অতিৰিক্ত লেখ
তেজৰপৰা উলিওৱা ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ আৰু অস্ত্ৰোপচাৰ পদ্ধতি
তেজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ। তেজৰ চাৰিটা মৌলিক উপাদান হৈছে প্লাজ্মা, লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা আৰু প্লেটলেটছ্। এই চাৰিটা উপাদানৰপৰা তেজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ উলিওৱা হয়। উদাহৰণস্বৰূপে, লোহিত ৰক্ত কণিকাত হিম’গ্লবিন নামৰ এক প্ৰ’টিন থাকে। এনীমিয়া হোৱা ৰোগী বা কিবা কাৰণত শৰীৰৰপৰা তেজ বৈ, তেজৰ পৰিমাণ কম হোৱা ৰোগীক চিকিৎসা কৰিবলৈ মানৱ বা জীৱ-জন্তুৰ হিম’গ্লবিনৰপৰা তৈয়াৰ কৰা কিছুমান ঔষধ ব্যৱহাৰ কৰে।
প্লাজ্মাত ৯০ শতাংশ পানী থাকে। ইয়াত বহুতো হ’ৰমোন, অজৈৱ লৱণ, এনজাইম্, নিউট্ৰিয়েন্টচ্, খনিজ আৰু শৰ্কৰা আদি পদাৰ্থ পোৱা যায়। প্লাজ্মাত এনে পদাৰ্থ আছে যিয়ে আঘাত পোৱাৰ সময়ত অধিক তেজ প্ৰবাহিত হ’বলৈ নিদিয়ে আৰু শৰীৰত ৰোগৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰে। প্লাজ্মাত এলবুমিন নামৰ প্ৰ’টিনো পোৱা যায়। যদি এজন ব্যক্তিৰ শৰীৰত ৰোগৰ বিৰুদ্ধে যুঁজ কৰাৰ শক্তি নাথাকে, তেনেহ’লে চিকিৎসকে হয়তো গামা গ্ল’বুলিনৰ বেজি ল’বলৈ ক’ব পাৰে। ৰোগৰ বিৰুদ্ধে যুঁজ কৰাৰ শক্তি থকা ব্যক্তিৰ প্লাজ্মাৰপৰা গামা গ্ল’বুলিন তৈয়াৰ কৰা হয়। শ্বেত ৰক্ত কণিকাৰপৰা ইনটাৰফিৰণ আৰু ইনটাৰল্যুকিন বাহিৰ কৰা হয়, যি সাধাৰণতে সংক্ৰামক আৰু কেন্সাৰৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।
সত্য খ্ৰীষ্টানসকলে এনেধৰণৰ চিকিৎসা পদ্ধতি গ্ৰহণ কৰা উচিতনে, য’ত তেজৰপৰা বাহিৰ কৰা কিছুমান পদাৰ্থ ব্যৱহাৰ কৰা হয়? ইয়াৰ বিষয়ে বাইবেলে কোনো ধৰা-বন্ধা নিয়ম বান্ধি দিয়া নাই। সেইবাবে, প্ৰতিজন ব্যক্তিয়ে ঈশ্বৰৰ দ্বিতীয় বিবৰণ ১২:২২-২৪) আন কিছুমানে এনে চিকিৎসা গ্ৰহণ কৰে য’ত তেজৰপৰা ওলোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ ব্যৱহাৰ কৰা হয়। কিন্তু তেওঁলোকেও তেজ বা তেজৰ মুল উপাদানবোৰ গ্ৰহণ নকৰে। তেওঁলোকে বিশ্বাস কৰে যে যেতিয়া এটা প্ৰাণীৰপৰা কোনো তেজ উলিয়াই, তাৰপৰা বেলেগ বেলেগ পদাৰ্থ বাহিৰ কৰা হয়, তেতিয়া সেই পদাৰ্থবোৰ সেই প্ৰাণীৰ জীৱনক চিত্ৰিত নকৰে।
আগত নিজৰ প্ৰশিক্ষিত বিবেকৰ সহায়ত নিৰ্ণয় লোৱা উচিত। কিছুমান লোকে হয়তো তেজৰ কোনো উপাদান গ্ৰহণ নকৰে। তেওঁলোকে ইয়াৰ কাৰণ বৰ্ণনা কৰে যে ইস্ৰায়েলীসকলক যিহোৱা ঈশ্বৰে জীৱ-জন্তুৰ তেজ ‘মাটিত ঢালিবলৈ’ আজ্ঞা দিছিল। (তেজৰ উপাদানৰ বিষয়ে নিৰ্ণয় লোৱাৰ সময়ত, এই প্ৰশ্নবোৰ বিবেচনা কৰক: যদি মই তেজৰ কোনো অংশ গ্ৰহণ নকৰোঁ বুলি নিৰ্ণয় লৈছোঁ, তেনেহ’লে মই জানোঁনে যে তেজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশৰপৰা তৈয়াৰী কৰা এনে কোনো ঔষধ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা, যিবোৰে ৰোগৰ বিৰুদ্ধে যুঁজ কৰিবলৈ শক্তি দিয়ে অথবা তেজ বন্ধ কৰাত বা গোট মৰাত সহায় কৰে? মই চিকিৎসকক তেজৰপৰা বাহিৰ কৰা এটা বা তাতোতকৈ অধিক অংশ গ্ৰহণ কৰা বা নকৰাৰ কাৰণ বৰ্ণনা কৰিব পাৰিমনে?
