Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৬

‘পুৰুষ তিৰোতাৰ মূৰস্বৰূপ’

‘পুৰুষ তিৰোতাৰ মূৰস্বৰূপ’

‘পুৰুষ তিৰোতাৰ মূৰস্বৰূপ।’—১ কৰি. ১১:৩.

গীত ১৩ খ্ৰীষ্ট আমাৰ আৰ্হি

লেখৰ এক আভাস *

১. বিবাহৰ আগত এগৰাকী অবিবাহিতা ভনীয়ে নিজকে কি প্ৰশ্ন সোধা উচিত?

সকলো খ্ৰীষ্টান সিদ্ধ মূৰব্বী যীচুৰ অধীনত আছে। কিন্তু এজনী খ্ৰীষ্টান ভনীৰ যেতিয়া বিয়া হয়, তেতিয়া তাই নিজৰ অসিদ্ধ স্বামীৰ অধীন হৈ পৰে। এনে পৰিস্থিতিত অধীনত থাকিবলৈ তাইৰ বাবে কঠিন হʼব পাৰে। সেইবাবে, এগৰাকী অবিবাহিতা ভনীয়ে যদি বিয়া কৰিব বিচাৰে, তেনেহʼলে তাই নিজকে এইদৰে সোধা উচিত: ‘এই ভাইজন এজন ভাল মূৰব্বী হʼব পাৰিবনে? তেওঁ নিজৰ জীৱনত যিহোৱা ঈশ্বৰক প্ৰথম স্থান দিয়েনে? যদি নিদিয়ে, তেনেহʼলে মোক এইদৰে কিয় লাগে যে বিয়াৰ পাছত যিহোৱাৰ সেৱাক প্ৰথম স্থান দিবলৈ তেওঁ মোক সহায় কৰিব পাৰিব?’ তাই নিজকে নিজে এইদৰে সোধা উচিত: ‘মোৰ এনে কি গুণ আছে, যিয়ে আমাৰ বিবাহিত জীৱনক আনন্দপূৰ্ণ কৰি তুলিব? মই ধৈৰ্য্য ধৰোঁনে আৰু দয়ালু হওঁনে? যিহোৱাৰ লগত মোৰ এক মজবুত সম্পৰ্ক আছেনে?’ (উপ. ৪:৯, ১২) বিবাহৰ আগত যদি এগৰাকী ভনীয়ে ভাবি-চিন্তি নিৰ্ণয় লয়, তেনেহʼলে বিবাহৰ পাছতো তেওঁলোকৰ জীৱন আনন্দপূৰ্ণ হʼব।

২. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

আজি আমাৰ বহুতো খ্ৰীষ্টান ভনীয়ে নিজৰ স্বামীৰ অধিকাৰক সন্মান কৰে আৰু তেওঁৰ অধীনত থাকে। আমি হৃয়ৰপৰা এই ভনীসকলক প্ৰশংসা কৰোঁ। এই বিশ্বাসী ভনীসকলৰ লগত মিলি যিহোৱাৰ সেৱা কৰিবলৈ পাই আমি বৰ আনন্দিত। এই লেখত আমি তিনিটা প্ৰশ্নৰ ওপৰত আলোচনা কৰিম। (১) পত্নীসকলে কি কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়? (২) সমস্যাৰ সত্ত্বেও এগৰাকী পত্নীয়ে নিজৰ স্বামীৰ অধীনত কিয় থাকে? (৩) অধিকাৰক সন্মান কৰাৰ বিষয়ে স্বামী-স্ত্ৰীয়ে যীচু, অবীগল আৰু যীচুৰ মাতৃ মৰিয়মৰপৰা কি শিকিব পাৰে?

খ্ৰীষ্টান পত্নীসকলে কি কি সমস্যাৰ সন্মুখীন হয়?

৩. বিবাহিত জীৱনত সমস্যা কিয় আহে?

বিবাহৰ বান্ধোন হৈছে যিহোৱাৰ ফালৰপৰা এক উপহাৰ, যʼত কোনো অসিদ্ধতা নাই। কিন্তু লোকসকল অসিদ্ধ হয়। (১ যোহ. ১:৮) সেইবাবে, বিবাহিত জীৱনত সমস্যা আহিবই। বাইবেলে উল্লেখ কৰিছে যে যিসকলে বিয়া কৰে, তেওঁলোকৰ “ক্লেশ ঘটিব।” (১ কৰি. ৭:২৮) মন কৰক যে এগৰাকী পত্নীয়ে কি কি সমস্যাৰ সন্মুখীন হʼব পাৰে।

৪. এগৰাকী পত্নীৰ বাবে নিজৰ স্বামীৰ অধীনত থাকিবলৈ কিয় কঠিন হʼব পাৰে?

