Skip to content

Skip to table of contents

সতৰ্ক হৈ থাকক!

গোটেই পৃথিৱীত বস্তু-বাহানিৰ দাম বৃদ্ধি—বাইবেলত কি লিখা আছে?

গোটেই পৃথিৱীত বস্তু-বাহানিৰ দাম বৃদ্ধি—বাইবেলত কি লিখা আছে?

 ৱৰ্ল্ড বেংক গ্ৰুপৰ অধ্যক্ষই জুন ২০২২ চনৰ ৰিপৰ্টত এইদৰে কৈছিল, “গোটেই পৃথিৱীৰ অৰ্থব্যৱস্থা বিপদত আছে। এফালে বস্তু-বাহানিৰ দাম বাঢ়িছে আৰু আনফালে ঘৰ চলাবলৈ লোকসকলৰ টকা-পইচাৰ নাটনি হৈছে।”

 আন্তৰ্জাতিক মুদ্ৰা নিধিৰ অনুসৰি “পেট্ৰল-ডীজেল আৰু খোৱা-বোৱাৰ বস্তুৰ দাম দ্ৰুত গতিত বাঢ়িছে। ইয়ে দুখীয়া দেশৰ লোকসকলৰ ওপৰত বেছিকৈ প্ৰভাৱ পেলাইছে।”

 আমি কিয় এনেধৰণৰ আৰ্থিক সমস্যাৰ সন্মুখীন হৈছোঁ? আমি কি কৰিব পাৰোঁ? এই সমস্যাবোৰ কেতিয়াবা শেষ হʼব নে? এই প্ৰশ্নবোৰৰ উত্তৰ আপুনি বাইবেলৰ পৰা জানিব পাৰিব।

“শেষ-কালত” বস্তুৰ দাম বৃদ্ধি

  •   আমি যি সময়ত জীয়াই আছোঁ, সেই সময়ক বাইবেলত ‘শেষ-কাল’ বুলি কোৱা হৈছে।—২ তীমথিয় ৩:১.

  •   যীচুৱে কৈছিল যে শেষ-কালত “ভয়ঙ্কৰ লক্ষণ” দেখিবলৈ পোৱা যাব অৰ্থাৎ এনে ঘটনা ঘটিব, যি ভয়াৱহ ৰূপ ধাৰণ কৰিব। (লূক ২১:১১) আজি এইদৰেই হৈ আছে। বস্তু-বাহানিৰ দাম বাঢ়ি যোৱাৰ বাবে লোকসকল ভয়ভীত হৈছে। তেওঁলোকে দিনে-ৰাতিয়ে এই বিষয়ে চিন্তা কৰে যে ‘আগলৈ গৈ আমাৰ কি অৱস্থা হʼব? মই নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিব পাৰিম নে?’

  •   শেষ-কালত বস্তু-বাহানিৰ দাম বাঢ়িব বুলি প্ৰকাশিত বাক্য কিতাপত আগতেই কোৱা হৈছিল। ইয়াত এইদৰে লিখা আছে, ‘এই কথা কোৱা মই শুনিলোঁ, বোলে, এসেৰ ঘেঁহু ধানৰ মূল্য এক আধলি; অৰ্থাৎ এদিনৰ হাজিৰা, তিনি সেৰ যৱ ধানৰ মূল্য এক আধলি হʼব।’—প্ৰকাশিত বাক্য ৬:৬

 ‘শেষ-কাল’ আৰু প্ৰকাশিত বাক্য কিতাপত কৰা ভৱিষ্যতবাণীৰ বিষয়ে বেছিকৈ জানিবলৈ ১৯১৪ চনৰপৰা পৃথিৱীৰ পৰিস্থিতি সলনি হʼল নামৰ ভিডিঅʼখন চাওক আৰু “চাৰিজন অশ্বাৰোহী—তেওঁলোক কোন?” নামৰ হিন্দী লেখটো পঢ়ক।

সকলো ধৰণৰ আৰ্থিক সমস্যাৰ সমাধান

  •   “লোকবিলাকে ঘৰ সাজি তাৰ ভিতৰত বাস কৰিব, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিব। অন্যে বাস কৰিবলৈ তেওঁবিলাকে ঘৰ নাসাজিব, অন্যে ভোগ কৰিবলৈ তেওঁবিলাকে বাৰী নাপাতিব।”—যিচয়া ৬৫:২১, ২২.

  •   “পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব।”—গীতমালা ৭২:১৬.

  •   “যিহোৱাই কৈছে, “দুখীয়াবিলাকৰ উপদ্ৰৱ, আৰু দৰিদ্ৰবিলাকৰ হুমুনিয়াহৰ কাৰণে মই এতিয়া উঠিম।”—গীতমালা ১২:৫. a

 অতি সোনকালে ঈশ্বৰে সকলো ধৰণৰ আৰ্থিক সমস্যা নাইকিয়া কৰিব আৰু তেওঁ কেৱল এখন দেশতে নহয়, গোটেই পৃথিৱীতে এইদৰে কৰিব। ইয়াৰ বিষয়ে বেছিকৈ জানিবলৈ “কেতিয়াবা এনে অৰ্থব্যৱস্থা হʼব নে, যʼত সকলোৰে প্ৰয়োজনীয়তা পূৰ হʼব?” (ইংৰাজী) আৰু “দৰিদ্ৰতা কেতিয়াবা শেষ হʼব নে?” নামৰ হিন্দী লেখটো পঢ়ক।

 আনকি, বৰ্তমান সময়তো বাইবেলে আপোনাক সহায় কৰিব পাৰে। টকা-পইচা কেনেকৈ বুদ্ধিমতাৰে খৰচ কৰিব পাৰি, ইয়াৰ বিষয়ে বাইবেলত কিছুমান ব্যৱহাৰিক পৰামৰ্শ দিয়া হৈছে। (হিতোপদেশ ২৩:৪, ৫; উপদেশক ৭:১২) বেছিকৈ জানিবলৈ “টকা-পইচাৰ ক্ষেত্ৰত ভাবি-চিন্তি নিৰ্ণয় লওক” আৰু “কম খৰচত কেনেকৈ চলিব পাৰি?” নামৰ হিন্দী লেখবোৰ পঢ়ক।

a যিহোৱা হৈছে ঈশ্বৰৰ এক ব্যক্তিগত নাম।—গীতমালা ৮৩:১৮.