Skip to content

Skip to table of contents

ঈশ্বৰৰ ৰাজ্য বাস্তৱিকতালৈ পৰিণত হোৱাৰ পূৰ্বাভাস

ঈশ্বৰৰ ৰাজ্য বাস্তৱিকতালৈ পৰিণত হোৱাৰ পূৰ্বাভাস

ঈশ্বৰৰ ৰাজ্য বাস্তৱিকতালৈ পৰিণত হোৱাৰ পূৰ্বাভাস

“আন্ধাৰময় ঠাইত পোহৰ দিয়া প্ৰদীপৰ সদৃশ [ভৱিষ্যতবাণীমূলক বাক্যলৈ] যে তোমালোকে মন দিছা, ভাল কৰিছা।”—২ পিতৰ ১:১৯.

১. বৰ্তমান সময়ত কেনে এক ভিন্নতা দেখিবলৈ পোৱা গৈছে?

 বৰ্তমান সময়ত সঘনাই দেখা দিয়া বিপৰ্য্যায়ে এক গুৰুত্বপূৰ্ণ ৰূপ ধাৰণ কৰিছে। পাৰিপাৰ্শ্বিকৰ পৰা লৈ বিশ্বব্যাপী সন্ত্ৰাসবাদৰ সমস্যাই যেন মানৱজাতিক গভীৰ সাগৰত বুৰাই দিছে। আনকি বিশ্বত থকা কোনো ধৰ্ম্মই সহায়ৰ বাবে আগবাঢ়ি আহিব পৰা নাই। ইয়াৰ বিপৰীতে ধৰ্ম্মই জাতিগত অভিমান, ঘৃণাভাৱ আৰু লোকসকলক বিভাজিত কৰা জাতীয়তাবাদৰ দৰে মনোভাৱ উৎপন্ন কৰি পৰিস্থিতিবোৰক অধিক বেয়ালৈ পৰিচালিত কৰিছে। প্ৰকৃততে বহু সময়ৰ আগেয়ে “ঘোৰ অন্ধকাৰে লোকসমূহক ঢাকিব” বুলি কোৱা কথাষাৰ একেবাৰে সঁচা প্ৰমাণিত হৈছে। (যিচয়া ৬০:২) কিন্তু একেসময়তে লাখ লাখ লোকে উজ্জ্বল ভৱিষ্যতৰ প্ৰতি দৃঢ় আশাৰে বাট চাই আছে। কিয় আশাৰে বাট চাই আছে? কিয়নো সেই লোকসকলে ভৱিষ্যতবাণীমূলক বাক্যৰ প্ৰতি গভীৰভাৱে মনোযোগ দিছে আৰু যি “আন্ধাৰময় ঠাইত পোহৰ দিয়া প্ৰদীপৰ সদৃশ” হিচাপে প্ৰমাণিত হৈছে। তদুপৰি তেওঁলোকে বাইবেলত উদ্ধৃত থকা ঈশ্বৰৰ “বাক্যৰ” দ্বাৰাও নিৰ্দ্দেশিত হৈছে।—২ পিতৰ ১:১৯.

২. ‘শেষকালৰ’ সম্বন্ধে থকা দানিয়েলৰ ভৱিষ্যতবাণীৰ অনুসাৰে কোনসকলে নিগূঢ়-তত্বৰ বিষয়ে জ্ঞান পাইছে?

ভৱিষ্যতবক্তা দানিয়েলে ‘শেষকালৰ’ সম্পৰ্কে এইদৰে কৈছিল: “অনেকে ইফালে সিফালে লৰ ধৰিব, আৰু জ্ঞান বৃদ্ধি হব। অনেকে নিজকে পবিত্ৰ, শুক্লা, আৰু পৰীক্ষাসিদ্ধ কৰিব; কিন্তু দুষ্টবোৰে দুষ্কৰ্ম্ম কৰিব, আৰু দুষ্টবোৰৰ মাজৰ কোনেও এইবোৰ নুবুজিব, কেৱল জ্ঞানী লোকবিলাকেহে বুজিব।” (দানিয়েল ১২:৪, ১০) যিসকলে মনোযোগেৰে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি সেই অনুসাৰে চলি তেওঁৰ ইচ্ছা পালন কৰিবলৈ চেষ্টা কৰে, তেওঁবিলাকেহে নিগূঢ়-তত্বৰ জ্ঞান পাব।—মথি ১৩:১১-১৫; ১ যোহন ৫:২০.

৩. বাইবেল বিদ্যাৰ্থীসকলে ১৮৭০ চনত কেনে এক নিগূঢ়-তত্বৰ বিষয়ে জ্ঞান পাইছিল?

‘শেষকালৰ’ আৰম্ভণিৰ বিষয়ে ঘোষণা কৰা আগতে যিহোৱাই ১৮৭০ চনত “স্বৰ্গৰাজ্যৰ নিগূঢ়-তত্ববোৰ জানিবলৈ” জ্ঞান প্ৰদান কৰিলে। (২ তীমথিয় ৩:১-৫; মথি ১৩:১১) আন জনাপৰিচিত অভিমতৰ তুলনাত সেই সময়ৰ বাইবেলৰ বিদ্যাৰ্থীসকলে যীচুৰ অদৃশ্যমান উপস্থিতিৰ বিষয়ে জানিবলৈ সক্ষম হʼল। তেওঁলোকে বুজি পাইছিল যে যীচুৱে স্বৰ্গত ৰজা হিচাপে নিযুক্তি হোৱাৰ পিছত পৃথিৱীলৈ তেওঁ মনোযোগ দিব। তদুপৰি তেওঁ দিয়া সংযুক্ত চিহ্নবোৰে শিষ্যবিলাকে তেওঁৰ অদৃশ্যমান উপস্থিতিত সজাগে থাকিবলৈ সহায় কৰিব বুলি জানিব পাৰিছিল।—মথি ২৪:৩-১৪.

