লূকে লিখা শুভবাৰ্তা ১৭:১-৩৭

  • বিশ্বাসৰ পথত বাধা, ক্ষমা আৰু বিশ্বাস (১-৬)

  • সাধাৰণ দাস (৭-১০)

  • দহজন কুষ্ঠ ৰোগী সুস্থ হʼল (১১-১৯)

  • ঈশ্বৰৰ ৰাজ্য কেনেকৈ আহিব (২০-৩৭)

    • ঈশ্বৰৰ ৰাজ্য “তোমালোকৰ মাজতেই আছে” (২১)

    • “লোটৰ পত্নীক মনত ৰাখা” (৩২)

১৭  তাৰ পাছত যীচুৱে নিজৰ শিষ্যসকলক কʼলে, “বিশ্বাসৰ পথত যে বাধা* নাহিব এইদৰে হʼবই নোৱাৰে। কিন্তু যিজনে বিশ্বাসৰ পথত বাধা জন্মায়, সেই ব্যক্তিজনৰ অৱস্থা বহুত বেয়া হʼব। ২  এই মানুহৰ কাৰণে সৰুবিলাকৰ মাজৰ এজনেও উজুটি* খোৱাতকৈ তেওঁৰ ডিঙিত এটা জাঁত* বান্ধি তেওঁক সমুদ্ৰত পেলাই দিয়াটোৱেই ভাল। ৩  নিজলৈ ধ্যান দিয়া। যদি তোমাৰ ভায়ে পাপ কৰে, তেনেহʼলে তেওঁক সাৱধান কৰা আৰু যদি তেওঁ অনুতাপ কৰে, তেনেহʼলে তেওঁক ক্ষমা কৰা। ৪  তেওঁ যদি তোমাৰ বিৰুদ্ধে এদিনত সাতবাৰ পাপ কৰে আৰু সাতবাৰেই তোমাৰ ওচৰত আহি কয়, ‘মই অনুতাপ কৰিছোঁ,’ তেতিয়া তুমি তেওঁক ক্ষমা কৰা উচিত।” ৫  তাৰ পাছত পাঁচনিসকলে* প্ৰভুক কʼলে, “আমাৰ বিশ্বাস বঢ়াই দিয়ক।” ৬  তেতিয়া প্ৰভুৱে কʼলে, “এটি সৰিয়হ গুটিৰ সমানো যদি তোমালোকৰ বিশ্বাস থাকে, তেনেহʼলে তোমালোকে এই নুনি গছজোপাক কʼবা, ‘ইয়াৰ পৰা উঘালি সমুদ্ৰত ৰোপণ হৈ যা!’ তেতিয়া গছজোপাই তোমালোকৰ কথা শুনিব। ৭  তোমালোকৰ মাজৰ এনে কোন আছে, যিজনৰ দাসে হাল বাই বা ভেড়া-ছাগলী চৰাই পথাৰৰ পৰা যেতিয়া উভতি আহে, তেতিয়া তেওঁক কয়, ‘এতিয়াই ইয়ালৈ আহা আৰু খাবলৈ বহা’? ৮  ইয়াৰ পৰিৱৰ্তে, তেওঁ এয়া নকʼব নে, ‘মোৰ ৰাতিৰ আহাৰৰ কাৰণে কিবা তৈয়াৰ কৰা আৰু যেতিয়ালৈকে মোৰ খোৱা শেষ নহয়, তেতিয়ালৈকে কঁকালত গামোচা বান্ধি মোৰ সেৱা কৰা, তাৰ পাছত তুমি খোৱা-বোৱা কৰিবা’? ৯  দাসজনক দিয়া সেই সকলো কাম কৰাৰ বাবে তেওঁ দাসজনৰ প্ৰতি কৃতজ্ঞ হʼব নে? ১০  ঠিক সেইদৰে, তোমালোকক দিয়া সেই সকলো কাম কৰাৰ পাছত তোমালোকে কʼবা, ‘আমি কেৱল সাধাৰণ দাস। আমি কেৱল সেয়াই কৰিলোঁ, যি আমি কৰা উচিত আছিল।’” ১১  যিৰূচালেমলৈ যোৱাৰ সময়ত যীচুৱে চমৰীয়া আৰু গালীলৰ মাজেদি গৈছিল। ১২  যেতিয়া তেওঁ এখন গাঁৱলৈ গৈ আছিল, তেতিয়া দহজন কুষ্ঠ ৰোগীয়ে তেওঁক দেখিলে, কিন্তু তেওঁলোকে দূৰতে থিয় হৈ থাকিল। ১৩  তেওঁলোকে জোৰেৰে চিঞৰি কʼলে, “হে গুৰু যীচু, আমাক দয়া কৰক!” ১৪  তেওঁলোকক দেখি যীচুৱে কʼলে, “যোৱা! আৰু নিজকে পুৰোহিতসকলক দেখুৱা।” যেতিয়া তেওঁলোকে গৈ আছিল, তেতিয়া তেওঁলোকে ৰাস্তাতেই সুস্থ* হʼল। ১৫  তেওঁলোকৰ মাজৰ এজনে নিজকে সুস্থ হোৱা দেখি জোৰ জোৰকৈ ঈশ্বৰৰ প্ৰশংসা কৰি উভতি আহিল। ১৬  তেওঁ যীচুৰ ভৰিত পৰি তেওঁৰ ধন্যবাদ কৰিবলৈ ধৰিলে আৰু চোৱা! তেওঁ এজন চমৰীয়া আছিল। ১৭  তেওঁক দেখি যীচুৱে কʼলে, “তোমালোক দহজনেই সুস্থ হোৱা নাছিলা নে? তেনেহʼলে বাকী নজন কʼত? ১৮  বেলেগ জাতিৰ এই মানুহজনৰ বাহিৰে আন কোনো এজনো ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ উভতি নাহিল নে?” ১৯  যীচুৱে সেই মানুহজনক কʼলে, “উঠা আৰু যোৱা। তোমাৰ বিশ্বাসে তোমাক সুস্থ কৰিলে।” ২০  যেতিয়া ফৰীচীসকলে তেওঁক সুধিলে যে ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব, তেতিয়া তেওঁ উত্তৰ দিলে, “ঈশ্বৰৰ ৰাজ্য সকলোৱে দেখা পোৱাকৈ নাহিব ২১  আৰু লোকসকলে এয়াও নকʼব, ‘চোৱা! সেয়া ইয়াত আছে!’ বা ‘তাত আছে!’ কাৰণ চোৱা! ঈশ্বৰৰ ৰাজ্য তোমালোকৰ মাজতেই আছে।” ২২  তাৰ পাছত তেওঁ শিষ্যসকলক কʼলে, “সেই দিন আহিব যেতিয়া মানুহৰ পুত্ৰৰ সময়ৰ এটা দিন চাবলৈ তোমালোকে বিচাৰিবা, কিন্তু দেখা নাপাবা। ২৩  লোকসকলে তোমালোকক কʼব, ‘চোৱা! সেয়া তাত আছে!’ বা ‘ইয়াত আছে!’ কিন্তু তোমালোকে বাহিৰলৈ নাযাবা আৰু তেওঁলোকৰ পিছে পিছেও নাযাবা। ২৪  কাৰণ বিজুলীয়ে যেনেকৈ আকাশৰ এফালে চমকনি মাৰিলে আকাশৰ আনফাললৈকে দেখা পোৱা যায়, মানুহৰ পুত্ৰৰ দিনতো সেইদৰেই হʼব। ২৫  কিন্তু ইয়াৰ আগতে তেওঁ বহুতো দুখ-কষ্ট ভুগিব লাগিব আৰু এই যুগৰ লোকসকলেও তেওঁক অস্বীকাৰ কৰিব। ২৬  আৰু নোহৰ সময়ত যিদৰে হৈছিল, ঠিক সেইদৰে মানুহৰ পুত্ৰৰ সময়তো হʼব। ২৭  যেতিয়ালৈকে নোহ জাহাজত সোমোৱা নাছিল আৰু জলপ্লাৱন আহি সকলোকে নাশ কৰা নাছিল, তেতিয়ালৈকে লোকসকলে খোৱা-বোৱা কৰি আছিল আৰু বিয়া-বাৰু কৰি আছিল। ২৮  সেইদৰে লোটৰ সময়তো লোকসকলে খোৱা-বোৱা কৰি আছিল, কিনা-বেচা কৰি আছিল, খেতি-বাতি কৰি আছিল আৰু ঘৰ বনাই আছিল। ২৯  কিন্তু যিদিনা লোট চদোমৰ পৰা বাহিৰলৈ ওলাই আহিল, সেই দিনা আকাশৰ পৰা জুই আৰু গন্ধক পৰিল আৰু সেই ঠাইৰ সকলো ধ্বংস হʼল। ৩০  মানুহৰ পুত্ৰ প্ৰকাশ হোৱাৰ সময়তো এইদৰেই হʼব। ৩১  সেই দিনা যিজন ব্যক্তিয়ে ঘৰৰ চাদৰ ওপৰত আছে, কিন্তু তেওঁৰ বস্তু ঘৰৰ ভিতৰত আছে, তেনেহʼলে সেইবোৰ আনিবলৈ তললৈ নামি নাহক। ঠিক সেইদৰে যিজন ব্যক্তিয়ে পথাৰত আছে, তেওঁ নিজৰ বস্তুবোৰ লʼবলৈ ওলটি নাযাওক। ৩২  লোটৰ পত্নীক মনত ৰাখা। ৩৩  যি কোনোৱে নিজৰ জীৱন বচাবলৈ চেষ্টা কৰে, তেওঁ তাক হেৰুৱাব আৰু যি কোনোৱে নিজৰ জীৱন হেৰুৱাব, তেওঁ তাক ৰক্ষা কৰিব। ৩৪  মই তোমালোকক কৈছোঁ, সেই ৰাতি দুজন মানুহ একেখন বিচনাত থাকিব। এজনক লোৱা হʼব, কিন্তু আনজনক এৰি দিয়া হʼব। ৩৫  দুগৰাকী তিৰোতাই একেখন জাঁত পিহি থাকিব। এগৰাকীক লোৱা হʼব আৰু আনগৰাকীক এৰি দিয়া হʼব।” ৩৬ * —— ৩৭  তেতিয়া তেওঁলোকে যীচুক সুধিলে, “কʼত প্ৰভু?” তেওঁ কʼলে, “যʼত মৃতদেহ থাকে, তাত ঈগলো* গোট খায়।”

Footnotes

বা “উজুটি খোৱাৰ কাৰণ।”
অৰ্থাৎ এনে কিবা কৰে, যাৰ বাবে আনে বিশ্বাস কৰিবলৈ এৰি দিয়ে।
বা “গাধই ঘূৰোৱা জাঁত।”
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “শুচি।”
অতি. ক৩ চাওক।
বা হয়তো, “শগুণ।”