Skip to content

Skip to table of contents

যত্নেৰে হৃদয়ক প্ৰতিৰক্ষা দিয়াৰ দ্বাৰা সাধুতা বজাই ৰাখক

যত্নেৰে হৃদয়ক প্ৰতিৰক্ষা দিয়াৰ দ্বাৰা সাধুতা বজাই ৰাখক

যত্নেৰে হৃদয়ক প্ৰতিৰক্ষা দিয়াৰ দ্বাৰা সাধুতা বজাই ৰাখক

“সকলোতকৈ তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা; কিয়নো তাৰে পৰাই জীৱন উৎপন্ন হয়।”—হিতোপদেশ ৪:২৩.

১-৩. (খ) সাধুতা বজাই ৰাখা গুৰুত্বতাক হেৰুৱাই বহুতে কেনে অনুভৱ কৰিছে, বৰ্ণনা কৰক। (খ) সাধুতাৰ প্ৰতি বিবেচনা কৰাটো কিয় এক গুৰুত্বপূৰ্ণ বিষয়?

 চি ত্ৰখন দেখাত অতি পুৰণি। আনকি ফ্ৰেম কৰি দেৱালত আঁৰি থব পৰা নাযায়। ঘৰৰ গৃহস্থই হয়তো ব্যৱহাৰ কৰিব বিচৰা নাই। এদিন তেওঁ সেই চিত্ৰখন ১,৪০০ টকাৰ মূল্যত বিক্ৰি কৰিলে। কিন্তু কিছু বছৰৰ মূৰত এই চিত্ৰখনৰ মূল্য ৪.৭ কোটি টকালৈকে বৃদ্ধি পাইছে বুলি গৃহস্থজনে জানিব পাৰিলে। যি চিত্ৰখন তেওঁ সাধাৰণ বুলি ভাবি বিক্ৰি কৰিছিল, বাস্তৱতে সেইখন কোনো সাধাৰণ চিত্ৰ নাছিল। কল্পনা কৰক যে সেই চিত্ৰখনৰ প্ৰকৃত মূল্য জানিবলৈ পাৰি গৃহস্থজনে কিমান যে অনুতাপ কৰিলে!

সেইদৰে আজিও এজন ব্যক্তিৰ সাধুতা বা নৈতিক শুদ্ধতা বজাই ৰাখাটোৰ সৈতে হোৱাটো দেখিবলৈ পোৱা যায়। বহুতৰ মতে সাধুতা বজাই ৰাখাটো কোনো গম্ভীৰ বিষয় নহয়। কিছুমানৰ অনুসাৰে ই আধুনিক জীৱন-শৈলীৰ বাবে এক পুৰণি ফেচনৰ দৰে। সেইবাবে সাধুতাৰ প্ৰতি ইমান গুৰুত্ব নিদিয়ে। কিছুমানে আকৌ নিজৰ কামভিত্তি ইচ্ছা পূৰণ কৰাৰ উদ্দেশ্যে ইয়াৰ প্ৰতি আওকাণ কৰে। আন কিছুমানে নিজৰ সমকক্ষ বা বিপৰীত লিঙ্গৰ দৃষ্টিত উচ্চ হোৱাৰ ইচ্ছাৰে সাধুতা বজাই ৰাখিবলৈ ত্যাগ দিয়ে।—হিতোপদেশ ১৩:২০.

দৰাচলতে সাধুতা বজাই ৰাখাটো যে সঁচাকৈ এক গুৰুত্বপূৰ্ণ বিষয়, তাক বহুতে অনুতাপ কৰিছে। কিন্তু তেওঁলোকৰ বাবে পুনৰাই সাধুতা বজাই ৰাখাটো এক সপোনৰ দৰে হৈ পৰিছে। কিয়নো বাইবেলত কৈছে যে অনৈতিক কাৰ্য্যৰ পৰিণাম “নাগ্‌দানাৰ নিচিনা তিতা।” (হিতোপদেশ ৫:৩, ৪) কিন্তু আজি এই অনৈতিক জগতখনত কেনেকৈ সাধুতা বজাই ৰাখিব পৰা যায়? আঁহক আমি ইয়াৰ সৈতে জড়িত থকা তিনিটা পদক্ষেপৰ বিষয়ে বিবেচনা কৰোঁহঁক।

যত্নেৰে নিজৰ হৃদয়ক ৰক্ষা কৰা

৪. লাক্ষণিক হৃদয় কি আৰু ইয়াক কিয় যত্নেৰে ৰক্ষা কৰা উচিত?

