Skip to content

Skip to table of contents

এক দৰিদ্ৰতাহীন জগত নিকটৱৰ্ত্তী হৈছে

এক দৰিদ্ৰতাহীন জগত নিকটৱৰ্ত্তী হৈছে

এক দৰিদ্ৰতাহীন জগত নিকটৱৰ্ত্তী হৈছে

 দৰিদ্ৰতাত বাস কৰা লোকসকলে এই আলোচনীখনৰ বেটুপাতত দিয়া পৰমদেশৰ ছবিখনৰ প্ৰতি অৱশ্যেই আকৰ্ষিত হʼব। কিয়নো এনে পৰমদেশ প্ৰথম মানৱ দম্পতী অৰ্থাৎ আদম আৰু হৱাৰ বাবে এক বাস্তৱিক আছিল। এদন বাগিছাখন তেওঁলোকৰ ঘৰ আছিল। (আদিপুস্তক ২:৭-২৩) যদিও সেই পৰমদেশ হেৰাল, তথাপিও ভৱিষ্যতে পৰমদেশ অৰ্থাৎ এক দৰিদ্ৰতাহীন জগতত বাস কৰাটো কোনো সপোন নহয়। কিয়নো এই আশা বাইবেলৰ প্ৰতিজ্ঞাৰ ওপৰত আধাৰিত।

পৃথিৱীত অতিবাহিত কৰা জীৱনৰ অন্তিম মুহূৰ্তত যীচু খ্ৰীষ্টই কৰা প্ৰতিজ্ঞাৰ বিষয়ে বিবেচনা কৰক। যীচুৰ সৈতে মৃত্যুবৰণ কৰা অপৰাধীজনে, মানৱজাতিৰ সমস্যাবোৰক যে ঈশ্বৰে সমাধান কৰিব পাৰে, সেই বিষয়ে থকা বিশ্বাস প্ৰকাশ কৰিলে। তেওঁ এইদৰে কৈছিল: “হে যীচু, আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে, মোকো সুঁৱৰিব।” এই বাক্যশাৰীয়ে দেখুৱাইছে যে সেই অপৰাধী ব্যক্তিজনে যীচু ৰজা হৈ শাসন আৰু মৃত ব্যক্তিবিলাকক পুনৰুত্থান কৰা হʼব বুলি বিশ্বাস কৰিছিল। যীচুৱে উত্তৰ দি এইদৰে কৈছিল: “মই তোমাক স্বৰূপকৈ কওঁ, তুমি আজিয়েই পৰমদেশত মোৰ সঙ্গী হবা।”—লূক ২৩:৪২, ৪৩.

পৰমদেশত বাস কৰা সকলৰ বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “লোকবিলাকে ঘৰ সাজি তাৰ ভিতৰত বাস কৰিব, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিব।” (যিচয়া ৬৫:২১) বাস্তৱিকতে, “প্ৰতিজনে নিজ নিজ দ্ৰাক্ষালতাৰ আৰু ডিমৰু গছৰ তলত বহিব, আৰু কোনেও সিহঁতক ভয় নলগাব; কিয়নো বাহিনীবিলাকৰ যিহোৱাই নিজ মুখেৰে এই কথা কলে।”—মীখা ৪:৪.

তেতিয়াহʼলে বৰ্তমান সময়ত লোকসকলে কিয় দৰিদ্ৰতাত জীৱন-যাপন কৰিবলগীয়া হৈছে? দৰিদ্ৰতাত বাস কৰা সকলৰ বাবে ঈশ্বৰে কেনে সহায় আগবঢ়াইছে? দৰিদ্ৰতাক কেতিয়া স্থায়ীভাৱে আঁতৰ কৰা হʼব?

লোকসকলে কিয় দৰিদ্ৰতাত জীৱন-যাপন কৰিবলগীয়া হৈছে?

আদম আৰু হৱাই দুষ্ট স্বৰ্গদূত অৰ্থাৎ চয়তানৰ দ্বাৰা উদগণি পায় ঈশ্বৰৰ বিৰোধ কৰিলে আৰু ফলস্বৰূপে পৰমদেশ হেৰুৱালে। চয়তানে সৰ্পক নিজৰ মুখ্যপাত্ৰ হিচাপে ব্যৱহাৰ কৰি হৱাক ভুলালে আৰু এজোপা বিশেষ গছৰ ফল খোৱাই ঈশ্বৰৰ নিয়ম ভঙ্গ কৰিলে। সি হৱাক ঈশ্বৰৰ পৰা স্বাধীন হৈ উত্তমভাৱে জীৱন-যাপন কৰিব পাৰে বুলি ছল কৰিলে। হৱাই সেই নিষেধ কৰা ফল আদমক দিয়াত, তেৱোঁ সেই ফল খালে আৰু নিজৰ পত্নীৰ ফলিয়া হৈ ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰিলে।—আদিপুস্তক ৩:১-৬; ১ তীমথিয় ২:১৪.

