Skip to content

Skip to table of contents

পাদুৰিবৰ্গই ৰাজনৈতিকত জড়িত হোৱাটো উচিতনে?

পাদুৰিবৰ্গই ৰাজনৈতিকত জড়িত হোৱাটো উচিতনে?

পাদুৰিবৰ্গই ৰাজনৈতিকত জড়িত হোৱাটো উচিতনে?

 “কানাডাৰ এজন আৰ্চ্চবিশ্বপে তাত উপস্থিত হোৱা তীৰ্থ পৰ্য্যটকসকলক উদ্দেশ্য কৰি এইদৰে কয় যে ৰাজনীতিত জড়িত হৈ দৰিদ্ৰ লোকসকলক সহায় কৰিব পাৰি . . . ৰাজনৈতিকত জড়িত হোৱাটো যদিও ঈশ্বৰৰ সামঞ্জস্যত নহয়, ‘কিন্তু দৰিদ্ৰ লোকবিলাকক ন্যায় কৰিবলৈ আমি জড়িত হোৱা আৱশ্যক।’”—কেথলীক নিউজ্‌।

এজন জ্যেষ্ঠ ধৰ্ম্মীয় নেতাই ৰিপোৰ্টত ৰাজনীতিৰ সপক্ষে কয় যে ইয়াত জড়িত হোৱাটো কোনো অসাধাৰণ বিষয় নহয়; অথবা ধৰ্ম্মীয় নেতাসকলে ৰাজনৈতিক কাৰ্য্যালয়ত স্থান লাভ কৰাটো ডাঙৰ কথা নহয়। কিছুমানে ৰাজনীতিত সংশোধন কৰিব চেষ্টা আৰু আনসকলে জাতিগত সমমানতা, দাসত্বৰ পৰা মুক্তি পাবলৈ চলোৱা তেনে ধৰণৰ অভিযানৰ বিষয়ে স্মৰণ কৰি প্ৰশংসা কৰিলে।

যিয়েই নহওক বহুতো গীৰ্জাৰ সদস্যসকলে তেওঁলোকৰ প্ৰচাৰকসকলে ৰাজনৈতিক বিষয়ত ভাগ লোৱাৰ বাবে সহজ অনুভৱ নকৰে। এই বিষয়ে ৰাজনৈতিক নীতিৰ ওপৰত লিখা খ্ৰীষ্টান চেনছুৰী নামৰ এখন প্ৰবন্ধত এইদৰে কয় যে, “প্ৰটেষ্টান গীৰ্জাৰ সদস্যসকলে তেওঁলোকৰ পাদুৰিসকলে ৰাজহুৱা কাৰ্য্যবোৰত জড়িত থকাৰ সম্পৰ্কে কেতিয়াবা প্ৰশ্ন কৰে।” বহুতো ধৰ্ম্মৰ লোকসকলে অনুভৱ কৰে যে গীৰ্জা হৈছে পবিত্ৰ, গতিকে কোনো প্ৰকাৰে ৰাজনৈতিকত জড়িত হোৱা উচিত নহয়।

এক উত্তম জগতৰ বাবে কামনা কৰা সেই সকলোৰে বাবে ধৰ্ম্মীয় নেতাসকলে ৰাজনৈতিকত জড়িত থকা বিষয়টোৱে এক আগ্ৰহজনক প্ৰশ্ন দাঙি ধৰে। খ্ৰীষ্টীয় ধৰ্ম্ম প্ৰচাৰকসকলে ৰাজনীতিক শোধন কৰিব পাৰেনে? * ৰাজনীতিক প্ৰচাৰ কৰাৰ দ্বাৰা ঈশ্বৰৰ অনুসাৰে এক উত্তম জগত আৰু চৰকাৰ স্থাপন কৰিব পাৰিনে? নতুন প্ৰকাৰে এক ৰাজনৈতিক আৰম্ভ কৰাটো প্ৰকৃত খ্ৰীষ্টীয় ধৰ্ম্মৰ মূল উদ্দেশ্য আছিলনে?