ঈশ্বৰৰ ৰাজ্য যেতিয়া বাস্তৱিকতালৈ পৰিণত হʼব

৪. বৰ্তমান সময়ত যিহোৱাই কেনেকৈ নিজৰ উপাসকবিলাকৰ বিশ্বাস দৃঢ় কৰিছে?

ৰূপান্তৰণত শিষ্যবিলাকে যীচুক ৰাজ্যৰ মহিমাত অহা দেখিবলৈ পাইছিল। (মথি ১৭:১-৯) এই ৰূপান্তৰণ পিতৰ, যাকোব আৰু যোহনে নিৰুৎসাহিত হোৱাৰ সময়ত দেখা পাইছিল, যি তেওঁলোকৰ বিশ্বাস দৃঢ় কৰিছিল। কিয়নো সেই সময়ত যীচুৱে লোকসকলৰ অশাস্ত্ৰীয় কাৰণবোৰ পূৰ্ণ নকৰাৰ বাবে বহুতে তেওঁক ত্যাগ কৰি গুচি গৈছিল। ঠিক সেইদৰে যিহোৱাই বৰ্তমান সময়তো নিজৰ উপাসকবিলাকক সেই ৰূপান্তৰণ আৰু ইয়াৰ সৈতে জড়িত থকা অন্য ভৱিষ্যতবাণীৰ বিষয়ে জ্ঞান দি তেওঁলোকৰ বিশ্বাস দৃঢ় কৰিছে। এতিয়া আঁহক আমি তাৰ কিছুমান বিষয়ে বিবেচনা কৰোঁহঁক।

৫. সেই প্ৰভাতীয় তৰা কোন আছিল আৰু তেওঁ কেনেকৈ আৰু কেতিয়া ‘উদয়’ হয়?

ৰূপান্তৰণৰ সম্বন্ধে পাঁচনি পিতৰে এইদৰে কৈছিল: “আমি ভাববাদীসকলৰ বাক্য আগতকৈ দৃঢ় হৈ থকা পাইছোঁ; দিন নহয়মানে, আৰু তোমালোকৰ হৃদয়ত প্ৰভাতীয় তৰা উদয় নহয়মানে, আন্ধাৰময় ঠাইত পোহৰ দিয়া প্ৰদীপৰ সদৃশ সেই বাক্যলৈ যে তোমালোকে মন দিছা, ভাল কৰিছা।” (২ পিতৰ ১:১৯) এই লাক্ষণিক “উজ্জ্বল প্ৰভাতীয় তৰা” মহিমান্বিত যীচুক চিত্ৰিত কৰে। (প্ৰকাশিত বাক্য ২২:১৬) স্বৰ্গত ১৯১৪ চনত যেতিয়া তেওঁৰ ৰাজ্য স্থাপিত হয় তেতিয়া তেওঁৰ ‘উদয়’ অৰ্থাৎ ৰজা হিচাপে নিযুক্ত হয়। তদুপৰি তেতিয়াৰে পৰা নতুন যুগৰো আৰম্ভণি হয়। (প্ৰকাশিত বাক্য ১১:১৫) কিন্তু ৰূপান্তৰণত যীচুৰ সৈতে কথোপকথন কৰা সেই মোচি আৰু এলিয়া কাৰ প্ৰতিছবি আছিল?

৬, ৭. ৰূপান্তৰণত দেখা মোচি আৰু এলিয়াই কাক প্ৰতিনিধিত্ব কৰিছিল আৰু তেওঁবিলাকৰ বিষয়ে শাস্ত্ৰীয় পদবোৰে কেনে গুৰুত্বপূৰ্ণ বৃতান্ত দাঙি ধৰিছে?

মোচি আৰু এলিয়া সেই ব্যক্তিসকলক প্ৰতিনিধিত্ব কৰে যিসকলে যীচুৰ সৈতে ৰাজত্ব কৰিব। কিয়নো সেই ৰূপান্তৰণত এই দুয়োজন ব্যক্তিকো মহিমান্বিত হোৱা দেখা গৈছিল। যীচুৰ সৈতে যে সহশাসক হʼব এই কথাশাৰীৰ তাৎপৰ্য্যতা আমি দানিয়েলে দেখা দৰ্শনৰ পৰা বুজিব পাৰোঁ। সেই দৰ্শনত দানিয়েলে “আকাশৰ মেঘত মানুহৰ পুত্ৰৰ নিচিনা এজন পুৰুষ আহি সেই অনাদি কালৰ বৃদ্ধজনাৰ” অৰ্থাৎ যিহোৱাৰ আগত উপস্থিত হোৱা দেখা পাইছিল। তাৰ কিছু সময়ৰ পিছতে তেওঁ পুনৰাই যি দেখিবলৈ পালে, সেইয়া উল্লেখনীয় আছিল। এই সন্দৰ্ভে তেওঁ স্বয়ং এইদৰে কৈছে: “ৰাজ্যভাৰ আৰু ৰাজ্যশাসন, আৰু গোটেই আকাশ-মণ্ডলৰ তলত থকা ৰাজ্যবিলাকৰ মহিমা সৰ্ব্বোপৰিজনাৰ পবিত্ৰ প্ৰজাবিলাকক” তেওঁক দিয়া হʼল। (দানিয়েল ৭:১৩, ১৪, ২৭) দৰাচলতে যিহোৱাই ৰূপান্তৰণ দৰ্শনৰ পাঁচশ বছৰৰ পূৰ্বেই যীচুৰ সৈতে ৰাজত্ব কৰা সেই “পবিত্ৰ প্ৰজাবিলাকৰ” বিষয়ে প্ৰকাশ কৰিছিল।

