Skip to content

Skip to table of contents

পীড়িত লোকক শান্ত্বনা প্ৰদান কৰক

পীড়িত লোকক শান্ত্বনা প্ৰদান কৰক

পীড়িত লোকক শান্ত্বনা প্ৰদান কৰক

“যিহোৱাই মোক অভিষেক কৰিলে; . . . আটাই শোকাতুৰ লোকক শান্ত্বনা কৰিবলৈ।”—যিচয়া ৬১:১-৩.

১, ২. আমি কোনসকলক আৰু কিয় শান্ত্বনা দিয়া উচিত?

 প্ৰকৃত শান্ত্বনা প্ৰদান কৰোঁতা যিহোৱা ঈশ্বৰে আমাক আনৰ দুৰ্যোগৰ সময়ত বিবেচনাশীল হʼবলৈ শিক্ষাদান কৰে। তেওঁ “অল্প-সাহসীবিলাকক আশ্বাস দিয়া, দুৰ্ব্বল লোকক সাহায্য” কৰাৰ বিষয়েও আমাক শিক্ষাদান কৰিছে। (১ থিচলনীকীয়া ৫:১৪) যেতিয়াই তেনেধৰণৰ আৱশ্যকতা হয় তেতিয়া আমি সঙ্গী উপাসকসকলক তেনে শান্ত্বনা প্ৰদান কৰোঁ। তদুপৰি আমি সত্যত নথকা আৰু হয়তো অতীতত বেয়া ব্যৱহাৰ কৰোঁতাসকলৰ প্ৰতিও প্ৰেম দেখুৱাওঁ।—মথি ৫:৪৩-৪৮; গালাতীয়া ৬:১০.

যীচুৱে এই ভৱিষ্যতসূচক বাক্যশাৰী পঢ়ি তেওঁত এই ভৱিষ্যতবাণী পূৰ্ণ হʼল বুলি তেওঁ এইদৰে কৈছিল: “প্ৰভু যিহোৱাৰ আত্মা মোত স্থিতি হৈছে; কিয়নো নম্ৰ লোকবিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ যিহোৱাই মোক অভিষেক কৰিলে; ভগ্নচিত্তীয়াবিলাকৰ ঘা বান্ধিবলৈ . . . আটাই শোকাতুৰ লোকক শান্ত্বনা কৰিবলৈ।” (যিচয়া ৬১:১, ২; লূক ৪:১৬-১৯) আধুনিক সময়ৰ অভিষিক্ত বৰ্গই বহু সময়ৰ আগৰে পৰা জানিব পাৰিছিল যে সেই দায়িত্ব তেওঁলোকেও বহন কৰা আৱশ্যক আৰু সেই কাৰ্য্যত ‘অন্য মেৰবৰ্গইও’ আনন্দেৰে তেওঁলোকৰ লগ লৈছে।—যোহন ১০:১৬

৩. “ঈশ্বৰে দুখ-কষ্টক কিয় অনুমতি দিছে” বুলি যেতিয়া লোকসকলে প্ৰশ্ন কৰে তেতিয়া আমি তেওঁলোকলৈ কেনে সহায় আগবঢ়াব পাৰোঁ?

যেতিয়া দুৰ্যোগে লোকসকলক ভগ্নচিত্ত কৰি তুলে তেতিয়া তেওঁলোকে প্ৰায়েই এইদৰে সোধে: “ঈশ্বৰে দুখ-কষ্টক কিয় অনুমতি দিছে?” বাইবেলে স্পষ্টকৈ এই প্ৰশ্নটোৰ উত্তৰ দিছে। যিহেতু বাইবেল অধ্যয়ন নকৰা এজন ব্যক্তিয়ে তেনেধৰণৰ প্ৰশ্নৰ উত্তৰ বুজি নাপাব পাৰে। এই ক্ষেত্ৰত যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা আলোচনীবোৰত সহায় প্ৰদান কৰা হৈছে। * কিছুমানৰ বাবে বাইবেলখন শান্ত্বনাদায়ক পাঠ্যপুস্তক হিচাবে এইবাবে প্ৰমাণিত হৈছে, কিয়নো যিচয়া ৬১:১, ২ পদত প্ৰকাশ কৰিছে যে মানুষ্যজাতিয়ে শান্ত্বনা লাভ কৰাটোৱে হৈছে ঈশ্বৰৰ ইচ্ছা।

৪. পলেণ্ডৰ এগৰাকী সাক্ষী ভনীয়ে কেনেকৈ স্কুলত পঢ়া এজনী শোকাগ্ৰস্ত কিশোৰীক সহায় কৰিছিল আৰু এই অনুভৱে আনক সহায় কৰিবলৈ আপোনাক কেনেকৈ সহায় কৰিব?

