Skip to content

নৰক কি হয়? দুষ্ট লোকসকলক সদায় দিনৰ বাবে শাস্তি দিয়া এক ঠাই নেকি?

নৰক কি হয়? দুষ্ট লোকসকলক সদায় দিনৰ বাবে শাস্তি দিয়া এক ঠাই নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

কিছুমান বাইবেলৰ অনুবাদত “নৰক” শব্দৰ বাবে হীব্ৰু শব্দ “চিয়োল” আৰু গ্ৰীক শব্দ “হেডীজ্‌” ব্যৱহাৰ কৰা হৈছে। এই দুয়োটা শব্দই মানৱজাতিৰ বাবে ব্যৱহাৰ কৰা সাধাৰণ কবৰক চিত্ৰিত কৰে। (গীতমালা ১৬:১০; পাঁচনিৰ কৰ্ম্ম ২:​২৭) এই লেখত দেখুৱা ছবিখনৰ দৰে বহুতোলোকে এক জ্বলি থকা নৰক আছে বুলি বিশ্বাস কৰে। কিন্তু বাইবেলে ইয়াৰ বিপৰীতে শিক্ষা দিয়ে।

  1. ১. নৰকত থকা লোকসকলৰ কোনো চেতনা নাই আৰু সেইবাবে তেওঁলোকে কোনো কষ্ট অনুভৱ কৰিব নোৱাৰে। “চিয়োলত কোনো কাৰ্য্য, কি কল্পনা, কি বিদ্যা, কি জ্ঞান, একোৱেই নাই।”​—উপদেশক ৯:​১০.

  2. ২. ভাল ব্যক্তিসকলেও নৰকলৈ যায়। বিশ্বাসী ব্যক্তি যাকোব আৰু ইয়োবে নৰকলৈ যাবলৈ বিচাৰিছিল।​—আদিপুস্তক ৩৭:৩৫; ইয়োব ১৪:১৩.

  3. ৩. মৃত্যু হৈছে পাপৰ শাস্তি, নৰকৰ যন্ত্ৰণা নহয়। “যিজন মৰিল, তেওঁ পাপৰ পৰা মুক্ত হৈ, ধাৰ্ম্মিক বুলি গণিত হল।”​—ৰোমীয়া ৬:৭.

  4. ৪. অনন্ত কালৰ বাবে শাস্তি, ই ঈশ্বৰৰ ন্যায়ৰ বিৰুদ্ধে হয়। (দ্বিতীয় বিবৰণ ৩২:৪) যেতিয়া প্ৰথম মানৱ আদমে পাপ কৰিছিল, তেতিয়া ঈশ্বৰে কৈছিল যে তেওঁৰ অস্তিত্ব নাইকিয়া হৈ পৰিব। ঈশ্বৰে কৈছিল: “তুমি ধূলি মাথোন, পুনৰায় ধূলিলৈকে উলটি যাবা।” (আদিপুস্তক ৩:১৯) যদি ঈশ্বৰে আদমক জ্বলি থকা নৰকত পঠিওৱা হʼলে, তেওঁ মিছলীয়া হʼলহেঁতেন।

  5. ৫. অনন্ত কাল শাস্তি দিয়াৰ বিষয়ে ঈশ্বৰে কেতিয়াও কল্পনা কৰা নাই। ঈশ্বৰে লোকসকলক নৰকত শাস্তি দিয়াৰ শিক্ষা, বাইবেলৰ শিক্ষাৰ সম্পূৰ্ণ বিপৰীত হয়। কিয়নো বাইবেলে “ঈশ্বৰ প্ৰেম” হয় বুলি শিক্ষা দিছে।​—১ যোহন ৪:৮; যিৰিমিয়া ৭:৩১.