Skip to content

Skip to table of contents

পৰস্পৰে ইজনে সিজনৰ বিশ্বাস দৃঢ় কৰক

পৰস্পৰে ইজনে সিজনৰ বিশ্বাস দৃঢ় কৰক

পৰস্পৰে ইজনে সিজনৰ বিশ্বাস দৃঢ় কৰক

“এওঁলোক মোৰ [দৃঢ়তাস্বৰূপ, NW] হল।”—কলচীয়া ৪:১১.

১, ২. বিপদৰ স্বত্ত্বেও পাঁচনি পৌলৰ বন্ধুসকলে কিয় তেওঁক কাৰাগাৰত সাক্ষাৎ কৰিবলৈ আহিছিল?

 মিছা অভিযোগেৰে সাব্যস্ত কৰি অন্যায়ভাৱে জেলত ৰাখা এজন ব্যক্তি অথবা বন্ধুৰ সৈতে সম্পৰ্ক বজাই ৰখাটো এক বিপদৰ কাৰণ হʼব পাৰে। কিয়নো জেইলৰ অধিকাৰীজনে সদায়ে আপোনাৰ কাৰ্য্যকলাপৰ ওপৰত চকু ৰাখিব পাৰে, যাতে আপুনি কোনো অপৰাধ নকৰে। গতিকে এনে অৱস্থাত বন্ধুজনৰ খা-খবৰ লবলৈ বা তেওঁৰ সৈতে কথোপকথন কৰিবলৈ সাহসী হোৱা প্ৰয়োজন।

সেই একেই পৰিস্থিতি আজিৰ পৰা প্ৰায়ে ১,৯০০ বছৰৰ আগেয়েই পাঁচনি পৌলৰ সময়ত দেখিবলৈ পোৱা গৈছিল। পাঁচনি পৌলে বন্দীশালত থকাৰ সময়ত তেওঁৰ বন্ধুসকলে তেওঁক সাক্ষাৎ কৰি আধ্যাত্মিকভাৱে দৃঢ় কৰিবলৈ সংকোচবোধ কৰা নাছিল। তেওঁৰ সেই প্ৰকৃত বন্ধুসকল কোন আছিল? তেওঁলোকে দেখুৱা বন্ধুত্ব, নিষ্ঠা আৰু সাহসৰ পৰা আমি কি শিকিব পাৰোঁ?—হিতোপদেশ ১৭:১৭.

“দৃঢতাস্বৰূপ” হোৱা

৩, ৪. (ক) পাঁচনি পৌলৰ সেই পাঁচজন বন্ধুৰ নাম কি আৰু তেওঁলোকে কেনেকৈ তেওঁৰ দৃঢ়তাস্বৰূপ হʼল? (খ) “দৃঢ়তাস্বৰূপ” অভিব্যক্তিটোৰ অৰ্থ কি?

এতিয়া আঁহক আমি সা.যু. ৬০ চনত কি ঘটিছিল তাৰ বিষয়ে বিবেচনা কৰোঁহঁক। মিছা অভিযোগ দি পাঁচনি পৌলক ৰোম চহৰত থকা বন্দীশাললৈ অনা হʼল। (পাঁচনিৰ কৰ্ম্ম ২৪:৫; ২৫:১১, ১২) সেই সময়ত পাঁচনি পৌলৰ দৃঢ়তাস্বৰূপ হৈ সহায় কৰা পাঁচজন ব্যক্তি আছিল: এছিয়াৰ পৰা অহা কটকী ‘প্ৰভুত বিশ্বাসী পৰিচাৰক আৰু সহদাস’ তুখি, কলচীয়াৰ পৰা অহা এজন “বিশ্বাসী আৰু প্ৰিয়” ভাই ওনীচিম, থিচলনকীয়াত থকা মাকিডুনীয়াৰ নিবাসী আৰু পৌলৰ লগৰ বন্দীয়াৰ আৰিষ্টৰ্খ, পৌলৰ পৰিচৰ্য্যা-কাৰ্য্যৰ সঙ্গী বাৰ্ণব্বাৰ সম্পৰ্কীয় ভায়েক আৰু বাইবেলৰ লিখক মাৰ্ক যি ‘ঈশ্বৰৰ ৰাজ্যৰ নিমিত্তে তেওঁৰ সহকাৰী’ যুষ্ট। এই পাঁচজনৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “এওঁলোক মোৰ [দৃঢ়তাস্বৰূপ, NW] হল।”—কলচীয়া ৪:৭-১১.