বিদ্ৰোহ কৰা সেই দম্পতীক উপযুক্তভাৱে পৰমদেশৰ পৰা বহিষ্কাৰ কৰিলে আৰু সেই সময়ৰ পৰা তেওঁলোকে জীৱন-যাপন কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হʼল। এতিয়ালৈকে যিহোৱা ঈশ্বৰে পাপী মানৱজাতিৰ ওপৰত শাসন কৰিবলৈ চয়তানক অনুমতি দিলে যাতে ঈশ্বৰৰ আজ্ঞা উলঙ্ঘন কৰি ভুগা পৰিণাম স্পষ্ট হৈ পৰে। ইতিহাসে প্ৰমাণ দিলে যে এই পৃথিৱীত পৰমদেশ স্থাপন কৰাত মানুহে কেতিয়াও সফল হʼব নোৱাৰে। (যিৰিমিয়া ১০:২৩) ঈশ্বৰৰ পৰা স্বাধীন হৈ মানুহে ভয়াবহ সমস্যাৰ সৈতে দৰিদ্ৰতাৰ সম্মুখীন হʼবলগীয়া হʼল।—উপদেশক ৮:৯.

কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, জগতত থকা দৰিদ্ৰতাসকলৰ বাবে আশাহীন। কিয়নো বাইবেলে তেওঁলোকৰ নিৰ্দ্দেশনাৰ বাবে উত্তম পৰামৰ্শ আগবঢ়াইছে।

“চিন্তা নকৰিবা”

দুখীয়া লোকসকল সন্মিলিত থকা এক বৃহৎ সমূহৰ সৈতে কথোপকথন হোৱাৰ সময়ত যীচুৱে এইদৰে কৈছিল: “আকাশৰ চৰাইবোৰলৈ চোৱা; সেইবোৰে নবয়, নাদায়, আৰু মেৰতো নচপায়; তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যবান নোহোৱা নে? . . . এই হেতুকে কি খাম? কি পান কৰিম? বা কি পিন্ধিম? এই বুলি চিন্তা নকৰিবা। কিয়নো পৰজাতিবিলাকে এই সকলোকে বিচাৰে; আৰু এই সকলোবোৰৰ যে তোমালোকৰ প্ৰয়োজন, তাক তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে। কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা; তাতে এই সকলোও তোমালোকক দিয়া হব।”—মথি ৬:২৬-৩৩.

এজন দুখীয়া ব্যক্তিয়ে চুৰ কৰা কোনো আৱশ্যক নাই। (হিতোপদেশ ৬:৩০, ৩১) যদি তেওঁ ঈশ্বৰক নিজৰ জীৱনত প্ৰথম স্থান দিয়ে, তেন্তে ঈশ্বৰে তেওঁৰ বাবে প্ৰবন্ধ কৰিব। এই সম্পৰ্কে দক্ষিণ আফ্ৰিকাৰ লেছʼথ চহৰত থকা টুকিছ’ নামৰ এজন ব্যক্তিৰ বিষয়ে বিবেচনা কৰক। সেই চহৰখনত ১৯৯৮ চনত চৰকাৰৰ বিৰুদ্ধে গা কৰি উঠা এক সমূহক দমন কৰিবলৈ এটা বিদেশী সৈন্যবাহিনীয়ে প্ৰৱেশ কৰে। সেই যুদ্ধৰ পৰিণামস্বৰূপে বহুতে দোকান লুট কৰে, লোকসকলে নিজৰ চাকৰি হেৰুৱাই আৰু খাদ্যৰ অত্যন্ত অভাৱ ঘটে।

