Skip to content

Skip to table of contents

অধ্যায় ৯

ছবি আৰু ভিডিঅʼৰ ব্যৱহাৰ

ছবি আৰু ভিডিঅʼৰ ব্যৱহাৰ

আদিপুস্তক ১৫:৫

সাৰাংশ: আপোনাৰ শিক্ষাৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ স্পষ্ট কৰিবলৈ আৰু সহজে মনত ৰাখিবলৈ ছবি আৰু ভিডিঅʼবোৰ ব্যৱহাৰ কৰক।

ইয়াক কেনেকৈ কৰিব:

  • আপোনাৰ শিক্ষা স্পষ্ট কৰিবলৈ ছবি আৰু ভিডিঅʼবোৰ নিৰ্ব্বাচন কৰক। ছবি, নক্সা, মানচিত্ৰ, সময় ৰেখা অথবা আন আন বস্তুবোৰ ব্যৱহাৰ কৰি গুৰুত্বপূৰ্ণ বিষয়বোৰ তুলি ধৰক। অপ্ৰয়োজনীয় বিষয়বোৰ বৰ্ণনা কৰাৰপৰা আঁতৰি থাকক। আপুনি ব্যৱহাৰ কৰা কেৱল ছবি আৰু ভিডিঅʼবোৰৰ কথা শ্ৰোতাসকলে মনত ৰখাৰ পৰিৱৰ্তে, বিষয়টোৰ শিক্ষা তেওঁলোকে মনত ৰাখিবলৈ সহায় কৰক।

  • আপুনি দেখুৱা ছবি আৰু ভিডিঅʼবোৰ শ্ৰোতাসকলে ভালদৰে দেখাটো নিশ্চিত কৰক। উদাহৰণস্বৰূপে, মঞ্চৰপৰা কোনো এখন চিত্ৰ দেখুৱাৰ সময়ত নিশ্চিত কৰক যে শ্ৰোতাসকলে দেখিব পৰাকৈ চিত্ৰখন যেন ডাঙৰ হয়।