এই প্ৰকৃত বন্ধুসকলে আগবঢ়োৱা সাহায্যৰ বিষয়ে পাঁচনি পৌলে এক শক্তিশালী অভিব্যক্তি উল্লেখ কৰিছিল। তেওঁ ব্যৱহাৰ কৰা (পে·ৰে·গোৰিʼয) নামৰ গ্ৰীক অভিব্যক্তিটোক “দৃঢ়তাস্বৰূপ” বুলি অনুবাদ কৰা হৈছে। এই শব্দ বা অভিব্যক্তিটো বাইবেলৰ এই পদত কেৱল এবাৰহে উল্লেখ কৰাটো দেখিবলৈ পোৱা যায়। এই অভিব্যক্তিটোৰ অনেক অৰ্থ আছে আৰু ইয়াক কেৱল আৰোগ্যকৰ সম্পৰ্কে ব্যৱহাৰ কৰা হৈছিল। * তদুপৰি ইয়াক ‘শান্ত্বনা বা উপশম’ পোৱা অৰ্থটো ব্যৱহাৰ কৰিব পাৰি। সেই পাঁচজন বন্ধুৱে তেনে ধৰণৰ সহায় আগবঢ়াই পাঁচনি পৌলৰ বিশ্বাস দৃঢ় কৰিলে।

পাঁচনি পৌলক কিয় “দৃঢ়তাস্বৰূপ” হোৱা আৱশ্যক আছিল

৫. পৌলে পাঁচনি হোৱাৰ স্বত্ত্বেও তেওঁক কিহৰ আৱশ্যকতা আছিল আৰু সময়ে সময়ে আমাৰ সকলোকে কিহৰ আৱশ্যক?

পাঁচনি পৌলক কিয় দৃঢ় হোৱাৰ আৱশ্যক, এই বুলি ভাবি বহুতে হয়তো আচৰিত হʼব পাৰে। অৱশ্যই তেওঁক দৃঢ় হোৱা আৱশ্যক আছিল। এইটো সঁচা যে পাঁচনি পৌলৰ দৃঢ় বিশ্বাস আছিল, “অতিৰিক্তি কোবত অনেকবাৰ প্ৰাণৰ সংশয়ত” আৰু অনেক বেদনাতো ৰক্ষা পাইছিল। (২ কৰিন্থীয়া ১১:২৩-২৭) যিয়েই নহওক তেওঁ মানুহ আছিল আৰু সকলো মানুহক এটা বা আনটো সময়ত আনৰ সহায়ত শান্ত্বনা আৰু বিশ্বাসত শক্তিশালী হোৱা আৱশ্যক। একেইদৰে যীচুৰ ক্ষেত্ৰতটো সঁচা আছিল। তেওঁৰ শেষ নিশাত গেৎচিমানী বাগিছাত এজন স্বৰ্গদূতে তেওঁক দেখা দি “শক্তি দান কৰিলে।”—লূক ২২:৪৩.

৬, ৭. (ক) ৰোম চহৰত কোনসকলে পৌলক নিৰুৎসাহী আৰু কোনসকলে তেওঁক উৎসাহী কৰিছিল? (খ) ৰোমত থকা খ্ৰীষ্টান ভাইসকলে পৌললৈ কেনে সহায় আগবঢ়ালে যি তেওঁৰ বাবে “দৃঢ়তাস্বৰূপ” হৈছিল?

পৌলকো শক্তিৰ প্ৰয়োজন আছিল। যেতিয়া তেওঁক বন্দী হিচাবে ৰোমলৈ অনা হʼল, স্বয়ং তেওঁৰ জাতিৰ লোকবিলাকে তেওঁৰ সৈতে ভাল ব্যৱহাৰ কৰা নাছিল। এই ইহুদীবিলাকে বেছিভাগ সময়ত ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাক অগ্ৰাহ্য কৰিছিল। ইহুদীবিলাকৰ প্ৰধান লোকবিলাকে পৌলক তেওঁ থকা ঠাইত সাক্ষাৎ কৰাৰ বিষয়ে পাঁচনিৰ কৰ্ম্মৰ কিতাপে এইদৰে কৈছে: “তেওঁৰ কথা কোনো কোনোৱে বিশ্বাস কৰিলে, কোনো কোনোৱে বিশ্বাস নকৰিলে; তাতে পৰস্পৰৰ একে মত নোহোৱাত, তেওঁবিলাক বিদায় হবলৈ ধৰিলে।” (পাঁচনিৰ কৰ্ম্ম ২৮:১৭, ২৪, ২৫) যিহোৱাৰ মহা-অনুগ্ৰহৰ প্ৰতি তেওঁলোকে দেখুৱা অমূল্যাঙ্কন মনোবৃত্তিয়ে পৌলৰ হৃদয়ত কেনে বেদনা উৎপন্ন কৰিছিল! তেওঁ পোৱা তেনে বেদনাৰ বিষয়ে কিছু বছৰৰ পিছত ৰোমত থকা মণ্ডলীলৈ লিখা চিঠিত স্পষ্টকৈ প্ৰকাশ পাইছিল। যʼত তেওঁ এইদৰে লিখিছিল: “মোৰ হৃদয়ত অতি দুখ আৰু নিৰন্তৰ যাতনা হৈছে। কিয়নো যিবিলাক শৰীৰৰ সম্বন্ধে মোৰ স্বজাতীয়, মোৰ সেই ভাইবিলাকৰ নিমিত্তে মই নিজেই খ্ৰীষ্টৰ পৰা শাপগ্ৰস্ত হবলৈ ইচ্ছা কৰিব পাৰিলোঁহেঁতেন।” (ৰোমীয়া ৯:২, ৩) তেনে পৰিস্থিতো তেওঁ ৰোমত এনে কিছুমান প্ৰকৃত বন্ধু বিচাৰি পাইছিল, যিবিলাকৰ প্ৰেম আৰু সাহসে তেওঁৰ হৃদয়ক শান্ত্বনা প্ৰদান কৰিলে। তেওঁলোক তেওঁৰ প্ৰকৃত আধ্যাত্মিক ভাই আছিল।

