Skip to content

Skip to table of contents

পুনৰুত্থান হৈছে এক উজ্জ্বল আশা

পুনৰুত্থান হৈছে এক উজ্জ্বল আশা

পুনৰুত্থান হৈছে এক উজ্জ্বল আশা

 পু নৰুত্থানৰ বিষয়ে বহুতে বিশ্বাস কৰে। ইছলাম ধৰ্ম্ম গ্ৰন্থ, অৰ্থাৎ পবিত্ৰ কোৰানৰ সম্পূৰ্ণ এটা অধ্যায়ত পুনৰুত্থানৰ বিষয়ে উল্লেখ কৰা হৈছে। ৭৫ অধ্যায়ৰ এটা অংশত এইদৰে কোৱা হৈছে: “মই পুনৰুত্থান দিনৰ বিষয়ে কছম খাই কৈছোঁ, . . . ইনচানে ভাবেনে যে আমি বিছিন্ন হৈ থকা হাড়বোৰ একত্ৰিত কৰিব নোৱাৰোঁ? . . . তেওঁ এইদৰে প্ৰশ্ন কৰিছে: ‘সেই পুনৰজীন্দেগীৰ দিন কেতিয়া আহিব?’ তেওঁ সেইজনা নহয়নে, যিজনে মূৰ্দাক জীন্দেগী দিব পাৰে?”—চুৰা ৭৫:১-৬, ৪০.

দ্য নিউ এনচাইক্লোপিডিয়া ব্ৰিটেনিকাʼই এইদৰে মন্তব্য দিছে: “জৰাথ্ৰুষ্ট অনুগামীসকলে দুষ্টতাৰ অন্ত, ধাৰ্ম্মিক-অধাৰ্ম্মিকৰ পুনৰুত্থান, এক অন্তিম ন্যায়-বিচাৰ আৰু ধাৰ্ম্মিকতাৰ এক পৰিষ্কাৰ পৰিৱেশ এই পৃথিৱীত স্থাপন কৰা হʼব বুলি বিশ্বাস কৰে।”

এনচাইক্লোপিডিয়া জুডায়াকাʼত পুনৰুত্থানৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে, “এইটো হৈছে এনে এটা বিশ্বাস, যʼত মৃতব্যক্তিসকলে পুনৰাই এই পৃথিৱীত তেওঁলোকৰ সৰ্ব্বশৰীৰে জী উঠিব।” যিহেতু সেই একেই উদ্ধৃতিয়ে এইদৰে মন্তব্য দিছে যে জুডাইজিম, অৰ্থাৎ ইহুদীসকলে পিছলৈ মানুহত এটা অমৰ প্ৰাণ থাকে বুলি বিশ্বাস কৰিবলৈ লয়। এই কিতাপখনত এইদৰে মানি লৈছে: “দৰাচলতে পুনৰুত্থান আৰু অমৰ প্ৰাণ এই দুয়োটা বিশ্বাস ইটোৱে সিটোৰ সৈতে সম্পূৰ্ণকৈ অমিল।”

হিন্দু ধৰ্ম্মৰ অনুসাৰে মানুহে কেইবাৰো পুনৰজন্ম বা নৱৰূপ লয়। যদি এই কথা সঁচা হোৱা হʼলে মানুহৰ প্ৰাণ মৃত্যুৰ পিছতো জীয়াই থাকিব লাগিছিল। হিন্দুসকলৰ পবিত্ৰ গ্ৰন্থ, অৰ্থাৎ ভাগৱত গীতাত এইদৰে বৰ্ণনা কৰা হৈছে: “সেই প্ৰাণে শৰীৰৰ প্ৰত্যেকটো অঙ্গক সম্পূৰ্ণকৈ ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰে। সেই অবিনাশী প্ৰাণক কোনেও ধ্বংস কৰিব নোৱাৰে।”

