Skip to content

Skip to table of contents

দ্বিতীয় চমূৱেল কিতাপৰ আলোকপাত

দ্বিতীয় চমূৱেল কিতাপৰ আলোকপাত

যিহোৱাৰ বাক্য জীয়া

দ্বিতীয় চমূৱেল কিতাপৰ আলোকপাত

যিহোৱা ঈশ্বৰৰ সাৰ্বভৌমত্বক চিনি পাবলৈ আমি সম্পূৰ্ণ আজ্ঞাকাৰী হোৱা আৱশ্যকনে? অখণ্ডতা বজাই ৰাখা এজন ব্যক্তিয়ে সদায়ে তেনে কাৰ্য্য কৰেনে যি যিহোৱাৰ দৃষ্টি সঠিক? সত্য ঈশ্বৰ যিহোৱাই “নিজ মনৰ দৰে” ব্যক্তিসকলক বিচাৰি পাইনে? (১ চমূৱেল ১৩:১৪) দ্বিতীয় চমূৱেল কিতাপখনে এই প্ৰশ্নবোৰৰ সঠিক উত্তৰ প্ৰদান কৰিছে।

দ্বিতীয় চমূৱেল কিতাপখন প্ৰাচীন ইস্ৰায়েলৰ সময়ত ৰজা দায়ূদৰ সৈতে নিবিড় সম্পৰ্ক থকা গাদ আৰু নাথন নামৰ দুজন ভৱিষ্যতবক্তাই লিখিছিল। a দায়ূদৰ ৰাজত্ব কালৰ ৪০ বছৰৰ অন্তিম পৰ্য্যাৰ শেষৰ ভাগত এই কিতাপখন লিখা সমাপ্তি হয়। এই কিতাপখনত প্ৰধানকৈ দায়ূদ আৰু যিহোৱাৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰা হৈছে। তদুপৰি কিতাপখনত বৰ্ণনা কৰা হৈছে যে কেনেকৈ এক হাই-কাজিয়া লগা জাতি এজন বীৰ ৰজাৰ অধীনত উন্নতি হৈছিল। এই কিতাপখনত মানৱ গভীৰ আৱেগিকতাৰে ভৰা ঘটনাবোৰ অন্তৰ্ভুক্ত আছে।

“দায়ূদ ক্ৰমেৰে বৃদ্ধি পাই মহান হল”

(২ চমূৱেল ১:১-১০:১৯)

ইয়াত চৌল আৰু যোনাথনৰ মৃত্যুৰ বাতৰি পাই দায়ূদে দেখুৱা প্ৰতিক্ৰিয়া আৰু যিহোৱা ঈশ্বৰৰ প্ৰতি অনুভূতি প্ৰকাশ কৰা হৈছে। হিব্ৰোণত দায়ূদক যিহূদা গোত্ৰৰ ওপৰত ৰজা নিযুক্ত কৰা হʼল। ইস্ৰায়েলৰ বাকী জাতিবোৰৰ ওপৰত চৌলৰ পুতেক ঈচ্‌বোচতক ৰজা পাতিলে। দায়ূদে ক্ৰমে “বৃদ্ধি পাই মহান” হʼব ধৰিলে আৰু প্ৰায় চাৰে সাত বছৰৰ পিছত তেওঁক সমুদায় ইস্ৰায়েল জাতিৰ ওপৰত ৰজা নিযুক্ত কৰা হʼল।—২ চমূৱেল ৫:১০.

দায়ূদে যিবূচীয়াসকলৰ হাতৰ পৰা যিৰূচালেম চহৰখন অধিকাৰ কৰি তাত তেওঁৰ ৰাজধানী স্থাপন কৰে। তেওঁ যিহোৱাৰ নিয়ম চন্দুক যিৰূচালেমলৈ স্থানান্তৰিত কৰিবলৈ কৰা প্ৰথম চেষ্টাৰ পৰিণাম ধ্বংসাত্মক আছিল। কিন্তু দ্বিতীয় বাৰ চেষ্টা কৰি সফল হোৱাৰ পিছত তেওঁ আনন্দত নাচ-গান কৰিছিল। যিহোৱা ঈশ্বৰে দায়ূদৰ সৈতে এটা ৰাজ্যৰ নিয়ম স্থাপন কৰিলে। যিহোৱা ঈশ্বৰে একেৰাহে তেওঁক আশীৰ্ব্বাদ কৰাৰ বাবে দায়ূদে তেওঁৰ শত্ৰুবোৰক দমন কৰিব পাৰিলে।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