সেই পাঁচজন আধ্যাত্মিক ভায়ে তেওঁৰ বাবে কেনেকৈ দৃঢ়তাস্বৰূপ হৈছিল? তেওঁলোকে বন্দী হৈ থকা পৌলক সাক্ষাৎ কৰিবলৈ কোনো সঙ্কোচবোধ কৰা নাছিল। ইয়াৰ বিপৰীতে তেওঁলোকে স্বইচ্ছা আৰু প্ৰেমেৰে ব্যক্তিগতভাৱে পৌলক চোৱা-চিতা, তেওঁৰ হৈ এনে বহুতো কাৰ্য্য কৰিছিল যিবোৰক পৌলে বন্দী হৈ থকাৰ বাবে কৰিব পৰা নাছিল। উদাহৰণস্বৰূপে, তেওঁলোকে বাৰ্ত্তাবাহকৰূপে বিভিন্ন মণ্ডলীলৈ পৌলৰ পৰা পোৱা লিখিত বা মোখিক নিৰ্দ্দেশনা লৈ গৈছিল; ৰোম আৰু আন ঠাইবোৰত থকা ভাই-ভনীসকলৰ হিতসাধক উৎসাজনক ৰিপোৰ্ট পৌলক দিছিল। তদুপৰি তেওঁলোকে পৌলৰ বাবে যাৱতীয় বয়-বস্তু, যেনে, শীতকালৰ বাবে কাপোৰ, লিখিবলৈ নুৰা আৰু লিখাৰ সঁজুলিসমূহৰ প্ৰবন্ধ কৰিছিল। (ইফিচীয়া ৬:২১, ২২; ২ তীমথিয় ৪:১১-১৩) এই সকলো কাৰ্য্যই বন্দী অৱস্থাত থকা পৌলক দৃঢ় আৰু উৎসাহী কৰি তুলিছিল, যাতে ইয়াৰ বিনিময়ত তেওঁ মণ্ডলীত থকা সকলোৰে বাবে “দৃঢ়তাস্বৰূপ” হʼব পাৰে।—ৰোমীয়া ১:১১, ১২.

কেনেকৈ “দৃঢ়তাস্বৰূপ” হʼব পাৰি?

৮. “দৃঢ়তাস্বৰূপ” হʼবলৈ পৌলে নম্ৰতাৰে সহায় বিচাৰি তেওঁৰ আৱশ্যকতা বিষয়ে জনোৱা এই আৰ্হিৰ পৰা আমি কি শিকিব পাৰোঁ?

পৌল আৰু তেওঁৰ পাঁচজন সহকৰ্ম্মীৰ এই বৃতান্তৰ পৰা আমি কেনে বহুমূলীয়া শিক্ষা শিকিব পাৰোঁ? আঁহক আমি বিশেষকৈ তাৰে এটা দিশৰ বিষয়ে মনোযোগেৰে বিবেচনা কৰোঁহঁক: বিপদজনক অৱস্থাত আনক সহায় কৰিবলৈ আত্মবলিদান আৰু সাহসৰ আৱশ্যক। ইয়াৰ উপৰিও সময়ত ব্যক্তিগতভাৱে দুৰ্দশা ভোগা এজন ব্যক্তিক সহায় কৰিবলৈ কিহৰ আৱশ্যক এই বিষয়ে জানিবলৈ নম্ৰ হোৱা প্ৰয়োজন। পাঁচনি পৌলে কেৱল তেওঁৰ আৱশ্যকতাৰ বিষয়ে কোৱা নাছিল কিন্তু তেওঁক প্ৰেমেৰে সহায় কৰাসকলৰ সহায় গ্ৰহণ আৰু তাৰ প্ৰতি মূল্যাঙ্কনো কৰিছিল। আনৰ পৰা সহায় গ্ৰহণ কৰাটো তেওঁ দূৰ্ব্বলতাৰ প্ৰতীক বা লাজৰ বিষয় বুলি বিবেচনা কৰা নাছিল আৰু একেইদৰে আমিও ভবা উচিত নহয়। এতেকে আমি নিজকে অমানুষিক ভাবি আমাক কোনো সহায়ৰ আৱশ্যক নাই বুলি কোৱাটো যুক্তিসঙ্গত নহʼব। সদায়ে মনত ৰাখক যে যীচুৰ আৰ্হিয়ে স্পষ্টকৈ প্ৰকাশ কৰিলে যে আনকি এজন সিদ্ধ মানুহকো কেতিয়াবা সহায় বিচৰা আৱশ্যক।—ইব্ৰী ৫:৭.