সাধুতা বজাই ৰাখাৰ প্ৰমুখ কাৰণটো হৈছে যত্নেৰে হৃদয়ক ৰক্ষা কৰা। এই সন্দৰ্ভত বাইবেলে এইদৰে কৈছে: “ৰক্ষা কৰিব লগীয়া সকলো বস্তুৰ মাজত, সকলোতকৈ তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা; কিয়নো তাৰে পৰাই জীৱন উৎপন্ন হয়।” (হিতোপদেশ ৪:২৩) ইয়াত উল্লেখ কৰা “তোমাৰ হৃদয়” কিহক বুজাইছে? ইয়াত কোনো স্বাভাৱিক হৃদয়ৰ বিষয়ে কোৱা নাই। এইয়া হৈছে লাক্ষণিক হৃদয় যি এজন ব্যক্তিৰ অন্তৰৰ সৈতে থকা ভাৱনা, বিচাৰধাৰা আৰু প্ৰবৃত্তি সন্মিলিত হৈ আছে। এই বিষয়ে বাইবেলত এইদৰে কৈছে: “তুমি তোমাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা।” (দ্বিতীয় বিবৰণ ৬:৫) তদুপৰি যীচুৱে ইয়াক সকলোতকৈ মহান আজ্ঞা বুলি কৈছিল। (মাৰ্ক ১২:২৯, ৩০) সেয়েহে এইটো স্পষ্টকৈ দেখা গৈছে যে আমাৰ হৃদয়ক যত্নেৰে ৰক্ষা কৰাটো কিমান যে গুৰুত্বপূৰ্ণ বিষয়।

৫. আমাৰ হৃদয় কেনেকৈ একেই সময়ত কাৰ্য্যকাৰী আৰু বিপদপূৰ্ণ হʼব পাৰে?

তদুপৰি বাইবেলে ইয়াকো কৈছে যে “মন সকলোতকৈ কপটময়, আৰু তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি।” (যিৰিমিয়া ১৭:৯) হৃদয় কেনেকৈ কপটময় হʼব পাৰে? ইয়াক বুজিবলৈ এই উদাহৰণটো বিবেচনা কৰক। বিপদজনক অৱস্থাত হয়তো কাৰোবাৰ জীৱন ৰক্ষা কৰিবলৈ মটৰগাড়ীৰ সহায় লোৱা সকলোতকৈ উত্তম আৰু ব্যৱহাৰিক সাধন হʼব পাৰে। কিন্তু সেই গাড়ীৰ চালকজনে যদি নিয়ন্ত্ৰণহীন হৈ গাড়ী চলাই তেন্তে ইয়াতকৈ আৰু বিপদজনক বিষয় কি হʼব পাৰে। ঠিক সেইদৰে যদি আপুনি যত্নেৰে হৃদয়ক ৰক্ষা নকৰে তেন্তে আপোনাৰ কামনা, উত্তেজনা আৰু জীৱন-শৈলীয়ে আপোনাক ধ্বংসলৈ পৰিচালিত কৰাব। এই বিষয়ে ঈশ্বৰৰ বাক্যই এইদৰে কৈছে: “যি মানুহে নিজৰ মনত ভাৰসা কৰে, সি অজ্ঞান; কিন্তু যি মানুহে প্ৰজ্ঞাৰূপ পথত চলে, তেওঁ ৰক্ষা পায়।” (হিতোপদেশ ২৮:২৬) যিদৰে আপুনি যাত্ৰা আৰম্ভ কৰাৰ আগেয়ে নক্সাখনৰ নিৰীক্ষণ কৰে, ঠিক সেইদৰে যদি আপুনি ঈশ্বৰৰ বাক্যক মাৰ্গদৰ্শন হিচাবে ব্যৱহাৰ কৰে তেন্তে নিশ্চই বিবেচনাশীল হৈ বিপদৰ পৰা ৰক্ষা পাব।—গীত ১১৯:১০৫.

৬, ৭. (ক) পবিত্ৰতা কি আৰু ই যিহোৱাৰ উপাসকবিলাকৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ বিষয়? (খ) আমি কেনেকৈ জানো যে অসিদ্ধ মানৱে যিহোৱাৰ এই গুণটোক প্ৰতিফলিত কৰিব পাৰে?

আমাৰ হৃদয় আপোনা-আপুনিকৈ সাধুতাৰ প্ৰতি পৰিচালিত নহয়। ইয়াক সেই দিশত পৰিচালিত কৰিব লাগিব। তেনেদৰে কৰাৰ এটা পদ্ধতি হৈছে সাধুতাৰ বিষয়ে দকৈ চিন্তা কৰা। এই সাধুতাৰ গুণটোৱে পবিত্ৰতাৰ সৈতে এক নিবিড় সম্পৰ্ক ৰাখে যি নিৰ্ম্মল আৰু পাপৰ বিপৰীত। পবিত্ৰতা হৈছে এনে এক বহুমূলীয়া গুণ যি যিহোৱাৰ ব্যক্তিত্বত দেখা যায়। বাইবেলৰ বহুতো পদে এই গুণটোক যিহোৱাৰ সৈতে থকা দেখুৱাইছে। আনকি বাইবেলে ইয়াকো কৈছে যে “যিহোৱাৰ উদ্দেশে পবিত্ৰ।” (যাত্ৰাপুস্তক ২৮:৩৬) তেন্তে এই মহান গুণটো আমাৰ অসিদ্ধ মানৱৰ বাবে কি কামত আহিব পাৰে?