এগৰাকী পত্নীয়ে যি পৰিৱেশত ডাঙৰ-দীঘল হৈছিল, তাৰপৰা তাইক হয়তো লাগিব পাৰে যে নিজৰ স্বামীৰ অধীনত থাকিলে তাইৰ অপমান হৈছে। আমেৰিকাৰ মাৰিচল নামৰ ভনীগৰাকীয়ে এইদৰে কয়, “সৰুৰেপৰা আমি এই কথা শুনি আহিছোঁ যে তিৰোতাসকলে সকলো কামত পুৰুষৰ সমান হোৱা উচিত। মই জানোঁ যে যিহোৱাই স্বামীসকলক মূৰব্বীৰ দায়িত্ব দিছে আৰু পত্নীসকলে তেওঁলোকৰ অধীনত থকাটো যিহোৱাই বিচাৰে। কিন্তু পুৰুষসকলে পত্নীসকলক সন্মান কৰাটোও তেওঁ বিচাৰে। তথাপি নিজৰ পৃষ্ঠভূমিৰ বাবে কেতিয়াবা কেতিয়াবা স্বামীৰ অধীনত থাকিবলৈ মোৰ কঠিন হয়।”

৫. কিছুমান পুৰুষে কি ভাবে?

আনহাতে কিছুমান পুৰুষে ভাবে যে তিৰোতাৰ মৰ্য্যদা সদায় পুৰুষতকৈ কম। দক্ষিণ আমেৰিকাৰ ভনী ইবনে এইদৰে কয়, “আমাৰ সমাজত প্ৰথমে পুৰুষে আহাৰ খায়। তাৰ পাছতহে তিৰোতাসকলে খায়। সৰু সৰু ছোৱালীক খোৱা-বোৱা ৰান্ধিবলৈ আৰু ঘৰ পৰিষ্কাৰ কৰিবলৈ শিকোৱা হয়। আনহাতে লʼৰাসকলে বহি বহি আদেশ দিয়ে আৰু মা আৰু ভনীসকলে তেওঁলোকৰ ইচ্ছা পূৰ কৰে।” এছিয়াৰ এগৰাকী ভনী য়িংলিঙে এইদৰে কয়, “আমাৰ ভাষাত এষাৰ কথা আছে, যাৰ অৰ্থ হৈছে তিৰোতাসকলৰ দক্ষতা বা বুদ্ধি থকাৰ প্ৰয়োজন নাই। তেওঁলোকৰ কাম স্বামীক মতামত দিয়া নহয়। ইয়াৰ পৰিৱৰ্তে ঘৰৰ কাম-কাজ কৰা।” এনেধৰণৰ চিন্তাধাৰা বাইবেলৰ অনুসৰি সঠিক নহয়। এনেধৰণৰ চিন্তাধাৰা ৰখা স্বামীয়ে যীচুক অনুকৰণ নকৰে, যিহোৱাক অসন্তুষ্ট কৰে আৰু নিজৰ পত্নীক জীয়াই থাকিবলৈ কঠিন কৰি তোলে।—ইফি. ৫:২৮, ২৯; ১ পিত. ৩:৭.

৬. যিহোৱাৰ লগত এক গভীৰ সম্পৰ্ক গঢ়ি তুলিবলৈ পত্নীসকলে কি কৰা উচিত?

আগৰ লেখত আমি শিকিলোঁ যে এজন খ্ৰীষ্টান স্বামীয়ে নিজৰ পৰিয়ালৰ আধ্যাত্মিক, মানসিক আৰু ভৌতিক প্ৰয়োজনীয়তাবোৰ পূৰ কৰাটো যিহোৱাই বিচাৰে। (১ তীম. ৫:৮) কিন্তু প্ৰতিজন ব্যক্তিয়ে আনকি পত্নীও যিহোৱাৰ লগত এক ভাল সম্পৰ্ক ৰখাটো তেওঁ বিচাৰে। (পাঁচ. ১৭:২৭) সেইবাবে, পত্নীসকলে বাইবেল পঢ়িবলৈ, তাৰ বিষয়ে ধ্যান কৰিবলৈ আৰু হৃদয় খুলি প্ৰাৰ্থনা কৰিবলৈ প্ৰতিদিনে সময় উলিওৱা উচিত। এয়া ইমান সহজ নহয়। কিয়নো পত্নীসকলৰ বহুতো কাম থাকে। পত্নীসকলে হয়তো ভাবিব পাৰে যে এইবোৰ কামৰ বাবে তেওঁলোকে সময় উলিয়াব নোৱাৰিব বা তেওঁলোকৰ শক্তি নাথাকিব। কিন্তু এইবোৰ কামৰ বাবে সময় উলিওৱাটো অতি প্ৰয়োজন।

