Skip to content

Skip to table of contents

পাঠ ১৯

যিহোৱাৰ সাক্ষীসকল সত্য খ্ৰীষ্টান হয়নে?

যিহোৱাৰ সাক্ষীসকল সত্য খ্ৰীষ্টান হয়নে?

আমি যিহোৱাৰ সাক্ষীসকলে বিশ্বাস কৰোঁ যে আমি সত্য খ্ৰীষ্টান হওঁ। আপুনি জানিব বিচাৰেনে, আমি এইদৰে কিয় বিশ্বাস কৰোঁ? এই বিষয়ে জানিবলৈ মন কৰক যে আমাৰ শিক্ষাৰ আধাৰ কি, আমাক যিহোৱাৰ সাক্ষী বুলি কিয় কোৱা হয় আৰু আমি কেনেকৈ দেখুৱাওঁ যে আমি এজনে-আনজনক প্ৰেম কৰোঁ।

১. যিহোৱাৰ সাক্ষীসকলে পালন কৰা শিক্ষাৰ আধাৰ কি?

যীচুৱে কৈছিল, “[ঈশ্বৰৰ] বাক্যই সত্য।” (যোহন ১৭:১৭) যীচুৰ দৰে যিহোৱাৰ সাক্ষীসকলেও বাইবেলৰপৰা শিক্ষা দিয়ে। সাক্ষীসকলৰ ইতিহাসলৈ মন কৰক, আৰম্ভণিতে তেওঁলোকক বাইবেল বিদ্যাৰ্থী বুলি কোৱা হৈছিল। প্ৰায় ১৮৭০ চনত বাইবেল বিদ্যাৰ্থীসকলে বাইবেলখন চালি-জাৰি চালে আৰু বাইবেলে প্ৰকৃততে কি শিকায়, তেওঁলোকে বুজিব পাৰিলে। তেওঁলোকে জানিব পাৰিলে যে গীৰ্জাত শিকোৱা কথাবোৰ বাইবেলৰ শিক্ষাৰ লগত মিল নাই। সেইবাবে, বাইবেল বিদ্যাৰ্থীসকলে গীৰ্জাত শিকোৱা কথাবোৰ পালন নকৰি বাইবেলৰপৰা শিকা কথাবোৰ পালন কৰিলে আৰু সেইবোৰ আনকো জনালে। a

২. আমাক যিহোৱাৰ সাক্ষী বুলি কিয় কোৱা হয়?

যিহোৱাৰ সাক্ষীসকলে লোকসকলক তেওঁৰ সত্যতা জনায়, সেইবাবে যিহোৱাই তেওঁলোকক নিজৰ সাক্ষী বুলি কৈছে। (ইব্ৰী ১১:৪–১২:১) উদাহৰণস্বৰূপে, হাজাৰ হাজাৰ বছৰৰ আগতে যিহোৱাই নিজৰ লোকসকলক কৈছিল, “তোমালোকেই মোৰ সাক্ষী।” (যিচয়া ৪৩:১০ পঢ়ক।) যীচুকো “বিশ্বাসী সাক্ষী” বুলি কোৱা হৈছে। (প্ৰকাশিত বাক্য ১:৫) সেইবাবে, ১৯৩১ চনৰপৰা আমাক যিহোৱাৰ সাক্ষী বুলি কোৱা হয়। এই নামেৰে নিজকে পৰিচয় দিয়াটো সঁচাকৈ আমাৰ বাবে এক সন্মানৰ বিষয় হয়।

৩. যীচুৰ দৰে যিহোৱাৰ সাক্ষীসকলে কেনেকৈ এজনে-আনজনক প্ৰেম কৰে?

যীচুৱে নিজৰ শিষ্যসকলক বহুত প্ৰেম কৰিছিল আৰু তেওঁলোক যীচুৰ পৰিয়ালৰ দৰে আছিল। (মাৰ্ক ৩:৩৫ পঢ়ক।) ঠিক সেইদৰে, যিহোৱাৰ সাক্ষীসকল পৃথিৱীৰ যʼতেই নাথাকক কিয়, তেওঁলোক এটা পৰিয়ালৰ দৰে হয় আৰু তেওঁলোকৰ মাজত একতা আছে। (ফিলীমন ১, ২) সেইবাবে, আমি এজনে-আনজনক ভাই-ভনী বুলি মাতোঁ। ঈশ্বৰে এইদৰে আজ্ঞা দিছিল, “ভাই মাত্ৰকেই প্ৰেম কৰা” আৰু আমিও এই আজ্ঞা পালন কৰোঁ। (১ পিতৰ ২:১৭) আমি বিভিন্ন উপায়েৰে ভাই-ভনীসকলক প্ৰেম দেখুৱাওঁ। যেনে, প্ৰয়োজনৰ সময়ত আমি ভাই-ভনীসকলক সহায় কৰোঁ।