৯, ১০. যেতিয়া এজন ব্যক্তিৰ নিজৰ আৱশ্যক হোৱাৰ সহায়ৰ বিষয়ে জানিব পাৰে তেতিয়া কেনে উত্তম ফলাফল লাভ কৰে আৰু ইয়ে মণ্ডলী আৰু পৰিয়ালত থকা সদস্যসকলৰ ওপৰত কেনে প্ৰভাৱিত কৰিব?

পৰিচালনা কৰা ভাইসকলে যেতিয়া তেওঁলোকৰ সীমিত অৱস্থা বিষয়ে অৱগত আৰু আনৰ সহায়ৰ ওপৰত নিৰ্ভৰ কৰে তেতিয়া তেওঁলোকে এক ভাল ফলাফল লাভ কৰিব পাৰে। (যাকোব ৩:১-২) এনে ধৰণৰ অৱগতাই দায়িত্বত থকা আৰু তেওঁলোকৰ অধীন হোৱা সকলৰ মাজত থকা বন্ধন কটকটীয়া কৰি এক উৎসাহজনক আৰু বন্ধুত্ব সম্পৰ্ক গঢ়ি তুলে। যিসকল নম্ৰ, তেওঁলোকে সহায় গ্ৰহণ কৰিবলৈ ইচ্ছুক আৰু একেই পৰিস্থিতিত আনকো সহায় কৰিব পাৰে। এনে মনোবৃত্তিয়ে প্ৰকাশ কৰে যে পৰিচালনা কৰা লোকসকলো হৈছে দুৰ্ব্বল মানৱ আৰু উপগম্য।—উপদেশক ৭:২০.

১০ উদাহৰণস্বৰূপে, লʼৰা-ছোৱালীবিলাকে যেতিয়া জানিব পাৰে যে তেওঁলোকৰ মাক-দেউতাকে সৰু থকাৰ সময়ত একেইদৰে সমস্যাৰ সম্মুখীন হৈছিল তেতিয়া ইয়ে লʼৰা-ছোৱালীক তেওঁলোকে সম্মুখীন হোৱা কোনো সমস্যা বা পৰীক্ষাৰ সময়ত সহায় বিচাৰি মাক-দেউতাকৰ ওচৰত যাবলৈ সহজ অনুভৱ কৰাব। (কলচীয়া ৩:২১) এইদৰে লʼৰা-ছোৱালী আৰু পিতৃ-মাতৃৰ মাজত থকা উত্তম যোগাযোগৰ পথ সদায়ে মুকলি হৈ থাকিব। এনে অৱস্থাত আগবঢ়োৱা শাস্ত্ৰীয় সমাধান অধিক কাৰ্য্যকাৰী আৰু সহজে গ্ৰহণযোগ্য হʼব। (ইফিচীয়া ৬:৪) একেইদৰে মণ্ডলীৰ সদস্যসকলে যেতিয়া জানিব যে প্ৰাচীনসকলেও সমস্যা, সংশয়, বিচূৰ্ত্তিৰ সম্মুখীন হʼবলগীয়া হয় তেতিয়া তেওঁলোকেও অধিক সহজে তেওঁলোকলৈ আগবঢ়োৱা সহায় গ্ৰহণ কৰিব। (ৰোমীয়া ১২:৩; ১ পিতৰ ৫:৩) লʼৰা-ছোৱালী আৰু পিতৃ-মাতৃৰ মাজত থকা উত্তম যোগাযোগৰ নিচিনাকৈ মণ্ডলীৰ সদস্যসকলৰ সৈতে থকা উত্তম যোগাযোগৰ বাবে শাস্ত্ৰীয় পৰামৰ্শ আগবঢ়োৱাৰ ফলস্বৰূপে তেওঁলোকৰ বিশ্বাস অধিক দৃঢ় হʼব পাৰে। গতিকে আমি মনত ৰাখা উচিত যে আমাৰ আধ্যাত্মিক ভাই-ভনীসকলক আগতকৈও এতিয়া অধিক বিশ্বাসত দৃঢ় কৰা আৱশ্যক।—২ তীমথিয় ৩:১.