৭. এগৰাকী পত্নীয়ে নিজৰ অসিদ্ধ স্বামীৰ অধীনত কেনেকৈ থাকিব পাৰে?

আমি বুজিব পাৰোঁ যে এগৰাকী পত্নীৰ বাবে নিজৰ অসিদ্ধ মূৰব্বীৰ অধীনত থাকিবলৈ কঠিন হʼব পাৰে। নিজৰ স্বামীৰ কথা শুনা আৰু তেওঁৰ কথা পালন কৰাটো যিহোৱাই কিয় বিচাৰে, যদি তাই এই কথা বুজি পায়, তেনেহʼলে নিজৰ স্বামীৰ অধীনত থাকিবলৈ তাইৰ বাবে সহজ হʼব।

এগৰাকী পত্নীয়ে কিয় নিজৰ স্বামীৰ অধীনত থাকে?

৮. ইফিচীয়া ৫:২২-২৪ পদৰ অনুসৰি খ্ৰীষ্টান পত্নীসকলে কিয় নিজৰ স্বামীৰ অধীনত থাকে?

এগৰাকী খ্ৰীষ্টান পত্নীয়ে নিজৰ স্বামীৰ অধীনত থাকে। কিয়নো তাই নিজৰ স্বামীৰ অধীনত থকাটো যিহোৱাই বিচাৰে। (ইফিচীয়া ৫:২২-২৪ পঢ়ক।) নিজৰ পিতৃ যিহোৱাৰ ওপৰত তাইৰ সম্পূৰ্ণ ভৰসা আছে। যিহোৱাই তাইক প্ৰেম কৰে আৰু তেওঁ যিয়েই কৰিবলৈ কয়, সেই সকলো তাইৰ ভালৰ বাবে হয় বুলি তাই ভালদৰে জানে।—দ্বিতী. ৬:২৪; ১ যোহ. ৫:৩.

৯. এগৰাকী পত্নীয়ে নিজৰ স্বামীৰ অধীনত থাকিলে কি পৰিণাম হʼব?

জগতে এই চিন্তাধাৰাক উৎসাহিত কৰে যে সকলো কথাত তিৰোতাসকল পুৰুষৰ সমান আৰু তেওঁলোকৰ অধীনত থকাটো তিৰোতাসকলৰ বাবে এক অপমানৰ বিষয় হয়। এনেধৰণৰ চিন্তাধাৰা ৰখা লোকে এই কথা নাজানে যে আমাৰ ঈশ্বৰে আমাক কিমান প্ৰেম কৰে। যিহোৱাই তিৰোতাসকলক মূল্যৱান বুলি গণ্য কৰে। সেইবাবে, তেওঁলোকৰ অপমান হোৱাকৈ যিহোৱাই তেওঁলোকক কোনো কাম কৰিবলৈ নকʼব। যদি এগৰাকী খ্ৰীষ্টান পত্নীয়ে নিজৰ স্বামীৰ অধিকাৰক সন্মান কৰে আৰু তেওঁৰ অধীনত থাকে, তেনেহʼলে তেওঁলোকৰ পৰিয়ালত শান্তি হʼব। (গীত. ১১৯:১৬৫) এইদৰে কৰিলে স্বামী, পত্নী আৰু সন্তানসকল আনন্দত থাকিব।

১০. ভনী কেৰʼলে কোৱা কথাৰপৰা আমি কি শিকিব পাৰোঁ?