টুকিছʼই ৰাজধানীৰ সকলোতকৈ দুখীয়া স্থানত বাস কৰিছিল। জীয়াই থাকিবলৈ চুবুৰীয়াৰ বহুতে দোকান লুট কৰে। টুকিছʼই বাস কৰা কোঠাটোত তেওঁৰ সৈতে বাস কৰা মাছিচ’ নামৰ স্ত্ৰীগৰাকীয়ে লুট কৰি অনা বস্তুবোৰ দেখিবলৈ পায়। তাতে টুকিছʼই কয় যে, “এই সকলোবোৰ বাহিৰলৈ লৈ যোৱা,” কিয়নো চুৰ কৰাটো হৈছে ঈশ্বৰৰ নিয়মৰ বিৰোধী কাৰ্য্য। মাছিচʼই তেওঁৰ কথা মতে কাৰ্য্য কৰে। ইয়াকে দেখি চুবুৰীয়াৰ লোকসকলে তেওঁলোকক ঠাট্টা কৰে আৰু সেই লুট কৰি অনা বস্তুবোৰ তেওঁলোকে নিজেই লৈ যায়।

টুকিছʼই এনে পদক্ষেপ এইবাবে লয়, কিয়নো তেওঁ যিহোৱাৰ সাক্ষীসকলৰ সৈতে অধ্যয়ন কৰি তেনে কাৰ্য্যক ঈশ্বৰে ঘিণ কৰে বুলি জানিব পাৰিছিল। তেওঁ ঈশ্বৰৰ নিয়ম পালন কৰি অনাহাৰে থাকিবলগীয়া হʼলনে? অৱশ্যেই নহʼল। কিছু সময়ৰ পিছত যি যিহোৱাৰ সাক্ষীসকলৰ মণ্ডলীত তেওঁ উপস্থিত হৈছিল, সেই মণ্ডলীৰ প্ৰাচীনসকলে তেওঁৰ সৈতে যোগাযোগ কৰে আৰু তেওঁৰ বাবে খাদ্যবস্তু আনে। দক্ষিণ আফ্ৰিকাৰ ওচৰে-পাঁজৰে থকা যিহোৱাৰ সাক্ষী ভাই-ভনীয়ে লেছʼথত থকা তেওঁলোকৰ খ্ৰীষ্টান ভাই-ভনীক সহায়ৰ বাবে দুই টনতকৈও অধিক সাহায্য সামগ্ৰী পঠিয়ায়। টুকিছʼই ঈশ্বৰৰ প্ৰতি দেখুৱা আজ্ঞাকাৰীতা আৰু মণ্ডলীয়ে আগবঢ়োৱা সাহায্য দেখি মাছিচʼই অতি প্ৰভাৱিত হয়। পিছলৈ তাইও বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। কিছু সময়ৰ পিছত তেওঁলোক উভয়ে আইনগতভাৱে বিবাহ কৰে আৰু যিহোৱাৰ সাক্ষীসকলৰ বাপ্তিষ্মা নোলোৱা প্ৰকাশক হʼবলৈ উপযুক্ত হয়। তেওঁলোকে এতিয়াও বিশ্বাসী হৈ ঈশ্বৰৰ সেৱা কৰি আছে।

যিহোৱা ঈশ্বৰে দুখীয়া লোকসকলৰ প্ৰতি যত্ন লয়। (“দৰিদ্ৰতাৰ প্ৰতি ঈশ্বৰৰ দৃষ্টি কি” নামৰ বক্সটো চাওক।) প্ৰেমময় যিহোৱা ঈশ্বৰে টুকিছ’ আৰু মাছিচʼৰ দৰে আন বহুতকে তেওঁৰ বিষয়ে শিকিবলৈ সহায় কৰিছে। তেওঁৰ বাক্য বাইবেলত দৈনন্দিন কেনেকৈ জীৱন নিৰ্বাহ কৰিব পাৰি, সেই বিষয়ে ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াইছে।