অস্ত্ৰোপচাৰ পদ্ধতি। ইয়াত হিম’ডাইলুশ্বান আৰু ছেল ছালৱেজ আদি পদ্ধতি জড়িত আছে। হিম’ডাইলুশ্বান এনে এক পদ্ধতি, য’ত অস্ত্ৰোপচাৰ কৰাৰ সময়ত এজন ৰোগীৰ অলপ তেজ জমা কৰি ৰখা হয় আৰু শৰীৰত থকা তেজৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে এবিধ ঔষধ দিয়া হয়। অস্ত্ৰোপচাৰৰ পাছত জমা কৰি ৰখা তেজখিনি পুনৰ ৰোগীৰ শৰীৰত দিয়া হয়। ছেল ছালৱেজ এনে এক পদ্ধতি,
য’ত অস্ত্ৰোপচাৰ কৰাৰ সময়ত ওলোৱা তেজখিনি এটা মেচিনৰ দ্বাৰা জমা কৰি ৰখা হয় আৰু পাছত ৰোগীৰ শৰীৰত পুনৰ দিয়া হয়। অস্ত্ৰোপচাৰৰ সময়ত কটা ঠাইৰপৰা ওলোৱা তেজখিনি জমা কৰা হয় আৰু এটা মেচিনৰ সহায়ত পৰিষ্কাৰ কৰি পুনৰ শৰীৰত দিয়া হয়। এই পদ্ধতি ব্যৱহাৰ কৰাৰ বাবে বিভিন্ন চিকিৎসকে বিভিন্ন উপায় অৱলম্বন কৰে। সেইবাবে এজন খ্ৰীষ্টানে অস্ত্ৰোপচাৰ কৰাৰ আগতে চিকিৎসকক সোধা উচিত যে তেওঁ কোনটো উপায় অৱলম্বন কৰিব।এনে পদ্ধতিৰ বিষয়ে নিৰ্ণয় লোৱাৰ সময়ত নিজকে সোধক: ‘যদি মোৰ শৰীৰৰপৰা কিবা প্ৰকাৰে অলপ তেজ উলিওৱা হয় আৰু কিছুসময়ৰ বাবে তাৰ প্ৰবাহত বাধা আহে, তেনেহ’লে এতিয়াও সেই তেজক মোৰ শৰীৰৰ ভাগ আৰু ইয়াক ‘মাটিত ঢালি দিয়াৰ’ প্ৰয়োজন নাই বুলি মানিবলৈ মোৰ বিবেকে অনুমতি দিবনে? (দ্বিতীয় বিবৰণ ১২:২৩, ২৪) যদি চিকিৎসাৰ সময়ত মোৰ অলপ তেজ শৰীৰৰপৰা উলিওৱা হয় আৰু তাত কিবা সাল-সলনি কৰি পুনৰ মোৰ শৰীৰত দিয়া হয়, তেনেহ’লে মোৰ বিবেকক আঘাত কৰিব নেকি? মই এই বিষয়ে জানোঁ নেকি যে চিকিৎসাৰ বাবে মোৰ নিজৰ তেজ ব্যৱহাৰ কৰা বিষয়ৰ লগত জড়িত থকা সকলো চিকিৎসা গ্ৰহণ নকৰোঁ বুলি ক’লে, মই ডায়েলাইছিছ আৰু হাৰ্ট-লাং বাইপাছ মেচিন আদি চিকিৎসা পদ্ধতি গ্ৰহণ নকৰিম?’
এজন সত্য খ্ৰীষ্টানে অস্ত্ৰোপচাৰ কৰাৰ সময়ত নিজৰ তেজৰ ব্যৱহাৰ কেনেদৰে কৰিব, তাৰে বিষয়ে তেওঁ নিজে নিৰ্ণয় লোৱা উচিত। এই কথা সকলো ধৰণৰ পৰীক্ষা আৰু আধুনিক চিকিৎসা পদ্ধতিৰ ওপৰতো প্ৰযোজ্য, য’ত ৰোগীৰ শৰীৰৰপৰা অলপ তেজ বাহিৰ কৰা হয় আৰু কিবা প্ৰকাৰে সাল-সলনি কৰি শৰীৰত পুনৰ দিয়া হয়।