১০ যদি এগৰাকী পত্নীয়ে যিহোৱাক প্ৰেম কৰে আৰু সন্মান কৰে, তেনেহʼলে স্বামীয়ে কিবা ভুল কৰিলেও তাই স্বামীৰ অধীনত থাকিব। দক্ষিণ আমেৰিকাৰ কেৰʼল নামৰ ভনীগৰাকীয়ে এইদৰে কয়, “মোৰ স্বামীৰপৰা ভুল হʼব বুলি মই জানোঁ। মই এয়াও জানোঁ যে মই তেওঁৰ লগত যিদৰে ব্যৱহাৰ কৰোঁ, ইয়ে যিহোৱাৰ লগত থকা মোৰ সম্পৰ্কৰ ওপৰত প্ৰভাৱ পেলাব। সেইবাবে, মই নিজৰ স্বামীৰ অধীনত থাকিবলৈ চেষ্টা কৰোঁ। কিয়নো মই যিহোৱাক আনন্দিত কৰিব বিচাৰোঁ।”

১১. (ক) ভনী এনিছে নিজৰ স্বামীক কিয় ক্ষমা কৰিব পাৰিলে? (খ) তাইৰপৰা আমি কি শিকিব পাৰোঁ?

১১ কেতিয়াবা কেতিয়াবা কিছুমান পত্নীয়ে ভাবিব পাৰে যে তাইৰ স্বামীয়ে তাইক ধ্যান নিদিয়ে আৰু তাইক বুজিবলৈ চেষ্টা নকৰে। এনে পৰিস্থিতিত পত্নীসকলে তেওঁলোকৰ অধীনত থাকিবলৈ আৰু সন্মান কৰিবলৈ কঠিন হʼব পাৰে। মন কৰক এনিছ নামৰ এগৰাকী বিবাহিতা ভনীৰ মনলৈ এনে ভাব আহিলে, তাই কি কৰে। তাই এইদৰে কয়, “খং নকৰিবলৈ মই চেষ্টা কৰোঁ। ভুল সকলোৰে হয়। যিহোৱাৰ দৰে মই তেওঁক হৃদয়ৰপৰা ক্ষমা কৰিবলৈ চেষ্টা কৰোঁ। ক্ষমা কৰিলে মই মনত শান্তি পাওঁ।” (গীত. ৮৬:৫) সঁচাকৈ, যেতিয়া এগৰাকী পত্নীয়ে নিজৰ স্বামীক ক্ষমা কৰিবলৈ সাজু থাকিব, তেতিয়া তাই সহজে নিজৰ স্বামীৰ অধীনত থাকিব পাৰিব।

বাইবেলৰ কিছুমান উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ?

১২. বাইবেলত কেনে লোকসকলৰ বিষয়ে কোৱা হৈছে?

১২ যদি এজন ব্যক্তিয়ে আনৰ কথা শুনে বা তেওঁৰ অধীনত থাকে, তেনেহʼলে তেওঁ দুৰ্বল হয় বুলি কিছুমান লোকে ভাবে। কিন্তু এয়া সঁচা নহয়। বাইবেলত এনে বহুতো লোকৰ বিষয়ে উল্লেখ আছে, যিসকলে আনৰ অধীনত আছিল আৰু তেওঁলোক সাহসী আছিল। আমি যীচু, অবীগল আৰু মৰিয়মৰপৰা কি শিকিব পাৰোঁ, আহক চাওঁ।

১৩. যীচু কিয় যিহোৱাৰ অধীনত থাকে? বুজাওক।

১৩ যীচু যিহোৱাৰ অধীনত থাকে। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁৰ বুদ্ধি বা দক্ষতা নাই। এইবোৰ গুণৰ বাবে তেওঁ পৃথিৱীত থকাৰ সময়ত লোকসকলক স্পষ্টকৈ আৰু সৰলভাৱে শিকাব পাৰিলে। (যোহ. ৭:৪৫, ৪৬) যীচুৰ বহুতো দক্ষতা আছে বুলি যিহোৱাই জানিছিল। সেইবাবে, গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰাৰ সময়ত যিহোৱাই যীচুৰ সহায় লৈছিল। (হিতো. ৮:৩০; ইব্ৰী ১:২-৪) যেতিয়া যীচু স্বৰ্গলৈ উভতি গʼল, তেতিয়া যিহোৱাই যীচুক “স্বৰ্গত আৰু পৃথিবীত সকলো ক্ষমতা” দিলে। (মথি ২৮:১৮) যদিও যীচুৰ বহুতো দক্ষতা আছে, তথাপি তেওঁ নিজৰ বুদ্ধি আৰু দক্ষতাৰ ওপৰত নিৰ্ভৰ নকৰে। তেওঁ যিহোৱাৰ নিৰ্দেশনা পালন কৰে। কিয় বাৰু? কিয়নো তেওঁ নিজৰ পিতৃক প্ৰেম কৰে।—যোহ. ১৪:৩১.

