Skip to content

Skip to table of contents

যিহোৱাই “প্ৰচুৰ পৰিমাণে ক্ষমা” কৰে

যিহোৱাই “প্ৰচুৰ পৰিমাণে ক্ষমা” কৰে

যিহোৱাই “প্ৰচুৰ পৰিমাণে ক্ষমা” কৰে

ক্ষমা হৈছে অপৰাধীৰ দোষ বা জগৰ নধৰা কাৰ্য্য; জগৰীয়াৰ প্ৰতি ক্ষুণ্ণবোধ নকৰা আৰু প্ৰতিশোধ লোৱা সকলোবোৰ কাৰণ ত্যাগ দিয়া।

ইস্ৰায়েলসকলক দিয়া ব্যৱস্থাৰ অনুসাৰে ঈশ্বৰ আৰু সঙ্গী মানৱৰ অহিতে পাপ কৰা এজন ব্যক্তিয়ে ক্ষমা পাবলৈ প্ৰথমে তেওঁ কৰা কাৰ্য্য ব্যৱস্থাত বৰ্ণনা কৰা অনুসাৰে ভুল বুলি প্ৰমাণিত হোৱা আৰু বেছিভাগ ক্ষেত্ৰত ক্ষমা লাভ কৰিবলৈ যিহোৱালৈ উৎসৰ্গ কৰা জীৱ-জন্তুৰ তেজ দিব লাগিছিল। (লেবীয়া পুস্তক ৫:৫-৬:৭) আগলৈ সেই নীতিটোৰ বিষয়ে পৌলে এইদৰে কৈছিল: “বিধানৰ মতে প্ৰায় সকলোকেই তেজেৰে শুচি কৰা হয়; আৰু তেজ উলিওৱা নহলে, পাপ মোচন নহয়।” (ইব্ৰী ৯:২২) দৰাচলতে বলিদান কৰা জন্তুৰ তেজে ব্যক্তিসকলৰ পাপ মোচন আৰু সিদ্ধ বিবেক প্ৰদান কৰিব নোৱাৰিছিল। (ইব্ৰী ১০:১-৪; ৯:৯, ১৩, ১৪) ইয়াৰ বিপৰীতে নতুন ব্যৱস্থাৰ জড়িয়তে যে প্ৰকৃততে ক্ষমাদান কৰাটো সম্ভৱ সেই বিষয়ে ভৱিষ্যতবাণী কৰা হʼল যিটো যীচু খ্ৰীষ্টৰ মুক্তিপণ বলিদানৰ ওপৰত আধাৰিত আছিল। (যিৰিমিয়া ৩১:৩৩, ৩৪; মথি ২৬:২৮; ১ কৰিন্থীয়া ১১:২৫; ইফিচীয়া ১:৭) তদুপৰি যীচুৱে পৃথিৱীত থকা সময়ছোৱাত এজন জঠৰ ৰোগীক সুস্থ কৰি প্ৰকাশ কৰিলে যে তেওঁৰ ক্ষমাদান কৰাৰ অধিকাৰ আছে।—মথি ৯:২-৭.

যিহোৱাই যে “প্ৰচুৰ পৰিমাণে ক্ষমা” কৰে তাক বৰ্ণনা কৰি যীচুৱে বিদ্ৰোহী পুতেক আৰু দহ হাজাৰ ৰূপৰ গাগৰি (প্ৰায় ২,০০,০০,০০,০০০ টকা) ধাৰ লোৱা দাসক ক্ষমা কৰা ৰজাৰ দৃষ্টান্ত দাঙি ধৰিছিল। যিহেতু সেই দাসজনে কেৱল এশ আধলি (৩,৫০০ টকা) ধাৰ লোৱা তেওঁৰ এজন সঙ্গী দাসক ক্ষমা কৰিবলৈ অস্বীকাৰ কৰিলে। (যিচয়া ৫৫:৭; লূক ১৫:১১-৩২; মথি ১৮:২৩-৩৫) যদিও যিহোৱাৰ ক্ষমা আবেগপূৰ্ণ নহয় তথাপিও তেওঁ দোষীক শাস্তি বিহাকে নাথাকে। (গীতমালা ৯৯:৮) এই সম্পৰ্কে যিহোচূৱাই ইস্ৰায়েলসকলক সাৱধান কৰি কৈছিল যে যিহোৱাই কোনোপধ্যেই অধৰ্ম্মক ক্ষমা নকৰিব।—যিহোচূৱা ২৪:১৯, ২০; যিচয়া ২:৬-৯.