১১. বৰ্তমান সময়ত বহুতকে কিয় “দৃঢ়তাস্বৰূপ” সহায়ৰ আৱশ্যক?

১১ আমি যʼতেই নাথাকোঁ, যিয়েই নহওঁ বা যিমান বয়সৰে নহওঁক কিয় আমাৰ সকলোৱে জীৱনৰ এটা সময়ত কঠিনতাৰ সম্মুখীন হয়। কিয়নো এয়ে হৈছে বৰ্তমান জগতৰ এটা অংশ। (প্ৰকাশিত বাক্য ১২:১২) তেনে ধৰণৰ শাৰীৰিক বা মানসিক বিহ্বলতাৰ অৱস্থাই আমাৰ সকলোৰে বিশ্বাসৰ গুণ পৰীক্ষা কৰিব পাৰে। কৰ্ম্মস্থল, স্কুল, পৰিয়াল বা মণ্ডলীত কোনো সমস্যাজনক পৰিস্থিতি উৎপন্ন হʼব পাৰে। কোনো গভীৰ ৰোগ বা অতীতত থকা কোনো পীড়া পুনৰ উকোৱাৰ বাবে তেনে হʼব পাৰে। এনে অৱস্থাত যদি বৈবাহিক সঙ্গী, এজন প্ৰাচীন বা এজন বন্ধু আহি প্ৰেমপূৰ্বক উৎসাহ দিয়ে আৰু বিবেচনাপূৰ্বক কেইশাৰীমান কথা কয়, তেন্তে সেইটো অধিক উৎসাহজনক নহʼবনে বাৰু! এনে কাৰ্য্য এজন ব্যক্তিৰ শৰীৰৰ ছালৰ কোনো জ্বলন কৰা অংশত মলম লগোৱা যেন নহʼবনে বাৰু! সেয়েহে যেতিয়া আপুনি নিজৰ ভাই বা ভনীক তেনে অৱস্থাত দেখে তেন্তে অৱশ্যেই, তেওঁ বা তাইৰ দৃঢ়তাস্বৰূপ হওক। অথবা যদি কোনো গভীৰ সমস্যাই আপোনাক বেৰি ধৰিছে তেন্তে আধ্যাত্মিকভাৱে উপযুক্ত হোৱা কোনো এজনৰ সহায় বিচাৰক।—যাকোব ৫:১৪, ১৫.

মণ্ডলীক কেনেকৈ সহায় কৰিব

১২. আমাৰ সকলোৱে মণ্ডলীত থকা আধ্যাত্মিক ভাই-ভনীৰ বাবে কেনেকৈ দৃঢ়তাস্বৰূপ হʼব পাৰে?

১২ মণ্ডলীত থকা সৰু-বৰ সকলোৱে আনক দৃঢ় কৰিবলৈ কিবা কৰা আৱশ্যক। ইয়াৰ বাবে নিয়মীয়াকৈ খ্ৰীষ্টান সভাত উপস্থিত, প্ৰচাৰ কাৰ্য্যত ভাগ লৈ আনৰ বিশ্বাস অধিককৈ দৃঢ় কৰিব পাৰে। (ইব্ৰী ১০:২৪, ২৫) পবিত্ৰ সেৱাৰ বাবে আগবঢ়োৱা আপোনাৰ প্ৰচেষ্টাই যিহোৱালৈ থকা আপোনাৰ আনুগত্য আৰু কঠিনতাৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও আধ্যাত্মিকভাৱে নিৰন্তৰে সজাগে থকাৰ প্ৰমাণ দিয়ে। (ইফিচীয়া ৬:১৮) সেই প্ৰচেষ্টা আনৰ বাবেও দৃঢ়তাস্বৰূপ হোৱাৰ কাৰণ হয়।—যাকোব ২:১৮.

১৩. কিছুমানে কিয় নিষ্ক্ৰিয় হৈ পৰিব পাৰে আৰু তেওঁলোকক কেনে সহায় আগবঢ়াব পাৰি?