এই ক্ষেত্ৰত বৌদ্ধ ধৰ্ম্ম হিন্দু ধৰ্ম্ম বিশ্বাসতকৈ ভিন্ন। তেওঁলোকে অমৰ প্ৰাণ অস্তিত্বৰ বিষয়ে বিশ্বাস নকৰে। তথাপিও, অদূৰ পূব দেশবোৰত থকা বহুতো বৌদ্ধ ধৰ্ম্মাৱলম্বী লোকে এক অমৰ প্ৰাণ, যি পৰিভ্ৰমন কৰিবলৈ শৰীৰৰ পৰা ওলাই যায় বুলি বিশ্বাস কৰে। a

পুনৰুত্থান শিক্ষাৰ বিষয়ে থকা বিভ্ৰান্তি

তথাকথিত খ্ৰীষ্টানসকলে পতা অন্ত্যেষ্টিক্ৰিয়া সভাত প্ৰায়ে মৃত্যুৰ পিছত জীয়াই থকা প্ৰাণ আৰু পুনৰুত্থানৰ বিষয়ে উল্লেখ কৰা হয়। উদাহৰণস্বৰূপে, এনজেলীকান যাজকসকলে সাধাৰণতে এইদৰে আবৃত্তি কৰে: “যিহেতু এইটো দয়ালুময় সৰ্ব্বশক্তিমান ঈশ্বৰৰ ইচ্ছা হোৱাৰ বাবে আমাৰ প্ৰিয় ভাইৰ প্ৰাণ তেওঁ স্বয়ং গ্ৰহণ কৰিলে আৰু সেয়েহে আমি ভাইজনৰ শৰীৰ মাটিত অৰ্পণ কৰিছোঁ; যি মাটিৰ পৰা মাটিলৈ, ছাইৰ পৰা ছাইলৈ, ধুলিৰ পৰা ধুলিলৈ গতি কৰে; আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰা ভাইজনৰ চিৰকলীয়া জীৱনৰ বাবে অৱশ্যেই পুনৰুত্থান হʼব।”—দ্য বুক অৱ কমন’ প্ৰেয়াৰ।

এই বাক্যশাৰী শুনি এজন ব্যক্তিয়ে আচৰিত হʼব পাৰে যে বাইবেলে পুনৰুত্থানৰ বিষয়ে শিক্ষা দিয়ে নতুবা অমৰ প্ৰাণৰ সিদ্ধান্তটো সঁচা। এই বিষয়ে ফ্ৰান্সৰ প্ৰফেচাৰ অস্কাৰ কৌলমেনে কি কৈছিল, সেই বিষয়ে মন কৰক। তেওঁ ইমʼৰটেলীটি অৱ চৌল অৰ্‌ ৰিজাৰেক্সেন অৱ দ্য ডেদ্‌? নামৰ নিজে লিখা কিতাপখনত এইদৰে লিখিছিল: “খ্ৰীষ্টানসকলে আশা কৰা মৃতজনাৰ পুনৰুত্থান আৰু গ্ৰীকসকলে বিশ্বাস কৰা প্ৰাণ অমৰ বিষয়টোৰ মাজত এক বৃহৎ ভিন্নতা আছে। . . . যিহেতু বহু পিছলৈ যদিও এই দুই বিশ্বাসক একেলগ কৰি প্ৰতিষ্ঠিত কৰা হয়, তথাপিও বৰ্তমান সময়ত সাধাৰণ খ্ৰীষ্টানসকলক এই বিষয়টোৱে সম্পূৰ্ণকৈ বিমোৰত পেলায়। বেছিভাগ বিদ্বানে যিটোক সত্য বুলি বিবেচনা কৰিছে, সেই সত্যতাক গোপনে ৰখাৰ কোনো কাৰণ দেখিবলৈ পোৱা নাই। . . . জীৱন আৰু নতুন নিয়মৰ সম্পূৰ্ণ বিচাৰধাৰা পুনৰুত্থানৰ বিশ্বাসৰ ওপৰত আধাৰিত কৰি লিখা হৈছে। . . . ঈশ্বৰে নিজৰ সৃষ্টিৰ দ্বাৰা সম্পূৰ্ণ ব্যক্তিজনক তেওঁৰ শৰীৰৰ সৈতে পুনৰুত্থান কৰিব।”