১৪. (ক) স্বামীসকলে যিহোৱাৰপৰা কি শিকিব পাৰে? (খ) হিতোপদেশ ৩১ অধ্যায়ত লিখা কথাৰপৰা স্বামীসকলে কি শিকিব পাৰে?

১৪ স্বামীয়ে কি শিকিব পাৰে? যিহোৱাই পত্নীসকলক পুৰুষৰ অধীনত থাকিবলৈ দিয়াৰ অৰ্থ এয়া নহয় যে তেওঁ পত্নীসকলৰ মৰ্য্যদা পুৰুষসকলতকৈ কম বুলি ভাবে। কিয়নো যিহোৱাই যীচুৰ লগত শাসন কৰিবলৈ পুৰুষ আৰু স্ত্ৰী সকলোকে বাছনি কৰিছে। (গালা. ৩:২৬-২৯) যিহোৱাই যীচুক ভৰসা কৰে। সেইবাবে, তেওঁ যীচুক স্বৰ্গ আৰু পৃথিৱীৰ ওপৰত অধিকাৰ দিছে। ঠিক সেইদৰে, এজন বুদ্ধিমান স্বামীও নিজৰ পত্নীক কিছুমান অধিকাৰ দিব। বাইবেলত উল্লেখ আছে যে এগৰাকী ভাল পত্নীয়ে কি কি কৰে। তাই ঘৰৰ কাম-কাজ কৰে, মাটি কিনা-বেচা কৰে আৰু ব্যৱসায় কৰে। (হিতোপদেশ ৩১:১৫, ১৬, ১৮ পঢ়ক।) পত্নী কোনো চাকৰণী নহয় যে তাই কোনো কথা কোৱাৰ অধিকাৰ নাই। স্বামীয়ে নিজৰ পত্নীৰ ওপৰত ভৰসা কৰিব আৰু তাইৰ কথা শুনিব। (হিতোপদেশ ৩১:১১, ২৬, ২৭ পঢ়ক।) এইদৰে এজন স্বামীয়ে নিজৰ পত্নীক সন্মান কৰিলে পত্নীয়ে আনন্দেৰে নিজৰ স্বামীৰ অধীনত থাকিব পাৰিব।

যীচুৰ বহুতো দক্ষতা থকাৰ সত্ত্বেও তেওঁ যিহোৱাৰ অধীনত আছিল। ইয়াৰপৰা পত্নীসকলে কি শিকিব পাৰে? (অনুচ্ছেদ ১৫ চাওক)

১৫. পত্নীসকলে যীচুৰপৰা কি শিকিব পাৰে?

১৫ পত্নীসকলে কি শিকিব পাৰে? যীচুৱে বহুতো ডাঙৰ ডাঙৰ কাম কৰাৰ সত্ত্বেও যিহোৱাৰ অধীনত থকাটো তেওঁ অপমান বুলি নাভাবে। (১ কৰি. ১৫:২৮; ফিলি. ২:৫, ৬) এগৰাকী ভাল পত্নীও স্বামীৰ অধীনত থকাটো অপমান বুলি নাভাবে। তাই নিজৰ স্বামীক সহায় কৰে। কিয়নো তাই তেওঁক প্ৰেম কৰে। কিন্তু তাই নিজৰ স্বামীক সহায় কৰাৰ বিশেষ কাৰণ হৈছে, তাই যিহোৱাক প্ৰেম কৰে আৰু সন্মান কৰে।

দায়ূদ আৰু তেওঁৰ লোকসকলৰ বাবে আহাৰ দিয়াৰ পাছত অবীগলে দায়ূদৰ ওচৰলৈ যায়। ইয়াৰ পাছত তাই দায়ূদৰ সন্মুখত আঠু কাঢ়ি প্ৰতিশোধ লৈ তেজৰ দোষী নহʼবলৈ অনুৰোধ কৰিছে (অনুচ্ছেদ ১৬ চাওক)

১৬. প্ৰথম চমূৱেল ২৫:৩, ২৩-২৮ পদৰ অনুসৰি অবীগলে কি কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল? (বেটুপাতত দিয়া ছবিখন চাওক।)