যিহোৱাই নিজৰ বাক্যত এইদৰে কৈছে: “তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ।” (১ পিতৰ ১:১৬) যদি আমি যিহোৱাক অনুকৰণ কৰি সাধুতা বজাই ৰাখিব বিচাৰিছোঁ তেন্তে সৰ্ব্বপ্ৰথমে নিজকে শুদ্ধ কৰা উচিত। যেতিয়া আমি অপবিত্ৰ কাৰ্য্যবোৰ অভ্যাস কৰাৰ পৰা আঁতৰি থাকিম তেতিয়া মহান ঈশ্বৰ যিহোৱাক অনুকৰণ কৰিবলৈ সক্ষম হʼম। (ইফিচীয়া ৫:১) আমি এনেদৰে ভবা উচিত নহয় যে এই লক্ষ্যত উপনীত হোৱাটো প্ৰায়েই অসম্ভৱ। কিয়নো যিহোৱাই কেতিয়াও আমাৰ শক্তিৰ বাহুল্যত নিবিচাৰে। (গীত ১০৩:১৩, ১৪; যাকোব ৩:১৭) বাস্তৱতে আধ্যাত্মিক আৰু নৈতিক সাধুতা বজাই ৰাখিবলৈ অধিক প্ৰচেষ্টাৰ আৱশ্যক। যাৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল, “খ্ৰীষ্টলৈ . . . যি সৰলতা আৰু শুদ্ধতা . . . মন কিজানি কোনো প্ৰকাৰে ভ্ৰষ্ট হয়।” (২ কৰিন্থীয়া ১১:৩) গতিকে আমি যীচু আৰু তেওঁৰ পিতৃৰ প্ৰতি শুদ্ধতা বজাই ৰাখিবলৈ প্ৰচেষ্টা নকৰিমনে? তদুপৰি তেওঁলোকে আমালৈ যি প্ৰেম দেখুৱালে তাক আমি কেতিয়াও পৰিশোধ হিচাবে দিব নোৱাৰোঁ। (যোহন ৩:১৬; ১৫:১৩) গতিকে শুদ্ধ আৰু নৈতিক জীৱন-যাপন কৰি কৃতজ্ঞতা দেখুৱাটো হৈছে আমাৰ বাবে এক বিশেষাধিকাৰ। সাধুতাৰ প্ৰতি থকা এনে ধৰণৰ চিন্তাই আমি নিজৰ হৃদয়ক যত্নেৰে ৰক্ষা কৰাটো দেখুৱাব পাৰিম।

৮. (ক) আমি কেনেকৈ নিজৰ লাক্ষণিক হৃদয়ক পৃষ্ঠপোষতা কৰিব পাৰোঁ? (খ) কথা-বতৰাই আমাৰ বিষয়ে কি প্ৰকাশ কৰিব পাৰে?

যি ধৰণে আমি নিজকে প্ৰতিপালন কৰোঁ তাৰ দ্বাৰাও হৃদয়ক যত্নেৰে ৰক্ষা কৰিব পাৰোঁ। আমি নিয়মীয়াকৈ নিজৰ মন আৰু হৃদয়ক আধ্যাত্মিক আহাৰেৰে পৃষ্ঠপোষকতা আৰু শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰা উচিত। (কলচীয়া ৩:২) আনকি আমাৰ কথা-বতৰাতো তাক প্ৰকাশ পোৱা উচিত। যদি আমি অনবৰতে মাংসিক আৰু অশ্লীল বিষয়বোৰৰ বিষয়ে কথা-বতৰা পাতোঁ তেন্তে আমাৰ হৃদয়ৰ অৱস্থা কি, তাক প্ৰকাশ পাব। (লূক ৬:৪৫) গতিকে আঁহক আমি আধ্যাত্মিক আৰু হিতজনক বিষয়ে কথা-বতৰা পতা ব্যক্তি হিচাবে পৰিচয় দিওঁহঁক। (ইফিচীয়া ৫:৩) হৃদয়ক যত্নেৰে ৰক্ষা কৰিবলৈ হʼলে আমি কিছুমান বিপদময় পৰিস্থিতিৰ পৰা আঁতৰি থাকিব লাগিব। আঁহক আমি ইয়াৰ দুটা বিষয়ে আলোচনা কৰোঁহঁক।

ব্যভিচাৰৰ পৰা পলোৱা

৯-১১. (ক) ১ কৰিন্থীয়া ৬:১৮ পদত উল্লেখ কৰা পৰামৰ্শক আওকাণ কৰোঁতাসকলে প্ৰায়ে কিয় গম্ভীৰ অনৈতিক কাৰ্য্যত লিপ্ত হোৱাৰ দৰে হয়? উদাহৰণ দি কওক। (খ) যদি আমি ব্যভিচাৰৰ পৰা পলাব বিচাৰিছোঁ তেন্তে কিহৰ পৰা আঁতৰি থকা আৱশ্যক? (গ) নিষ্ঠাৱান পুৰুষ ইয়োবে আমাৰ বাবে কেনে এক উত্তম আৰ্হি ৰাখিলে?