সেয়েহে লোকসকলে মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে কিয় বিমোৰত পৰে, এই বিষয়ে আচৰিত হোৱা কোনো কাৰণ নাই। এই বিভ্ৰান্তিক দূৰ কৰিবলৈ, আমি নিশ্চয়ে বাইবেলৰ সহায় লোৱা উচিত। কিয়নো ইয়াত মানৱৰ সৃষ্টিকৰ্ত্তা যিহোৱা ঈশ্বৰে পুনৰুত্থানৰ বিষয়ে সত্য কি, সেই বিষয়ে স্পষ্টকৈ প্ৰকাশ কৰিছে। বহুতো পুনৰুত্থানৰ ঘটনাৰ বিষয়ে বাইবেলত লিপিবদ্ধ আছে। এতেকে আঁহক আমি ইয়াৰ চাৰিটা বিৱৰণী আৰু সেইবোৰে কি প্ৰকাশ কৰে, এই সম্পৰ্কে বিবেচনা কৰি চাওঁহঁক।

“তিৰোতাবিলাকে নিজ নিজ মৃতবিলাকক পুনৰুত্থানৰ দ্বাৰাই পুনৰায় পালে”

পৌল, যিজনে ইহুদীৰ পৰা খ্ৰীষ্টান হৈছিল, তেওঁ লিখা পত্ৰত এইদৰে কৈছিল: “তিৰোতাবিলাকে নিজ নিজ মৃতবিলাকক পুনৰুত্থানৰ দ্বাৰাই পুনৰায় পালে।” (ইব্ৰী ১১:৩৫) সেই তিৰোতাবিলাকৰ মাজৰ এগৰাকীয়ে চাৰিফৎ নামৰ নগৰত বাস কৰিছিল, যিখন ভূমধ্যসাগৰৰ উপকূল অঞ্চলৰ চীদোনত থকা কানানীয়া নগৰৰ কাষত অৱস্থিত আছিল। এই তিৰোতাগৰাকী বিধৱা আছিল আৰু তাই অত্যন্ত আকালৰ সময়তো ঈশ্বৰৰ ভৱিষ্যতবক্তা এলিয়ালৈ অতিথিপৰায়ণতা দেখুৱাইছিল। দুখৰ বিষয় এই যে তাইৰ একমাত্ৰ লʼৰাটিয়ে বেমাৰত পৰি মৃত্যু হয়। তেতিয়া এলিয়াই তৎক্ষণাত লʼৰাটিক ঘৰৰ ওপৰ-কোঁঠালিলৈ কোলাত তুলি লৈ গʼল আৰু লʼৰাটিক জীয়াই তুলিবলৈ যিহোৱাৰ আগত অনুৰোধ কৰিলে। সেই সময়ত এক অলৌকিক ঘটনা ঘটিল আৰু লʼৰাটি “পুনৰায় জীলে।” এলিয়াই লʼৰাটিক তাৰ মাকৰ হাতত গতাই দি এইদৰে কʼলে: “চোৱা, এয়া তোমাৰ পুতেৰা জীলে।” তেতিয়া লʼৰাটিৰ মাকে কেনে প্ৰতিক্ৰিয়া দেখুৱালে? তাই আনন্দিত হৈ এইদৰে কʼলে: “এতিয়া মই জানিলোঁ, যে আপুনি ঈশ্বৰৰ লোক, আৰু আপোনাৰ মুখত থকা যিহোৱাৰ বাক্যও সত্য।”—১ ৰাজাৱলি ১৭:২২-২৪.

