ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ১০-১১

মোচি আৰু হাৰোণে সাহস দেখুৱালে

মোচি আৰু হাৰোণে সাহস দেখুৱালে

১০:৩-৬, ২৪-২৬, ২৮; ১১:৪-৮

সেইসময়ত মিচৰৰ ফৰৌণ আটাইতকৈ শক্তিশালী শাসক আছিল। তথাপিও মোচি আৰু হাৰোণে তেওঁৰ আগত সাহসেৰে কথা পাতিলে। এনে কৰিবলৈ কিহে তেওঁলোকক সহায় কৰিলে? মোচিৰ বিষয়ে বাইবেলত উল্লেখ আছে যে “বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি, মিচৰ দেশ ত্যাগ কৰিলে; কিয়নো অদৃশ্য জনাক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল।” (ইব্ৰী ১১:২৭) মোচি আৰু হাৰোণ যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা আৰু বিশ্বাস কৰিছিল।

কি কি পৰিস্থিতিত কোনো অধিকাৰীৰ আগত নিজৰ বিশ্বাসৰ বিষয়ে সাক্ষ্য দিবলৈ সাহসৰ প্ৰয়োজন?