই।”—মথি ২৬:২৬-২৮.

এই পদত উল্লেখ কৰা অনুসৰি কিছুমান লোকে বিশ্বাস কৰে যে যীচুৱে নিজৰ শৰীৰক পিঠা আৰু তেজক ৰঙা দ্ৰাক্ষাৰসলৈ পৰিৱৰ্তন কৰিছিল। ইয়াৰ পাছতো যীচুৰ শৰীৰ সম্পূৰ্ণৰূপে সুস্থ আৰু সবল হৈ আছিল। যীচুৰ শিষ্যসকলে প্ৰকৃততে তেওঁৰ তেজ আৰু মাংস খাইছিল নেকি বাৰু? কেতিয়াও নহয়। কিয়নো এনে কৰাটো ঈশ্বৰৰ ব্যৱস্থা উলংঘন কৰা হ’লহেতেঁন। (আদিপুস্তক ৯:৩, ৪; লেবীয়া পুস্তক ১৭:১০) লূক ২২:২০ পদত যীচুৱে এইদৰে কৈছিল: “তোমালোকৰ নিমিত্তে উলিওৱা মোৰ তেজৰ দ্বাৰাই হোৱা যি নতুন নিয়ম, এই পাত্ৰ সেয়ে।” প্ৰকৃততে সেই পাত্ৰ “নতুন নিয়ম” আছিল নেকি? কেতিয়াও হ’ব নোৱাৰে, কিয়নো নিয়ম এক চুক্তি বা সন্ধি হয়, ই কোনো ভৌতিক বস্তু নহয়।

ইয়াৰ দ্বাৰা আমি ক’ব পাৰোঁ যে পিঠা আৰু দ্ৰাক্ষাৰস মাত্ৰ প্ৰতীক। পিঠাটোৱে যীচু খ্ৰীষ্টৰ সিদ্ধ শৰীৰক চিত্ৰিত কৰে। নিস্তাৰ পৰ্ব্বত ব্যৱহাৰ কৰা পিঠা এটুকুৰা লৈ যীচুৱে এই ভোজ স্থাপন কৰিছিল। সেই পিঠাটো খমিৰ নিদিয়াকৈ বনোৱা হৈছিল। (যাত্ৰাপুস্তক ১২:৮) বাইবেলত খমিৰ শব্দটো প্ৰায়ে পাপ বা ভ্ৰষ্টতাক চিত্ৰিত কৰে। গতিকে, খমিৰ নিদিয়া পিঠাই যীচু খ্ৰীষ্টৰ সিদ্ধ শৰীৰক চিত্ৰিত কৰে। তেওঁৰ শৰীৰ পাপৰপৰা মুক্ত আছিল।—মথি ১৬:১১, ১২; ১ কৰিন্থীয়া ৫:৬, ৭; ১ পিতৰ ২:২২; ১ যোহন ২:১, ২.

ৰঙা দ্ৰাক্ষাৰসে যীচু খ্ৰীষ্টৰ তেজক চিত্ৰিত কৰে। এই ৰঙা তেজৰ দ্বাৰা নতুন নিয়ম স্থাপন কৰা হৈছিল। যীচু খ্ৰীষ্টই কৈছিল যে তেওঁৰ তেজ “পাপ-মোচনৰ নিমিত্তে” ঢালি দিয়া হৈছিল। ইয়াৰ যোগেদি মানৱ জাতিয়ে ঈশ্বৰৰ দৃষ্টিত ধাৰ্ম্মিক হোৱাৰ লগতে নতুন নিয়মৰ অংশীদাৰ হ’ব পাৰিব। (ইব্ৰী ৯:১৪; ১০:১৬, ১৭) এই চুক্তি বা নিয়মৰ দ্বাৰা ১,৪৪,০০০ জন লোকক স্বৰ্গলৈ যোৱাৰ বাবে সম্ভৱ কৰি তুলিলে। তাত তেওঁলোকে ৰজা আৰু পুৰোহিত হিচাপে মানৱ জাতিৰ ওপৰত শাসন কৰিব আৰু সকলোৰে বাবে আশীৰ্ব্বাদ কঢ়িয়াই আনিব।—আদিপুস্তক ২২:১৮; যিৰিমিয়া ৩১:৩১-৩৩; ১ পিতৰ ২:৯; প্ৰকাশিত বাক্য ৫:৯, ১০; ১৪:১-৩.

এতিয়া প্ৰশ্ন হ’ব পাৰে যে প্ৰভু ভোজৰ এই প্ৰতীকবোৰ কোনে গ্ৰহণ কৰা উচিত? যিসকলে নতুন নিয়মৰ অংশীদাৰ আৰু স্বৰ্গলৈ যোৱাৰ আশা আছে, কেৱল তেওঁলোকেহে এই প্ৰতীকবোৰ গ্ৰহণ কৰিব পাৰে। ঈশ্বৰৰ পবিত্ৰ আত্মাই তেওঁলোকক সাক্ষ্য দিয়ে যে তেওঁলোকক স্বৰ্গত ৰজা হিচাপে শাসন কৰিবলৈ মনোনীত কৰা হৈছে। (ৰোমীয়া ৮:১৬) কিয়নো তেওঁলোক যীচু খ্ৰীষ্টৰ সৈতে ৰাজ্যৰ নিয়মৰো অংশীদাৰ হয়।—লূক ২২:২৯.

এই পৃথিৱীত আহিবলগীয়া প্ৰমোদবনত অনন্ত জীৱন জীয়াই থকাৰ আশা থকা লোকসকলে, প্ৰভু ভোজৰ সময়ত কি কৰা উচিত? তেওঁলোকে যীচু খ্ৰীষ্টৰ আজ্ঞা অনুসৰি প্ৰভু ভোজৰ এই উৎসৱত উপস্থিত হয়। তেওঁলোকে এই প্ৰতীকবোৰ গ্ৰহণ নকৰে, কিন্তু এই উৎসৱত উপস্থিত হৈ, যিহোৱা ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতা প্ৰদৰ্শন কৰে। যিহোৱাৰ সাক্ষীসকলে, প্ৰতি বছৰে যিহূদী কেলেন্ডাৰৰ অনুসৰি নীচান মাহৰ ১৪ তাৰিখে, সূৰ্য্য অস্ত যোৱাৰ পাছত প্ৰভুৰ ভোজ উদ্‌যাপন কৰে। আমি জানো যে স্বৰ্গলৈ যোৱা আৰু এই উৎসৱত প্ৰতীকবোৰ গ্ৰহণ কৰা লোকসকলৰ সংখ্যা নিচেই কম, কিন্তু যিহোৱাৰ সকলো সেৱকৰ বাবে এই উৎসৱ অতি গুৰুত্বপূৰ্ণ। এই উৎসৱৰ সময়ত তেওঁলোকে, যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টই দেখুৱা মহান প্ৰেমক সোঁৱৰণ কৰে।—যোহন ৩:১৬.