দানিয়েলৰ দৰ্শনত দেখা সেই পবিত্ৰ প্ৰজাবিলাক কোন? সেই ব্যক্তিসকলৰ বিষয়ে পাঁচনি পৌলে এইদৰে বিবৃতি দিছে: “আমি যে ঈশ্বৰৰ সন্তান, এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাই সৈতে সাক্ষ্য দিয়ে। আৰু যদি সন্তান হওঁ, তেন্তে উত্তৰাধীকাৰীও হওঁ; অৰ্থাৎ, খ্ৰীষ্টে সৈতে গৌৰৱান্বিত হবলৈ, যদিহে আমি তেৱেঁ সৈতে দুখভোগ কৰোঁ, তেহে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী, আৰু খ্ৰীষ্টে সৈতে উত্তৰাধিকাৰী হওঁ।” (ৰোমীয়া ৮:১৬, ১৭) সেই পবিত্ৰ প্ৰজাবিলাক হৈছে আত্মাৰে অভিষিক্ত হোৱা যীচুৰ শিষ্যসকল। যিসকলৰ বিষয়ে যীচুৱে স্বয়ং এইদৰে কৈছে: “মই নিজে যেনেকৈ জয় কৰি মোৰ পিতৃৰ লগত তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ, যি জনে জয় কৰে, তেওঁক মোৰ সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম।” চমুকৈ কʼবলৈ হʼলে সেই ‘জয় কৰা’ ব্যক্তিসকলৰ সংখ্যা হৈছে, ১,৪৪,০০০ জন যিসকলে যীচুৰ সৈতে ৰাজত্ব কৰিব।—প্ৰকাশিত বাক্য ৩:২১; ৫:৯, ১০; ১৪:১, ৩, ৪; ১ কৰিন্থীয়া ১৫:৫৩.

৮. যীচুৰ অভিষিক্ত শিষ্যসকলে কি অৰ্থত মোচি আৰু এলিয়াৰ দৰে কাৰ্য্য কৰিছে আৰু তাৰ কেনে ফলাফল দেখিবলৈ পোৱা গৈছে?

অভিষিক্ত খ্ৰীষ্টানসকলে কিয় মোচি আৰু এলিয়াক প্ৰতিনিধিত্ব কৰে? কিয়নো তেওঁলোকে পৃথিৱীত জীয়াই থকা লৈকে মোচি আৰু এলিয়াৰ দৰে কাম কৰে। উদাহৰণস্বৰূপে, তেওঁলোকে যিহোৱাৰ সাক্ষীস্বৰূপে তাড়নাৰ সম্মুখীন হৈও ঈশ্বৰৰ উপাসনা উৎসাহেৰে কৰে। (যিচয়া ৪৩:১০; পাঁচনিৰ কৰ্ম্ম ৮:১-৮; প্ৰকাশিত বাক্য ১১:২-১২) তেওঁলোকে মোচি আৰু এলিয়াৰ দৰে সাহসী হৈ মিছা ধৰ্ম্মৰ বিষয়ে প্ৰচাৰ আৰু নম্ৰ মনৰ ব্যক্তিসকলক সত্যৰ পথত চলিবলৈ সহায় কৰিছে। (যাত্ৰাপুস্তক ৩২:১৯, ২০; দ্বিতীয় বিবৰণ ৪:২২-২৪; ১ ৰাজাৱলি ১৮:১৮-৪০) তেওঁলোকৰ এনে ধৰণৰ কাৰ্য্যই কোনো ফল উৎপন্ন কৰিছেনে? নিশ্চয়ে কৰিছে। তেওঁলোকে নিজৰ সঙ্গী অভিষিক্ত ব্যক্তিবিলাকক একত্ৰিত কৰাৰ উপৰিও লাখ সংখ্যক ‘অন্য মেৰৰ’ সদস্যসকলকো যীচুৰ অধীন হʼবলৈ সহায় কৰিছে।—যোহন ১০:১৬; প্ৰকাশিত বাক্য ৭:৪.

খ্ৰীষ্টৰ জয় লাভ সম্পূৰ্ণ হয়

৯. প্ৰকাশিত বাক্য ৬:২ পদত বৰ্তমান যীচুৰ অৱস্থিতিৰ বিষয়ে কি প্ৰকাশ কৰিছে?