খ্ৰীষ্টৰ নামত ৰাজনীতি আৰম্ভ হোৱা

হেনৰী চাদউইক্‌ নামৰ ইতিহাসবিদে লিখা দ্য আৰলী চাৰ্ছ কিতাপখনত এইদৰে কয় যে, প্ৰাচীন খ্ৰীষ্টানসকলৰ মণ্ডলীসমূহ “জগতৰ শাসন ক্ষমতাৰ অধিকাৰী হোৱাৰ পৰা একেবাৰে পৃথক আছিল।” তেওঁলোকে “ৰাজনীতিৰ সৈতে কোনো সম্পৰ্ক, কোনো সমস্যা উৎপন্ন কৰা নাছিল আৰু শান্তিবাদী সমাজ আছিল।” এ হিচট্ৰী অৱ খ্ৰীষ্টীয়ানেটী নামৰ আন এখন কিতাপে এইদৰে কয়: “যদিও বিস্তাৰিতভাৱে তেওঁলোকৰ অধিৱেশন হৈছিল তথাপিও তেওঁলোকৰ কোনো এজন সদস্যই কোনো দেশৰ ৰাজনৈতিকত ভাগ লোৱা নাছিল। . . . হিপলাইটাছে কয় যে পিছলৈ অৰ্থাৎ তৃতীয় শতাব্দীৰ আৰম্ভণীলৈকে খ্ৰীষ্টান ৰীতি-নীতিৰ অনুসাৰে গীৰ্জাৰ সদস্য হʼবলৈ এজন পৌৰ বিচাৰকে তেওঁৰ স্থানৰ পৰা পদত্যাগ কৰাটো আৱশ্যক আছিল।” কিন্তু ক্ৰমান্বয়ে পিছলৈ তেনে ব্যক্তিসকলে নিজেই উচ্চ বিষয়াৰ উপাধি লৈ বহুতো মণ্ডলীক পৰিচালনা কৰিবলৈ আৰম্ভ কৰিলে। (পাঁচনিৰ কৰ্ম্ম ২০:২৯, ৩০) তেওঁলোকৰ কিছুমানে ধৰ্ম্মীয় নেতা আৰু ৰাজনীতি এই উভয়ৰে অংশ হʼবলৈ বিচাৰিছিল। হঠাতে ৰোমান চৰকাৰত হোৱা পৰিৱৰ্তনে তেনে গীৰ্জাৰ সদস্যসকলক তেওঁলোকে বিচৰাৰ অনুসৰি কৰিবলৈ অধিক সুযোগ দিলে।

সা.যু. ৩১২ চনত মূৰ্ত্তিপূজক ৰোমৰ সম্ৰাট কনষ্টেনটাইনে খ্ৰীষ্টান ধৰ্ম্মক বন্ধুত্বভাৱেৰে দৃষ্টি কৰে। আচৰিত কথা এই যে গীৰ্জাৰ বিশ্বপসকলে নিজৰ লাভৰ বাবে মুৰ্ত্তিপূজক সম্ৰাটৰ সৈতে তেওঁ বিচৰা অনুসাৰে কৰিবলৈ চুক্তি কৰিলে। এই বিষয়ে হেনৰী চাদউইকে এইদৰে লিখিছিল যে, “তেতিয়াৰ পৰা গীৰ্জাবোৰে ৰাজনৈতিক বিষয়বোৰত অধিককৈ জড়িত হৈ পৰিল।” ৰাজনীতিয়ে গীৰ্জাৰ লোকসকলৰ ওপৰত কেনে প্ৰভাৱ পেলালে?

ৰাজনীতিয়ে গীৰ্জাৰ প্ৰচাৰকসকলৰ ওপৰত কেনেদৰে প্ৰভাৱিত কৰিলে

পঞ্চম শতাব্দীত কেথলীক ধৰ্ম্মনীতিত বিশেষকৈ আগষ্টাইনে এনে বিচাৰধাৰা বিকশিত কৰিলে যে ঈশ্বৰে ৰাজনীতিবিদ হিচাবে গীৰ্জাৰ লোকসকলক ব্যৱহাৰ কৰিছে। তেওঁ এইদৰে সপোন দেখিছিল যে গীৰ্জাই সকলো জাতিৰ ওপৰত শাসন কৰি মানৱজাতিৰ বাবে শান্তি কঢ়িয়াই আনিছে। কিন্তু ইতিহাসবিদ এইচ্‌. জি. ৱেলচে এইদৰে লিখিছিল: “ঈশ্বৰে জগতৰ চৰকাৰসমূহৰ দ্বাৰা শাসন কৰা বিচাৰধাৰা যে সম্পূৰ্ণকৈ বিফল হʼল, সেইয়া পঞ্চম শতাব্দীৰ পৰা পঞ্চদশ শতাব্দীলৈকে বৃহতৰূপে প্ৰকাশ পালে।” খ্ৰীষ্টীয়জগতে ইউৰোপ আৰু আনকি পৃথিৱীতো শান্তি আনিব নোৱাৰিলে। দৰাচলতে খ্ৰীষ্টীয়জগতে বহুতো লোকৰ আগত নিজৰ স্থান হেৰুৱালে। আচলতে তেওঁলোকৰ কি ভুল হʼল?