১৩ কোনো সময়ত জীৱনত সম্মুখীন হোৱা সমস্যাসমূহৰ বাবে কিছুমানে হয়তো আধ্যাত্মিকতাত দুৰ্ব্বল হৈ বা প্ৰচাৰ কাৰ্য্যত নিষ্ক্ৰিয় হৈ পৰিব পাৰে। (মাৰ্ক ৪:১৮, ১৯) আমি নিষ্ক্ৰিয় হৈ পৰা ভাই-ভনীসকলক মণ্ডলীৰ সভাত উপস্থিত হোৱা নেদেখিব পাৰোঁ। তথাপিও তেওঁলোকৰ হৃদয়ত ঈশ্বৰৰ প্ৰতি প্ৰেম আছে। তেনে ভাই-ভনীৰ বিশ্বাস দৃঢ় কৰিবলৈ আমি কি কৰিব পাৰোঁ? প্ৰাচীনসকলে তেওঁলোকক সাক্ষাৎ কৰি প্ৰেমপূৰ্বক সহায় আগবঢ়াব পাৰে। (পাঁচনিৰ কৰ্ম্ম ২০:৩৫) তেনে ব্যক্তিসকলক সহায় কৰিবলৈ মণ্ডলীৰ আন সদস্যসকলক সুধিব পাৰে। তেনে ধৰণৰ প্ৰেমপূৰ্বক সাক্ষাৎকাৰ তেওঁলোকৰ বাবে উপযুক্ত প্ৰতিকাৰ হʼব পাৰে যিয়ে দুৰ্ব্বল লোকৰ বিশ্বাস দৃঢ় কৰি তুলিব।

১৪, ১৫. আনক বিশ্বাসত দৃঢ় কৰিবলৈ পৌলে আমাক কেনে ধৰণৰ পৰামৰ্শ প্ৰদান কৰিছে? সেই পৰামৰ্শৰ অনুসাৰে এটা মণ্ডলীয়ে কেনেকৈ কাৰ্য্য কৰিলে তাৰ এটা উদাহৰণ দিয়ক।

১৪ বাইবেলে আমাক ‘অল্প-সাহসীবিলাকক আশ্বাস আৰু দুৰ্ব্বল লোকক সাহায্য’ কৰিবলৈ উৎসাহিত কৰিছে। (১ থিচলনীকীয়া ৫:১৪) কিয়নো সমস্যাৰ সম্মুখীন হৈ ‘অল্প-সাহসীবিলাকে’ হয়তো ভয়ভিত হৈ পৰিছে আৰু সহায়ৰ অবিহনে তেওঁলোকে বাধা অতিক্ৰম কৰিবলৈ কোনো পথ নেদেখিব পাৰে। আপুনি তেওঁলোকক সহায় কৰিব পাৰিবনে? ইয়াত “দুৰ্ব্বল লোকক সাহায্য কৰা” বুলি উল্লেখ কৰা উক্তিটোক দুৰ্ব্বল লোকৰ সৈতে “আট খাই” বা “জোৰা খাই লাগি থকা” বুলিও ব্যাখ্যা কৰিব পাৰিব। যিহোৱা ঈশ্বৰে তেওঁৰ সকলো মেৰতুল্য সেৱকক প্ৰেম আৰু প্ৰতিপালন কৰে। ঈশ্বৰে তেওঁলোকৰ কোনো এজনকো কম মূল্য আৰু তেওঁক সেৱা কৰিবলৈ ত্যাগ কৰাটো নাভাবে। আপুনি আধ্যাত্মিকভাৱে দুৰ্ব্বল হৈ পৰা লোকক তেওঁলোকৰ বিশ্বাস দৃঢ় নোহোৱালৈকে তেওঁলোকৰ সৈতে “আট খাই” লাগি থাকিব পাৰিবনে?—ইব্ৰী ২:১.

১৫ এবাৰ এজন প্ৰাচীনে ছবছৰ ধৰি নিষ্ক্ৰিয় হৈ থকা এহাল বৈবাহিক দম্পতীক সাক্ষাৎ কৰে। সেই সম্পৰ্কে প্ৰাচীনজনে এইদৰে লিখিছিল: “তেওঁলোকৰ প্ৰতি মণ্ডলীৰ সকলোৱে গভীৰ চিন্তা কৰাৰ বাবে তেওঁলোকত এক গভীৰ প্ৰভাৱ পৰিলে আৰু ইয়ে তেওঁলোকক পুনৰাই উভটি আহিবলৈ প্ৰেৰিত কৰিলে।” নিষ্ক্ৰিয় হৈ পৰা এগৰাকী ভনীয়ে মণ্ডলীৰ সদস্যসকলে তেওঁক সাক্ষাৎ কৰাত তাই কেনেদৰে প্ৰভাৱিত হৈছিল? সেই বিষয়ে ভনীগৰাকীয়ে এতিয়া এইদৰে কয়: “আমাক সাক্ষাৎ কৰা কোনো ভাই বা আমাৰ প্ৰতি এটা সময়ত স্নেহ বা কঠোৰ মনোভাৱ ৰাখা কোনো ভনীয়ে নহয়, কিন্তু আমাক বুজি পাই আমালৈ শাস্ত্ৰীয় উৎসাহ আগবঢ়োৱা কাৰ্য্যই পুনৰাই সত্যত সক্ৰিয় হʼবলৈ উৎসাহী কৰিলে।”

১৬. আৱশ্যকীয় সময়ত সহায় কৰিবলৈ কোনে সদায়ে সাজু থাকে?