এক উত্তম প্ৰবন্ধ

যিহোৱাৰ সাক্ষীসকলে দৰিদ্ৰতাক সদায়ে ঈশ্বৰৰ দৃষ্টিৰে লক্ষ্য কৰে। (গালাতীয়া ২:১০) কোনো দেশত যেতিয়া প্ৰাকৃতিক দুৰ্য্যোগৰ দ্বাৰা আমাৰ প্ৰকৃত খ্ৰীষ্টান ভাই-ভনীয়ে পীড়িত হয়, তেতিয়া তেওঁবিলাকৰ আৱশ্যকতাৰ প্ৰতি সহায় কৰিবলৈ ততালিকে প্ৰবন্ধ কৰা হয়। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় এই যে যিহোৱাৰ সাক্ষীসকলে ধনী হওক বা দুখীয়া, সকলোলৈ আধ্যাত্মিক সহায় আগবঢ়ায়। (মথি ৯:৩৬-৩৮) যোৱা ৬০ বছৰত হাজাৰ সংখ্যক প্ৰশিক্ষণ প্ৰাপ্ত প্ৰচাৰকে স্বইচ্ছাৰে বিদেশলৈ গৈ মিছনেৰী হিচাপে সেৱা কৰিছে। উদাহৰণস্বৰূপে, ফিনলেণ্ডৰ পৰা অহা এহাল মিছনেৰী দম্পতীয়ে চুছাথ্‌ ভাষা শিকি তুকীছ’ আৰু মাছেইছ্‌ লোকসকলক যীচুৰ শিষ্য হʼবলৈ সহায় কৰিব পাৰিলে। (মথি ২৮:১৯, ২০) ধনী দেশৰ আৰামদায়ক জীৱন এৰি দুখীয়া দেশবোৰলৈ গৈ এনে ধৰণৰ মিছনেৰী কাৰ্য্য কৰাত বহুতো ত্যাগ সন্মিলিত আছে।

প্ৰকৃত খ্ৰীষ্টানসকলে জীৱন-যাপন কৰিবলৈ বিকল্প হিচাপে চুৰ কৰা কাৰ্য্যক বাছনি নকৰে। তাৰ পৰিৱৰ্তে যিহোৱা ঈশ্বৰে তেওঁলোকৰ আৱশ্যকতা পূৰ্ণ কৰিব বুলি বিশ্বাস ৰাখে। (ইব্ৰী ১৩:৫, ৬) যিহোৱা ঈশ্বৰে কৰা তেনে প্ৰবন্ধৰ এটা পদ্ধতি হৈছে, তেওঁৰ বিশ্বব্যাপী সংগঠনত থকা উপাসকসকল, যিসকলে এজনে আনজনক চোৱা-চিতা কৰে।

দৈনন্দিন জীৱন-যাপন কৰাৰ বিষয়ে ব্যৱহাৰিক পৰামৰ্শ প্ৰদান কৰি যিহোৱা ঈশ্বৰে আন এক পদ্ধতিৰে দৰিদ্ৰসকলক সহায় কৰে। উদাহৰণস্বৰূপে, বাইবেলত এইদৰে আজ্ঞা দিয়া হৈছে: “যি জনে চুৰ কৰে, সি আৰু চুৰ নকৰক; কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হবৰ কাৰণে, নিজ হাতেৰে সদ্‌ব্যৱসায়ত পৰিশ্ৰম কৰক।” (ইফিচীয়া ৪:২৭-২৮) বহুতো নিবনুৱা ব্যক্তিয়ে নিজৰ বাবে নিজেই কাম উলিয়াই লোৱাত সক্ষম হৈছে। তেওঁলোকে কঠিন পৰিশ্ৰম, যেনে, শাক-পাছলিৰ খেতি কৰি সেইবোৰক চোৱা-চিতা কৰে। তদুপৰি বাইবেলে দৰিদ্ৰসকলক মতলীয়া হোৱাৰ দৰে বেয়া অভ্যাসবোৰ ত্যাগ কৰি ধন সঞ্চয় কৰিবলৈও শিক্ষাদান কৰিছে।—ইফিচীয়া ৫:১৮.

এক দৰিদ্ৰতাহীন জগত কেতিয়া স্থাপন হʼব?

বাইবেলে কৈছে যে, আমি চয়তানৰ এই ৰীতি-ব্যৱস্থাৰ একেবাৰে “শেষ-কালত” বাস কৰিছোঁ। (২ তীমথিয় ৩:১) মানৱজাতিৰ ওপৰত ন্যায় বিচাৰ কৰিবলৈ যিহোৱা ঈশ্বৰে অতি শীঘ্ৰেই যীচু খ্ৰীষ্টক পঠিয়াব। সেই সময়ত কি ঘটিব? এই বিষয়ে যীচুৱে তেওঁৰ দৃষ্টান্তত এইদৰে উত্তৰ দিছিল: “যেতিয়া মানুহৰ পুত্ৰই সকলো দূতক লগত লৈ, নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব; আৰু সকলো জাতিৰ মানুহক তেওঁৰ আগলৈ গোটাই অনা হব; আৰু ৰখীয়াই যেনেকৈ ছাগলীৰ পৰা মেৰবোৰক পৃথক কৰে, তেনেকৈ তেওঁ তেওঁলোকৰ এজনৰ পৰা আন জনক পৃথক” কৰিব।—মথি ২৫:৩১-৩৩.