যিহোৱাৰ দ্বাৰা প্ৰেৰিত হৈ পাঁচনি পৌলে কিছুমান পৰামৰ্শ দিছিল যি বহুতকে হৃদয় ৰক্ষা কৰিবলৈ আৰু সাধুতা বজাই ৰাখিবলৈ সহায় কৰিলে। তেওঁ এইদৰে লিখিছিল: “ব্যভিচাৰৰ পৰা পলোৱা।” (১ কৰিন্থীয়া ৬:১৭) মনকৰিবলগীয়া যে তেওঁ কেৱল “ব্যভিচাৰৰ পৰা পলোৱা” বুলি কোৱা নাছিল। প্ৰকৃত খ্ৰীষ্টানসকলে ইয়াতকৈ অধিক কৰিব লাগে। যিদৰে বিপদৰ পৰা ৰক্ষা পাবলৈ পলাব লগা হয় ঠিক তেনেদৰে প্ৰকৃত খ্ৰীষ্টানসকলে ব্যভিচাৰৰ পৰা পলোৱা উচিত। যদি আমি এই পৰামৰ্শক আওকাণ কৰোঁ তেন্তে গম্ভীৰ অনৈতিক কাৰ্য্যত লিপ্ত আৰু ঈশ্বৰৰ অনুমোদন হেৰুৱাব পাৰোঁ।

১০ উদাহৰণস্বৰূপে, এক বিশেষ উপলক্ষ্যৰ বাবে এগৰাকী মাতৃয়ে তাইৰ লʼৰাটিক ধুনীয়া পোছাকেৰে তৈয়াৰ কৰিছে। লʼৰাটিয়ে ৰাওনা হোৱাৰ আগেয়ে কিছু পৰ বাহিৰত গৈ খেলিবলৈ মাকৰ অনুমতি বিচাৰিছে আৰু তেওঁক কোৱা হৈছে যে তেওঁ যেন এই সৰ্ত্ততো মনত ৰাখে। মাতৃগৰাকীয়ে এইদৰে কৈছে: “সোণটো, তুমি যেন বোকা ঠাইত গৈ নেখেলা। যদি খেলা তেন্তে তুমি মনত ৰাখিবা ইয়াৰ পৰিণাম কি হʼব।” কিছু পৰৰ পিছত মাতৃ গৰাকীয়ে লক্ষ্য কৰিছে যে তাৰ দুখন ভৰিত বোকা পানীৰ ছিটিকনি লাগি আছে। যদিও লʼৰাটিৰ গাত সম্পূৰ্ণ বোকাৰ ছিটিকনি লগা নাই তথাপিও তেওঁ মাকৰ আজ্ঞাক আওকাণ কৰিলে। (হিতোপদেশ ২২:১৫) ঠিক সেইদৰে বহুতো যুৱক-যুৱতী আৰু বয়স্ক ব্যক্তিয়ে জানিশুনি তেনেধৰণৰ ভুল কৰে। আমি কিয় তেনেদৰে কব পাৰোঁ?

১১ এই কঠিন সময়ত বহুতে “অনাদৰযুক্ত কামাভিলাষলৈ” আকৰ্ষিত আৰু অবৈধ লৈঙ্গিক কাৰ্য্যৰ প্ৰচাৰ কৰিছে। (ৰোমীয়া ১:২৬, ২৭) আলোচনী আৰু ইন্টাৰনেটৰ দ্বাৰা অশ্লীল চিত্ৰবোৰ প্ৰকাশ কৰা হৈছে। যিসকলে তেনে প্ৰকাৰৰ বিষয়বোৰ নিজৰ মনত স্থান দিছে তেওঁলোকে কেতিয়াও ব্যভিচাৰৰ পৰা পলাব নোৱাৰে। তেওঁলোকে সেইবোৰত আপোনপাহৰা হৈ বাইবেলৰ পৰামৰ্শক আওকাণ কৰিছে। তদুপৰি নিজৰ হৃদয়ক প্ৰতিৰক্ষা দিয়াৰ পৰিৱৰ্তে সেইবোৰৰ দ্বাৰা দূষিত কৰিছে আৰু মনত এনেধৰণৰ দকৈ ছাপ পৰিছে যিবোৰক আঁতৰ কৰিবলৈ বহু সময় লাগিব। (হিতোপদেশ ৬:২৭) তেন্তে আঁহক আমি নিষ্ঠাৱান পুৰুষ ইয়োবে প্ৰস্তুত কৰা আৰ্হিৰ পৰা শিক্ষা লওঁহঁক, যিজনে অনৈতিক কাৰ্য্যৰ প্ৰতি প্ৰলোভিত নহʼবলৈ নিজৰ চকুৰ সৈতে নিয়ম স্থাপন কৰিছিল। (ইয়োব ৩১:১) এনে ধৰণৰ আৰ্হিক আমি নিশ্চয়ে পালন কৰা উচিত।