তেওঁ এতিয়া মানুহে ভবাৰ দৰে গাধৰ পিঠিত বহি থকা নাই কিন্তু শক্তিশালী ৰজা হিচাপে কাৰ্য্য সম্পন্ন কৰিছে। বাইবেলত তেওঁক ঘোঁৰাৰ পিঠিত বহি যুদ্ধৰ বাবে সাজু থকা বুলি বৰ্ণনা কৰিছে। (হিতোপদেশ ২১:৩১) আনকি এই বিষয়ে প্ৰকাশিত বাক্য ৬:২ পদত এইদৰে কৈছে: “মই চাই এটা বগা ঘোঁৰা দেখিলোঁ, আৰু তাৰ ওপৰত উঠা জনাৰ হাতত ধনু আছিল; আৰু তেওঁক এটা কিৰীটি দিয়া হল; তাতে তেওঁ জয় কৰি কৰি, আৰু জয় কৰিবলৈ ওলাই গল।” (প্ৰকাশিত বাক্য ৬:২) তদুপৰি যীচুৰ বিষয়ে গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “যিহোৱাই তোমাৰ পৰাক্ৰমৰ দণ্ড চিয়োনৰ পৰা পঠাই দি কব, ‘তুমি তোমাৰ শত্ৰুবোৰৰ মাজত ৰাজ্যশাসন কৰা।’”—গীত ১১০:২.

১০. (ক) যীচুৰ বিজয় যাত্ৰাৰ আৰম্ভণি কেনেকৈ হʼল? (খ) তেওঁৰ প্ৰথম বিজয়ৰ সময়ত সকলো ঠাইতে কেনে প্ৰভাৱ দেখিবলৈ পোৱা গʼল?

১০ সৰ্বপ্ৰথমে যীচুৱে তেওঁৰ প্ৰমুখ শত্ৰু চয়তান আৰু তাৰ দূতবিলাকক পৰাস্ত কৰি পৃথিৱীলৈ খেদি পঠিয়ালে। এনেদৰে অপমানিত আৰু ধ্বংসৰ বাবে নিচেই কম সময় থকাৰ বাবে সিহঁতে মানৱজাতিক সন্তাপেৰে পীড়িত কৰিবলৈ আৰম্ভ কৰিলে। প্ৰকাশিত বাক্যত সেই সন্তাপৰ বৰ্ণনা তিনিজন অশ্বাৰোহী ব্যক্তিৰ দ্বাৰা কৰা হৈছে। (প্ৰকাশিত বাক্য ৬:৩-৮; ১২:৭-১২) লক্ষ্য কৰক যে যীচুৰ “আগমণ আৰু এই জগতৰ শেষ হোৱাৰ” সম্বন্ধে থকা ভৱিষ্যতবাণীৰ অনুসাৰে সেই অশ্বাৰোহীসকলে ঠায়ে ঠায়ে যুদ্ধ, আকাল আৰু মহামাৰী সৃষ্টি কৰিছে। (মথি ২৪:৩, ৭; লূক ২১:৭-১১) গতিকে বৰ্তমান পৰিস্থিতিয়ে অনা “যাতনা,” এগৰাকী স্ত্ৰীয়ে অনুভৱ কৰা প্ৰসৱ বেদনাৰ সৈতে কৰিছে আৰু এই যাতনা যীচুৱে চয়তান আৰু তাৰ সংগঠনক ধ্বংস নকৰালৈকে বৃদ্ধি হʼব। aমথি ২৪:৮.

১১. যীচুৰ ৰাজকীয় ক্ষমতাৰ বিষয়ে খ্ৰীষ্টান মণ্ডলীৰ ইতিহাসে কেনে প্ৰমাণ দাঙি ধৰিছে?

১১ আনকি যীচুৰ ৰাজকীয় ক্ষমতাৰ প্ৰভাৱ অস্তিত্বত থকা খ্ৰীষ্টান মণ্ডলীত দেখিবলৈ পোৱা যায় যাৰ দ্বাৰা প্ৰচাৰ কাৰ্য্যক পৰিচালিত কৰা হৈছে। মহা-বাবিল অৰ্থাৎ মিছা ধৰ্ম্ম আৰু ভ্ৰষ্টাচাৰী চৰকাৰবোৰে অনেক চেষ্টা কৰিও এই প্ৰচাৰ কাৰ্য্য বন্ধ কৰিব পৰা নাই। (প্ৰকাশিত বাক্য ১৭:৫, ৬) বাস্তৱতে ই যীচুৰ ৰাজকীয় শক্তিৰ কিযে এক শক্তিশালী প্ৰমাণ দাঙি ধৰিছে!—গীত ১১০:৩.

১২. বহুতো লোকে কিয় যীচুৰ অদৃশ্যমান উপস্থিতিৰ বিষয়ে বুজিবলৈ অক্ষম হৈছে?