২:১৮—যোৱাব আৰু তেওঁৰ দুজন ভায়েকক কিয় চৰূয়াৰ তিনিজন পুত্ৰ বুলি জনা গৈছিল? হিব্ৰু শাস্ত্ৰত সাধাৰণতে বংশাৱলী পিতৃৰ পৰা গণনা কৰা হৈছিল। চৰূয়াৰ গিৰীয়েক সম্ভৱতঃ অকালতে মৃত্যু হৈছিল বা পবিত্ৰ শাস্ত্ৰৰ বিৱৰণিত লিপিবদ্ধ কৰিবলৈ উপযুক্ত বুলি মনা নহʼল। তদুপৰি চৰূয়া সম্ভৱতঃ দায়ূদৰ ভনীয়েক বা সতীয়া ভনীয়েক হোৱাৰ বাবে বংশাৱলীত তাইৰ নাম অন্তৰ্ভুক্ত কৰা হʼল। (১ বংশাৱলি ২:১৫, ১৬) সেই তিনিজন ভায়েকৰ দেউতাকৰ নাম কেৱল বৈৎলেহমত মৈদাম দিয়াৰ সম্বন্ধেহে উল্লেখ কৰা হৈছিল।—২ চমূৱেল ২:৩২.

৫:১, ২—ঈচ্‌বোচতৰ হত্যা হোৱাৰ কিমান সময়ৰ পিছত দায়ূদ সমুদায় ইস্ৰায়েলৰ ওপৰত ৰজা হʼল? যুক্তিসঙ্গতভাৱে এই সিদ্ধান্তত উপনীত হʼব পাৰি যে চৌলৰ মৃত্যুৰ ক্ষন্তেক পিছৰে পৰা ঈচ্‌বোচতে দুবছৰ ৰাজত্ব কৰিলে। সেই একেই সময়ত দায়ূদেও হিব্ৰোণত শাসন আৰম্ভ কৰিছিল। দায়ূদে যিহূদাৰ পৰা হিব্ৰোণলৈ চাৰে সাত বছৰ কাল শাসন কৰিছিল। দায়ূদে সমুদায় ইস্ৰায়েলৰ ওপৰত ৰজা হৈ তেওঁৰ ৰাজধানী যিৰূচালেমলৈ স্থানান্তৰিত কৰিলে। গতিকে ঈচ্‌বোচতৰ মৃত্যুৰ পাঁচ বছৰৰ পিছত দায়ূদে সমুদায় ইস্ৰায়েলৰ ওপৰত ৰজা হʼল।—২ চমূৱেল ২:৩, ৪, ৮-১১; ২ চমূৱেল ৫:৪, ৫.

৮:২—ইস্ৰায়েলৰ সৈতে হোৱা সংঘৰ্ষত কিমান সংখ্যক মোৱাবীয়া লোকক বধ কৰা হʼল? বধ কৰা মোৱাবীয়া লোকৰ সংখ্যা গণনা কৰাৰ পৰিৱৰ্তে সেই সংখ্যা সম্ভৱতঃ নিৰ্দ্ধাৰিত কৰা হৈছিল। এনে বোধ হয় যে দায়ূদৰ দুয়োফালে মোৱাবীয়া লোকৰ মৰা শ শাৰীকৈ মাটিত পৰি আছিল। দ্বিতীয়তে, সেই শাৰীক জুখিবলৈ জৰী বা ডোল ব্যৱহাৰ কৰা হৈছিল। দৃষ্টিগোচৰভাৱে দুটা শাৰী তিনিভাগৰ দুই শতাংশ মোৱাবীয়া লোকক বধ কৰাক আৰু এটা শাৰী তিনিভাগৰ এক শতাংশ লোকে জীৱন ৰক্ষা পোৱাক বুজাইছে।

আমাৰ বাবে শিক্ষামূলক পাঠ:

