Skip to content

Skip to table of contents

কাহিনী ২৩

ফৰৌণৰ সপোন

ফৰৌণৰ সপোন

দুবছৰ পাৰ হ’ল। যোচেফ এতিয়াও বন্দীশালত আছে। পান-পাত্ৰ ধৰোঁতাজনে যোচেফৰ কথা একেবাৰে পাহৰিলে। এদিন ৰাতি ফৰৌণে দুটা বিশেষ সপোন দেখিলে আৰু ইয়াৰ অৰ্থ বুজিবলৈ চেষ্টা কৰিলে। ছবিখনত ফৰৌণক শুই থকা দেখিছানে? দ্বিতীয়দিনা ৰাতিপুৱাতে ফৰৌণে তেওঁৰ ৰাজ্যত থকা জ্ঞানী আৰু বুদ্ধিমান লোকসকলক মাতি অনালে। ফৰৌণে তেওঁলোকৰ আগত সপোনৰ কথা বৰ্ণনা কৰিলে। কিন্তু কোনেও ফৰৌণক সপোনৰ অৰ্থ ক’ব নোৱাৰিলে।

এতিয়া যোচেফৰ কথা পান-পাত্ৰ ধৰোঁতাজনৰ মনত পৰিল। তেওঁ ফৰৌণক ক’লে: ‘মই বন্দীশালত থকা সময়ছোৱাত এজন মানুহক লগ পাইছিলো আৰু তেওঁ সপোনৰ অৰ্থ ক’ব পাৰে।’ ফৰৌণে লগে লগে যোচেফক বন্দীশালৰপৰা মুকলি কৰি আনিবলৈ আদেশ দিয়ে।

ফৰৌণে যোচেফক নিজৰ সপোনৰ কথা বৰ্ণনা কৰিলে। তেওঁ ক’লে: ‘মই সপোনত সুস্থ-পুস্থ সাতজনী গৰু দেখিলো। ইয়াৰ পাছত আৰু সাতজনী ক্ষীণ আৰু চেৰেলা গৰু দেখা পালো। সেই চেৰেলা গৰুকেইজনীয়ে প্ৰথমে ওলোৱা সুস্থ-পুস্থ সাতজনী গৰুক গিলি পেলালে।

‘দ্বিতীয় সপোনত মই এডাল ঠাৰিত গুটিৰে ভৰা সাতোটা থোক ওলোৱা দেখিলো। ইয়াৰ পাছত সাতোটা শুকান থোক ওলাল। সেই শুকান থোকবোৰে গুটিৰে ভৰা সাতোটা থোকক গিলি পেলালে।’

যোচেফে ফৰৌণক ক’লে: ‘দুয়োটা সপোনৰ অৰ্থ একেই। সাতজনী উত্তম গৰু আৰু সাতোটা উত্তম থোকে সাত বছৰ বুজায়। সাতজনী চেৰেলা গৰু আৰু গুটি নথকা শুকান সাতোটা থোকো সাত বছৰ বুজায়। গোটেই মিচৰ দেশত সাত বছৰ ধৰি বহু শস্য উৎপন্ন হ’ব আৰু ইয়াৰ পাছত মিচৰ দেশত সাত বছৰ আকাল হ’ব।’

সেইবাবে যোচেফে ফৰৌণক ক’লে: ‘মিচৰ দেশত সাত বছৰ ধৰি উৎপন্ন হোৱা শস্যবোৰ সাঁচি থ’বলৈ আপুনি এজন জ্ঞানী মানুহ বিচাৰি, তেওঁক মিচৰ দেশৰ ওপৰত নিযুক্ত কৰক। এনে কৰিলে আহিবলগীয়া সাত বছৰৰ সময়ছোৱাত, মিচৰ দেশত আহাৰৰ অভাৱত কাৰো মৃত্যু নহ’ব।’

ফৰৌণে যোচেফৰ কথা শুনি ভাল পালে। তেওঁ যোচফকে শস্য জমা কৰি ৰাখিবলৈ নিযুক্ত কৰিলে। এতিয়া মিচৰ দেশত যোচেফ এজন প্ৰভাৱশালী ব্যক্তি হৈ পৰিল।

আঠ বছৰৰ পাছৰ কথা। যোচেফে কিছুমান মানুহক আহি থকা দেখিলে। তেওঁলোক কোন হয় তোমালোকে কল্পনা কৰিব পাৰিবানে? তেওঁলোক হৈছে যোচেফৰ ১০জন ককায়েক। কনান দেশত আকাল হোৱাৰ বাবে যাকোবে তেওঁলোকক মিচৰৰপৰা আহাৰ কিনি আনিবলৈ পঠাইছে। যোচেফে নিজৰ ককায়েকহঁতক চিনি পালে, কিন্তু ককায়েকহঁতে যোচেফক চিনি নাপালে। যোচেফক তেওঁলোকে কিয় চিনি নাপালে বাৰু? বয়স হোৱাৰ লগে লগে যোচেফৰ শাৰীৰিক পৰিৱৰ্তন ঘটিছে আৰু বেলেগ ধৰণৰ কাপোৰ পিন্ধাৰ বাবে ককায়েকহঁতে তেওঁক চিনি নাপালে।

যোচেফে সৰু কালত দেখা সপোনলৈ মনত পৰিল। সেই সপোনত তেওঁ দেখিছিল যে ককায়েকহঁতে তেওঁক প্ৰণিপাত কৰিছে। আমি এই বিষয়ে আগতে পঢ়া মনত আছেনে? যোচেফৰ আৰু বুজিবলৈ বাকী নাথাকিল যে তেওঁক ঈশ্বৰে মিচৰলৈ পঠোৱাৰ এক ভাল কাৰণ আছে। যোচেফে এতিয়া কি কৰিব? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ।

আদিপুস্তক ৪১:১-৫৭; ৪২:১-৮; ৫০:২০.