১৬ আন্তৰিক প্ৰেম থকা এজন খ্ৰীষ্টান ব্যক্তিয়ে অৱশ্যেই আনৰ বাবে দৃঢ়তাস্বৰূপ হৈ আনন্দিত হয়। আমাৰ জীৱনত পৰিস্থিতি পৰিৱৰ্তন হৈ থকাৰ বাবে আমি নিজেই আন ভাই বা ভনীয়ে আমাক বিশ্বাস দৃঢ় কৰি তুলিবলৈ কৰা কাৰ্য্যৰ পৰা লাভৱান হʼব পাৰোঁ। বাস্তৱতে যদিও কোনো কোনো সময়ত সহায় কৰিবলৈ কোনো ব্যক্তি নাথাকিব পাৰে, কিন্তু এনে এটা উৎস আছে যি সদায়ে সহায় কৰিবলৈ আগ্ৰহী হৈ থাকে আৰু সেয়া হৈছে স্বয়ং যিহোৱা ঈশ্বৰ।—গীত ২৭:১০.

যিহোৱা হৈছে সকলো শক্তিৰ মূল

১৭, ১৮. যিহোৱা ঈশ্বৰে কেনেকৈ তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টক দৃঢ়তা প্ৰদান কৰিলে?

১৭ যীচুক যাতনা স্তম্ভত গজালেৰে বিন্ধি আঁৰি ৰাখাৰ সময়ছোৱাত শেষ নিশ্বাস ত্যাগ কৰাৰ পূৰ্বেই উচ্চস্বৰত এইদৰে কৈছিল: “হে পিতৃ, তোমাৰ হাতত মোৰ প্ৰাণ সমৰ্পণ কৰিছোঁ।” (লূক ২৩:৪৬) তাৰ পিছত তেওঁৰ মৃত্যু হʼল। কেৱল কেই ঘন্টামানৰ পূৰ্বেই তেওঁক আটক কৰাৰ সময়ত তেওঁৰ প্ৰিয় বন্ধুসকলে তেওঁক এৰি ভয়ত তাৰ পৰা পলাই গʼল। (মথি ২৬:৫৬) যীচু তাত যদিও অকলশৰীয়া আছিল, কিন্তু তেওঁৰ স্বৰ্গীয় পিতৃয়ে তেওঁক সহায় কৰি থাকিল। যিহোৱালৈ ৰাখা তেওঁৰ আশ্বাস অথলে নগʼল। যীচুৱে তেওঁৰ পিতৃৰ প্ৰতি বিশ্বাসী হৈ থকাৰ বাবে যিহোৱা ঈশ্বৰেও তেওঁক সহায় কৰি পুৰস্কৃত কৰিলে।—গীত ১৮:২৫; ইব্ৰী ৭:২৬.

১৮ পৃথিৱীত যীচুৰ পৰিচৰ্য্যাৰ সময়ছোৱাত তেওঁৰ পিতৃ যিহোৱা ঈশ্বৰেও তেওঁক নিজৰ শেষ উশাহৰ লৈকে বিশ্বাসী হৈ থাকিবলৈ যি আৱশ্যক সেই সকলোকে প্ৰদান কৰিলে। উদাহৰণস্বৰূপে, যীচুৱে বাপ্তিষ্মা লোৱাৰ পিছতেই পৰিচৰ্য্যা কাৰ্য্য আৰম্ভ কৰাৰ চিহ্নস্বৰূপে স্বৰ্গৰ পৰা তেওঁৰ পিতৃ যিহোৱাৰ অনুমোদন আৰু প্ৰেম প্ৰকাশ কৰি কোৱা বাক্য শুনিবলৈ পালে। যীচুক সহায়ৰ আৱশ্যক হোৱাৰ সময়ত যিহোৱাই তেওঁক দৃঢ় কৰিবলৈ স্বৰ্গদূত পঠালে। যীচুৱে তেওঁৰ পাৰ্থিৱ জীৱনৰ শেষৰ সময়ত সম্মুখীন হোৱা সকলোতকৈ বৃহৎ পৰীক্ষাত নিৱেদন কৰা প্ৰাৰ্থনাক যিহোৱাই অৱশ্যেই অনুমোদনপূৰ্বক শুনিছিল। যীচুৰ বাবে এই সকলো অৱশ্যেই দৃঢ়তাস্বৰূপ আছিল।—মাৰ্ক ১:১১, ১৩; লূক ২২:৪৩.

১৯, ২০. বৰ্তমান আৱশ্যক হোৱাৰ সময়ত যিহোৱা ঈশ্বৰে যে আমাৰ দৃঢ়তাস্বৰূপ হʼব তাক আমি কেনেকৈ নিশ্চিত কৰিব পাৰোঁ?