২:১; ৫:১৯, ২৩. হিব্ৰোণত বসতি কৰিবলৈ লোৱা আৰু তেওঁৰ শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যোৱাৰ পূৰ্বেই দায়ূদে যিহোৱাৰ সন্মতি বিচাৰিছিল। একেইদৰে আমি আমাৰ আধ্যাত্মিকতাক প্ৰভাৱিত কৰা কোনো নিৰ্ণয় লোৱাৰ পূৰ্বেই যিহোৱাৰ নিৰ্দ্দেশনা বিচৰা উচিত।

৩:২৬-৩০. প্ৰতিশোধ লোৱাৰ পৰিণাম সদায়ে বেয়া হয়।—ৰোমীয়া ১২:১৭-১৯.

৩:৩১-৩৪; ৪:৯-১২. প্ৰতিশোধ আৰু শত্ৰুতাভাৱ নাৰাখাত দায়ূদে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে।

৫:১২. আমি কেতিয়াও পাহৰি যোৱা উচিত নহয় যে যিহোৱাই আমাক তেওঁৰ পথেৰে শিক্ষাদান আৰু তেওঁৰ সৈতে ভাল সম্বন্ধ গঢ়ি তুলিবলৈ সহায় প্ৰদান কৰিছে।

৬:১-৭. যদিও দায়ূদে ভাল অভিপ্ৰায়েৰে ঈশ্বৰৰ নিয়ম চন্দুক স্থানান্তৰ কৰিবলৈ বিচাৰিছিল, তথাপিও তেওঁ ঈশ্বৰৰ আজ্ঞা ভঙ্গ কৰাৰ বাবে বিফল হৈছিল। (যাত্ৰাপুস্তক ২৫:১৩, ১৪; গণনা পুস্তক ৪:১৫, ১৯; ৭:৭-৯) তদুপৰি উজ্জাই যদিও ভাল অভিপ্ৰায়েৰে ঈশ্বৰৰ নিয়ম চন্দুক ধৰিবলৈ চেষ্টা কৰিছিল, তথাপিও ঈশ্বৰৰ আৱশ্যকতাবোৰ কেতিয়াও সলনি নহয়।

৬:৮, ৯. কঠিন পৰিস্থিতিৰ সম্মুখীন হোৱাৰ সময়ত দায়ূদে প্ৰথম অৱস্থাত হয়তো ক্ৰোধিত আৰু ভয়ভিত হৈ সেই দুৰ্দশাৰ বাবে যিহোৱাক দায়ী বুলি কৈছিল। আমিও ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰি পোৱা পৰিণামৰ বাবে যিহোৱাক দায়ী বুলি কোৱাটো কেতিয়াও উচিত নহয়।

৭:১৮, ২২, ২৩, ২৬. যিহোৱা ঈশ্বৰৰ প্ৰতি একান্ত ভক্তি, ধৈৰ্য্য আৰু তেওঁৰ নাম মহিমা কৰাৰ বাবে দায়ূদে ৰাখা আৰ্হিক বাস্তৱতে অনুকৰণ কৰিবলগীয়া।

৮:২. প্ৰায় ৪০০ বছৰৰ পূৰ্বে কৰা ভৱিষ্যতবাণীৰ পূৰ্ণতা দেখিবলৈ পোৱা গʼল। (গণনা পুস্তক ২৪:১৭) সদায়ে যিহোৱাৰ বাক্য সত্য প্ৰমাণিত হয়।

৯:১, ৬, ৭. দায়ূদে নিজৰ প্ৰতিজ্ঞা ৰাখিলে। একেইদৰে আমিও নিজৰ কথা ৰাখা উচিত।

যিহোৱা ঈশ্বৰে তেওঁৰ অভিষিক্তসকলৰ অহিতে অমঙ্গল উৎপন্ন কৰে

(২ চমূৱেল ১১:১-২০:২৬)

“যিহোৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ নিজ বংশৰ পৰা তোমাৰ বিৰুদ্ধে অমঙ্গল উৎপন্ন কৰিম, আৰু তোমাৰ আগতে তোমাৰ তিৰোতাবোৰ লৈ তোমাৰ চুবুৰীয়াক দিম; তাতে তেওঁলোকে সৌ সূৰ্য্যৰ সাক্ষাতে তোমাৰ তিৰোতাবোৰৰ লগত শয়ন কৰিব।” (২ চমূৱেল ১২:১১) যিহোৱাই এনেদৰে শাও দিয়াৰ কি কাৰণ আছিল? কিয়নো দায়ূদে বৎ-চেবাৰ সৈতে পাপ কৰিলে। দায়ূদে যদিও ক্ষমা পালে, তথাপিও তেওঁ কৰা পাপৰ পৰিণামৰ পৰা ৰক্ষা নাপালে।

বৎ-চেবাই জন্ম দিয়া প্ৰথম সন্তান মৰা পৰিল। তাৰ পিছত দায়ূদৰ অবিবাহিতা জীয়েক তামাৰ তাইৰ সতীয়া ভায়েক অম্নোনৰ দ্বাৰা সতীত্বনাশ হʼল। এই অপমানৰ পুতক তুলিবলৈ তামাৰৰ নিজা ভায়েক অব্‌চালোমে অম্নোনক হত্যা কৰিলে। পিছলৈ অব্‌চালোমে নিজৰ পিতৃ দায়ূদৰ বিপক্ষে বিদ্ৰোহ কৰি নিজকে হিব্ৰোণত ৰজা ঘোষণা কৰিলে। দায়ূদে বাধ্য হৈ যিৰূচালেমলৈ পলাবলগীয়া হʼল। দায়ূদৰ দহ গৰাকী উপপত্নীৰ সৈতে অব্‌চালোমৰ সম্বন্ধ আছিল যিসকলে তেওঁৰ পিতৃ দায়ূদে এৰি যোৱা ঘৰখনক চোৱা-চিতা কৰিছিল। কেৱল অব্‌চালোমৰ মৃত্যু হোৱাৰ পিছতহে দায়ূদে পুনৰাই ৰাজ শাসন লাভ কৰিলে। সেই সময়ত বিন্যামীনৰ গোত্ৰৰ চেবা নামৰ এজন ব্যক্তিয়ে বিদ্ৰোহ কৰিলে আৰু তাৰ মৃত্যুত বিদ্ৰোহ সমাপ্তি হʼল।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

১৪:৭—“মোৰ বাকী থকা আঙ্গঠাটি নুমাই” যোৱাই কিহক চিহ্নিত কৰে? উমি উমি জ্বলি থকা আঙ্গঠাটি জীৱিত সন্তানবোৰক চিহ্নিত কৰিছে।

১৯:২৯—মফীবোচতৰ বৰ্ণনা শুনি দায়ূদে কিয় তেনে প্ৰতিক্ৰিয়া দেখুৱালে? দায়ূদে মফীবোচতৰ কথা শুনি নিশ্চয়ে জানিব পাৰিলে যে তেওঁ একপক্ষীয়ভাৱে চীবাৰ কথা শুনি ভুল কৰিলে। (২ চমূৱেল ১৬:১-৪; ১৯:২৪-২৮) সম্ভৱতঃ দায়ূদে বিৰক্ত হৈছিল আৰু সেই বিষয়ে আন কোনো কথা শুনিব নিবিচাৰিছিল।

আমাৰ বাবে শিক্ষামূলক পাঠ:

১১:২-১৫. দায়ূদৰ ত্ৰুটীৰ এনে স্পষ্ট বিৱৰণীয়ে প্ৰমাণ কৰিছে যে বাইবেলখন ঈশ্বৰ প্ৰেৰিত বাক্য।

১১:১৬-২৭. আমি যেতিয়া কোনো গম্ভীৰ পাপ কৰোঁ, তেতিয়া আমিও দায়ূদৰ দৰে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে আমি যিহোৱালৈ নিজৰ পাপ স্বীকাৰ কৰি মণ্ডলীৰ প্ৰাচীনসকলৰ সহায় লোৱা আৱশ্যক।—হিতোপদেশ ২৮:১৩; যাকোব ৫:১৩-১৬.

