Skip to content

মৃত লোকসকল পুনৰ জীৱিত হ’বনে?

মৃত লোকসকল পুনৰ জীৱিত হ’বনে?

আপুনি কি ভাবে . . .

  • হ’ব?

  • নহ’ব?

  • সম্ভৱত?

পবিত্ৰ শাস্ত্ৰ বাইবেলে কি উত্তৰ দিয়ে

“পুনৰুত্থান হব।”—পাঁচনিৰ কৰ্ম্ম ২৪:১৫, পবিত্ৰ বাইবেল O.V. (Ref.)

আপোনাৰ বাবে কি অৰ্থ ৰাখে

আপোনজনাৰ মৃত্যু হ’লে শান্ত্বনা পোৱা যায়।—২ কৰিন্থীয়া ১:৩, ৪.

মৃত্যুৰ ভয়ৰপৰা মুক্তি দিয়ে।—ইব্ৰী ২:১৫.

মৃত্যু হোৱা আপোন লোকসকলক পুনৰ দেখা পোৱাৰ প্ৰকৃত আশা।—যোহন ৫:২৮, ২৯.

বাইবেলত উল্লেখ থকা বিষয়বোৰ আমি বিশ্বাস কৰিব পাৰোঁনে?

হয় পাৰোঁ। অন্তত তিনিটা কাৰণৰ বাবে:

  • সৰ্ব্বশক্তিমান ঈশ্বৰ হৈছে সকলোৰে সৃষ্টিকৰ্ত্তা। যিহোৱা ঈশ্বৰক বাইবেলে “জীৱনৰ ভুমুক” বুলি উল্লেখ কৰিছে। (গীতমালা ৩৬:৯; পাঁচনিৰ কৰ্ম্ম ১৭:২৪, ২৫) ঈশ্বৰে আমাক জীৱন দিছে আৰু সেইবাবে মৃত্যু হোৱা এজন ব্যক্তিক পুনৰ জীৱন দিয়াটো তেওঁৰ বাবে কোনো অসম্ভৱ নহয়।

  • অতীতত ঈশ্বৰে মৃত লোকসকলক পুনৰুত্থান কৰিছিল। আঠজন ব্যক্তিক এই পৃথিৱীত পুনৰুত্থান কৰাৰ বিষয়ে বাইবেলত উল্লেখ আছে। তেওঁলোকৰ ভিতৰত পুৰুষ, মহিলা, সৰু ল’ৰা-ছোৱালী আৰু বৃদ্ধলোকো আছিল। কেইজনমানক মৃত্যু হোৱাৰ কিছু সময়ৰ পাছত পুনৰুত্থান কৰা হৈছিল, কিন্ত্ত এজন ব্যক্তিক মৃত্যুৰ চাৰিদিনৰ পাছত কবৰৰপৰা পুনৰুত্থান কৰা হৈছিল।—যোহন ১১:৩৯-৪৪.

  • যিহোৱা ঈশ্বৰে পুনৰুত্থান কৰিবলৈ ইচ্ছুক। যিহোৱা ঈশ্বৰে মৃত্যুক ঘৃণা কৰাৰ উপৰিও, ইয়াক এটা শত্ৰু হিচাপে দৃষ্টি কৰে। (১ কৰিন্থীয়া ১৫:২৬) ঈশ্বৰে লোকসকলক পুনৰুত্থান কৰাৰ যোগেদি মৃত্যুক জয় কৰিবলৈ “হাবিয়াহ” কৰে। তেওঁৰ স্মৃতিত থকা লোকসকলক পুনৰ জীৱন দি, যিহোৱা ঈশ্বৰে তেওঁলোকক এই পৃথিৱীত চাবলৈ ইচ্ছা কৰে।—ইয়োব ১৪:১৪, ১৫.

এই বিষয়ে চিন্তা কৰক

আমি কিয় বৃদ্ধ হওঁ আৰু মৰোঁ?

বাইবেলে ইয়াৰ উত্তৰ আদিপুস্তক ৩:১৭-১৯ আৰু ৰোমীয়া ৫:১২ পদত দিছে।