১৬ এতিয়া অবীগলৰ উদাহৰণলৈ মন কৰক। তাইৰ স্বামী নাবল স্বাৰ্থপৰ, অহংকাৰী আৰু অকৃতজ্ঞ আছিল। এবাৰ দায়ূদ আৰু তেওঁৰ লোকসকলে নাবলক হত্যা কৰিবলৈ আহিছিল। সেইসময়ত অবীগলে বিচৰা হʼলে সহজে বিবাহ বান্ধোনৰপৰা মুক্ত হʼব পাৰিলেহেঁতেন। কিন্তু তাই এইদৰে নকৰিলে। তাই নিজৰ স্বামী আৰু গোটেই পৰিয়ালক ৰক্ষা কৰিবলৈ পদক্ষেপ লʼলে। তাই দায়ূদক লগ কৰিবলৈ অকলেই গʼল। তাইৰ সন্মুখত ৪০০ জন সৈনিক থিয় হৈ আছিল। তথাপি নাবলক এৰি দিবলৈ তাই দায়ূদক সন্মানেৰে বুজাবলৈ চেষ্টা কৰিলে। আনকি নাবলে কৰা ভুল তাই নিজৰ ওপৰত লʼলে। কল্পনা কৰক, এই সকলো কৰিবলৈ অবীগলক কিমান সাহসৰ প্ৰয়োজন আছিল। (১ চমূৱেল ২৫:৩, ২৩-২৮ পঢ়ক।) দায়ূদে বুজি পালে যে যিহোৱাই এই সাহসী তিৰোতাগৰাকীৰ যোগেদি তেওঁক এটা ডাঙৰ ভুল কৰাৰপৰা ৰক্ষা কৰিলে।

১৭. দায়ূদ আৰু অবীগলৰ বিৱৰণৰপৰা স্বামীসকলে কি শিকিব পাৰে?

১৭ স্বামীসকলে কি শিকিব পাৰে? অবীগল এগৰাকী বুদ্ধিমতি তিৰোতা আছিল আৰু তাইৰ পৰামৰ্শ পালন কৰি দায়ূদে বুদ্ধিমানৰ কাম কৰিলে। পৰিণামস্বৰূপে, দায়ূদে নিৰ্দোষী লোকসকলক হত্যা নকৰিলে। ঠিক সেইদৰে, এজন স্বামীয়ে গুৰুত্বপূৰ্ণ নিৰ্ণয় লোৱাৰ সময়ত নিজৰ পত্নীৰ লগত আলোচনা কৰা উচিত। হয়তো পত্নীৰ কথা পালন কৰি তেওঁ ভুল নিৰ্ণয় লোৱাৰপৰা বাছি থাকিব পাৰে।

১৮. পত্নীসকলে অবীগলৰপৰা কি শিকিব পাৰে?

১৮ পত্নীসকলে কি শিকিব পাৰে? যদিও স্বামীয়ে যিহোৱাৰ সেৱা নকৰে আৰু তেওঁৰ মানদণ্ড পালন নকৰে, তথাপি এগৰাকী পত্নীয়ে যদি যিহোৱাক প্ৰেম কৰে আৰু তেওঁক সন্মান কৰে, তেনেহʼলে গোটেই পৰিয়ালৰ ওপৰত ভাল প্ৰভাৱ পৰিব। অবীগলৰ দৰে তাই নিজৰ বিবাহৰ বান্ধোনৰপৰা মুক্ত হʼবলৈ চেষ্টা নকৰিব। ইয়াৰ পৰিৱৰ্তে, তাই নিজৰ স্বামীক সন্মান কৰিব আৰু তেওঁৰ অধীনত থাকিব। হয়তো পত্নীৰ ভাল ব্যৱহাৰ দেখি স্বামীয়ে যিহোৱাৰ বিষয়ে শিকিব বিচাৰিব। (১ পিত. ৩:১, ২) এইদৰে নহʼলেও তাই নিজৰ স্বামীৰ অধীনত থকা উচিত। এয়া দেখি যিহোৱা বৰ আনন্দিত হʼব।

১৯. এগৰাকী পত্নীয়ে কেনে পৰিস্থিতিত নিজৰ স্বামীৰ কথা পালন নকৰিব?