১২ দুখৰ বিষয় এই যে অধিক সংখ্যক লোক আৰু তথাকথিত খ্ৰীষ্টানসকলে বৰ্তমান পৰিস্থিতিসমূহক লক্ষ্য কৰিও যীচুৰ অদৃশ্যমান উপস্থিতিৰ বিষয়ে বুজিবলৈ অক্ষম হৈছে। আনকি তেওঁলোকে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰাসকলকো বিৰোধ কৰিছে। (২ পিতৰ ৩:৩, ৪) তেওঁলোকে কিয় তেনেদৰে আচৰণ কৰিছে? কিয়নো চয়তানে তেওঁলোকৰ জ্ঞান-চকু অন্ধ কৰি ৰাখিছে। (২ কৰিন্থীয়া ৪:৩, ৪) দৰাচলতে চয়তানে বহু সময়ৰ আগৰে পৰা তথাকথিত খ্ৰীষ্টানসকলক আধ্যাত্মিক অন্ধকাৰময় অৱস্থালৈ পৰিচালিত কৰি ঈশ্বৰৰ ৰাজ্যৰ আশাৰ বিৰুদ্ধে চলিবলৈ প্ৰেৰিত কৰিলে।

ঈশ্বৰৰ ৰাজ্যৰ আশাক ত্যাগ কৰা

১৩. আধ্যাত্মিক অন্ধকাৰময় পৰিস্থিতিয়ে লোকসকলক কিহলৈ পৰিচালিত কৰিলে?

১৩ যীচুৱে পূৰ্বেই কৈছিল যে ধৰ্ম্মত্যাগীসকলে বিনৈ বনৰ নিচিনা খ্ৰীষ্টান মণ্ডলীত প্ৰৱেশ কৰি বহুতকে বিপথে পৰিচালিত কৰিব। (মথি ১৩:২৪-৩০, ৩৬-৪৩; পাঁচনিৰ কৰ্ম্ম ২০:২৯-৩১; যিহূদা ৪) সময় অতিবাহিত হোৱাৰ লগে লগে এই তথাকথিত খ্ৰীষ্টানসকলে অধৰ্ম্মীয় আচাৰ-ব্যৱহাৰ, শিক্ষা আৰু উৎসৱবোৰক “খ্ৰীষ্টান” ধৰ্ম্মৰ ভাগ হিচাপে পালন কৰিবলৈ ধৰিলে। উদাহৰণস্বৰূপে, মিথ্ৰা আৰু ছেটাৰ্ন বা শনি দেৱতাৰ উপাসনাৰ পৰা বৰদিন উৎসৱৰ আৰম্ভণি হৈছিল। কিন্তু কিহে এনে অশাস্ত্ৰীয় উৎসৱবোৰত ভাগ লʼবলৈ তথাকথিত খ্ৰীষ্টানসকলক প্ৰেৰিত কৰিলে? এই বিষয়ে দ্য নিউ এনচাইক্লোপিডিয়া ব্ৰিটেনিকাত (১৯৭৪) এইদৰে কৈছে: “লোকসকলত থকা যীচুৰ পুনৰ উপস্থিতিৰ আশা ক্ৰমান্বয়ে নাইকিয়া হোৱাৰ বাবে বৰদিন বা যীচুৰ জন্মদিন পালন কৰিবলৈ আৰম্ভ হʼল।”

১৪. অৰিজেন আৰু অগষ্টীনৰ শিক্ষাই কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ সত্যতাক বিকৃতভাৱে প্ৰকাশ কৰিলে?

১৪ ইয়াৰ উপৰিও “ৰাজ্য” শব্দটোৰ অৰ্থ বিকৃতভাৱে অনুবাদ কৰাৰ বিষয়ে লক্ষ্য কৰক। এই সন্দৰ্ভে দ্য কিংডম অৱ গড ইন ট্‌ৱেন্‌টিয়েথ চেঞ্ছুৰী ইনটাৰপ্ৰিটেচনʼত এইদৰে বৰ্ণনা কৰিছে: “অৰিজেনৰ [এজন তৃতীয় শতিকাৰ তত্ববিদ] মতে, ‘ৰাজ্যৰ’ প্ৰকৃত শব্দটোৰ অৰ্থ হৈছে মানুহৰ মনত ঈশ্বৰে ৰাজত্ব কৰে।” তেওঁৰ এই শিক্ষা কিহৰ ওপৰত আধাৰিত আছিল? তেওঁৰ শিক্ষা কোনো শাস্ত্ৰীয়, যীচু বা প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে অনুকৰণ কৰাৰ ওপৰত নহয় কিন্তু তত্বজ্ঞান আৰু জগতৰ বিচাৰধাৰাৰ ওপৰত আধাৰিত আছিল।” অগষ্টীনে লিখা আত্মজীৱনী দি চেভিটেট’ দ্যে (ঈশ্বৰৰ নগৰ) নামৰ কিতাপখনত এইদৰে কৈছে যে, গীৰ্জাঘৰখন স্বয়ং ঈশ্বৰৰ ৰাজ্য আছিল। তেনে ধৰণৰ অশাস্ত্ৰীয় বিচাৰধাৰাই খ্ৰীষ্টীয়জগতৰ লোকসকলক ৰাজনৈতিক জগতত জড়িত হʼবলৈ প্ৰেৰিত কৰিলে। বহু বছৰ ধৰি তেওঁলোকে ৰাজত্ব কৰিছিল আৰু নিম্ন শ্ৰেণীৰ লোকসকলৰ ওপৰত পাশবিক অত্যাচাৰ চলাইছিল।—প্ৰকাশিত বাক্য ১৭:৫, ১৮.

১৫. খ্ৰীষ্টীয়জগতৰ বহুতো গীৰ্জাৰ ক্ষেত্ৰত গালাতীয়া ৬:৭ পদটোৰ বাক্যশাৰী কেনেকৈ পূৰ্ণ হৈছে?