১২:১-১৪. মণ্ডলীত নিযুক্ত প্ৰাচীনসকলৰ বাবে নাথনে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। তেওঁলোকে পাপ কৰা সকলক ভুল পথৰ পৰা মন পৰিৱৰ্তন কৰিবলৈ সহায় কৰে। প্ৰাচীনসকলে নিপুণতাৰে তেওঁলোকৰ দায়িত্ব বহন কৰা আৱশ্যক।

১২:১৫-২৩. দায়ূদলৈ যি ঘটিল, সেই বিষয়ে ৰখা উচিত দৃষ্টিভঙ্গীয়ে বিপত্তিৰ সময়ত তেওঁক সঠিক প্ৰতিক্ৰিয়া দেখুৱাবলৈ সহায় কৰিলে।

১৫:১২; ১৬:১৫, ২১, ২৩. অব্‌চালোমে নিজকে ৰজা বুলি ঘোষণা কৰাৰ পিছত, অহঙ্কাৰী আৰু উচ্চ পদলৈ অভিলাষ কৰা পৰামৰ্শদাতা অহীথোফল বিশ্বাসঘাতক হৈ পৰিল। নম্ৰতাহীনভাৱে জ্ঞানী আৰু আনুগত্যই এটা ফান্দ হৈ পৰিব পাৰে।

১৯:২৪, ৩০. দায়ূদে দেখুৱা দয়াৰ প্ৰতি মফীবোচতে বাস্তৱতে মূল্যাঙ্কন কৰিছিল। তেওঁ চীবাৰ প্ৰতি দিয়া দায়ূদৰ নিৰ্ণয়ক স্বইচ্ছাৰে মানি লৈছিল। একেইদৰে যিহোৱা আৰু তেওঁৰ সংগঠনৰ প্ৰতি থকা মূল্যাঙ্কনে আমাক অধীন হʼবলৈ উৎসাহিত কৰে।

২০:২১, ২২. এজন ব্যক্তিৰ জ্ঞানে বহুতকে ধ্বংসৰ পৰা ৰক্ষা কৰিব পাৰে।—উপদেশক ৯:১৪, ১৫.

আঁহক আমি “যিহোৱাৰ হাতত” পৰোঁহঁক

(২ চমূৱেল ২১:১-২৪:২৫)

চৌলে গিবিয়োনীয়া লোকবিলাকক বধ কৰি ৰক্তপাত কৰাৰ বাবে দেশত তিনি বছৰ আকাল হৈছিল। (যিহোচূৱা ৯:১৫) সেই ৰক্তপাতৰ প্ৰতিশোধ হিচাপে গিবয়োনীয়াসকলে চৌলৰ সাতজন পুতেকৰ মৃত্যুদণ্ড দিবলৈ দাবী কৰিছিল। দায়ূদে তেওঁলোকক গিবিয়োনীয়াসকলৰ হাতত শোধাই দিলে আৰু ধাৰাষাৰে বৰষুণ হʼবলৈ ধৰিলে। চাৰিজন পলেষ্টীয়া দৈত্যকায় ব্যক্তি “দায়ূদ আৰু তেওঁৰ দাসবিলাকৰ হাতত মৰা পৰিল।”—২ চমূৱেল ২১:২২.

দায়ূদে বে-আইনীভাৱে লোক পিয়ল কৰি এক গম্ভীৰ পাপ কৰিলে। তেওঁ নিজ পাপৰ বাবে প্ৰায়শ্চিত্ত কৰি “যিহোৱাৰ হাতত” পৰিবলৈ বাছি লʼলে। (২ চমূৱেল ২৪:১৪) ফলস্বৰূপে, ৭০,০০০ সংখ্যক লোক মহামাৰীৰ দ্বাৰা মৰা পৰিল। দায়ূদে যিহোৱাৰ আজ্ঞা মানিলত মহামাৰী অন্ত পৰিল।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

২১:৮—চৌলৰ জীয়েক মীখলৰ পাঁচজন পুতেক আছিল বুলি কিয় কʼব পাৰি, যিহেতু ২ চমূৱেল ৬:২৩ পদত বৰ্ণনা কৰিছে যে তাইৰ কোনো সন্তান নাছিল? সকলোতকৈ জনা পৰিচিত উত্তৰটো হৈছে, সেই সন্তানবিলাক অদ্ৰীয়েলৰ সৈতে বিবাহ হোৱা মীখলৰ ভনীয়েক মেৰবৰ আছিল। সম্ভৱতঃ মেৰবৰ অকালতে মৃত্যু হোৱাত মীখলে সেই সন্তানবোৰক ডাঙৰ-দীঘল কৰিছিল।