১২. প্ৰেমযাচ্ঞাৰ সময়ছোৱাত ‘ব্যভিচাৰৰ পৰা পলাবলৈ’ কিমান খ্ৰীষ্টান যুৱক-যুৱতীয়ে সক্ষম হৈছে?

১২ বিশেষকৈ প্ৰেমযাচ্ঞাৰ সময়ত “ব্যভিচাৰৰ পৰা পলোৱা” অতি প্ৰয়োজন। সেই সময়খিনি আনন্দ আৰু আশাৰে পৰিপূৰ্ণ সময় হোৱা উচিত। কিন্তু কিছুমান যুৱক-যুৱতীয়ে সেই সময়ছোৱাত অনৈতিক কাৰ্য্যত লিপ্ত হৈ আপোনপাহৰা হৈ পৰে। তদুপৰি তেওঁলোকে এক সুখী বিবাহৰ আধাৰশিলাকো হেৰুৱাই যি নিস্বাৰ্থ প্ৰেম, আত্মনিয়ন্ত্ৰণ আৰু যিহোৱাৰ আজ্ঞাকাৰীতা হোৱাৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰেমযাচ্ঞাৰ সময়ত এহাল খ্ৰীষ্টান যুৱক-যুৱতীয়ে অনৈতিক কাৰ্য্যত লিপ্ত হৈছিল। পত্নী গৰাকীয়ে কৈছিল যে বিবাহৰ পিছত আৰু আনকি বিবাহৰ দিনতো বিবেকে তাইক অতিশয় যাতনা দিছিল। তাই স্বীকাৰ কৰি এইদৰে কৈছিল: “এই সাত বছৰৰ ভিতৰত যদিও মই যিহোৱাৰ পৰা বহুবাৰ ক্ষমা বিচাৰিছোঁ তথাপিও মোৰ বিবেকে মোক যাতনা দিবলৈ এৰি দিয়া নাই।” গতিকে যিসকলে তেনে ধৰণৰ পাপত পৰিছে তেওঁলোকে যেন খ্ৰীষ্টান অধ্যক্ষসকলৰ সহায় বিচাৰিবলৈ পলম নকৰে। (যাকোব ৫:১৪, ১৫) যিয়ে নহওক, বহুতো খ্ৰীষ্টান যুৱক-যুৱকতীয়ে প্ৰেমযাচ্ঞাৰ সময়ছোৱাত বিবেচনাশীল হৈ কাৰ্য্য কৰিছে আৰু তেনে ধৰণৰ বিপদৰ পৰা আঁতৰি আছে। (হিতোপদেশ ২২:৩) তেওঁলোকে নিজ নিজ অনুভূতিক নিয়ন্ত্ৰণত ৰাখিছে। তদুপৰি নিজৰ প্ৰেমিকক একান্ত স্থানত অকলশৰীয়াকৈ লগ কৰাৰ পৰিৱৰ্তে আন এজন ব্যক্তিৰ উপস্থিতিত কথোপকথন কৰিবলৈ সিদ্ধান্ত লৈছে।

১৩. অবিশ্বাসী জনাৰ সৈতে প্ৰেমৰ বান্ধোনত বান্ধ খাই কিছুমানে কেনে বিপদৰ সম্মুখীন হৈছে?

১৩ যিসকল খ্ৰীষ্টানে অবিশ্বাসীৰ সৈতে প্ৰেমৰ বান্ধোনত বান্ধ খাইছে তেওঁলোকে বিপদৰ সম্মুখীন হৈছে। উদাহৰণস্বৰূপে, অবিশ্বাসী জনাৰ সৈতে আপুনি কোনো ধৰণৰ সম্বন্ধ ৰাখিব পাৰেনে? খ্ৰীষ্টানসকলক কেৱল যিহোৱাক প্ৰেম আৰু সাধুতা বজাই ৰাখোঁতাৰ সৈতে সম্বন্ধ ৰাখিবলৈ কোৱা হৈছে। এই সন্দৰ্ভত ঈশ্বৰৰ বাক্যই এইদৰে কৈছে: “বিশ্বাস নকৰাবিলাকে সৈতে তোমালোক অসমানভাবে যোঁতা নহবা কিয়নো ধাৰ্ম্মিকতা আৰু অধৰ্ম্ম পৰস্পৰৰ কি সম্পৰ্ক?”—২ কৰিন্থীয়া ৬:১৪.