১৯ একেইদৰে যিহোৱা ঈশ্বৰে আমাৰ বাবেও দৃঢ়তাস্বৰূপ হোৱাৰ মূল উৎস হʼবলৈ বিচাৰে। (২ বংশাৱলি ১৬:৯) অধিক সমৰ্থ আৰু পৰাক্ৰমৰ প্ৰকৃত উৎস হোৱাৰ বাবে যিহোৱা ঈশ্বৰে আমাৰ আৱশ্যক হোৱাৰ সময়ত দৃঢ়তাস্বৰূপ হʼব পাৰে। (যিচয়া ৪০:২৬) যুদ্ধ, দৰিদ্ৰতা, ৰোগ, মৃত্যু বা আমাৰ নিজৰ অসিদ্ধতাই আমাৰ ওপৰত অধিক হেঁচা দিব পাৰে। জীৱনত সম্মুখীন হোৱা পৰীক্ষাবোৰে যেতিয়া আমাৰ ‘বলৱন্ত শত্ৰু’ হিচাবে থিয় হয় তেতিয়া যিহোৱাই আমাৰ “দৃঢ়তাস্বৰূপ” হৈ পৰে। (গীত ১৮:১৭; যাত্ৰাপুস্তক ১৫:২) আমাক সহায় কৰিবলৈ তেওঁৰ ওচৰত এক শক্তিশালী সহায়কৰ্ত্তা আছে আৰু সেয়া হৈছে তেওঁৰ পবিত্ৰ আত্মা। যিহোৱা ঈশ্বৰে তেওঁৰ পবিত্ৰ আত্মাৰ দ্বাৰা “ক্লান্ত হোৱা লোকক শক্তি দান কৰে” যাতে সেই ক্লান্ত হোৱাজনে “কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব” পাৰে।—যিচয়া ৪০:২৯, ৩১.

২০ ঈশ্বৰৰ পবিত্ৰ আত্মা হৈছে গোটেই বিশ্বব্ৰহ্মাণ্ডত সকলোতকৈ শক্তিশালী শক্তি। এই বিষয়ে অৱগত হৈ পাঁচনি পৌলে এইদৰে কৈছিল: “মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ।” দৰাচলতে আমাৰ প্ৰেমপূৰ্বক স্বৰ্গীয় পিতৃ যিহোৱা ঈশ্বৰে আমাক “শক্তিৰ বাহুল্যতা” প্ৰদান কৰে, যাতে আমি নিকটম ভৱিষ্যতে তেওঁ প্ৰতিজ্ঞা কৰা অনুসাৰে “সকলোকে নতুন” নকৰালৈকে সকলো প্ৰকাৰৰ বেদনাদায়ক সমস্যাক সহন কৰিব পাৰোঁ।—ফিলিপীয়া ৪:১৩; ২ কৰিন্থীয়া ৪:৭; প্ৰকাশিত বাক্য ২১:৪, ৫. (w04 5/1)

[ফুটনোট]

^ ডাব্লিউ. ই. ৱাইনে লিখা ৱাইনচ্‌ কম্পিলীট্‌ এক্সপোজিটেৰী ডিক্সেনেৰী অৱ অল্ড এন্ড নিউ টেষ্টামেন্টে ৱৰ্ডচ, এইদৰে ব্যাখ্যা দিছে: “কথিতভাৱে ব্যৱহাৰ কৰা [পে·ৰে·গোৰিʼয] শব্দটো এনে ঔষধৰ সম্বন্ধে উল্লেখ কৰা হয় যি শৰীৰত হোৱা বেদনাক উপশম কৰে (ইংৰাজীত, ‘পাৰেগৰিক্‌’)।”

আপোনাৰ মনত আছেনে?

• ৰোম চহৰত থকা ভাইসকলে কেনেকৈ পাঁচনি পৌলৰ “দৃঢ়তাস্বৰূপ” হৈছিল?

• মণ্ডলীত আমি কি প্ৰকাৰে আনৰ বাবে “দৃঢ়তাস্বৰূপ” হʼব পাৰোঁ?

• আমাৰ বাবে যিহোৱা ঈশ্বৰে কেনেকৈ সকলো শক্তিৰ মূল হʼব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৮ পৃষ্ঠাৰ ছবি]

ভাইসকলে পাঁচনি পৌললৈ আনুগত্য সহায়, উৎসাহ আৰু ব্যক্তিগত সাহায্য আগবঢ়াই “দৃঢ়তাস্বৰূপ” হোৱাৰ প্ৰমাণ দিলে

[২১ পৃষ্ঠাৰ ছবি]

প্ৰাচীনসকলে নিজৰ জাকটিক চোৱা-চিতা আৰু বিশ্বাসত দৃঢ় কৰে