গভীৰভাৱে ধ্যান কৰক

যিহোৱাৰ সাক্ষীসকলৰ ইতিহাসৰ বিষয়ে মন কৰক আৰু আমি সত্য খ্ৰীষ্টান হওঁ বুলি কিয় কʼব পাৰোঁ, তাৰ বিষয়ে জানক।

সত্য খ্ৰীষ্টানসকলে পালন কৰা শিক্ষা বাইবেলৰ আধাৰত হয় আৰু তেওঁলোকে এই শিক্ষা আন লোকসকলকো জনায়

৪. আমাৰ বিশ্বাসৰ আধাৰ হৈছে বাইবেল

যিহোৱাই আগতীয়াকৈ কৈছিল যে শেষ-কালত লোকসকলে বাইবেলৰ সত্যতা বেছিকৈ বুজিব পাৰিব। দানিয়েল ১২:৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যদি ঈশ্বৰৰ লোকসকলে বাইবেলত লিখা কথাবোৰ চালি-জাৰি চায়, তেনেহʼলে তেওঁলোকৰ কি বৃদ্ধি হʼব?

চাৰ্ল্চ ৰাছেল নামৰ এজন ব্যক্তি আৰু আন বাইবেল বিদ্যাৰ্থীসকলে ঈশ্বৰৰ বাক্য কেনেকৈ চালি-জাৰি চাইছিল, তাৰ বিষয়ে জানক। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • চাৰ্ল্চ ৰাছেল আৰু আন বাইবেল বিদ্যাৰ্থীসকলে বাইবেল অধ্যয়ন কৰিবলৈ কি কি উপায় ব্যৱহাৰ কৰিছিল?

আপুনি জানেনে?

সময় অনুসৰি আমাৰ বিশ্বাসত সাল-সলনি কৰা হয়। কিয় বাৰু? যেতিয়া সূৰ্য্য ওলায়, তেতিয়া বস্তুবোৰ লাহে লাহে দেখিবলৈ পোৱা যায়। ঠিক সেইদৰে, ঈশ্বৰে বাইবেলত লিখা কথাবোৰ লাহে লাহে বুজিবলৈ সহায় কৰে। (হিতোপদেশ ৪:১৮ পঢ়ক।) যদিও বাইবেলখন সলনি হোৱা নাই, কিন্তু বাইবেলখন ভালদৰে বুজিবলৈ আমাৰ বিশ্বাসত সাল-সলনি কৰা হৈছে।

৫. আমি যিহোৱাৰ বিষয়ে সত্যতা জনাওঁ

আমি যিহোৱাৰ সাক্ষী নামটো কিয় গ্ৰহণ কৰিলোঁ? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যিহোৱাৰ সাক্ষীসকলৰ ওপৰত এই নামটো কিয় উপযুক্ত?

যিহোৱাই নিজৰ সেৱকসকলক কিয় নিজৰ সাক্ষী বুলি কৈছে? লোকসকলে যিহোৱাৰ বিষয়ে বহুতো মিছা কথা প্ৰচাৰ কৰিছে। সেইবাবে, যিহোৱাৰ সেৱকসকলে লোকসকলক তেওঁৰ বিষয়ে সত্যতা জনোৱাটো যিহোৱাই বিচাৰে। আহক, এনে দুটা মিছা কথাৰ ওপৰত ধ্যান দিওঁ।

কিছুমান ধৰ্মই শিকায় যে উপাসনাত মূৰ্তি ব্যৱহাৰ কৰাটো ঈশ্বৰে বিচাৰে। কিন্তু এয়া সঁচানে? লেবীয়া পুস্তক ২৬:১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • মূৰ্তি পূজাৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী কি?

কিছুমান ধৰ্মগুৰুৱে শিকায় যে যীচু ঈশ্বৰ হয়। কিন্তু এয়া সঁচানে? যোহন ২০:১৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • এই পদৰ অনুসৰি যীচু আৰু ঈশ্বৰ এজনেই হয়নে?