চাৰিফৎ চহৰৰ পৰা প্ৰায় ১০০ কি.মি. নিলগত এহাল উদাৰমনৰ দম্পতীয়ে বাস কৰিছিল। তেওঁলোকে এলিয়াৰ পিছত হʼবলগীয়া ভৱিষ্যতবক্তা ইলীচাক চোৱা-চিতা কৰিছিল। সেই দম্পতীৰ পত্নী গৰাকী চূনেম নামৰ নিজা নগৰত এক বিশিষ্ট ব্যক্তি আছিল। তাই আৰু তাইৰ স্বামীয়ে তেওঁলোকৰ ঘৰৰ ওপৰত থকা কোঁঠালীত ইলীচাক ৰাখিবলৈ মান্তি হৈছিল। বহু সময়ৰ পৰা কোনো সন্তান নথকাত তেওঁলোকৰ দুখ অৱশেষত এটি পুত্ৰ জন্ম হোৱাত অন্ত পৰিল। সেই লʼৰাটি ডাঙৰ-দীঘল হৈ অহাত সি তাৰ পিতৃৰ সৈতে মেৰামতি কৰা কামত জড়িত হৈ পৰিল। এদিন এক দুৰ্ঘটনা ঘটিল। লʼৰাটিৰ মূৰত হোৱা অত্যন্ত বিষৰ বাবে জোৰকৈ কান্দিবলৈ ধৰিলে। এনেতে এজন পৰিচাৰকে লʼৰাটিক তাৰ মাকৰ ওচৰলৈ লৈ আহিল। মাকে তাক নিজৰ কোলাত লৈ নিচুকাবলৈ ধৰিলে, কিন্তু ক্ৰমান্বয়ে লʼৰাটিৰ মৃত্যু হয়। লʼৰাটিক হেৰুৱাই শোকত ভাঙি পৰা মাকে সহায়ৰ বাবে ইলীচাৰ ওচৰলৈ যাবলৈ নিৰ্ণয় লʼলে। মাকে এজন পৰিচাৰকৰ সৈতে ইলীচাই বাস কৰা কৰ্মিল পৰ্ব্বতীয়া অঞ্চললৈ যাত্ৰা কৰিলে।

ইলীচাই গেহজী নামৰ এজন পৰিচাৰকক আগতীয়াকৈ পঠিয়ালে আৰু ইলীচা আৰু মৃত লʼৰাটিৰ মাক পাছে পাছে গʼল। সেই পৰিচাৰকে লʼৰাটিক মৃত্যু অৱস্থাত পালে। তেওঁলোকে চূনেম নগৰৰ লʼৰাটি থকা ঘৰটোত উপস্থিত হোৱাত কি ঘটিল? সেই বিষয়ে ২ ৰাজাৱলি ৪:৩২-৩৭ পদত এইদৰে বৰ্ণনা কৰিছে: “পাছে ইলীচাই সেই ঘৰলৈ আহি দেখিলে, যে, লৰাটি মৰা, আৰু তেওঁৰ শয্যাত তাক শুৱাই ৰখা হৈছে। তেতিয়া তেওঁ ভিতৰত সোমাল, আৰু তেওঁবিলাক দুজনক বাহিৰত ৰাখি দুৱাৰ জপাই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে। আৰু তেওঁ খাটত উঠি লৰাটিৰ ওপৰত শয়ন কৰিলে; তেওঁ তাৰ মুখৰ ওপৰত নিজ মুখ; তাৰ চকুৰ ওপৰত চকু আৰু তাৰ হাতৰ তলুৱাৰ ওপৰত হাতৰ তলুৱা ৰাখি, তাৰ ওপৰত দীঘল হৈ পাৰিল; তাতে লৰাটিৰ গা গৰম হৈ উঠিল। পাছে তেওঁ ওভটি আহি ঘৰৰ ভিতৰত এবাৰ ইফাল-সিফালকৈ ফুৰিলে; পাছত পুনৰায় উঠি গৈ তাৰ ওপৰত দীঘল হৈ পৰিল; তাতে লৰাটিয়ে সাতবাৰ হাঁচি মাৰিলে, আৰু লৰাটিয়ে চকুও মেলিলে। তেতিয়া তেওঁ গেহজীক মাতি কʼলে, সেই চূনেমিয়ানীক মাতা; সি তাইক মাতিলত, সেই তিৰোতা তেওঁৰ ওচৰত উপস্থিত হল; তাতে তেওঁ কলে, তোমাৰ লৰাক লোৱা। তেতিয়া সেই তিৰোতাই ভিতৰলৈ গৈ তেওঁৰ ভৰিৰ তলত পৰি ভূমিত মুখ দি প্ৰণিপাত কৰিলে, আৰু নিজ পুতেকক তুলি লৈ বাহিৰলৈ আহিল।”

