Skip to content

Skip to table of contents

পাঠ ৪৯

স্বামী-স্ত্ৰীয়ে কেনেকৈ আনন্দত থাকিব পাৰে?

স্বামী-স্ত্ৰীয়ে কেনেকৈ আনন্দত থাকিব পাৰে?

দৰা-কইনাই বিয়াৰ দিনাখন বহুত আনন্দত থাকে আৰু সদায় তেওঁলোকে এইদৰেই আনন্দত থাকিব বিচাৰে। কিন্তু এয়া সম্ভৱ নে? হয়, এয়া সম্ভৱ। কিয়নো বহুতো খ্ৰীষ্টান বিবাহিত দম্পতীয়ে বাইবেলৰ পৰামৰ্শ পালন কৰাৰ বাবে বহুবছৰৰপৰা আনন্দত আছে। তেওঁলোকৰ উদাহৰণৰপৰা জানিব পাৰি যে বিবাহিত দম্পতীয়ে আনন্দত থাকিব পাৰে।

১. বাইবেলত স্বামীসকলক কি পৰামৰ্শ দিয়া হৈছে?

পৰিয়ালৰ মুৰব্বীৰ দায়িত্ব যিহোৱাই স্বামীসকলক দিছে। (ইফিচীয়া ৫:২৩ পঢ়ক।) স্বামীয়ে নিজৰ পৰিয়ালৰ ভালৰ বিষয়ে চিন্তা কৰি নিৰ্ণয় লোৱাটো যিহোৱাই বিচাৰে। বাইবেলত স্বামীসকলক এইদৰে পৰামৰ্শ দিয়া হৈছে, “নিজ নিজ ভাৰ্য্যাক প্ৰেম কৰা।” (ইফিচীয়া ৫:২৫) ইয়াৰ অৰ্থ হৈছে, তেওঁলোকে অকলে থকাৰ সময়ত বা আন লোকসকলৰ ওচৰতো স্বামীয়ে নিজৰ পত্নীৰ লগত ভালদৰে ব্যৱহাৰ কৰিব। তেওঁ নিজৰ পত্নীক সুৰক্ষা দিব, তেওঁৰ কথা শুনিব, তেওঁৰ ভাবনা বুজিবলৈ চেষ্টা কৰিব আৰু তেওঁৰ প্ৰয়োজনীয়তা পূৰ কৰিব। (১ তীমথিয় ৫:৮) এই সকলোতকৈ বেছি যিহোৱাৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ তেওঁ নিজৰ পত্নীক সহায় কৰিব। (মথি ৪:৪) তেওঁ এয়া কেনেকৈ কৰিব পাৰে? তেওঁলোকে একেলগে মিলি প্ৰাৰ্থনা কৰিব আৰু বাইবেল পঢ়িব। যেতিয়া স্বামীয়ে নিজৰ পত্নীক প্ৰেম কৰিব আৰু ভালদৰে চোৱা-চিতা কৰিব, তেতিয়াহে তেওঁ যিহোৱাৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিব।—১ পিতৰ ৩:৭ পঢ়ক।

২. বাইবেলত পত্নীসকলক কি পৰামৰ্শ দিয়া হৈছে?

বাইবেলত পত্নীসকলক এইদৰে পৰামৰ্শ দিছে, “ভাৰ্য্যাই স্বামীলৈ ভয় [গভীৰ সন্মান, NW] ৰাখক।” (ইফিচীয়া ৫:৩৩) এগৰাকী পত্নীয়ে এয়া কেনেকৈ কৰিব পাৰে? তেওঁ নিজৰ স্বামীৰ ভাল গুণবোৰলৈ মন কৰিব পাৰে। লগতে স্বামীয়ে ঘৰখন চোৱা-চিতা কৰিবলৈ কিমান পৰিশ্ৰম কৰে, তাৰ ওপৰত ধ্যান দিব পাৰে। ইয়াৰ উপৰিও, স্বামীয়ে লোৱা নিৰ্ণয়ক সমৰ্থন কৰিব পাৰে। তেওঁৰ স্বামী যিহোৱাৰ সেৱক হওক বা নহওক তেওঁৰ লগত ভালদৰে কথা পাতিব আৰু তেওঁ নথকাৰ সময়ত তেওঁৰ বিৰুদ্ধে কথা নকʼব।

৩. স্বামী-স্ত্ৰীয়ে কেনেকৈ নিজৰ বিবাহিত সম্পৰ্ক দৃঢ় কৰিব পাৰে?

