পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ

এজন সত্য খ্ৰীষ্টানে চিকিৎসালয়ৰ চিকিৎসা গ্ৰহণ কৰিব পাৰেনে?

অসমীয়া
এজন সত্য খ্ৰীষ্টানে চিকিৎসালয়ৰ চিকিৎসা গ্ৰহণ কৰিব পাৰেনে?
https://cms-imgp.jw-cdn.org/img/p/502013146/univ/art/502013146_univ_sqr_xl.jpg
ijwbq প্ৰৱন্ধ ৩৯

এজন সত্য খ্ৰীষ্টানে চিকিৎসালয়ৰ চিকিৎসা গ্ৰহণ কৰিব পাৰেনে?

এজন সত্য খ্ৰীষ্টানে চিকিৎসালয়ৰ চিকিৎসা গ্ৰহণ কৰিব পাৰেনে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 নিশ্চয় পাৰিব! যীচু খ্ৰীষ্টই কৈছিল: “নিৰোগী মানুহৰ বেজত [চিকিৎসক] সকাম নাই, কিন্তু ৰোগীৰহে সকাম আছে।” (মথি ৯:১২) তেওঁ এইদৰে কোৱাৰ অৰ্থ হৈছে যে কোনোবাই ৰোগত ভুগিলে তেওঁ চিকিৎসকৰ সহায় গ্ৰহণ কৰিব পাৰে। বাইবেলখন যদিও এখন চিকিৎসাৰ কিতাপ নহয়, কিন্তু যিসকল লোক ঈশ্বৰক আনন্দিত কৰিব বিচাৰে, তেওঁলোকৰ বাবে সিদ্ধান্ত দিয়া আছে।

নিজকে সোধক

 ১. মোক আগবঢ়োৱা চিকিৎসাৰ বিষয়ে মই ভালদৰে বুজি পাইছোঁনে? বাইবেলে আমাক পৰামৰ্শ দিয়ে যে ‘সকলো কথাত’ বিশ্বাস কৰাৰ পৰিৱৰ্তে, আমি নিৰ্ভৰযোগ্য তথ্য অনুসন্ধান কৰা উচিত।—হিতোপদেশ ১৪:১৫.

 ২. চিকিৎসা সম্বন্ধীয় কোনো নিৰ্ণয় লোৱাৰ আগতে মই এজনতকৈ বেছি চিকিৎসকৰ পৰামৰ্শ লওঁনে? যদি আপোনাৰ পৰিস্থিতি গুৰুতৰ হয়, তেনেহʼলে ‘মন্ত্ৰীৰ বাহুল্যতা’ অৰ্থাৎ বিভিন্নজনৰ পৰামৰ্শ লাভজনক হʼব।—হিতোপদেশ ১৫:২২.

 ৩. চিকিৎসাৰ এই পদ্ধতিত ‘তেজ খোৱাৰ পৰা পৃথকে থাকা’ বাইবেলৰ এই আজ্ঞা উলংঘন হৈছে নেকি?—পাঁচনিৰ কৰ্ম্ম ১৫:২০.

 ৪. মায়াকৰ্ম্মৰ যোগেদি ৰোগ নিৰ্ধাৰণ বা চিকিৎসা কৰা হয় নেকি? বাইবেলে ‘মায়াকৰ্ম্মক’ নিন্দা কৰে। (গালাতীয়া ৫:১৯-২১) এই চিকিৎসা পদ্ধতিত মায়াকৰ্ম্ম জড়িত হৈ আছে নে নাই, তাক জানিবলৈ নিম্নলিখিত প্ৰশ্নবোৰ বিবেচনা কৰক:

  •   চিকিৎসকজনে মায়কৰ্ম্মৰ যোগেদি চিকিৎসা কৰে নেকি?

  •   কোনো দেৱতাক অসন্তুষ্ট কৰা অথবা কোনো শত্ৰুৱে যাদুবিদ্যা ব্যৱহাৰ কৰাৰ বাবে ৰোগ হৈছে বুলি বিশ্বাস কৰি চিকিৎসা কৰা হৈছে নেকি?

  •   ঔষধ তৈয়াৰ কৰাৰ বাবে অথবা ঔষধ ব্যৱহাৰ কৰাৰ সময়ত কোনো বলিদান, মন্ত্ৰ অথবা কিছুমান বিধি পালন কৰা হয় নেকি?

 ৫. মই মোৰ স্বাস্থ্যৰ বাবে বেছিকৈ চিন্তা কৰি থাকোঁ নেকি? বাইবেলে আমাক এইদৰে পৰামৰ্শ দিয়ে: “তোমালোকৰ ক্ষান্ত স্বভাৱ সকলো মানুহৰ আগত বিদিত হওক।” (ফিলিপীয়া ৪:৫) ক্ষান্ত স্বভাৱে আপোনাক “যি যি শ্ৰেষ্ঠ” অৰ্থাৎ আধ্যাত্মিক বিষয়বোৰৰ ওপৰত মনোযোগ দিবলৈ সহায় কৰিব।—ফিলিপীয়া ১:৯; মথি ৫:৩.