Skip to content

Skip to table of contents

ভাগ ৮

যেতিয়া দুৰ্ঘটনা ঘটে

যেতিয়া দুৰ্ঘটনা ঘটে

“আমাৰ খন্তেকীয়া লঘু ক্লেশে আমাৰ নিমিত্তে অতি অধিককৈ অনন্তকলীয়া গুৰুতৰ গৌৰৱ সাধন কৰিছে।”—২ কৰিন্থীয়া ৪:১৮

নিঃসন্দেহ, আপোনাৰ পৰিয়াল আৰু বিবাহিত জীৱন সুখী কৰিবলৈ আপুনি দেহে-কেহে চেষ্টা কৰিছে, কিন্তু কেতিয়াবা অকস্মাতে হোৱা দুৰ্ঘটনাৰ বাবে আপোনাক আনন্দ বজাই ৰখা হয়তো কঠিন হʼব পাৰে। (উপদেশক ৯:১১) কঠিন সমস্যাবোৰৰ সন্মুখীন হোৱাৰ সময়ত, যিহোৱা ঈশ্বৰে প্ৰেমেৰে আমাক সহায় আগবঢ়ায়। যদি আপুনি পৰৱৰ্তী বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰে, তেতিয়া আপুনি আৰু আপোনাৰ পৰিয়ালে যিকোনো বিপদৰ সন্মুখীন হʼব পাৰিব।

১ যিহোৱা ঈশ্বৰৰ ওপৰত ভৰসা ৰাখক

বাইবেলত কি উল্লেখ আছে: “তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া; কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।” (১ পিতৰ ৫:৭) সদায় মনত ৰাখিব যে আপোনালোকে সন্মুখীন হোৱা পৰীক্ষাবোৰৰ বাবে ঈশ্বৰ কেতিয়াও দায়ী নহয়। (যাকোব ১:১৩) যদি আপুনি ঈশ্বৰৰ কাষ চাপে, তেনেহʼলে তেওঁ আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিবলৈ সহায় কৰিব। (যিচয়া ৪১:১০) “তোমালোকৰ সমুদায় মনৰ কথা তেওঁৰ আগত ভাঙি কোৱা।”—গীতমালা ৬২:৮.

প্ৰতিদিনে বাইবেল পঢ়া আৰু অধ্যয়ন কৰাৰ যোগেদি আপুনি শান্ত্বনা লাভ কৰিব পাৰিব। এইদৰে কৰিলে যিহোৱা ঈশ্বৰে কেনেকৈ “আমাৰ ক্লেশৰ মাজত আমাক শান্ত্বনা” দিয়ে, তাৰ বিষয়ে আপুনি অনুভৱ কৰিব। (২ কৰিন্থীয়া ১:৩, ৪; ৰোমীয়া ১৫:৪) তেওঁ আমাক “সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি” তাক দিব বুলি প্ৰতিজ্ঞা কৰিছে।—ফিলিপীয়া ৪:৬, ৭, ১৩.

আপুনি কি কৰিব পাৰে:

  • শান্ত হৈ থাকিবলৈ আৰু ভালদৰে চিন্তা-চৰ্চ্চা কৰিবলৈ যিহোৱা ঈশ্বৰক প্ৰাৰ্থনা কৰক

  • আপোনাৰ সকলোবোৰ উপায় চালি-জাৰি চাওক আৰু আটাইতকৈ ভাল উপায়টো বাছনি কৰক

২ আপুনি নিজৰ আৰু পৰিয়ালৰ যত্ন লওক

বাইবেলত কি উল্লেখ আছে: “সুবিবেচকৰ মনে জ্ঞান উপাৰ্জ্জন কৰে, আৰু জ্ঞানীবিলাকে কাণেৰে জ্ঞানৰ চেষ্টা কৰে।” (হিতোপদেশ ১৮:১৫) সকলোবোৰ কথা ভালদৰে জানি লওক। পৰিয়ালৰ প্ৰতিজন সদস্যৰ কি প্ৰয়োজন, তাক বিচাৰি উলিয়াওক। তেওঁলোকৰ লগত কথা-বতৰা হওক আৰু তেওঁলোকৰ কথা ভালদৰে শুনক।—হিতোপদেশ ২০:৫.