বাইবেলত স্বামী-স্ত্ৰীৰ বিষয়ে এইদৰে লিখা আছে, “দুয়ো এক-দেহ হব।” (মথি ১৯:৫) ইয়াৰ অৰ্থ হৈছে তেওঁলোকে এনে কোনো কাম নকৰিব, যিয়ে তেওঁলোকৰ সম্পৰ্ক দুৰ্বল কৰিব পাৰে। তেওঁলোকে নিজৰ সম্পৰ্ক দৃঢ় কৰিবলৈ কি কৰিব পাৰে? তেওঁলোকে একেলগে সময় অতিবাহিত কৰিব পাৰে, প্ৰেমেৰে কথা পাতিব পাৰে আৰু নিজৰ মনৰ কথা এজনে-আনজনক খুলি কʼব পাৰে। নিজৰ জীৱনত তেওঁলোকে যিহোৱাৰ পাছত আটাইতকৈ বেছি নিজৰ জীৱন সংগীক গুৰুত্ব দিয়া উচিত আৰু সেই ঠাই তেওঁলোকে কোনো বস্তু বা মানুহক দিয়া উচিত নহয়। তেওঁলোকে এই কথাৰ ওপৰতো ধ্যান দিয়া উচিত যে নিজৰ জীৱন সংগীৰ বাহিৰে আন কোনো লোকৰ লগত এনেধৰণৰ সম্পৰ্ক ৰখা উচিত নহয়, যাৰ বাবে তেওঁলোকৰ মনত বেয়া ভাবনা আহিব পাৰে।

গভীৰভাৱে ধ্যান কৰক

বাইবেলৰ কোনবোৰ সিদ্ধান্ত পালন কৰি স্বামী-স্ত্ৰীয়ে নিজৰ বিবাহিত সম্পৰ্ক দৃঢ় কৰিব পাৰে, আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. নিজৰ পত্নীক প্ৰেম কৰক আৰু ভালদৰে চোৱা-চিতা কৰক

বাইবেলত স্বামীসকলক এইদৰে পৰামৰ্শ দিয়া হৈছে, “স্বামীবিলাকেও নিজ নিজ ভাৰ্য্যাক, নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত।” (ইফিচীয়া ৫:২৮, ২৯) ইয়াৰ অৰ্থ কি হয়? এয়া জানিবলৈ ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • এজন স্বামীয়ে কেনেকৈ দেখুৱাব পাৰে যে তেওঁ নিজৰ পত্নীক প্ৰেম কৰে আৰু তেওঁৰ বিষয়ে চিন্তা কৰে?

কলচীয়া ৩:১২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • এজন স্বামীয়ে এই পদত দিয়া গুণবোৰ কেনেকৈ দেখুৱাব পাৰে?

৫. নিজৰ স্বামীক প্ৰেম আৰু সন্মান কৰক

স্বামীয়ে যিহোৱাৰ সেৱক হওক বা নহওক, বাইবেলত পত্নীসকলক নিজৰ স্বামীক সন্মান কৰিবলৈ যিহোৱাই উৎসাহিত কৰিছে। ১ পিতৰ ৩:১, ২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যদি আপোনাৰ স্বামী যিহোৱাৰ সেৱক নহয়, তেনেহʼলে আপুনি নিশ্চয় তেওঁ যিহোৱাৰ সেৱক হোৱাটো বিচাৰিব। কিন্তু তেওঁৰ হৃদয়ত আপুনি যিহোৱাৰ প্ৰতি প্ৰেম কেনেকৈ জগাব পাৰে? সকলো সময়তে যিহোৱাৰ বিষয়ে কথা পাতি, নে তেওঁক আদৰ সন্মান কৰি? আপুনি এইদৰে কিয় ভাবে?

স্বামী-স্ত্ৰীয়ে একেলগে মিলি ভাল নিৰ্ণয় লʼব পাৰে। যদি পত্নীৰ মন্তব্য স্বামীৰ লগত মিল নাখায়, তেনেহʼলে এনে পৰিস্থিতিত পত্নীয়ে নিজৰ স্বামীৰ লগত আদৰ আৰু সন্মানেৰে কথা পাতিব পাৰে। কিন্তু পত্নীয়ে সদায় মনত ৰখা উচিত যে পৰিয়ালৰ বাবে নিৰ্ণয় লʼবলৈ যিহোৱাই স্বামীক অধিকাৰ দিছে। সেইবাবে, স্বামীয়ে লোৱা নিৰ্ণয়ত পত্নীয়ে সহযোগ কৰিব পাৰে। যদি পত্নীয়ে এইদৰে কৰে, তেনেহʼলে তেওঁলোকৰ পৰিয়ালত শান্তি আৰু একতা থাকিব। ১ পিতৰ ৩:৩-৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যেতিয়া পত্নীয়ে নিজৰ স্বামীক সন্মান কৰে, তেতিয়া যিহোৱাক কেনেকুৱা লাগে?