১৯ হয়তো কেতিয়াবা কেতিয়াবা এনে পৰিস্থিতি আহিব পাৰে, যেতিয়া স্বামীয়ে নিজৰ পত্নীক বাইবেলৰ সিদ্ধান্ত অনুসৰি নোহোৱা কিছুমান কাম কৰিবলৈ কʼব। উদাহৰণস্বৰূপে, সত্যত নথকা এজন স্বামীয়ে নিজৰ পত্নীক হয়তো মিছা কথা কʼবলৈ, চুৰ কৰিবলৈ বা এনে কাম কৰিবলৈ কʼব, যি যিহোৱাৰ দৃষ্টিত ভুল হয়। এনে পৰিস্থিতিত ভনীগৰাকীয়ে স্বামীৰ কথা পালন নকৰিব। কিয়নো তাই প্ৰথমে যিহোৱাৰ আজ্ঞা পালন কৰা উচিত। এই কথা বিবাহিতা ভনীসকলৰ লগতে সকলো খ্ৰীষ্টানৰ বাবে প্ৰযোজ্য। পত্নীয়ে সন্মানেৰে আৰু স্পষ্টকৈ নিজৰ স্বামীক বুজোৱা উচিত যে তাই কিয় বাইবেলৰ সিদ্ধান্তৰ বিপৰীতে কাম নকৰিব।—পাঁচ. ৫:২৯.

অনুচ্ছেদ ২০ চাওক *

২০. যিহোৱাৰ লগত মৰিয়মৰ এক গভীৰ সম্পৰ্ক আছিল বুলি আমি কিয় কʼব পাৰোঁ?

২০ যিহোৱাৰ লগত মৰিয়মৰ এক গভীৰ সম্পৰ্ক আছিল। শাস্ত্ৰৰ ওপৰত তাইৰ ভাল জ্ঞান আছিল। এবাৰ তাই যোহন বাপ্তাইজকৰ মাতৃ এলীচাবেৎক লগ কৰিবলৈ গৈছিল। তাইৰ লগত কথা পতাৰ সময়ত মৰিয়মে হীব্ৰুশাস্ত্ৰৰপৰা ২০-তকৈ বেছি পদ উল্লেখ কৰিছিল। (লূক ১:৪৬-৫৫) এই কথালৈ মন কৰক, যদিও যোচেফে মৰিয়মক আঙঠি পিন্ধাইছিল, তথাপি যিহোৱাৰ স্বৰ্গদূতে যোচেফৰ সলনি প্ৰথমে মৰিয়মৰ ওচৰলৈ আহিছিল। স্বৰ্গদূতে মৰিয়মক কৈছিল যে তাই ঈশ্বৰৰ পুত্ৰক জন্ম দিব। (লূক ১:২৬-৩৩) যিহোৱাই মৰিয়মক ভালদৰে জানিছিল আৰু তাই তেওঁৰ পুত্ৰক ভালদৰে চোৱা-চিতা কৰিব আৰু তেওঁক প্ৰেম কৰিব বুলি যিহোৱাৰ সম্পূৰ্ণ ভৰসা আছিল। পুনৰুত্থানৰ পাছত যেতিয়া যীচুৱে স্বৰ্গলৈ উভতি গৈছিল, তেতিয়াও মৰিয়মৰ যিহোৱাৰ লগত এক ভাল সম্পৰ্ক আছিল।—পাঁচ. ১:১৪.

২১. মৰিয়মৰ বিষয়ে বাইবেলত যি লিখা আছে, তাৰপৰা স্বামীসকলে কি শিকিব পাৰে?

২১ স্বামীসকলে কি শিকিব পাৰে? নিজৰ পত্নীৰ বাইবেলৰ ভাল জ্ঞান থকাৰ বাবে এজন বুদ্ধিমান স্বামীয়ে আনন্দিত হʼব। তেওঁৰ পত্নীয়ে তেওঁতকৈ বেছি জানে বুলি তেওঁ পিচ নুহুঁকিব। তেওঁ এয়া নাভাবিব যে তেওঁৰ পত্নীয়ে ঘৰৰ মূৰব্বী হʼব বিচাৰিছে। যদি তেওঁৰ পত্নীৰ বাইবেল আৰু বাইবেলৰ সিদ্ধান্তৰ ভাল জ্ঞান থাকে, তেনেহʼলে তেওঁৰ পৰিয়ালৰহে লাভ হʼব বুলি তেওঁ ভালদৰে বুজি পায়। যদি পত্নী স্বামীতকৈ বেছি পঢ়া-লিখা হয়, তেতিয়াও পাৰিবাৰিক উপাসনা কৰিবলৈ আৰু যিহোৱাৰ সেৱা কৰিবলৈ নিজৰ পৰিয়ালক সহায় কৰাৰ দায়িত্ব স্বামীৰ হয়।—ইফি. ৬:৪.

