Skip to content

Skip to table of contents

অধ্যায় ১১

উৎসাহ

উৎসাহ

ৰোমীয়া ১২:১১

সাৰাংশ: উৎসাহেৰে কথা কোৱাৰ যোগেদি শ্ৰোতাসকলক উদগাওক আৰু অনুপ্ৰাণিত কৰক।

ইয়াক কেনেকৈ কৰিব:

  • বিষয়টো আপোনাৰ নিজৰ হৃদয় স্পৰ্শ কৰা উচিত। ভাষণ প্ৰস্তুত কৰাৰ সময়ত আপুনি আগবঢ়াবলগীয়া বিষয়টো কিমান গুৰুত্বপূৰ্ণ, তাৰ ওপৰত গভীৰভাৱে চিন্তা কৰক। বিষয়টোৰ লগত ভালদৰে পৰিচিত হওক, যাতে আপুনি ভাষণটো হৃদয়ৰপৰা দিব পাৰে।

  • আপোনাৰ শ্ৰোতাসকলৰ বিষয়ে চিন্তা কৰক। আপোনাৰ ভাষণৰপৰা আনে যাতে উপকৃত হʼব পাৰে, তাৰ বাবে আপুনি তথ্যবোৰ কেনেকৈ পঢ়িব অথবা শিক্ষা দিব, তাৰ ওপৰত ধ্যান কৰক। এই তথ্যবোৰ তুলি ধৰিবলৈ এনে কিছুমান উপায়ৰ বিষয়ে বিবেচনা কৰক, যাতে ইয়াৰ প্ৰতি শ্ৰোতাসকলে গভীৰ মূল্যাংকন দেখুৱাবলৈ সক্ষম হʼব পাৰে।

  • ভাষণটো জীৱন্ত কৰি তোলক। উৎসাহেৰে কওক। আপোনাৰ অনুভূতি প্ৰকাশ কৰিবলৈ স্বাভাৱিক আঙ্গি-ভঙ্গি আৰু মৌখিক অভিব্যক্তি ব্যৱহাৰ কৰক।