১৪, ১৫. (ক) কিছুমানে “ব্যভিচাৰৰ” সম্বন্ধে কেনে ভুল ধাৰাণা ৰাখিছে? (খ) বাইবেলত উল্লেখ কৰা “ব্যভিচাৰ” শব্দটোৰ সৈতে কেনে ধৰণৰ কাৰ্য্য সন্মিলিত আছে আৰু খ্ৰীষ্টানসকলে কেনেকৈ ‘ব্যভিচাৰৰ পৰা পলাই’ থাকিব পাৰে?

১৪ ইয়াৰ বাবে সঠিক জ্ঞান হোৱাও অতি আৱশ্যক। যদি আমি ব্যভিচাৰৰ বিষয়ে সঠিক জ্ঞান নাৰাখোঁ তেন্তে তাৰ পৰা পলাবলৈ বিফল হʼম। বৰ্তমান সময়ত বহুতে “ব্যভিচাৰৰ” প্ৰতি ভুল ধাৰণা বিকশিত কৰিছে। তেওঁলোকৰ মতে ব্যভিচাৰ মানে দৈহিক সম্পৰ্ক ৰাখা, যাৰ ফলত কিশোৰী গৰাকী গৰ্ভৱতী হয়। আন কিছুমানে ভাবে যে তেওঁলোকে বিবাহ নকৰাকৈ আৰু কোনো পৰিণাম নুভুগাকৈ লৈঙ্গিক সম্বন্ধ ৰাখিব পাৰে। আনকি কিশোৰ গৰ্ভৱস্থা অনুপাত হ্ৰাস কৰাৰ সম্বন্ধে থকা কিছুমান উচ্চ স্বাস্থ্য কেন্দ্ৰই লৈঙ্গিক কাৰ্য্য-প্ৰণালীত ভাগ লʼবলৈ উৎসাহিত কৰিছে আৰু কৈছে যে তেনে কাৰ্য্য-প্ৰণালীৰ ফলত গৰ্ভৱতী হোৱাটো কোনো ভয় নাই। আচলতে, তেনে নিৰ্দেশনাই সঠিক দিশলৈ পৰিচালিত নকৰে। কিয়নো গৰ্ভৱতী হোৱাৰ পৰা আঁতৰি থকাৰ অৰ্থ সাধুতাক বজাই ৰাখাক নুবুজায় আৰু লগতে ব্যভিচাৰৰ সম্বন্ধে দিয়া সংজ্ঞা সিমানতে অন্ত নপৰে।

১৫ “ব্যভিচাৰ” শব্দটো মূল গ্ৰীক ভাষাৰ পৰ্‌নিয়া শব্দৰ পৰা অনুবাদ কৰা হৈছে যাৰ অৰ্থ বহলভাৱে প্ৰকাশ পাইছে। ইয়াত লৈঙ্গিক অঙ্গবোৰ দুৰ্ব্যৱহাৰ কৰাৰ সৈতে বেশ্যাবৃত্তি কৰ্ম্মবোৰ সন্মিলিত আছে বুলি উল্লেখ কৰিছে। উদাহৰণস্বৰূপে, মৌখিক বা অপ্ৰকৃতিকৰূপে কৰা যৌন আৰু হস্তমৈথুন কাৰ্য্যক পৰ্‌নিয়া বুলি কোৱা হয়। যিসকলে এনে ধৰণৰ কাৰ্য্যক “ব্যভিচাৰ” বুলি নাভাৱে তেওঁলোকে নিজকে চয়তানৰ ফান্দত পেলাইছে। (২ তীমথিয় ২:২৬) বৰঞ্চ, সাধুতা বজাই ৰখাৰ অৰ্থ কেৱল ব্যভিচাৰ সম্বন্ধীয় কাৰ্য্যৰ পৰা আঁতৰি থকাকে নুবুজায়। যদি আমি “ব্যভিচাৰৰ পৰা পলাব” বিচাৰিছোঁ তেন্তে সকলো প্ৰকাৰৰ অনৈতিক কাৰ্য্য আৰু লম্পট-আচৰণৰ পৰা আঁতৰি থকা উচিত। (ইফিচীয়া ৪:১৯) এনে কৰাৰ দ্বাৰা আমি সাধুতা বজাই ৰাখিব পাৰিম।

প্ৰেমাভিনয় ফান্দত পৰাৰ পৰা আঁতৰি থাকক

১৬. কেনে ধৰণৰ উপলক্ষ্যত প্ৰেমাভিত্তিক অনুচিত বুলি মনা নাযায়, তাক শাস্ত্ৰৰ বৃতান্তৰ দ্বাৰা বুজাওক।