  • যিহোৱাই নিজৰ আৰু যীচুৰ বিষয়ে সত্যতা জনাবলৈ সাক্ষীসকলক দায়িত্ব দিছে। এই বিষয়ে জানি আপোনাক কেনেকুৱা লাগে?

৬. আমি এজনে-আনজনক প্ৰেম কৰোঁ

বাইবেলে সত্য খ্ৰীষ্টানসকলক শৰীৰৰ বেলেগ বেলেগ অংগৰ লগত তুলনা কৰিছে। ১ কৰিন্থীয়া ১২:২৫, ২৬ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • ভাই-ভনীসকলৰ দুখ-কষ্ট দেখি এজন সত্য খ্ৰীষ্টানে কি কৰিবলৈ সাজু থাকে?

  • যিহোৱাৰ সাক্ষীসকলৰ মাজত আপুনি প্ৰকৃত প্ৰেম দেখিবলৈ পাইছেনে?

কোনো এখন দেশৰ যিহোৱাৰ সাক্ষীসকলে সমস্যাৰ সন্মুখীন হʼলে, গোটেই পৃথিৱীৰ যিহোৱাৰ সাক্ষীসকলে অতি সোনকালে তেওঁলোকক সহায় কৰে। হাইতি নামৰ দেশটো এইদৰেই হৈছিল। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • ঘূৰ্ণি বতাহ হোৱাৰ পাছত যিহোৱাৰ সাক্ষীসকলে কেনেকৈ এজনে-আনজনক সহায় কৰিছিল?

সত্য খ্ৰীষ্টানসকলে প্ৰয়োজনৰ সময়ত এজনে-আনজনক সহায় কৰে

কিছুমান লোকে কয়: “যিহোৱাৰ সাক্ষী নামটো নতুনকৈ ওলাইছে।”

  • যিহোৱাই নিজৰ সেৱকসকলক কেতিয়া নিজৰ সাক্ষী বুলি কৈছিল?

আমি কি শিকিলোঁ

যিহোৱাৰ সাক্ষীসকল সত্য খ্ৰীষ্টান হয়। তেওঁলোক এক পৰিয়ালৰ দৰে হয়। যিহোৱাৰ সাক্ষীসকলে পালন কৰা শিক্ষাবোৰ বাইবেলৰ আধাৰত হয় আৰু তেওঁলোকে লোকসকলক যিহোৱাৰ বিষয়ে সত্যতা জনায়।

আপুনি কেনেকৈ উত্তৰ দিব?

  • আমি যিহোৱাৰ সাক্ষী নামটো কিয় গ্ৰহণ কৰিলোঁ?

  • আমি এজনে-আনজনৰ লগত কেনেদৰে ব্যৱহাৰ কৰোঁ?

  • যিহোৱাৰ সাক্ষীসকল সত্য খ্ৰীষ্টান হয় বুলি আপুনি ভাবেনে?

লক্ষ্য

বেছিকৈ জানক

যিহোৱাৰ সাক্ষীসকলে কেনেকৈ মিছা শিক্ষাক পোহৰলৈ আনিলে? আহক চাওঁ।

ঈশ্বৰৰ লোকসকলে তেওঁৰ নাম প্ৰশংসা কৰে (৭:০৮)

যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে আপোনাৰ মনত যিবোৰ প্ৰশ্ন আছে, তাৰ উত্তৰ জানক।

“যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন” (ৱেবছাইটত দিয়া লেখ)

স্তিফেনে অন্য জাতিৰ লোকসকলক ঘিণ কৰাৰ বাবে তেওঁলোকক মাৰ-পিট কৰিছিল। যিহোৱাৰ সাক্ষীসকলক লগ পোৱাৰ পাছত তেওঁ নিজকে কিয় সলনি কৰিলে, তাৰ বিষয়ে জানক।

“মোৰ জীৱন বেয়াৰ ফালে ঢাল খাইছিল” (প্ৰহৰীদুৰ্গ লেখ)

a আমি যিহোৱাৰ সাক্ষীসকলে ১৮৭৯ চনৰপৰা প্ৰহৰীদুৰ্গ প্ৰকাশন প্ৰকাশ কৰি আহিছোঁ যাতে লোকসকলে বাইবেলৰ সত্যতা জানিব পাৰে।