তেওঁৰ দৃষ্টান্তত উল্লেখ কৰা মেৰবোৰ হৈছে যীচুৰ শাসনৰ অধীন হোৱা লোকসকল। কিয়নো তেওঁলোকে মেৰৰ দৰে মেৰৰখীয়াক অনুকৰণ কৰাৰ বাবে যীচুৱে তেওঁলোকক মেৰৰ সৈতে তুলনা কৰিছিল। (যোহন ১০:১৬) এই মেৰস্বৰূপ লোকসকলে যীচুৰ সিদ্ধ শাসনৰ অধীনত জীৱন লাভ কৰিব। সেইটো হৈছে দৰিদ্ৰতাহীন নতুন জগতত এক আনন্দৰ জীৱন। ছাগলী সাদৃশ্য লোকসকলে যীচুৰ শাসনক অস্বীকাৰ কৰে আৰু তেওঁলোক চিৰকালৰ বাবে ধ্বংস হʼব।—মথি ২৫:৪৬.

ঈশ্বৰৰ ৰাজ্যই সকলো দুষ্টতাৰ অন্ত কৰিব। তেতিয়া দৰিদ্ৰতা এক অতীতৰ বিষয় হৈ পৰিব। দুষ্ট লোকসকলৰ পৰিৱৰ্তে এই পৃথিৱীত এজনে আনজনক প্ৰেম কৰা লোকসকলে বাস কৰিব। এনে নতুন জগতৰ বাস্তৱিকতা যিহোৱাৰ সাক্ষীসকলৰ আন্তৰাষ্ট্ৰীয় ভাতৃত্ব সমাজত দেখিবলৈ পোৱা যায়, যাৰ বিষয়ে যীচুৱে এইদৰে কৈছিল: “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।”—যোহন ১৩:৩৫. (w05 5/15)

দৰিদ্ৰতাৰ প্ৰতি ঈশ্বৰৰ দৃষ্টি কি?

বাইবেলত মানৱজাতিৰ সৃষ্টিকৰ্ত্তাক “ক্ষুধাতুৰবিলাকক আহাৰ দান কৰোঁতা” বুলি বৰ্ণনা কৰিছে। (গীত ১৪৬:৭) দৰিদ্ৰসকলৰ প্ৰতি থকা যিহোৱাৰ চিন্তাৰ বিষয়ে বাইবেলৰ বহুতো পদত আলোকপাত কৰা হৈছে।

উদাহৰণস্বৰূপে, যিহোৱা ঈশ্বৰে প্ৰাচীন ইস্ৰায়েলসকলক শস্য দোৱাৰ সময়ত খেতিৰ চুকত থকা শস্য শেষ নথকাকৈ নাদাবলৈ আজ্ঞা দিছিল। তেওঁলোকক দ্ৰাক্ষাফল আৰু জিতগছৰ গুটি শেষ নোহোৱালৈকে সংগ্ৰহ নকৰিবলৈও কৈছিল। এই ব্যৱস্থা বিদেশী ব্যক্তি, মাউৰা লʼৰা-ছোৱালী, বিধৱা আৰু পীড়িত লোকসকলৰ বাবে এক প্ৰেমময় প্ৰবন্ধ আছিল।—লেবীয়া পুস্তক ১৯:৯, ১০; দ্বিতীয় বিবৰণ ২৪:১৯-২১.

