পাঁচনিৰ কৰ্ম্ম ১:১-২৬

  • থিয়ফিললৈ সম্বোধন (১-৫)

  • পৃথিৱীৰ চুকে-কোণে সাক্ষ্য (৬-৮)

  • যীচুক স্বৰ্গলৈ উঠাই নিয়া হʼল (৯-১১)

  • শিষ্যসকলে এক উদ্দেশ্যেৰে একগোট হৈছিল (১২-১৪)

  • যিহূদাৰ ঠাইত মত্তথিয়ক বাছনি কৰা হʼল (১৫-২৬)

 মৰমৰ থিয়ফিল, যেতিয়াৰে পৰা যীচুৱে সেৱা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰে পৰা তেওঁ যি যি কাম কৰিলে আৰু শিকালে, সেই সকলো মই নিজৰ কিতাপত লিখিলোঁ। ২  তাত সেই সময়ৰ ঘটনা উল্লেখ আছে, যেতিয়া যীচুৱে নিজৰ বাছনি কৰা পাঁচনিসকলক* পবিত্ৰ শক্তিৰ যোগেদি নিৰ্দেশনা দিয়াৰ পাছত যীচুক স্বৰ্গলৈ উঠাই লৈ যোৱা হৈছিল। ৩  তেওঁ মৃত্যুলৈকে দুখ ভোগাৰ পাছত তেওঁ পাঁচনিসকলৰ আগত কেইবাবাৰো দেখা দি তেওঁ জীৱিত হʼল বুলি প্ৰমাণ দিলে। এইদৰে যীচুৱে ৪০ দিনলৈকে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে তেওঁলোকক কৈ থাকিল। ৪  যেতিয়া তেওঁ শিষ্যসকলক লগ পালে, তেতিয়া যীচুৱে তেওঁলোকক আজ্ঞা দিলে, “যিৰূচালেম এৰি নাযাবা, ইয়াতে থাকিবা আৰু পিতৃয়ে যি প্ৰতিজ্ঞা কৰিছে আৰু যিবোৰৰ বিষয়ে তোমালোকে মোৰ পৰা শুনিছা, সেয়া পূৰ হোৱালৈকে অপেক্ষা কৰিবা। ৫  কিয়নো যোহনেতো পানীত বাপ্তিষ্মা দিছিল,* কিন্তু এতিয়াৰে পৰা কিছু দিনৰ পাছত তোমালোকক পবিত্ৰ শক্তিৰে বাপ্তিষ্মা দিয়া হʼব।” ৬  যেতিয়া শিষ্যসকলে গোট খালে, তেতিয়া তেওঁক সুধিবলৈ ধৰিলে, “প্ৰভু, আপুনি এতিয়াই ইস্ৰায়েলত ঈশ্বৰৰ ৰাজ্য পুনৰ স্থাপন কৰিব নে?” ৭  তেওঁ তেওঁলোকক কʼলে, “সময় বা কাল* জনাৰ অধিকাৰ তোমালোকৰ নাই, এয়া নিৰ্ণয় লোৱাৰ অধিকাৰ পিতৃয়ে নিজৰ ওচৰত ৰাখিছে। ৮  কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ শক্তি আহিব, তেতিয়া তোমালোকে শক্তি পাবা আৰু যিৰূচালেম আৰু গোটেই যিহূদিয়া আৰু চমৰীয়া আনকি পৃথিৱীৰ আটাইতকৈ দূৰ-দূৰণি এলেকাত* মোৰ বিষয়ে সাক্ষ্য দিবা।” ৯  তেওঁ এই সকলো কথা কোৱাৰ পাছত তেওঁলোকে চাই থাকোঁতেই তেওঁক ওপৰলৈ উঠাই নিয়া হʼল আৰু এডোখৰ মেঘে তেওঁক ঢাকি ধৰিলে। তাৰ পাছত তেওঁলোকে তেওঁক আৰু দেখা নাপালে। ১০  যেতিয়া তেওঁ গৈ আছিল, তেতিয়া তেওঁলোকে আকাশলৈ চাই আছিল। তেতিয়া হঠাতে বগা কাপোৰ পিন্ধা দুজন মানুহ আহি তেওঁলোকৰ ওচৰত থিয় হʼল ১১  আৰু তেওঁলোকে কʼলে, “হে গালীলৰ লোকসকল, তোমালোকে ইয়াত থিয় হৈ আকাশলৈ কিয় চাই আছা? এই যীচু, যিজনক তোমালোকৰ ওচৰৰ পৰা আকাশলৈ নিয়া হʼল, তোমালোকে তেওঁক যেনেকৈ আকাশলৈ যোৱা দেখিলা, সেইদৰেই তেওঁ আহিব।” ১২  তাৰ পাছত তেওঁলোকে জৈতুন পাহাৰৰ পৰা যিৰূচালেমলৈ উভতি আহিলে। এই পাহাৰ যিৰূচালেমৰ ওচৰত আছিল আৰু প্ৰায় এক কিলোমিটাৰ দূৰত আছিল।