Skip to content

Skip to table of contents

কাহিনী ১০২

যীচু পুনৰ জীৱিত হ’ল

যীচু পুনৰ জীৱিত হ’ল

ছবিখনত দেখুৱা এই তিৰোতাগৰাকী আৰু দুজন পুৰুষ কোন হয় তোমালোকে জানানে? তিৰোতাগৰাকীৰ নাম হৈছে মগ্দলীনী মৰিয়ম আৰু তাই যীচুৰ শিষ্যা হয়। বগা কাপোৰ পিন্ধি থকা লোককেইজন হৈছে স্বৰ্গদূত। এই সৰু কোঠালিটোত যীচুৰ মৃতদেহ ৰখা হৈছিল। প্ৰকৃততে এইটো এটা গুহা হয়। মৰিয়মে ইয়াত যীচুৰ মৃতদেহটো বিচাৰিছে। কিন্তু এতিয়া ইয়াত যীচুৰ মৃতদেহটো নাই? মৃতদেহটো ইয়াৰপৰা কোনে লৈ গ’ল? আহাঁ আমি ইয়াৰ বিষয়ে চালি-জাৰি চাওঁ।

যীচুৰ মৃত্যুৰ পাছত পুৰোহিতসকলে পীলাতক ক’লে: ‘হে মহাশয়, সেই প্ৰবঞ্চকে জীয়াই থাকোঁতে কৈছিল, তিনিদিনৰ মূৰত মই পুনৰায় উঠিম, এই কথা আমাৰ মনত পৰিছে। এই হেতুকে তৃতীয়দিনলৈকে তাৰ মৈদাম ৰাখিবলৈ আজ্ঞা দিয়ক। কিজানি তাৰ শিষ্যবিলাকে আহি তাক চুৰ কৰি মানুহবিলাকক ক’ব, তেওঁ মৃতবিলাকৰ মাজৰপৰা উঠিল।’ তেওঁলোকৰ কথা শুনাৰ পাছত পীলাতে গুহাটোক পহৰা দিবলৈ আজ্ঞা কৰিলে।

কিন্তু যীচুৰ মৃত্যুৰ পাছত তৃতীয়দিনাখন ৰাতিপুৱা হঠাতে যিহোৱাৰ এজন স্বৰ্গদূতে গুহাটোৰ ওচৰত উপস্থিত হয়। তেওঁ গুহাটোৰপৰা শিলচটা বগৰাই দিয়ে। এই ঘটনা দেখি সৈনিকবোৰে ভয়ত পেপুৱা লাগিল। ইয়াৰ পাছত তেওঁলোকে গুহাটোৰ ভিতৰত যীচুৰ মৃতদেহটো দেখা নাপালে। কেইজনমান সৈন্যই নগৰলৈ গৈ পুৰোহিতসকলক সকলো কথা বিবৰি ক’লে। সেই দুষ্ট পুৰোহিতসকলে কি কৰিলে তোমালোকে জানানে? তেওঁলোকে সৈন্যকেইজনক মিছা কথা ক’বলৈ ধন দিলে আৰু এইদৰে ক’বলৈ ক’লে: ‘আমি ৰাতি টোপনিত থাকোঁতে, তাৰ শিষ্যবিলাকে আহি, তাৰ মৃতদেহটো চুৰ কৰি নিলে।’

ইতিমধ্যে যীচুৰ কিছুমান শিষ্যাই গুহাটোৰ ওচৰত উপস্থিত হয়। গুহাটোৰ ভিতৰত মৃতদেহটো নেদেখি তেওঁলোক বৰ আচৰিত হ’ল। হঠাতে তেওঁলোকে শুদ্ধ বগা কাপোৰ পিন্ধা দুজন স্বৰ্গদূতক দেখা পালে। তেওঁলোকে শিষ্যাকেইজনীক সুধিলে: ‘যীচুক তোমালোকে কিয় বিচাৰিছা? তেওঁ পুনৰ জীৱিত হ’ল। তোমালোকে বেগাই গৈ তেওঁৰ শিষ্যবিলাকক এই কথা কোৱাগৈ।’ শিষ্যসকলক এই খবৰ দিবলৈ তিৰোতাকেইজনীয়ে দৌৰিবলৈ ধৰিলে। কিন্তু গৈ থাকোঁতে হঠাতে এজন পুৰুষৰ লগত তেওঁলোকৰ সাক্ষাৎ হ’ল। তেওঁ কোন হয় তোমালোকে ক’ব পাৰিবানে? তেওঁ যীচু হয়! যীচুয়ে তেওঁলোকক ক’লে: ‘তোমালোক যোৱা, মোৰ শিষ্যবিলাকক ইয়াৰ খবৰ দিয়াগৈ।’

তিৰোতাকেইজনীয়ে শিষ্যসকলকৰ ওচৰলৈ গৈ যীচু পুনৰ জীৱিত হোৱা আৰু তেওঁক দেখাৰ খবৰটো জনায়। শিষ্যসকলে কিন্তু তেওঁলোকৰ কথা বিশ্বাস কৰিবলৈ টান পালে। তিৰোতাকেইজনীৰ কথা সঁচা হয় নে নহয়, তাক চাবলৈ পিতৰ আৰু যোহনে গুহাটোলৈ দৌৰি গ’ল। গুহাটোলৈ আহি তেওঁলোকে একো দেখা নাপালে। পিতৰ আৰু যোহনে তাৰপৰা উভতি আহিল, কিন্তু মগ্দলীনী মৰিয়মে গুহাটোৰ ওচৰতে থিয় হৈ থাকিল। অলপ পাছত তাই আকৌ গুহাটোৰ ভিতৰলৈ চালে, কিন্তু এইবাৰ তাই দুজন স্বৰ্গদূতক দেখা পালে।

যীচুৰ মৃতদেহটো কি হ’ল তোমালোকে জানানে? ঈশ্বৰে তাক নাইকিয়া কৰিলে। ঈশ্বৰে যীচুক শাৰীৰিকৰূপে পুনৰ জীৱিত কৰা নাছিল। তেওঁক স্বৰ্গদূতসকলৰ দৰে আত্মিকৰূপে পুনৰ জীৱিত কৰা হৈছিল। কিন্তু তেওঁ যে পুনৰ জীৱিত হ’ল, তাৰ প্ৰমাণ দিবলৈ তেওঁ মানৱৰ শৰীৰ ধাৰণ কৰিছিল। ইয়াৰ বিষয়ে আমি পৰৱৰ্তী অধ্যায়ত শিকিবলৈ পাম।