যদি কোনোবা আপোনজনাৰ মৃত্যু হয়, তেতিয়া আপুনি কি কৰিব? আপুনি আপোনাৰ আৱেগ-অনুভূতি প্ৰকাশ কৰিবলৈ সংকোচ নকৰিব। মনত ৰাখিব যে আনকি যীচুৱেও “ক্ৰন্দন” কৰিছিল। (যোহন ১১:৩৫; উপদেশক ৩:৪) ইয়াৰ উপৰিও বিশ্ৰাম আৰু টোপনিৰ প্ৰয়োজন। (উপদেশক ৪:৬) এনে কৰিলে যিকোনো পৰিস্থিতিৰ সন্মুখীন হʼবলৈ আপোনাৰ সহজ হৈ পৰিব।

আপুনি কি কৰিব পাৰে:

  • কিবা দুৰ্ঘটনা ঘটাৰ আগতেই, পৰিয়ালৰ লোকসকলৰ লগত যোগাযোগ ৰাখিবলৈ চেষ্টা কৰক। এইদৰে কৰিলে, কিবা সমস্যা অহাৰ সময়ত আপোনাৰ লগত কথা পাতিবলৈ তেওঁলোকৰ সহজ হৈ পৰিব

  • আপোনাৰ দৰে একেই সমস্যাৰ সন্মুখীন হোৱা লোকসকলৰপৰা পৰামৰ্শ লওক

৩ প্ৰয়োজনীয় সহায় গ্ৰহণ কৰক

বাইবেলত কি উল্লেখ আছে: “বন্ধুৱে সকলো সময়তে ভাল পায়; কিন্তু ভায়েক দুৰ্দ্দশাৰ নিমিত্তে জন্ম পায়।” (হিতোপদেশ ১৭:১৭) আপোনাৰ বন্ধুসকলে আপোনাক সহায় কৰিব বিচাৰে, কিন্তু কেনেকৈ সহায় কৰিব তাক তেওঁলোকে নাজানে। আপোনাক কি সহায়ৰ প্ৰয়োজন, সেই বিষয়ে বন্ধুসকলক জনাওক। (হিতোপদেশ ১২:২৫) ইয়াৰ উপৰিও বাইবেলৰ জ্ঞান থকা ভাই-ভনীসকলৰপৰা সহায় লওক। তেওঁলোকে বাইবেলৰপৰা দিয়া পৰামৰ্শই আপোনাক সমস্যাবোৰ সমাধান কৰিবলৈ সহায় কৰিব।—যাকোব ৫:১৪.

যিহোৱা ঈশ্বৰক বিশ্বাস কৰা আৰু তেওঁৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত ভৰসা কৰা লোকসকলৰ লগত নিয়মীয়াকৈ সংগতি কৰিলে, আপোনাৰ প্ৰয়োজনৰ সময়ত আপুনি সহায় লাভ কৰিব। হতাশ লোকসকললৈ সহায় আগবঢ়ালে, আপুনি নিজেও শান্ত্বনা লাভ কৰিব। যিহোৱা ঈশ্বৰৰ ওপৰত থকা আপোনাৰ বিশ্বাস আৰু প্ৰতিজ্ঞাৰ বিষয়ে তেওঁলোকক জনাওক। প্ৰয়োজনীয় লোকক সহায় আগবঢ়োৱা কাৰ্য্যত ব্যস্ত থাকক। আপোনাক ভালপোৱা আৰু যত্ন লোৱা লোকসকলৰ পৰা আঁতৰি নাথাকিব।—হিতোপদেশ ১৮:১; ১ কৰিন্থীয়া ১৫:৫৮.

আপুনি কি কৰিব পাৰে:

  • আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত কথা-বতৰা হওক আৰু তেওঁৰ সহায় গ্ৰহণ কৰক

  • আপোনাৰ প্ৰয়োজনৰ বিষয়ে ভাঙি-পাতি আৰু স্পষ্টৰূপে কওক