Skip to content

যিহোৱাৰ সাক্ষীসকলে চিকিৎসালয়ৰ চিকিৎসা গ্ৰহণ কৰেনে?

যিহোৱাৰ সাক্ষীসকলে চিকিৎসালয়ৰ চিকিৎসা গ্ৰহণ কৰেনে?

 যিহোৱাৰ সাক্ষীসকলে ঔষধ আৰু চিকিৎসা গ্ৰহণ কৰে। আমি আমাৰ শৰীৰ আৰু স্বাস্থ্য ভালে ৰাখিবলৈ যত্ন কৰোঁ আৰু ইয়াৰ বাবে কেতিয়াবা কেতিয়াবা ‘বেজ’ অৰ্থাৎ চিকিৎসকৰ প্ৰয়োজন হয়। (লূক ৫:৩১) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ মাজত লূক নামৰ এজন শিষ্য চিকিৎসক আছিল। বৰ্তমান সময়তো যিহোৱা সাক্ষীসকলৰ মাজত কিছুমান চিকিৎসক আছে।​—কলচীয়া ৪:১৪.

 কিছুমান চিকিৎসা পদ্ধতি বাইবেলৰ সিদ্ধান্ত অনুসৰি নহয়। সেইবাবে আমি তেনে চিকিৎসা গ্ৰহণ নকৰোঁ। উদাহৰণস্বৰূপে, বাইবেলে তেজ গ্ৰহণ কৰিবলৈ নিষেধ কৰাৰ বাবে আমি তেজ সঞ্চাৰণ নকৰোঁ। (পাঁচনিৰ কৰ্ম্ম ১৫:২০) ঠিক সেইদৰে, যি চিকিৎসা পদ্ধতি বা প্ৰণালীবোৰত যাদুবিদ্যা ব্যৱহাৰ কৰা হয়, তেনে চিকিৎসা কৰাৰ বাবে বাইবেলে নিষেধ কৰিছে।​—গালাতীয়া ৫:​১৯-২১.

 কিন্তু আনন্দৰ কথা যে এনে বহুতো চিকিৎসা পদ্ধতি আছে, যিবোৰ বাইবেলৰ সিদ্ধান্তৰ বিৰুদ্ধে নহয়। প্ৰতিজন ব্যক্তিয়ে কেনেধৰণৰ চিকিৎসা পদ্ধতি গ্ৰহণ কৰিব, তাৰ বিষয়ে নিজে নিৰ্ণয় কৰাৰ অধিকাৰ আছে। এজন যিহোৱাৰ সাক্ষীয়ে হয়তো কোনো বিশেষ ঔষধ বা চিকিৎসা পদ্ধতি গ্ৰহণ কৰিব পাৰে, কিন্তু আন যিহোৱাৰ সাক্ষীয়ে হয়তো সেই ঔষধ বা চিকিৎসা পদ্ধতি গ্ৰহণ নকৰিবও পাৰে।​—গালাতীয়া ৬:৫.