১৬ যদি আমি সাধুতা বজাই ৰাখিব বিচাৰিছোঁ তেন্তে প্ৰেমাভিনয় ফান্দৰ পৰা আঁতৰি থকা উচিত। কিছুমানে হয়তো বিপৰীত লিঙ্গৰ সৈতে কৰা প্ৰেমাভিনয় এক স্ফুৰ্তিৰ বিষয় বুলি ভাবিব পাৰে। আচলতে প্ৰেমাভিত্তিক কৰাও নিজা সময় আছে। উদাহৰণস্বৰূপে, বাইবেলৰ বৃতান্তৰ অনুসাৰে ইচহাক আৰু ৰিবেকাক পৰস্পৰে “ক্ৰীড়া কৰা” দেখিবলৈ পোৱা গৈছিল আৰু তেওঁলোক যে ভায়েক-ভনীয়েক নাছিল তাক দেখোঁতাসকলেও জানিছিল। (আদিপুস্তক ২৬:৭-৯) দৰাচলতে, তেওঁলোক পতি-পত্নী আছিল। তেওঁলোকৰ পৰস্পৰে প্ৰকাশ পোৱা প্ৰেমৰ অনুভূতিক অনুচিত বুলি কʼব নোৱাৰি। আনহাতে, প্ৰেমৰ অনুভূতি আৰু প্ৰেমাভিনয় মাজত এক ভিন্নতা আছে।

১৭. প্ৰেমাভিনয় কি আৰু এই সমস্যাটোক কেনেকৈ সমাধান কৰিব পৰা যায়?

১৭ প্ৰেমাভিনয়ক হয়তো এইদৰে ব্যাখ্যা কৰিব পাৰি: বিবাহৰ উদ্দেশ্য নোহোৱাকৈ কাৰোবাৰ প্ৰতি প্ৰেমাসক্ত ভাৱনা উৎপন্ন হোৱা। মানুহক আজিলৈকে কোনেও বুজিব পৰা নাই আৰু তেওঁলোকত এনে ধৰণৰ প্ৰেমাভিনয় ভাৱনা দেখাতো কোনো আচৰিত কথা নহয়। তদুপৰি ইয়াৰ কিছুমান ভাৱনাক বুজি পোৱাটো ইমান সহজ নহয়। (হিতোপদেশ ৩০:১৮, ১৯) এনে ধৰণৰ সমস্যাক সমাধান কৰিবলৈ কোনো কঠিন নিয়মক মানি চলিলে নহʼব। তাৰ পৰিৱৰ্তে আত্মনিৰীক্ষণ কৰা আৰু বাইবেলৰ সিদ্ধান্তসমূহক পালন কৰাটোহে অধিক ফলদায়ক হʼব।

১৮. কিহৰ বাবে কিছুমানে প্ৰেমাভিনয় কৰিবলৈ উৎসাহিত হয় আৰু এনে কৰাটো কিয় এক ক্ষতিপূৰ্ণ বিষয়?

১৮ যদি আমি সত্যবাদী, তেন্তে আমাৰ বহুতে হয়তো ইয়াক স্বীকাৰ কৰিব যে আমাৰ মনতো বিপৰীত লিঙ্গৰ সৈতে প্ৰেমাভিনয় কৰা ভাৱনা জাগ্ৰত হয়। দৰাচলতে, এনে ভাৱনা উৎপন্ন হোৱাটো স্বাভাৱিক। কিন্তু তেনে ধৰণৰ ভাৱনা জগাবলৈ বা নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত হʼবনে? অথবা, আমাৰ বাবে ব্যক্তিজনে ভূগা বেদনাৰ বিষয়ে বিবেচনা কৰিছোঁনে? উদাহৰণস্বৰূপে, হিতোপদেশ ১৩:১২ পদত এইদৰে কৈছে: “আশা-সিদ্ধিৰ পলম হৃদয়ৰ পীড়াজনক; কিন্তু বাঞ্ছাৰ সিদ্ধি জীৱন-গছস্বৰূপ।” যদি আমি ইচ্ছাকৃত হৈ কাৰোবাৰ সৈতে প্ৰেমাভিনয় কৰোঁ, তেন্তে তেওঁক যে কিমান বেদনা সহিব লাগি তাক হয়তো আমি কল্পনা কৰিব নোৱাৰোঁ। তেওঁ বা তাই হয়তো আপোনাৰ সৈতে প্ৰেমযাচ্ঞা বা বিবাহ পাশত আৱদ্ধ হোৱাৰ বিষয়ে ভাবিব পাৰে। কিন্তু যেতিয়া তাই বা তেওঁ আপোনাৰ প্ৰেমাভিনয়ৰ বিষয়ে জানিব তেতিয়া মানসিকৰূপে ভাঙি পৰিব পাৰে। গতিকে আনৰ ভাৱনাৰ সৈতে খেলাতো সঁচাকৈ এক নিষ্ঠুৰ কাৰ্য্য।

১৯. প্ৰেমাভিনয়ে কেনেকৈ বিবাহিত খ্ৰীষ্টানসকলৰ বাবে বিপদজনক হʼব পাৰে?