চাৰিফৎ চহৰত বাস কৰা বিধৱা স্ত্ৰীগৰাকীৰ দৰে চূনেমত থকা মহিলাগৰাকীয়েও জানিলে যে ঈশ্বৰৰ শক্তিৰ বাবে কি ঘটিল। ঈশ্বৰে তেওঁলোকৰ প্ৰিয় ব্যক্তিজনক পুনৰাই জীয়াই তুলাৰ বাবে তেওঁলোকৰ আনন্দৰ কোনো সীমা নোহোৱা হৈছিল।

যীচুৱে তেওঁৰ পৰিচৰ্য্যাৰ সময়ত কৰা পুনৰুত্থান

সেই ঘটনাৰ প্ৰায় ৯০০ বছৰৰ পিছত চূনেমৰ পৰা অলপ দূৰত অৱস্থিত থকা নায়িন নামৰ এখন গাঁৱত এজন ব্যক্তিক পুনৰুত্থান কৰা হʼল। যীচু আৰু তেওঁৰ শিষ্যসকলে কফৰনাহূমৰ পৰা নায়িন নামৰ গাওঁখনত সোমোৱাৰ পথত তেওঁলোকে শৱযাত্ৰা কৰা এক বৃহৎ লোকসমূহক লগ পায় আৰু তাত যীচুৱে এগৰাকী বিধৱা স্ত্ৰীক নিজৰ একমাত্ৰ পুত্ৰক হেৰুৱাই শোক কৰি থকা দেখে। তেতিয়া যীচুৱে সেই মহিলাগৰাকীক নাকান্দিবলৈ কʼলে। পাছত কি ঘটিল, সেই বিষয়ে চিকিৎসক লূকে এইদৰে বৰ্ণনা কৰিছে: “পাছে তেওঁ ওচৰলৈ গৈ মৰাৰ চাং চুলত, বৈ নিয়াবিলাক ৰল। তাতে তেওঁ কলে, হে ডেকা মানুহ, উঠা; মই ইয়াকে তোমাক কৈছোঁ। তেতিয়া সেই মৰা মানুহজনে উঠি, বহি কথা কবলৈ ধৰিলে। পাছে যীচুৱে তেওঁক মাকৰ হাতত দিলে।” (লূক ৭:১৪, ১৫) যিসকলে সেই ঐশ্বৰিক ঘটনা দেখিলে, তেওঁলোকে ঈশ্বৰৰ মহিমা কৰিলে। পুনৰুত্থানৰ এই বাৰ্ত্তা যিহূদীয়াৰ দক্ষিণ ভাগ আৰু ওচৰে-পাজৰে থকা অঞ্চলবোৰলৈ বিয়পী পৰিল। আগ্ৰহপূৰ্ণৰ বিষয় এই যে, যোহন বাপ্তাইজকৰ এজন অনুগামীয়ে সেই ঐশ্বৰিক ঘটনাৰ বিষয়ে যোহনক সংবাদ দিলে। তাতে যোহন বাপ্তাইজকে লোকসমূহক যীচুক বিচাৰি তেওঁ সেই আশা কৰা মচীহ হয়নে নহয়, সেই বিষয়ে সুধিবলৈ পঠিয়ালে। যীচুৱে সেই লোকসমূহক এইদৰে কʼলে: “তোমালোক যোৱা, আৰু যি দেখিলা, শুনিলা, তাৰ সম্বাদ যোহনক দিয়াগৈ; অন্ধই চকু পুনৰায় পাইছে, খোৰাই খোজ কাঢিছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃতবিলাকক তোলা হৈছে, দৰিদ্ৰবিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰা হৈছে।”—লূক ৭:২২.

