ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ৬-৭

“মই ফৰৌণলৈ যি কৰিম, তাক তুমি এতিয়া দেখিবলৈ পাবা”

“মই ফৰৌণলৈ যি কৰিম, তাক তুমি এতিয়া দেখিবলৈ পাবা”

৬:১, ৬, ৭; ৭:৪, ৫

যিহোৱাই আগতীয়াকৈ ইস্ৰায়েলীসকলক জনাইছিল যে তেওঁ মিচৰ দেশত মহামাৰী আনিব আৰু তেওঁলোকক মুকলি কৰিব। সেইসময়ত ইস্ৰায়েলীসকলে নিজ চকুৰে যিহোৱাৰ আচৰিত কাৰ্য্যবোৰ দেখি, তেওঁৰ শক্তিৰ বিষয়ে বুজি পাব। তেতিয়া মিচৰীয়াসকলেও জানিব যে যিহোৱা কোন। যেতিয়া যিহোৱাৰ এই প্ৰতিজ্ঞা পূৰ হʼল, তেতিয়া ইস্ৰায়েলীসকলৰ বিশ্বাস দৃঢ় হʼল আৰু মিচৰৰ মিছা ধাৰ্ম্মিক শিক্ষাবোৰ ত্যাগ কৰিব পাৰিলে।

বাইবেলৰ এই ঘটনাই আপোনাৰ বিশ্বাস কেনেকৈ দৃঢ় কৰিলে যে যিহোৱাই কৰা সকলো প্ৰতিজ্ঞা ভৱিষ্যতে পূৰ হʼব?