ডেকা বা বৃদ্ধ উভয়কে শান্ত্বনাৰ আৱশ্যক। পলেণ্ডত বাস কৰা এগৰাকী শোকাগ্ৰস্ত কিশোৰীয়ে তাইৰ চিনাকী বান্ধৱীৰ পৰা পৰামৰ্শ পাবলৈ বিচাৰিছিল, যি এগৰাকী যিহোৱাৰ সাক্ষী আছিল। সাক্ষী গৰাকীয়ে সাৱধানে অনুসন্ধান কৰি জানিবলৈ পাৰিলে যে বাস্তৱতে সেই কিশোৰী গৰাকীয়ে কিছুমান সন্দেহ উৎপন্ন কৰা প্ৰশ্নক লৈ ব্যাকুল হৈ পৰিছে। সেই প্ৰশ্নবোৰ হৈছে: “কিয় ইমান দুষ্টতাৰ বৃদ্ধি হৈছে? মানুহে কিয় দুখ-কষ্ট ভুগিবলগীয়া হৈছে? মোৰ সাত বছৰীয়া সৰু ভনীজনীয়ে কিয় জঠৰ ৰোগৰ দ্বাৰা পীড়িত হৈছে? আৰু মোৰ হৃদয় কিয় ইমান দুৰ্ব্বল? তদুপৰি গীৰ্জাত কোৱা হৈছিল যে সেই সকলোবোৰ হʼবলৈ ঈশ্বৰে অনুমতি দিছে। কিন্তু যদি এইটোৱে সত্য তেন্তে মই তেওঁত বিশ্বাস কৰিবলৈ এৰি দিম!” তেতিয়া সাক্ষী ভনী গৰাকীয়ে মনে মনে যিহোৱালৈ প্ৰাৰ্থনা কৰিলে আৰু কিশোৰীজনীক এইদৰে কʼলে: “এই বিষয়ে মোক প্ৰশ্ন কৰাত মই অতি আনন্দিত। যিমান সম্ভৱ মই তোমাক সহায় কৰিবলৈ চেষ্টা কৰিম।” সাক্ষী গৰাকীয়ে কৈছিল যে সৰুকালত তাইৰো মনত কিছুমান সন্দেহজনক প্ৰশ্ন হৈছিল যাৰ উত্তৰ পাবলৈ যিহোৱাৰ সাক্ষীসকলে তাইক সহায় কৰিলে। আগলৈ তাই কয়: “মই জানিব পাৰিলোঁ যে ঈশ্বৰে মানুহক দুখ-কষ্ট ভুগিবলৈ অনুমতি দিয়া নাই। তেওঁ মানৱজাতিক প্ৰেম কৰে, তেওঁলোকৰ হিত বিচাৰে আৰু অতি শীঘ্ৰেই এই পৃথিৱীত এক বৃহৎ পৰিৱৰ্তন আনিব। যʼত কোনো ৰোগ, বৃদ্ধ অৱস্থা আৰু মৃত্যু নাথাকিব আৰু আজ্ঞাকাৰী মানৱে এই পৃথিৱীখনত চিৰকাললৈকে বাস কৰিব।” তাৰ পিছত সাক্ষী ভনী গৰাকীয়ে সেই কিশোৰী গৰাকীক প্ৰকাশিত বাক্য ২১:৩, ৪; ইয়োব ৩৩:২৫; যিচয়া ৩৫:৫-৭ পদবোৰ দেখুৱাই। বহু সময় ধৰি চলা আলোচনাৰ পিছত সেই কিশোৰী গৰাকীয়ে কৈছিল: “এতিয়া মই জানিব পাৰিলোঁ যে মোৰ জীৱনটো উদ্দেশ্যহীন নহয়। মই পুনৰাই তোমাক লগ পাব পাৰোঁনে?” তাৰ পিছত তাইৰ সৈতে সপ্তাহত দুবাৰকৈ বাইবেল অধ্যয়ন আৰম্ভ হʼল।

যিহোৱাই প্ৰদান কৰা শান্ত্বনাৰ দ্বাৰা আনক সহায় কৰা

৫. আমি সহানুভূতিৰে কথা কোৱাৰ সময়ত কিহে প্ৰকৃততে শান্ত্বনা প্ৰদান কৰিব?