যীচুৱে তেওঁৰ বন্ধু লাজাৰক পুনৰুত্থান কৰা বিষয়টো সকলোৰে পৰিচিত। এই ক্ষেত্ৰত যীচুৱে মৃত লাজাৰৰ ঘৰত পলমকৈ উপস্থিত হৈছিল। যেতিয়া যীচুৱে বৈথনীয়া গাঁৱত উপস্থিত হয় তেতিয়া লাজাৰৰ মৃত্যু হোৱা চাৰি দিন হৈছিল। যীচুৱে লাজাৰৰ কবৰৰ মুখত থকা শিলচটা গুচাই দিবলৈ কলে। তাতে মাৰ্থাই ইতস্ততঃ কৰি কয় যে, “হে প্ৰভু, এতিয়া শৰীৰত দুৰ্গন্ধ হৈছে: কিয়নো আজি চাৰি দিন হল।” (যোহন ১১:৩৯) লাজাৰৰ শৰীৰ ক্ষয় পোৱা অৱস্থাত থকাৰ স্বত্ত্বেও পুনৰুত্থান কৰাত একোৱেই বাধা হʼব নোৱাৰিলে। যীচুৱে আজ্ঞা কৰাত, “সেই মৃতজন, হাতভৰি মৈদামৰ কাপোৰেৰে বন্ধা, আৰু মুখ গামোচাৰে বন্ধা হৈ বাহিৰলৈ আহিল।” এই ঘটনাৰ পিছত যীচুৰ শত্ৰুবিলাকে দেখুৱা প্ৰতিক্ৰিয়াৰ পৰা স্পষ্টকৈ জানিব পাৰি যে জীয়াই উঠা ব্যক্তিজন বাস্তৱতে লাজাৰ আছিল।—যোহন ১১:৪৩, ৪৪; ১২:১, ৯-১১.

পুনৰুত্থানৰ এই চাৰিটা বিৱৰণীৰ পৰা আমি কেনে সিদ্ধান্তত উপনীত হʼব পাৰোঁ? প্ৰত্যেকটো পুনৰুত্থানৰ বিৱৰণীত সেই ব্যক্তিবিলাকৰ একেই ব্যক্তিত্বতে জীয়াই তুলা হৈছিল। সেই ব্যক্তিসকলক তেওঁলোকৰ আত্মীয় লোকে চিনি পোৱাৰ উপৰিও আন সকলোৱে চিনিব পাৰিলে। ইয়াত বৰ্ণনা কৰা পুনৰুত্থান, ব্যক্তিসকলৰ মৃত্যু হোৱা ক্ষন্তেক পিছতে কৰা হৈছিল বুলি কোৱা নাই। তদুপৰি ইয়াত সেই মৃতসকল আন এখন জগতলৈ যাত্ৰা কৰা বুলিও কোৱা নাই। মৃত্যু হোৱা ব্যক্তিসকলৰ সকলোৱে সম্ভৱতঃ তেওঁলোকৰ ভাল স্বাস্থ্য ঘূৰাই পালে। মৃতসকলৰ সকলোৱে যেন অলপ সময়ৰ বাবে টোপনি গৈছিল আৰু পিছত টোপনিৰ পৰা সাৰ পালে, এই বিষয়ে আনকি আমি যীচুৱে কোৱা কথাশাৰীৰ পৰাও জানিব পাৰোঁ। (যোহন ১১:১১) যিয়েই নহওঁক কিয়, এই ব্যক্তিসকলৰ কিছু বছৰৰ পিছত পুনৰাই মৃত্যু হৈছিল।