ক্ষমা বিচাৰিবলৈ আৰু লাভ কৰিবলৈ ঈশ্বৰে দিয়া আৱশ্যকতাবোৰ পূৰণ কৰা আৱশ্যক। পাপ কৰা এজন ব্যক্তিয়ে নিশ্চয়ে নিজৰ পাপ চিনাক্ত কৰি তাক স্বীকাৰ কৰিব লাগিব আৰু পুনৰাই তেনে নকৰিবলৈ ঠিৰাং কৰা আৱশ্যক। (গীতমালা ৩২:৫; ৫১:৪; ১ যোহন ১:৮, ৯; ২ কৰিন্থীয়া ৭:৮-১১) তেওঁ নিশ্চয়ে ভুল বা সাধন কৰা হানিক শুধৰণী কৰা আৱশ্যক। (মথি ৫:২৩, ২৪) তাৰ পিছত তেওঁ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰি খ্ৰীষ্টৰ মুক্তিপণ বলিদানৰ জড়িয়তে ক্ষমা বিচৰা আৱশ্যক।—ইফিচীয়া ১:৭.

ইয়াৰ উপৰিও তেওঁৰ অহিতে কোনো এজনে ব্যক্তিগতভাৱে যিমানেই অপৰাধ নকৰক কিয় তাক ক্ষমা কৰাটো খ্ৰীষ্টান হোৱাৰ এটা আৱশ্যকতা। (লূক ১৭:৩, ৪; ইফিচীয়া ৪:৩২; কলচীয়া ৩:১৩) কিন্তু যিজনে আনক ক্ষমা নকৰে তেওঁক ঈশ্বৰেও ক্ষমা নকৰিব। (মথি ৬:১৪, ১৫) খ্ৰীষ্টান মণ্ডলীত এজনে কৰা গভীৰ ভুল কাৰ্য্যৰ বাবে যদিও সেই “পাপিষ্ঠক” বাহিৰ কৰা হয় কিন্তু যদি সময়ত হৃদয়েৰে প্ৰায়শ্চিত্ত কৰে তেনেহʼলে তেওঁ ক্ষমা পাব পাৰে। সেই সময়ত মণ্ডলীৰ সকলোৱে তেওঁক প্ৰেমেৰে আশ্বাস প্ৰদান কৰা আৱশ্যক। (১ কৰিন্থীয়া ৫:১৩; ২ কৰিন্থীয়া ২:৬-১১) কিন্তু যদি এজনে ইচ্ছাকৃত, হিংসকভাৱে পাপ কৰে আৰু মন পালটন নকৰে, তেনেহʼলে খ্ৰীষ্টানসকলে তেওঁক ক্ষমা কৰাৰ কোনো আৱশ্যক নাই। কিয়নো তেওঁৰ ঈশ্বৰৰ শত্ৰু হৈ পৰে।—ইব্ৰী ১০:২৬-৩১; গীতমালা ১৩৯:২১, ২২.

আনৰ আৰু গোটেই মণ্ডলীৰ হৈ ক্ষমা বিচাৰি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাটো উপযুক্ত। মোচিয়ে ইস্ৰায়েলসকলৰ হৈ তেওঁলোকে কৰা পাপৰ ক্ষমা বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল আৰু ঈশ্বৰে সন্তোষজনকভাৱে সেই নিবেদন শুনিছিল। (গণনা পুস্তক ১৪:১৯, ২০) তদুপৰি চলোমনে মন্দিৰৰ সমপৰ্ণৰ সময়ত যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল যাতে তেওঁ লোকবিলাকে পাপ কৰাত ক্ষমা কৰে আৰু তেওঁলোকে যেন ভুল পথৰ পৰা উভটি আহিব পাৰে। (১ ৰাজাৱলি ৮:৩০, ৩৩-৪০, ৪৬-৫২) ইজ্ৰাই সমৰ্পিত ইস্ৰায়েলসকলে কৰা পাপ ৰাজহুৱাভাৱে স্বীকাৰ কৰি ঈশ্বৰৈ প্ৰাৰ্থনা কৰিছিল। তেওঁ কৰা আন্তৰিক প্ৰাৰ্থনা আৰু উদগণিৰ ফলস্বৰূপে লোকসকলে যিহোৱাৰ ক্ষমা লাভ কৰিবলৈ পদক্ষেপ লʼলে। (ইজ্ৰা ৯:১৩-১০:৪; ১০:১০-১৯, ৪৪) যাকোবে আধ্যাত্মিৰূপে দুৰ্ব্বল ব্যক্তিসকলক প্ৰাচীনসকলৰ ওচৰলৈ যাবলৈ উৎসাহিত কৰিছিল যাতে প্ৰাচীনসকলে তেনে ব্যক্তিৰ বাবে প্ৰাথনা কৰে আৰু “যদিও তেওঁ পাপ কৰিলে, তথাপি ক্ষমা কৰা যাব।” (যাকোব ৫:১৪-১৬) যিহেতু “মৃত্যুজনক পাপ,” পবিত্ৰ আত্মাৰ অহিতে পাপ, ইচ্ছাকৃতভাৱে কৰা বেয়া কাৰ্য্য কৰাসকলৰ বাবে কোনো ক্ষমা নাই। গতিকে যিসকলে এইধৰণৰ পাপ কৰে খ্ৰীষ্টানসকলে তেনেলোকৰ বাবে প্ৰাৰ্থনা কৰা উচিত নহয়।—১ যোহন ৫:১৬; মথি ১২:৩১; ইব্ৰী ১০:২৬, ২৭. (w03 3/1)