Skip to content

চয়তানে মানুহক নিয়ন্ত্ৰণ কৰিব পাৰেনে?

চয়তানে মানুহক নিয়ন্ত্ৰণ কৰিব পাৰেনে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 চয়তান আৰু দুষ্ট আত্মাবিলাকে মানৱজাতিক নিয়ন্ত্ৰণ কৰাৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।” (১ যোহন ৫:১৯) চয়তানে লোকসকলক কি কি উপায়েৰে প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰে, তাৰ বিষয়ে বাইবেলে চিনাক্ত কৰিছে।

  •   প্ৰবঞ্চনা। বাইবেলে সত্য খ্ৰীষ্টানসকলক চয়তানৰ ফালৰপৰা অহা “নানাবিধ কুকল্পনাৰ সন্মুখত থিৰে থাকিবলৈ” উৎসাহিত কৰিছে। (ইফিচীয়া ৬:১১) চয়তানৰ এটা প্ৰবঞ্চনা হৈছে যে তাৰ প্ৰতিনিধিবিলাক ঈশ্বৰৰ প্ৰকৃত সেৱক হয় বুলি লোকসকলক বিশ্বাস জন্মোৱা।​—২ কৰিন্থীয়া ১১:১৩-১৫.

  •   প্ৰেতাত্মাবাদ। মায়াকৰ্ম্ম, মংগল চোৱা, জ্যোতিষশাস্ত্ৰ, ৰাশিফল আদিৰ যোগেদি চয়তানে লোকসকলক ভুল পথলৈ পৰিচালিত কৰে। (দ্বিতীয় বিবৰণ ১৮:১০-​১২) নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ, সন্মোহন শক্তি প্ৰয়োগ আৰু মগজুক শূন্য কৰিব পৰা ধ্যানৰ যোগেদি এজন ব্যক্তিয়ে দুষ্ট আত্মাৰ অধীনত আহিব পাৰে।​—লূক ১১:২৪-​২৬.

  •   মিছা ধৰ্ম্ম। যি ধৰ্ম্মই লোকসকলক মিছা শিক্ষা দি ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিবলৈ পৰিচালিত কৰে, সেয়া হৈছে মিছা ধৰ্ম্ম। (১ কৰিন্থীয়া ১০:২০) বাইবেলে এনেধৰণৰ মিছা শিক্ষাক ‘ভূতবোৰৰ শিক্ষা’ বুলি কৈছে।​—১ তীমথিয় ৪:১.

  •   নিয়ন্ত্ৰণত অনা। দুষ্ট আত্মাই কিছুমান লোকক নিয়ন্ত্ৰণ কৰাৰ বিষয়ে বাইবেলত উল্লেখ আছে। কেতিয়াবা কেতিয়াবা দুষ্ট আত্মাৰ প্ৰভাৱত পৰা লোক অন্ধ, বোবা অথবা নিজকে আঘাত কৰা দেখা যায়।​—মথি ১২:২২; মাৰ্ক ৫:​২-৫.

চয়তানৰ প্ৰভাৱৰপৰা কেনেকৈ আঁতৰি থাকিব পাৰি

 আপুনি দুষ্ট আত্মাৰ প্ৰভাৱত পৰিব বুলি ভয় কৰাৰ প্ৰয়োজন নাই। বাইবেলে বৰ্ণনা কৰিছে যে আপুনি কেনেকৈ সফলতাৰে চয়তানৰ বিৰোধ কৰিব পাৰিব:

  •   চয়তানে ব্যৱহাৰ কৰা কৌশলবোৰ চিনাক্ত কৰক যাতে আপুনি ‘তাৰ পৰিকল্পনাবোৰৰ’ বিষয়ে জানিব পাৰিব।​—২ কৰিন্থীয়া ২:​১১.

  •   বাইবেলৰপৰা জ্ঞান আহৰণ কৰক আৰু নিজৰ জীৱনত পালন কৰক। বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰিলে আপুনি চয়তানৰ প্ৰভাৱৰপৰা নিজকে ৰক্ষা কৰিব পাৰিব।​—ইফিচীয়া ৬:১১-১৮.

  •   দুষ্ট আত্মাৰ লগত জড়িত থকা যিকোনো বস্তুক ত্যাগ কৰক। (পাঁচনিৰ কৰ্ম্ম ১৯:১৯) প্ৰেতাত্মাবাদক উৎসাহিত কৰা যিকোনো সংগীত, কিতাপ-পত্ৰ, আলোচনী, পোষ্টাৰ, ভিডিঅ’ আদি ইয়াত জড়িত আছে।