১৯ বিশেষকৈ কোনো বিবাহিত জনাৰ সৈতে প্ৰেমাভিনয় কৰাৰ পৰাৰ সতৰ্ক হৈ থকা উচিত। কোনো এজন বিবাহিত পুৰুষ বা স্ত্ৰীৰ প্ৰতি বা কাৰোৱাৰ বাবে তেওঁলোকৰ মনত প্ৰেমাসক্ত ভাৱনা জগাটো এক অনুচিত বিষয়। কিন্তু এইটো অতি দুখৰ বিষয়ে যে কিছুমান বিবাহিত পুৰুষ আৰু স্ত্ৰীয়ে আনৰ প্ৰতি প্ৰেমাসক্ত ভাৱনা উৎপন্ন হোৱাটো কোনো ভুল নহয় বুলি বিশ্বাস কৰে। কিছুমানে নিজৰ প্ৰেমাসক্ত ভাৱনা বা গুপ্ত বিষয়বোৰ “বন্ধু” বুলি মনা ব্যক্তিজনৰ সৈতে কথোপকথন কৰে। পৰিণামস্বৰূপে, প্ৰেমাসক্ত ভাৱনা আৱেগপ্ৰেৰণত পৰিণত হৈ এহাল বিবাহিত দম্পত্তিৰ মাজত গম্ভীৰ সমস্যা সৃষ্টি কৰিব পাৰে। সেইবাবে বিবাহিত খ্ৰীষ্টানসকলে ব্যভিচাৰৰ সম্বন্ধে দিয়া যীচুৰ পৰামৰ্শ পালন কৰা উচিত যি হৃদয়ৰ পৰা উৎপন্ন হয়। (মথি ৫:২৮) গতিকে আঁহক আমি নিজৰ হৃদয়ক যত্নেৰে ৰক্ষা কৰা আৰু এনে পৰিস্থিতিৰ পৰা আঁতৰি থাকোঁহঁক যাৰ পৰিণাম সদায়ে ধ্বংসাত্মমূলক হয়।

২০. আমি সাধুতাৰ প্ৰতি কেনে দৃষ্টিভঙ্গী ৰাখা উচিত?

২০ নিঃসন্দেহ, বৰ্তমান অশ্লীল জগতখনত সাধুতা বজাই ৰাখাতো কোনো সহজ কথা নহয়। কিন্তু মনত ৰাখিব যে সাধুতাক হেৰুৱাই পুনৰাই লাভ কৰাতকৈ অধিক সাধুতা বজাই ৰাখা অতি সহজ। অৱশ্যে, যিহোৱাই আমাক “প্ৰচুৰ পৰিমাণে ক্ষমা কৰিব” আৰু মনপালটন কৰোঁতাসকলক পুনৰাই শুদ্ধতা হʼবলৈ সুযোগ দিব। (যিচয়া ৫৫:৭) কিন্তু ইয়াৰ ফলত হোৱা পৰিণাম যি হয়তো গোটেই জীৱন ধৰি থাকিব যাব পাৰে, তাৰ পৰা ৰক্ষা পাবলৈ যিহোৱাই সহায় নকৰে। (২ চমূৱেল ১২:৯-১২) আঁহক আমি নিজৰ হৃদয়ক যত্নেৰে ৰক্ষা কৰাৰ দ্বাৰা সাধুতাক প্ৰাণপনে বজাই ৰাখিবলৈ আৰু এক বহুমূল্য মুকুতাৰ নিচিনাকৈ দৃষ্টি কৰোঁহঁক। (w04 2/15)

আপুনি উত্তৰ দিব পাৰিবনে?

• সাধুতা কি আৰু ইয়াক বজাই ৰাখাটো কিয় গুৰুত্বপূৰ্ণ?

• আমি কিয় নিজৰ হৃদয়ক যত্নেৰে প্ৰতিৰক্ষা দিয়া উচিত?

• ব্যভিচাৰৰ পৰা পলোৱা বুলি কোৱাৰ সৈতে আৰু কি সন্মিলিত আছে?

• আমি কিয় প্ৰেমাভিনয় পৰা আঁতৰি থকা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৯ পৃষ্ঠাৰ ছবি]

যদি এখন মটৰ গাড়ীক নিয়ন্ত্ৰণ কৰা নহয় তেন্তে বিপদজনক হʼব পাৰে

[২১ পৃষ্ঠাৰ ছবি]

এক শুদ্ধ প্ৰেমযাচ্ঞাই ঈশ্বৰলৈ গৌৰৱ কঢ়িয়াই আনে