অধ্যয়ন আৰু ধ্যান কৰাৰ বিষয়ে পত্নীসকলে যীচুৰ মাতৃ মৰিয়মৰপৰা কি শিকিব পাৰে? (অনুচ্ছেদ ২২ চাওক) *

২২. মৰিয়মৰপৰা পত্নীসকলে কি শিকিব পাৰে?

২২ পত্নীসকলে কি শিকিব পাৰে? এগৰাকী পত্নীয়ে নিজৰ স্বামীৰ অধীনত থকাৰ উপৰিও নিজৰ বিশ্বাসো বঢ়োৱা উচিত। ইয়াৰ বাবে তাই নিজে পৰিশ্ৰম কৰিব লাগিব। (গালা. ৬:৫) তাই ব্যক্তিগত অধ্যয়ন আৰু ধ্যান কৰিবলৈ সময় উলিয়াব লাগিব। এইদৰে কৰিলে যিহোৱাৰ প্ৰতি তাইৰ প্ৰেম বাঢ়িব আৰু তেওঁক সন্মান কৰিব পাৰিব। তাই আনন্দেৰে নিজৰ স্বামীৰ অধীনত থাকিব পাৰিব।

২৩. পত্নীসকলে নিজৰ স্বামীৰ অধীনত থাকিলে তেওঁলোকৰ পৰিয়াল আৰু মণ্ডলীত কি লাভ হয়?

২৩ নিজৰ স্বামীৰ অধীনত থাকি পত্নীসকলে দেখুৱায় যে তেওঁলোকে যিহোৱাক প্ৰেম কৰে। তেওঁলোকে সেই তিৰোতাসকলতকৈ আনন্দত থাকে, যিসকলে যিহোৱাৰ আজ্ঞা পালন নকৰে আৰু নিজৰ স্বামীৰ অধীনত নাথাকে। তেওঁলোকে ডেকা লʼৰা-ছোৱালীৰ বাবে এক ভাল উদাহৰণ ৰাখে। তেওঁলোকে পৰিয়ালৰ লগতে মণ্ডলীতো প্ৰেম আৰু শান্তি বজাই ৰাখে। (তীত ২:৩-৫) আজি প্ৰায়ে দেখিবলৈ পোৱা যায় যে মণ্ডলীবোৰত যিহোৱাৰ সেৱা কৰা তিৰোতাসকলৰ সংখ্যা বেছি। (গীত. ৬৮:১১) কিন্তু পুৰুষ হওক বা তিৰোতা, মণ্ডলীত সকলোৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে। পৰৱৰ্তী লেখত আলোচনা কৰিম যে আমি সকলোৱে নিজৰ ভূমিকা কেনেকৈ ভালদৰে পালন কৰিব পাৰোঁ।

গীত ১৩১ “ঈশ্বৰে যাক যোগ কৰি দিলে”

^ অনু. 5 পত্নীসকলে নিজৰ স্বামীৰ অধীনত থাকে আৰু এই ব্যৱস্থা যিহোৱাই কৰিছে। কিন্তু অধীনত থকাৰ অৰ্থ কি? বাইবেলত যীচু আৰু কেইগৰাকীমান তিৰোতাৰ বিষয়ে উল্লেখ কৰা হৈছে, যিসকলে অধীনত থকাৰ ক্ষেত্ৰত এক ভাল উদাহৰণ ৰাখিছে। খ্ৰীষ্টান দম্পতীয়ে তেওঁলোকৰপৰা কি শিকিব পাৰে, আহক চাওঁ।

^ অনু. 68 ছবিৰ বিষয়ে: মৰিয়মে যোহন বাপ্তাইজকৰ মাতৃ এলীচাবেৎৰ লগত কথা পাতিছে। হীব্ৰুশাস্ত্ৰৰ মুখস্থ থকা কিছুমান পদ তাই এলীচাবেৎক কৈছে।

^ অনু. 70 ছবিৰ বিষয়ে: এগৰাকী পত্নীয়ে সময় উলিয়াই বাইবেল অধ্যয়ন কৰিছে। এইদৰে নিজৰ বিশ্বাস বঢ়াবলৈ তাই পৰিশ্ৰম কৰিছে।