ইয়াৰ উপৰিও ঈশ্বৰে ইস্ৰায়েলসকলক এইদৰে আজ্ঞা দিছিল: “তোমালোকে বিধৱাক বা পিতৃহীন সন্তানক ক্লেশ নিদিবা। সিহঁতক কেনেবাকৈ ক্লেশ দিলে, সিহঁতে যদি মোৰ আগত কাতৰোক্তি কৰে, তেন্তে মই অৱশ্যে সিহঁতৰ কাতৰোক্তি শুনিম; আৰু মোৰ ক্ৰোধ প্ৰজ্বলীত হব, আৰু মই তোমালোকক তৰোৱালেৰে সংহাৰ কৰিম; তাতে তোমালোকৰ তিৰোতাবিলাক বিধৱা, আৰু সন্তানবিলাক পিতৃহীন হব।” (যাত্ৰাপুস্তক ২২:২২-২৪) দুখৰ বিষয় এই যে বহুতো ইস্ৰায়েল ব্যক্তিয়ে এই আজ্ঞাক উলঙ্ঘন কৰিলে। তেওঁলোকৰ এনে কাৰ্য্য আৰু আন আন অনুচিত কাৰ্য্যৰ বাবে যিহোৱা ঈশ্বৰে তেওঁৰ ভৱিষ্যতবক্তাৰ দ্বাৰা বহুতো সতৰ্কবাণী প্ৰদান কৰিলে। (যিচয়া ১০:১, ২; যিৰিমিয়া ৫:২৮; আমোচ ৪:১-৩) অৱশেষত যিহোৱা ঈশ্বৰে ইস্ৰায়েলসকলক অচূৰীয়া আৰু পিছলৈ বাবিলীয়াৰ হাতত বন্দী হʼবলৈ এৰি দিলে। বহুতো ইস্ৰায়েল ব্যক্তি মৰা পৰিল আৰু জীৱিত থকাসকলক বন্দী কৰি পৰজাতীয় দেশবোৰলৈ নিয়া হʼল।

ঈশ্বৰৰ একমাত্ৰ পুত্ৰ যীচু খ্ৰীষ্টই দৰিদ্ৰসকলৰ প্ৰতি থকা তেওঁৰ প্ৰেমময় পিতৃৰ চিন্তাধাৰা প্ৰকাশ কৰিলে। যীচুৱে তেওঁৰ পৰিচৰ্য্যাৰ উদ্দেশ্যৰ বিষয়ে বৰ্ণনা কৰি এইদৰে কৈছিল: “[যিহোৱাৰ, NW] আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰবিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ” তেওঁ জগতলৈ আহিল। (লূক ৪:১৮-১৯) ইয়াৰ অৰ্থ এইটো নাছিল যে তেওঁৰ পৰিচৰ্য্যা কাৰ্য্য কেৱল দৰিদ্ৰসকলৰ বাবে সীমিত আছিল। তেওঁ ধনী লোকসকলকো প্ৰেমেৰে সহায় কৰিছিল। তেওঁ ধনী লোকবিলাকক সহায় কৰাৰ সময়ত প্ৰায়ে দৰিদ্ৰবিলাকৰ প্ৰতি নিজৰ চিন্তা প্ৰকাশ কৰিছিল। এবাৰ তেওঁ এজন ধনী শাসকক পৰামৰ্শ দি এইদৰে কৈছিল: “তোমাৰ যি যি আছে, আটাইকে বেচি দৰিদ্ৰবিলাকক বিলাই দিয়া, তেহে স্বৰ্গত তোমাৰ ধন হব; আৰু আহাঁ, মোৰ পাছে পাছে চলাহি।”—লূক ১৪:১, ১২-১৪; ১৮:১৮, ২২; ১৯:১-১০.

দৰাচলতে দৰিদ্ৰসকলৰ প্ৰতি ঈশ্বৰৰ পুত্ৰই অধিক চিন্তিত আছিল। (মাৰ্ক ১২:৪১-৪৪; যাকোব ২:১-৬) আজি কোটি কোটি দৰিদ্ৰসকলে মৃত্যু হোৱা স্বত্বেও যিহোৱাৰ স্মৰণত আছে আৰু ইয়ে দৰিদ্ৰতাৰ প্ৰতি তেওঁৰ চিন্তাধাৰা প্ৰকাশ কৰে। সেই সকলোকে দৰিদ্ৰতাহীন জগতত বাস কৰিবলৈ পুনৰুত্থান কৰা হʼব।—পাঁচনিৰ কৰ্ম্ম ২৪:১৫.

[৫ পৃষ্ঠাৰ ছবি]

মিছনেৰী ভাইজনৰ সৈতে চুছাথ্‌ ভাষাত অধ্যয়ন কৰা তুকীছ’ আৰু মাছেইছ্‌

[৫ পৃষ্ঠাৰ ছবি]

মিছনেৰী ভনীগৰাকীৰ সৈতে বাইবেল অধ্যয়ন কৰা মাছেইছ্‌ই নিজৰ ঘৰৰ সম্মুখত থিয় হৈ আছে

[৭ পৃষ্ঠাৰ ছবিসমূহ]

যিহোৱাৰ সাক্ষীসকলৰ ভাতৃত্ব সমাজত এক নতুন জগতৰ বাস্তৱিকতাৰ নিশ্চয়তা পোৱা যায়