২১:৯, ১০—ৰিস্পাই কিমান সময়লৈকে তাইৰ দুজন পুতেক আৰু পাঁচজন নাতিয়েকৰ মৃত শৰীৰবোৰৰ ওপৰত চকু ৰাখিছিল? সাতজনক “দাবলৈ আৰম্ভ কৰা কালতে” অৰ্থাৎ মাৰ্চ বা এপ্ৰিল মাহত বধ কৰি আঁৰি থোৱা হৈছিল। তেওঁবিলাকৰ মৃত শৰীৰবোৰ এটা পাহাৰত মুকলিকৈ ৰখা হʼল। যেতিয়ালৈকে যিহোৱা ঈশ্বৰে বৰষুণ বৰষাই নিজৰ ক্ৰোধ শান্ত হোৱাৰ প্ৰমাণ নিদিলে, তেতিয়ালৈকে ৰিস্পাই সেই সাতোটা মৰা শ ৰখীয়া কৰিছিল। অক্টোবৰ মাহত শস্য দোৱা শেষ হোৱাৰ পূৰ্বেই ধাৰাসাৰে বৰষুণ হোৱাটো এক অসাধাৰণ বিষয় আছিল। গতিকে ৰিস্পাই প্ৰায় পাঁচ বা ছমাহ ধৰি সেই মৰা শবোৰৰ ৰখীয়া কৰিছিল। পিচলৈ দায়ূদে সেই ব্যক্তিসকলৰ অস্থি পুতি পেলালে।

২৪:১—লোকসকলৰ সংখ্যা গণনা কৰি দায়ূদে কিয় গম্ভীৰ পাপ কৰিলে? লোকপিয়ল কৰাৰ বাবে ঈশ্বৰৰ ব্যৱস্থাত কোনো নিষেধ কৰা নাই। (গণনা পুস্তক ১:১-৩; ২৬:১-৪) বাইবেলত এইটো কোৱা নাই যে দায়ূদে কি উদ্দেশ্যৰে লোকপিয়ল কৰিছিল। কিন্তু ১ বংশাৱলি ২১:১ পদত নিৰ্দ্দেশিত কৰিছে যে দায়ূদক তেনে কৰিবলৈ চয়তানেহে প্ৰেৰিত কৰিলে। তদুপৰি সৈন্য-বাহিনীৰ সেনাপতি যোৱাবে জানিছিল যে দায়ূদে লোকসকলৰ সংখ্যা গণনা কৰিবলৈ লোৱা তেনে নিৰ্ণয় ভুল আৰু সেয়েহে তেওঁ দায়ূদক তেনে কৰাৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা কৰিছিল।

আমাৰ বাবে শিক্ষামূলক পাঠ:

২২:২-৫২. যিহোৱাই যে একমাত্ৰ সত্য ঈশ্বৰ আৰু আমি তেওঁৰ ওপৰত সম্পূৰ্ণকৈ ভাৰসা কৰিব পাৰোঁ বুলি দায়ূদৰ গীতটোত সুন্দৰকৈ প্ৰকাশ পোৱা নাইনে বাৰু!

২৩:১৫-১৭. প্ৰাণ আৰু তেজৰ সম্পৰ্কে দিয়া ঈশ্বৰৰ ব্যৱস্থাৰ প্ৰতি দায়ূদৰ গভীৰ শ্ৰদ্ধা আছিল আৰু সেয়েহে তেনে সময়বোৰত ঈশ্বৰৰ ব্যৱস্থা ভঙ্গ কৰা কাৰ্য্য কৰাৰ পৰা তেওঁ আঁতৰি আছিল। ঈশ্বৰৰ আজ্ঞাবোৰৰ প্ৰতি আমিও দায়ূদৰ নিচিনাকৈ একে মনোবৃত্তি ৰাখা উচিত।

২৪:১০. দায়ূদৰ বিবেকে তেওঁক অনুতাপ কৰিবলৈ প্ৰেৰিত কৰিলে। আমাৰ বিবেকেও তেনেদৰে কৰিবলৈ সংবেদনশীল নে?