১৫ বৰ্তমান সময়ত গীৰ্জাৰ সদস্যসকলে কেনে পৰিণামৰ সম্মুখীন হৈছে, সেইয়া স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে। (গালাতীয়া ৬:৭) তেওঁলোকৰ বহুতে ক্ষমতাহীন হোৱাৰ উপৰি গীৰ্জাৰ সদস্য হোৱাও অধিকাৰ হেৰুৱাইছে। এনে পৰিৱৰ্তন প্ৰায়ে ইউৰোপ মহাদেশত দেখিবলৈ পোৱা যায়। এই সন্দৰ্ভে খ্ৰীষ্টীয়ানিটী টুডে নামৰ বাতৰিকাকতখনত এইদৰে কৈছে, “বৰ্তমান বৃহৎ আকাৰৰ গীৰ্জাঘৰবোৰ উপাসনা কেন্দ্ৰ হোৱাৰ পৰিৱৰ্তে সংগ্ৰহালয় আৰু পৰ্য্যটকৰ মনোৰঞ্জন স্থানলৈ পৰিণত হৈছে।” সেই একেই পৰিস্থিতি আজি অন্য দেশবোৰতো দেখিবলৈ পোৱা গৈছে। এনে ধৰণৰ পৰিৱৰ্তনে মিছা ধৰ্ম্মৰ বাবে কি সংকেত দিছে? আৰ্থিক সাহায্য বা সদস্যবিলাকৰ সমৰ্থন নোহোৱাৰ বাবে সেই গীৰ্জাঘৰবোৰ বিলুপ্ত হʼবনে? এনে পৰিৱৰ্তনে সত্য উপাসনাত কোনো প্ৰকাৰৰ প্ৰভাৱ পেলাইছেনে?

ঈশ্বৰৰ দিনৰ বাবে যুগুত হোৱা

১৬. অত্যধিকভাৱে বৃদ্ধি হোৱা বিৰোধিতাই মহা-বাবিলৰ বিষয়ে কি সংকেত দিছে?

১৬ যিদৰে নিষ্ক্ৰিয় আগ্নেয়গিৰিৰ পৰা উদ্গিৰিত ছাই আৰু উলাই থকা ধোঁৱাই আকস্মিক বিস্ফোৰণৰ সংকেত দিয়ে, ঠিক সেইদৰে ঠায়ে ঠায়ে ধৰ্ম্মৰ নামত হোৱা যুদ্ধ-বিগ্ৰহে মিছা ধৰ্ম্মৰ পতনৰ বিষয়ে জাননি দিছে। অতি শীঘ্ৰেই যিহোৱাই মহা-বাবিলক ধ্বংস কৰিবলৈ ৰাজনৈতিক শক্তিবোৰক একত্ৰিত কৰিব। (প্ৰকাশিত বাক্য ১৭:১৫-১৭; ১৮:২১) তেনেহʼলে, প্ৰকৃত খ্ৰীষ্টানসকলে এইবোৰ লক্ষ্য কৰি বা আহিবলগীয়া “মহাক্লেশৰ” আন দিশবোৰ দেখি ভয়ভিত হোৱা উচিতনে? (মথি ২৪:২১) তেওঁলোকে অৱশ্যেই ভয়ভিত হোৱা উচিত নহয়। দৰাচলতে তেওঁলোকে আনন্দিত হোৱা উচিত, কিয়নো যিহোৱাই অতি শীঘ্ৰেই দুষ্টবোৰৰ বিৰুদ্ধে কাৰ্য্য কৰিব। (প্ৰকাশিত বাক্য ১৮:২০; ১৯:১, ২) এই বিষয়ে প্ৰথম শতিকাৰ যিৰূচালেম আৰু তাত বাস কৰা খ্ৰীষ্টানসকলৰ বিষয়ে মন কৰক।

১৭. কিয় যিহোৱাৰ উপাসকবিলাকে এই ৰীতি-ব্যৱস্থাৰ শেষৰলৈকে বিশ্বাসী হৈ থকাৰ আশা কৰিব পাৰে?

১৭ সা.যু. ৬৬ চনত ৰোমান সৈন্য-বাহিনীয়ে যিৰূচালেমক চাৰিওফালৰ পৰা ঘেৰি ধৰাৰ সময়ত আধ্যাত্মিকভাৱে সজাগে থকা খ্ৰীষ্টানসকলে আতংকিত বা ভয়ভিত হোৱা নাছিল। যিহেতু শাস্ত্ৰীয় পদবোৰক মনোযোগেৰে অধ্যয়ন কৰাৰ বাবে তেওঁলোকে জানিব পাৰিছিল যে, “তাৰ ধ্বংস ওচৰ চাপিলহি।” (লূক ২১:২০) তদুপৰি উদ্ধাৰৰ বাবে যিহোৱাই যে পথ মুকলি কৰিব, ইয়াকো তেওঁলোকে জানিছিল। গতিকে যেতিয়া সেই সুযোগ আহিল তেতিয়া তেওঁলোকে অনতিপলমে যিৰূচালেমৰ পৰা সুৰক্ষিত স্থানলৈ পলাই গʼল। (দানিয়েল ৯:২৬; মথি ২৪:১৫-১৯; লূক ২১:২১) সেইদৰে বৰ্তমান সময়তো ঈশ্বৰক জনা আৰু তেওঁৰ পুত্ৰৰ আজ্ঞাধীন হোৱা সকলে এই ৰীতি-ব্যৱস্থাৰ শেষৰলৈকে বিশ্বাসী হৈ থকা আশা কৰিব পাৰে। (২ থিচলনীকীয়া ১:৬-৯) দৰাচলতে মহাক্লেশৰ সময়ত তেওঁলোকৰ ‘মুক্তি ওচৰ চাপি অহা দেখি আনন্দেৰে নিজ নিজ মূৰ দাঙি ওপৰলৈ চাব।’—লূক ২১:২৮.