৬. স্বামী-স্ত্ৰীয়ে সমস্যাবোৰ সমাধান কৰিব পাৰে

স্বামী-স্ত্ৰীৰ মাজত সমস্যা আহিব পাৰে। সেইবাবে, তেওঁলোকে একেলগে মিলি সমস্যাৰ সমাধান কৰা উচিত। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • আমি কি কথাৰপৰা জানিব পাৰোঁ যে স্বামী-স্ত্ৰীয়ে এজনে-আনজনৰপৰা আঁতৰি গৈছিল?

  • তেওঁলোকে নিজৰ সম্পৰ্ক দৃঢ় কৰিবলৈ কি কৰিলে?

প্ৰথম কৰিন্থীয়া ১০:২৪ আৰু কলচীয়া ৩:১৩ পঢ়ক, প্ৰতিটো পদ পঢ়াৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • এই পৰামৰ্শ পালন কৰিলে স্বামী-স্ত্ৰীয়ে কেনেকৈ তেওঁলোকৰ সম্পৰ্ক দৃঢ় কৰিব পাৰে?

বাইবেলত কোৱা হৈছে যে আমি এজনে-আনজনক সন্মান কৰা উচিত। কিন্তু সন্মান কৰাৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে আমি আনৰ লগত ভালদৰে ব্যৱহাৰ কৰিম আৰু আনক তুচ্ছ বুলি নাভাবিম। ৰোমীয়া ১২:১০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • মোৰ জীৱন সংগীয়ে মোক সন্মান কৰিলেহে মই তেওঁক সন্মান কৰিম। এইদৰে ভবাটো উচিত নে? আপুনি এইদৰে কিয় ভাবে?

কিছুমান লোকে কয়: “একেখন ঘৰত থাকিও আমাৰ মাজত মিল নাই।”

  • বাইবেলে তেওঁক সহায় কৰিব পাৰে বুলি আপুনি তেওঁক কেনেকৈ জনাব?

আমি কি শিকিলোঁ

যেতিয়া স্বামী-স্ত্ৰীয়ে বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰিব আৰু এজনে-আনজনক প্ৰেম আৰু সন্মান কৰিব, তেতিয়াহে তেওঁলোকে আনন্দত থাকিব পাৰিব।

আপুনি কেনেকৈ উত্তৰ দিব?

  • বিবাহিত জীৱন আনন্দময় কৰি তুলিবলৈ এজন স্বামীয়ে কি কৰিব পাৰে?

  • বিবাহিত জীৱন আনন্দময় কৰি তুলিবলৈ এগৰাকী পত্নীয়ে কি কৰিব পাৰে?

  • যদি আপুনি বিবাহিত, তেনেহʼলে বাইবেলৰ কোনটো সিদ্ধান্তই আপোনালোকৰ সম্পৰ্ক দৃঢ় কৰিব পাৰে?

লক্ষ্য

বেছিকৈ জানক

কিছুমান পৰামৰ্শৰ বিষয়ে জানক, যিয়ে আপোনাৰ পৰিয়াল আনন্দপূৰ্ণ কৰি তুলিব পাৰে।

এক সুখী পৰিয়াল—সম্ভৱনে? (ব্ৰচাৰ)

সংগীত ভিডিঅʼখনত মন কৰক যে স্বামী-স্ত্ৰীয়ে ঈশ্বৰৰ পৰামৰ্শ পালন কৰিলে কি কি লাভ হয়।

প্ৰেমৰ বন্ধন (৪:২৬)

পৰিয়ালৰ মুৰব্বীৰ দায়িত্ব যিহোৱাই স্বামীক দিছে। পত্নীয়ে নিজৰ মুৰব্বীৰ অধীনত থকাৰ অৰ্থ কি হয়, আহক চাওঁ।

“পত্নীসকল, আপোনালোকে কিয় মুৰব্বীৰ অধীনত থকা উচিত?” (প্ৰহৰীদুৰ্গ-হিন্দী, মেʼ ১৫, ২০১০)

বাইবেলৰ পৰামৰ্শ পালন কৰিলে স্বামী-স্ত্ৰীৰ মাজত কেনেধৰণৰ সম্পৰ্ক গঢ়ি উঠিব, আহক ভিডিঅʼখন চাওঁ।

বাইবেলে আমাৰ বিবাহক ৰক্ষা কৰিলে (৭:১২)