তথাকথিত খ্ৰীষ্টান ধৰ্ম্ম প্ৰচাৰকসকলৰ বহুতে যদিও ভাল উদ্দেশ্যৰে ৰাজনীতিত যোগদান কৰিলে, কিন্তু পিছলৈ তেওঁলোকে নিজকে বেয়া কাৰ্য্যৰ সৈতে জড়িত থকা দেখিবলৈ পালে। মাৰ্টিন লুথাৰ এজন প্ৰচাৰক আৰু বাইবেলৰ অনুবাদক আছিল। তেওঁ নিজৰ প্ৰচেষ্টাৰে কেথলীক গীৰ্জাক সংশোধন কৰিবলৈ কৰা চেষ্টাৰ বাবে বিখ্যাত হৈছিল। যিহেতু তেওঁ সাহসী হৈ গীৰ্জাৰ মূলনীতিৰ বিপক্ষে থিয় হোৱাৰ বাবে সেই সময়ৰ ৰাজনীতিৰ বিৰোধীবিলাকৰ সৈতে জনাজাত হৈ পৰিল। লুথাৰে যেতিয়া ৰাজনৈতিকৰ বিষয়ত কʼবলৈ আৰম্ভ কৰিলে তেতিয়া তেওঁ বহুতৰে আগত নিজৰ সন্মান হেৰুৱাব ধৰিলে। আৰম্ভণীতে তেওঁ অভিজাতবিলাকৰ দ্বাৰা পীড়িত হোৱা খেতিয়কবিলাকৰ পক্ষ লৈছিল। কিন্তু যেতিয়া বিৰোধীসকল অধিক অত্যাচাৰী হৈ পৰিল তেতিয়া তেওঁ তেওঁলোকক দমন কৰিবলৈ অভিজাতসকলক উৎসাহিত কৰিলে আৰু ফলস্বৰূপে হাজাৰ হাজাৰ লোকক নৃশংসৰূপে হত্যা কৰা হʼল। সেয়েহে পীড়িত খেতিয়কবিলাকে তেওঁক বিশ্বাসঘাতক বুলি বিবেচনা কৰিব ধৰিলে। তদুপৰি লুথাৰে অভিজাতসকলক কেথলীক সম্ৰাটৰ বিৰোধ কৰিবলৈও উদগণি দিলে। দৰাচলতে প্ৰটেষ্টান অৰ্থাৎ লুথাৰৰ অনুগামীবিলাক প্ৰকাশ পালে আৰু বিৰোধ কৰিবলৈ এক ৰাজনৈতিক আন্দোলনৰ আৰম্ভ হʼল। শক্তিয়ে লুথাৰক কেনেকৈ প্ৰভাৱিত কৰিলে? সেই শক্তিয়ে তেওঁক ভ্ৰষ্টাচাৰী কৰিলে। উদাহৰণস্বৰূপে, প্ৰথমে তেওঁ যদিও বলপূৰ্বকভাৱে ধৰ্ম্মান্তৰিত কৰাৰ বিপক্ষ আছিল, কিন্তু পাছলৈ তেওঁ নিজৰ ৰাজনৈতিক বন্ধুবিলাকক শিশু বাপ্তিষ্মাৰ বিৰোধ কৰাবিলাকক জুইত জীৱন্তে দগ্ধ কৰি হত্যা কৰিবলৈ অনুপ্ৰাণিত কৰিলে।

জেনেভাত থকা জন্‌ কেলভিন নামৰ এজন প্ৰখ্যাত পাদুৰিয়েও শেষত ৰাজনৈতিকৰ দ্বাৰা প্ৰভাৱিত হʼল। যেতিয়া মাইকেল চাভেটিউছে তেওঁক বুজাই দিলে যে ত্ৰিত্ব শিক্ষা বাইবেল আধাৰিত নহয় তেতিয়া মাইকেলক কাঠৰ স্তম্ভত আঁৰি জীৱন্তে দগ্ধ কৰাত সমৰ্থন কৰিবলৈ কেলভিনে তেওঁৰ ৰাজনৈতিক প্ৰভাৱক ব্যৱহাৰ কৰিলে। বাস্তৱতে তেনেদৰে এক ভয়ঙ্কৰ কাৰ্য্য কৰিবলৈ যীচুৰ শিক্ষাত শিকোৱা হৈছিলনে!