১৮. মাগোগদেশীয় গোগে যেতিয়া যিহোৱাৰ লোকসকলক আক্ৰমণ কৰিবলৈ চাৰিওফালৰ পৰা ঘেৰি ধৰিব তেতিয়া কি ঘটিব?

১৮ মহা-বাবিলৰ ধ্বংসৰ পিছত মাগোগদেশীয় অধিপতি গোগ অৰ্থাৎ চয়তানে যিহোৱাৰ লোকসকলক আক্ৰমণ কৰিবলৈ চাৰিওফালৰ পৰা ঘেৰি ধৰিব। সিহঁতে “এডোখৰ মেঘৰ নিচিনাকৈ দেশ ঢাকি” ধৰাৰ দৰে আহিব আৰু সহজে ঈশ্বৰৰ লোকবিলাকৰ ওপৰত বিজয় হোৱা যেন অনুমান কৰিব। কিন্তু ই সিহঁতৰ বাবে কিযে এক আচৰিত হোৱাৰ কাৰণ হʼব! (যিহিষ্কেল ৩৮:১৪-১৬, ১৮-২৩) কিয়নো এই সম্পৰ্কে পাঁচনি যোহনে এইদৰে লিখিছিল: “পাছে সেই স্বৰ্গৰ দুৱাৰ মেলা দেখিলোঁ; তাতে এটা বগা ঘোঁৰা দেখা গল; তাৰ ওপৰত উঠা জনাক বিশ্বাসী আৰু সত্য বোলে; . . . তেওঁ জাতিবিলাকক আঘাত কৰিবলৈ, তেওঁৰ মুখৰ পৰা এখন চোকা তাৰোৱাল ওলায়।” এই দুৰ্জেয় ‘ৰজাৰো ৰজাজনে’ ঈশ্বৰৰ বিশ্বাসী উপাসকবিলাকক সুৰক্ষা প্ৰদান কৰি শত্ৰুবোৰক সমূলিকৈ ধ্বংস কৰিব। (প্ৰকাশিত বাক্য ১৯:১১-২১) ই সেই ৰূপান্তৰণৰ চৰম অৱস্থাৰ কিযে এক বৃহৎ পূৰ্ণতা হʼব!

১৯. শত্ৰুবোৰৰ ওপৰত যীচুৱে পোৱা সম্পূৰ্ণ বিজয়ে তেওঁৰ বিশ্বাসী শিষ্যবিলাকৰ ওপৰত কেনে প্ৰভাৱ পেলাব আৰু বৰ্তমান তেওঁলোকে কি কৰা উচিত?

১৯ যীচুৱে ‘সেই দিনা বিশ্বাস কৰাবিলাকক বিস্ময়যুক্ত সমাদৰ পাবলৈ আগমন কৰিব।’ (২ থিচলনীকীয়া ১:৯) তেনে ব্যক্তিসকলৰ মাজত আপুনিও এজন হোৱাটো বিচাৰেনে? তেনেহʼলে নিৰন্তৰে নিজৰ বিশ্বাসক দৃঢ় কৰক আৰু ‘যুগুত হৈ থাকক, কিয়নো যি সময়ত আপুনি নাভাবে, সেই সময়তে মানুহৰ পুত্ৰ আহিব।’—মথি ২৪:৪৩, ৪৪.

সজাগ হৈ থাকক

২০. (ক) ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গৰ’ দ্বাৰা ঈশ্বৰে কৰা প্ৰবন্ধৰ প্ৰতি আমি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ? (খ) আমি নিজকে কেনে প্ৰশ্নবোৰ সোধা উচিত?

২০ ব্যতিক্ৰমহীনভাৱে ‘বিশ্বাসী বুদ্ধিমান দাসে’ ঈশ্বৰৰ লোকসকলক আধ্যাত্মিকৰূপে সজাগে থাকিবলৈ উৎসাহিত কৰিছে। (মথি ২৪:৪৫, ৪৬; ১ থিচলনীকীয়া ৫:৬) আপুনি সময়মতে পোৱা এই সোঁৱৰণিবোৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাইনে? সেইবোৰক আপুনি নিজৰ জীৱনত প্ৰথম স্থান দিয়েনে? আপুনি নিজকে এইদৰে নুসোধে কিয়: ‘যীচুৱে স্বৰ্গৰ পৰা শাসন কৰিছে বুলি মই স্পষ্টকৈ বুজি পাইছোঁনে? তেওঁ মহা-বাবিল আৰু চয়তানৰ এই ৰীতি-ব্যৱস্থাৰ সোধ-বিচাৰ কৰিবলৈ পদক্ষেপ লৈছে বুলি মই মোৰ জ্ঞান-চকুৰে দেখা পাইছোঁনে?’