মৃত আপোনজনাক জীয়াই উঠা দেখিবলৈ পোৱাটো হৈছে এক ঐশ্বৰীয় আশা

আগৰ লেখটোত উল্লেখ কৰা, এছিড সেৱন কৰি ৱেন নামৰ লʼৰাটিয়ে মৃত্যুক সাৱতি লোৱাৰ অলপ সময়ৰ পিছত লʼৰাটিৰ দেউতাকে এজন চুবুৰীয়াৰ ঘৰলৈ যায়। চুবুৰীয়াৰ ঘৰলৈ গৈ তাত থকা এখন টেবুলত যিহোৱাৰ সাক্ষীসকলে আয়োজন কৰা “মৃতসকল কʼত আছে?” নামৰ ৰাজহুৱা ভাষণলৈ আমন্ত্ৰণ কৰি বিজ্ঞাপন দিয়া এখন হেণ্ডবিল দেখিবলৈ পায়। সেই ৰাজহুৱা ভাষণৰ বিষয়টোৰ বিষয়ে জানিবলৈ তেওঁ আগ্ৰহী হয়, কিয়নো তেওঁৰ মনত উঠা সেই প্ৰশ্নটোৰ উত্তৰ পাবলৈ তেতিয়াও বাকী আছিল। গতিকে তেওঁ সেই ৰাজহুৱা ভাষণত উপস্থিত হয় আৰু বাইবেলৰ পৰা শান্ত্বনা লাভ কৰে। তাত তেওঁ জানিব পাৰিলে যে মৃতসকলে কোনো ক্লেশ ভুগী থকা নাই। মৃতসকল নৰকলৈ গৈ কোনো যাতনা ভুগা বা ঈশ্বৰে নিজৰ সৈতে স্বৰ্গদূত হিচাপে ৰাখিবলৈ কোনো এজনক, আনকি ৱেনকো নিয়া নাই। মৃত্যু হোৱা সেই সকলোৱে পুনৰুত্থান নোহোৱালৈকে কবৰত থাকিব।—উপদেশক ৯:৫, ১০; যিহিষ্কেল ১৮:৪.

আপোনাৰ পৰিয়াল বা আপোনাৰ সৈতে কোনো দুৰ্ঘটনা ঘটিছেনে? আপুনিও ৱেনৰ দেউতাকৰ দৰে ভাবেনে যে, আপোনাৰ আপোনজনা এতিয়া কেনে অৱস্থাত আছে আৰু তেওঁবিলাকক পুনৰাই দেখি পোৱাৰ কোনো আশা আছেনে? যদি আপুনিও তেনেদৰে ভাবিছে, তেন্তে বাইবেলে পুনৰুত্থানৰ বিষয়ে কেনে শিক্ষাদান কৰিছে, সেই বিষয়ে বিবেচনা কৰিবলৈ আমি আপোনাক আমন্ত্ৰণ কৰিছোঁ। আপুনি হয়তো এইদৰে ভাবিব পাৰে: ‘কেতিয়া পুনৰুত্থান হʼব? বাস্তৱতে কোনে ইয়াৰ পৰা লাভৱান হʼব?’ গতিকে অনুগ্ৰহ কৰি পিছৰ লেখবোৰ পঢ়ক, যʼত এই প্ৰশ্নৰ উপৰিও আন আন প্ৰশ্নৰো উত্তৰ দিয়া হৈছে। (w05 5/1)

[ফুটনোট]

a যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা ঈশ্বৰলৈ কৰা মানৱজাতিৰ অন্বেষণ (ইংৰাজী) নামৰ কিতাপখনৰ ১৫০-১৫৪ পৃষ্ঠাত চাওক।

[৫ পৃষ্ঠাৰ ছবি]

লʼৰাটিক জীয়াই তুলিবলৈ এলিয়াই যিহোৱাক নিৱেদন কৰিছিল

[৫ পৃষ্ঠাৰ ছবি]

যিহোৱা ঈশ্বৰে ইলীচাৰ দ্বাৰা চূনেমিয়ানীৰ পুতেকক পুনৰুত্থান কৰিলে

[৬ পৃষ্ঠাৰ ছবি]

যীচুৱে নায়িনত থকা বিধৱা স্ত্ৰীগৰাকীৰ একমাত্ৰ পুতেকক পুনৰুত্থান কৰিলে

[৭ পৃষ্ঠাৰ ছবি]

পুনৰুত্থানৰ বাবে আমি নিজৰ প্ৰিয়জনাক পুনৰাই দেখিবলৈ পাম