সম্ভৱতঃ, এই ব্যক্তিসকলে বাইবেলৰ ১ যোহন ৫:১৯ পদত বৰ্ণনা কৰা এই কথাষাৰ পাহৰি গʼল, যʼত এইদৰে কোৱা হৈছে: “গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।” তেওঁলোকে সেই সময়ৰ ৰাজনৈতিকতাত সংশোধন কৰিবলৈ আন্তৰিকতাৰে চেষ্টা কৰিছিলনে নতুবা শক্তি লাভৰ আশাত ৰাজনৈতিকৰ উচ্চ স্থানত থকা ব্যক্তিসকলৰ সৈতে বন্ধুত্ব স্থাপন কৰিবলৈ তেওঁলোকক আকৰ্ষিত কৰিছিল? যিয়েই নহওক, অৱশ্যে তেওঁলোকে যাকোব নামৰ যীচুৰ শিষ্যজনে কোৱা কথাষাৰ মনত ৰাখা উচিত আছিল, যʼত তেওঁ এইদৰে কৈছিল: “তোমালোকে নাজানা নে? এতেকে যি জনে জগতৰ মিত্ৰ হবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়।” (যাকোব ৪:৪) কিয়নো যীচুৱে তেওঁৰ অনুগামীসকলে কোৱা এই আজ্ঞাৰ বিষয়ে জানিছিল: “মই যেনেকৈ জগতৰ নহওঁ তেওঁবিলাকো তেনেকৈ জগতৰ” নহয়।—যোহন ১৭:১৪.

খ্ৰীষ্টীয়জগতে যদিও এই দুষ্ট জগতৰ কোনো ভাগ নোহোৱাৰ বিষয়ে বুজিব পাৰিছে তথাপিও তেওঁলোকে ৰাজনৈতিক বিষয়ত নিৰপেক্ষতা বজাই ৰাখি ‘এই জগতৰ ভাগ নোহোৱাৰ’ বিষয়ে আপত্তি কৰে। তেওঁলোকে দাবী কৰি কয় যে তেনে নিৰপেক্ষতাই তেওঁলোকক আনৰ প্ৰতি প্ৰেম প্ৰকাশ কৰাত বাধা দিয়ে। তেওঁলোকে বিশ্বাস কৰে যে গীৰ্জাৰ ধৰ্ম্মীয় নেতাসকলে কোনো ভ্ৰষ্টাচাৰ আৰু অন্যায়ক আঁতৰ কৰাত মুখ্য ভূমিকা লোৱা উচিত। কিন্তু যীচুৱে নিৰপেক্ষতা বজাই ৰাখাৰ সম্বন্ধে দিয়া শিক্ষাই আনৰ প্ৰতি চিন্তা কৰিবলৈ বাস্তৱতে বাধা দিয়েনে? এজন প্ৰকৃত খ্ৰীষ্টান ব্যক্তিয়ে যিকোনো ৰাজনৈতিক বিষয়ৰ পৰা নিজকে পৃথকে ৰাখি আনৰ প্ৰতি ব্যৱহাৰিক সহায় আগবঢ়াব পাৰেনে? পৰৱৰ্তী লেখটোত এই প্ৰশ্নবোৰৰ উত্তৰ বৰ্ণনা কৰা হৈছে। (w04 5/1)

[ফুটনোট]

^ ৰাজনীতি শব্দটোৰ অৰ্থক এইদৰে বৰ্ণনা কৰিব পাৰি, “কোনো এখন দেশ বা অঞ্চলৰ চৰকাৰৰ সৈতে জড়িত থকা কাৰ্য্যকলাপ, যʼত বিশেষকৈ দুটা সমূহৰ ব্যক্তিসকলৰ মাজত হোৱা বিৰোধিতা বা ক্ষমতা লাভ কৰাৰ আশা সন্মিলিত আছে।”—দ্য নিউ অক্সফৰ্ড ডিকশ্বন্‌ৰী অৱ ইংলিছ।

[৪ পৃষ্ঠাৰ ছবি]

ৰাজনৈতিক শক্তি লাভৰ আশাৰে গীৰ্জাৰ ধৰ্ম্মীয় নেতাসকলে কনষ্টেনটাইনৰ দৰে সম্ৰাটৰ অধীন হʼল

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

Musée du Louvre, Paris

[৫ পৃষ্ঠাৰ ছবি]

প্ৰখ্যাত ধৰ্ম্মীয় নেতাসকলে কিয় ৰাজনীতিৰ কাষ চাপিলে?

আগষ্টাইন

লোথাৰ

কেলভিন

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

আগষ্টাইন: ICCD Photo; কেলভিন: Portrait by Holbein, from the book The History of Protestantism (Vol. II)