* ১৩  যিৰূচালেম চহৰ পোৱাৰ পাছত শিষ্যসকলে ওপৰৰ সেই কোঠালিলৈ গʼল, যʼত তেওঁলোকে থাকিছিল। এই শিষ্যসকল আছিল পিতৰ, যোহন আৰু যাকোব, আন্দ্ৰিয়, ফিলিপ আৰু থোমা, বাৰ্থলময় আৰু মথি, আলফয়ৰ লʼৰা যাকোব, উৎসাহী চিমোন আৰু যাকোবৰ লʼৰা যিহূদা। ১৪  তেওঁলোক সকলোৱে এক উদ্দেশ্যেৰে প্ৰাৰ্থনা কৰি আছিল আৰু তেওঁলোকৰ লগত কিছুমান তিৰোতা, যীচুৰ ভায়েকসকল আৰু তেওঁৰ মা মৰিয়মো আছিল। ১৫  এইদৰে একগোট হৈ প্ৰাৰ্থনা কৰাৰ সময়ত, এদিন পিতৰ ভাইসকলৰ মাজত থিয় হʼল (তেওঁলোকৰ* সংখ্যা প্ৰায় ১২০ আছিল) আৰু কʼবলৈ ধৰিলে, ১৬  “ভাইসকল, পবিত্ৰ শক্তিয়ে দায়ূদৰ যোগেদি যিহূদাৰ বিষয়ে যি ভৱিষ্যবাণী কৰিছিল, সেয়া পূৰ হোৱাটো প্ৰয়োজন আছিল। যিহূদাই সেই লোকসকলক যীচুৰ ওচৰলৈ লৈ গʼল, যিসকলে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আহিছিল। ১৭  তেওঁ আমাৰে মাজৰ এজন আছিল আৰু তেওঁ আমাৰ নিচিনা সেৱাত ভাগো লৈছিল। ১৮  (এই মানুহজনে বেয়া কাম কৰি পোৱা টকাৰে এডোখৰ মাটি কিনিছিল। তেওঁ তল মূৰকৈ পৰিলে আৰু তেওঁৰ পেট ফাটি নাড়ীভুঁৰি সকলো ওলাই গʼল।) ১৯  যিৰূচালেমত থকা সকলোৱে এই কথা গʼম পালে, সেইবাবে তেওঁলোকৰ ভাষাত সেই মাটিডোখৰৰ নাম হকলদামা অৰ্থাৎ “তেজৰ মাটি” বুলি কোৱা হʼল। ২০  কিয়নো গীতমালা কিতাপত লিখা আছে, ‘তেওঁৰ ঘৰ ধ্বংস হৈ যাওক আৰু তাত কোনো মানুহ নাথাকক’ আৰু ‘তেওঁৰ অধ্যক্ষ পদ আন কোনোবাই লৈ লওক।’ ২১  সেইবাবে, আমি তাৰ ঠাইত এনে ব্যক্তিক বাছনি কৰিব লাগিব, যিজন প্ৰভু যীচুৱে আমাৰ মাজত বিভিন্ন কামবোৰ কৰাৰ সময়ত সদায় আমাৰ লগত আছিল। ২২  অৰ্থাৎ এনে ব্যক্তি, যিজন যীচুক যোহনে বাপ্তিষ্মা দিয়া সময়ৰে পৰা তেওঁক ওপৰলৈ উঠাই নিয়া সময়লৈকে তেওঁ আমাৰ লগত আছিল। আৰু সেই ব্যক্তিজন এই কথাৰো সাক্ষী হʼব লাগিব যে যীচুক মৃতবিলাকৰ মাজৰ পৰা জীৱিত কৰা হৈছে।” ২৩  সেইবাবে, তেওঁলোকে দুজন শিষ্যৰ নাম কʼলে। প্ৰথমজন আছিল যোচেফ, যি বাৰ্চব্বা আৰু যুষ্ট নামেৰে জনা যায় আৰু দ্বিতীয়জন আছিল মত্তথিয়। ২৪  তাৰ পাছত শিষ্যসকলে প্ৰাৰ্থনা কৰিলে, “হে যিহোৱা,* তুমি সকলোৰে হৃদয় জানা, আমাক কোৱা যে তুমি এই দুজন ব্যক্তিৰ মাজত কাক বাছনি কৰিছা ২৫  যাতে তেওঁ সেৱাৰ দায়িত্ব আৰু পাঁচনি পদ লাভ কৰে, যি যিহূদাই অস্বীকাৰ কৰি নিজৰ ৰাস্তাত গুচি গৈছিল।” ২৬  তেতিয়া তেওঁলোকে দুয়োজনৰ কাৰণে চিঠি খেলিলে আৰু চিঠিত মত্তথিয়ৰ নাম ওলালে। আৰু তেওঁ ১১ জন পাঁচনিৰ লগত গণিত হʼল।

ফুটনোট

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “সম্পূৰ্ণৰূপে পানীত ডুবাইছিল।”
অৰ্থাৎ নিৰ্ধাৰিত কৰা দিন।
বা “চুকে-কোণে।”
আক্ষ., “বিশ্ৰাম-বাৰৰ দূৰত আছিল।”
বা “ভিৰৰ।”
অতি. ক৫ চাওক।