২৪:১৪. যিহোৱা ঈশ্বৰ মানুহতকৈ অনেক দয়ালু বুলি দায়ূদে ভালকৈ জানিছিল। আমাৰো তেনেদৰে নিশ্চয়তা আছেনে?

২৪:১৭. দায়ূদে কৰা পাপৰ বাবে সমস্ত ইস্ৰায়েল জাতিয়ে ভুগীবলগীয়া হোৱাত তেওঁ অতি দুখিত হৈছিল। ভুল কাৰ্য্য কৰি অনুতাপ কৰা এজন ব্যক্তিয়ে তেওঁ কৰা কাৰ্য্যৰ বাবে গোটেই মণ্ডলীৰ বদনাম হোৱাত ব্যক্তিজনেও একেইদৰে অনুভৱ কৰা উচিত।

আমিও ‘যিহোৱাৰ মনৰ দৰে’ হʼব পাৰোঁ

ইস্ৰায়েলৰ দ্বিতীয় ৰজাজনে নিজকে ‘যিহোৱাৰ নিজ মনৰ দৰে’ হোৱা ব্যক্তিৰ প্ৰমাণ দিলে। (১ চমূৱেল ১৩:১৪) যিহোৱাৰ ধাৰ্ম্মিক স্তৰসমূহৰ ওপৰত দায়ূদে কেতিয়াও সন্দেহ কৰা নাছিল আৰু সেয়েহে তেওঁ ঈশ্বৰৰ পথৰ পৰা পৃথক হৈ কেতিয়া স্বাধীনভাৱে জীৱন-যাপন কৰা বিষয়ে ভবা নাছিল। দায়ূদে যিমান বাৰ পাপ কৰিছিল, তেওঁ সেই পাপ স্বীকাৰ কৰি অনুযোগ গ্ৰহণ কৰি নিজৰ ভুলবোৰ শুধৰণি কৰিছিল। দায়ূদ এজন অখণ্ডতা বজাই ৰাখা ব্যক্তি আছিল। একেইদৰে আমিও বিশেষকৈ ভুল কৰাৰ সময়ত তেওঁৰ দৰে মনোবৃত্তি ৰাখাটো বুদ্ধিমানৰ কাৰ্য্য নহʼবনে?

দায়ূদৰ জীৱনিয়ে জীৱন্তভাৱে দাঙি ধৰিছে যে, যিহোৱা ঈশ্বৰৰ সাৰ্বভৌমত্বত আমি অখণ্ডতা বজাই ৰাখা উপাসক হৈ ভাল আৰু বেয়াৰ ওপৰত দিয়া তেওঁৰ স্তৰসমূহ পালন কৰাটো সন্মিলিত হৈ আছে। তেনে কৰাটো আমাৰ বাবে অসম্ভৱ নহয়। দ্বিতীয় চমূৱেল কিতাপখনৰ পৰা শিক্ষামূলক পাঠ শিকি আমি বাস্তৱতে কৃতজ্ঞতা অনুভৱ কৰোঁ! কিতাপখনত পোৱা প্ৰেৰিত বাৰ্ত্তাবোৰ বাস্তৱতে জীয়া আৰু কাৰ্য্য-সাধক।—ইব্ৰী ৪:১২.

(w05 5/15)

[ফুটনোট]

a চমূৱেলে যদিও এই কিতাপখন লিখা নাই, তথাপিও এই কিতাপখন তেওঁৰ নামত লিখা হৈছে। কিয়নো আৰম্ভণিতে এই কিতাপখন হিব্ৰু সূত্ৰত এটা নুৰাত আছিল। চমূৱেলে প্ৰথম চমূৱেল কিতাপখনৰ বেছিভাগ অংশ নিজেই লিখিছিল।

[৮ পৃষ্ঠাৰ ছবি]

কোনে তেওঁক ৰজা নিযুক্ত কৰিলে, এই বিষয়ে মনত ৰাখাৰ দ্বাৰা দায়ূদে নম্ৰ হʼব পাৰিলে

[১০ পৃষ্ঠাৰ ছবিসমূহ]

“মই তোমাৰ নিজ বংশৰ পৰা তোমাৰ বিৰুদ্ধে অমঙ্গল উৎপন্ন কৰিম”

বৎ-চেবা

তামাৰ

অম্নোন