মৃত্যুৰ প্ৰতি থকা ঈশ্বৰৰ দৃষ্টিভঙ্গী

মৃত্যুৰ প্ৰতি থকা ঈশ্বৰৰ দৃষ্টিভঙ্গী

মৃত্যুৰ প্ৰতি থকা ঈশ্বৰৰ দৃষ্টিভঙ্গী

প্ৰিয়জনাক মৃত্যুত হেৰুৱাবলগীয়া হোৱাটো সঁচাকৈ বেদনাদায়ক। ইয়াৰ বাবে এজনে অকলশৰীয়া, নিজকে অৰ্থহীন আৰু অথাই-সাগৰত ডুব যোৱা যেন অনুভৱ কৰে। এজন ব্যক্তিৰ ওচৰত যিমানেই সা-সম্পত্তি, শক্তি বা ক্ষমতা নাথাকক কিয়, তেওঁ আপোনজনাক মৃত্যুত হেৰুৱাই অসহায় হৈ পৰে। দৰাচলতে এই পৃথিৱীত কোনেও মৃতজনাক জীয়াই তুলিব নোৱাৰে।

কিন্তু আমাৰ সৃষ্টিকৰ্ত্তাই এই বিষয়টোক আন এক প্ৰকাৰে দৃষ্টি কৰে। যিহেতু তেওঁ মানুহক মাটিৰ পৰা নিৰ্ম্মাণ কৰিলে, সেয়েহে তেওঁৰ মৃতজনাকো পুনৰাই জীয়াই তুলিবলৈ ক্ষমতা আছে। সেইবাবে তেওঁ মৃতজনাক জীৱিত ব্যক্তিৰ দৰে দৃষ্টি কৰে। বৃদ্ধ অৱস্থাত মৃত্যু হোৱা বিশ্বাসী সেৱকসকলৰ বিষয়ে যীচুৱে এইদৰে কৈছিল: “তেওঁৰ সম্বন্ধে সকলো জীয়াই আছে।”—লূক ২০:৩৮.

যীচুৱে পৃথিৱীত থকা সময়ছোৱাত মৃতবিলাকক জীয়াই তুলিছিল। (যোহন ৫:২১) গতিকে মৃত্যু হোৱা বিশ্বাসী উপাসকসকলৰ প্ৰতি যীচুৱে তেওঁৰ পিতৃৰ দৰে একেই দৃষ্টিভঙ্গী ৰাখে। উদাহৰণস্বৰূপে, যেতিয়া তেওঁৰ বন্ধু লাজাৰৰ মৃত্যু হোৱাৰ বিষয়ে শিষ্যসকলে তেওঁক সংবাদ দিলে তেতিয়া তেওঁ এইদৰে কৈছিল: “তেওঁক টোপনিৰ পৰা জগাবলৈ মই যাওঁ।” (যোহন ১১:১১) মানৱ দৃষ্টিভঙ্গীত লাজাৰৰ মৃত্যু হৈছিল, কিন্তু যিহোৱা আৰু যীচুৰ দৃষ্টিত তেওঁ টোপনি গৈছিল।

যীচুৰ শাসনৰ সময়ছোৱাত “ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব।” (পাঁচনিৰ কৰ্ম্ম ২৪:১৫) যিসকলৰ পুনৰুত্থান হʼব তেওঁলোকে ঈশ্বৰীয় শিক্ষা আৰু পৃথিৱীত জীয়াই থকাৰ অনন্তজীৱন লাভ কৰিব।—যোহন ৫:২৮, ২৯.

এইটো সঁচা যে প্ৰিয়জনক মৃত্যুত হেৰুৱাই পোৱা বেদনা আৰু দুখ এজন ব্যক্তিৰ মনত প্ৰায় কিছু বছৰলৈকে থাকে। কিন্তু ঈশ্বৰৰ দৃষ্টিভঙ্গীৰে মৃতবিলাকক লক্ষ্য কৰি এক বৃহৎ শান্ত্বনা পোৱা যায়।—২ কৰিন্থীয়া ১:৩, ৪. (w03 8/15)