২১. কিছুমানে কিয় আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰিবলৈ বিফল হৈছে আৰু তেওঁলোকে অনতিপলমে কি কৰা উচিত?

২১ যিহোৱাৰ সাক্ষীসকলৰ সৈতে সঙ্গতি কৰা কিছুমান লোকে আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰিবলৈ বিফল হৈছে। তেওঁলোকে যীচুৰ কিছুমান শিষ্যৰ নিচিনাকৈ ধৈৰ্য্যহীন হৈ পৰাৰ বাবে তেনে মনোবৃত্তি দেখুৱাইছেনে? জীৱনৰ চিন্তাধাৰা, ভৌতিক বস্তুৰ প্ৰতি হাবিয়াস বা তাড়নাৰ সম্মুখীন হোৱাৰ বাবে তেওঁলোকে নিৰুৎসাহিত হৈছেনে? (মথি ১৩:৩-৮, ১৮-২৩; লূক ২১:৩৪-৩৬) কিছুমানে হয়তো ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ কৰা প্ৰবন্ধবোৰৰ প্ৰতি সন্দেহ কৰিছে। যদি আপুনি এনে কোনো সমস্যাৰ সম্মুখীন হৈছে, তেন্তে বাইবেলখন উৎসাহেৰে পঢ়িবলৈ আৰু প্ৰাৰ্থনাৰ দ্বাৰা যিহোৱাক জনাবলৈ আপোনাক উৎসাহিত কৰা হৈছে। কিয়নো তেনে কৰাৰ দ্বাৰা আপুনি তেওঁৰ সৈতে এক নিবিড় আৰু দৃঢ় সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হʼব।—২ পিতৰ ৩:১১-১৫.

২২. ৰূপান্তৰণ আৰু ইয়াৰ সৈতে জড়িত থকা অন্য ভৱিষ্যতবাণীবোৰে আপোনাৰ ওপৰত কেনে প্ৰভাব পেলাইছে?

২২ যীচুৰ শিষ্যসকলে যেতিয়া নিৰুৎসাহিত হৈ পৰিছিল তেতিয়া তেওঁলোকে ৰূপান্তৰণৰ দৰ্শন দেখাৰ দ্বাৰা দৃঢ় হৈছিল। ঠিক সেইদৰে আজি ৰূপান্তৰণৰ বাস্তৱিকতা আৰু ইয়াৰ সৈতে জড়িত থকা অন্য ভৱিষ্যতবাণীবোৰৰ পূৰ্ণতাই আমাৰ বিশ্বাসক দৃঢ় কৰি তুলিছে। গতিকে আঁহক আমি এই ৰূপান্তৰণৰ বাস্তৱিকতা আৰু ভৱিষ্যতে পূৰ্ণ হʼবলগীয়া ইয়াৰ বৈশিষ্ট্যবোৰৰ ওপৰত ধ্যান দিয়াৰ সৈতে পাঁচনি যোহনৰ দৰে এইদৰে কওঁহঁক: “আমেন; হে প্ৰভু যীচু, আহক।”—প্ৰকাশিত বাক্য ২২:২০. (w05 1/15)

[ফুটনোট]

a মূল গ্ৰীক শব্দত “যাতনাৰ আৰম্ভণ” শব্দৰ ভাঙনি “প্ৰসৱ বেদনাৰ” অৰ্থত প্ৰকাশ কৰিছে। (মথি ২৪:৮, কিংডম ইন্টাৰলিনিয়াৰ) এই কথাষাৰৰ দ্বাৰা এইটো বুজিব পাৰি যে প্ৰসৱৰ সময়ত হোৱা বেদনাৰ নিচিনা বৰ্তমান সমস্যাবোৰ অত্যধিকভাৱে বৃদ্ধি হʼব আৰু আহিবলগীয়া মহা-ক্লেশত এই বেদনা চৰম অৱস্থাৰ উপনীত হʼব।

আপোনাৰ মনত আছেনে?

• ১৮৭০ চনত বাইবেল বিদ্যাৰ্থীৰ এক সৰু সমূহে যীচুৰ পুনৰ আগমণৰ বিষয়ে কেনে বুজ পাইছিল?

• ৰূপান্তৰণত দেখা বিষয়বোৰ কেনেকৈ বাস্তৱিকতালৈ পৰিণত হʼল?

• যীচুৱে জয়লাভ কৰাৰ ফলত এই পৃথিৱীত আৰু খ্ৰীষ্টান মণ্ডলীয়ে কেনেদৰে প্ৰভাৱিত হʼল?

• যীচুৱে সম্পূৰ্ণ জয়ী হোৱাৰ সময়ত উদ্ধাৰ পোৱাসকলৰ মাজৰ এজনা হʼবলৈ আমি কি কৰা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১০ পৃষ্ঠাৰ ছবিসমূহ]

ৰূপান্তৰণত দেখা বিষয়বোৰ বাস্তৱিকতালৈ পৰিণত হʼল

[১১ পৃষ্ঠাৰ ছবিসমূহ]

আপুনি জানেনে যে যীচুৱে জয়লাভ কৰাৰ সময়ত কেনে ঘটনা ঘটিছিল?