আনক শান্ত্বনা দিয়াৰ সময়ত আমি সহানুভূতিৰে কথা কোৱা আৱশ্যক। কিয়নো এনে ধৰণে কোৱা বাক্য আৰু কণ্ঠস্বৰে প্ৰকাশ কৰে যে আমি বিশাদগ্ৰস্তজনৰ পৰিস্থিতিৰ প্ৰতি আগ্ৰহী। কোনো অৰ্থহীন বাক্যৰ দ্বাৰা এনে সফলতা পোৱা নাযায়। বাইবেলে আমাক কৈছে যে, আমি “ধৈৰ্য্যেৰে আৰু শাস্ত্ৰৰ শান্ত্বনাৰে আশা পাবলৈ” সক্ষম হৈছোঁ। (ৰোমীয়া ১৫:৪) এই বিষয়ে মনত ৰাখি আমি উচিত সময়ত বৰ্ণনা কৰিম যে ঈশ্বৰৰ ৰাজ্য কি আৰু বাইবেলৰ পৰা দেখুৱাব পাৰিম যে এই ৰাজ্যই কেনেকৈ বৰ্তমানৰ সমস্যাবোৰক সমাধান কৰিব। তদুপৰি যুক্তি দাঙি ধৰি বুজাই দিব পাৰিম যে আমি ইয়াক ভাৰসা কৰিব পাৰোঁ। এইদৰে আমি শান্ত্বনা প্ৰদান কৰাত সফলতা লাভ কৰিব পাৰিম।

৬. শাস্ত্ৰীয় পদবোৰত উল্লেখ কৰা শান্ত্বনাৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼবলৈ আমি লোকসকলক কেনে সহায় আগবঢ়োৱা উচিত?

এই শান্ত্বনাৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হবলৈ হʼলে এজন ব্যক্তিক সত্য ঈশ্বৰ, তেওঁৰ ব্যক্তিত্ব আৰু প্ৰতিজ্ঞাবোৰত বিশ্বাস কৰা আৱশ্যক। যেতিয়া আমি যিহোৱাক উপাসনা নকৰা ব্যক্তিক সহায় কৰিবলৈ বিচাৰোঁ তেতিয়া তেওঁক এই বিষয়বোৰক বৰ্ণনা কৰিলে উত্তম হʼব: (১) বাইবেলত পোৱা শান্ত্বনা সত্য ঈশ্বৰ যিহোৱাৰ পৰা আহিছে। (২) যিহোৱা হৈছে প্ৰেমময়, সৰ্ব্বশক্তিমান, আকাশ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা। তদুপৰি তেওঁ অতি দয়ালু আৰু সত্য ঈশ্বৰ। (৩) আমি ঈশ্বৰৰ বাক্যৰ পৰা যথাৰ্থ জ্ঞান লৈ তেওঁৰ কাষ চাপি তেনে পৰিস্থিতিৰ সৈতে যুঁজিবলৈ শক্তিশালী হʼম। (৪) বাইবেলৰ শাস্ত্ৰীয় পদত এনে বিভিন্ন ব্যক্তিসকলৰ উদাহৰণ উল্লেখ কৰা আছে, যিসকলে বিশেষ কিছুমান পৰীক্ষাৰ সম্মুখীন হৈছিল।

৭. (ক) ঈশ্বৰে “খ্ৰীষ্টৰ দ্বাৰাই” শান্ত্বনা দিয়ে বুলি জোৰ দি উল্লেখ কৰি আমি কি সম্পন্ন কৰিব পাৰোঁ? (খ) নিজৰ কৰ্ম্মৰ বাবে পৰিণামৰ সম্মুখীন হোৱা বুলি অনুতাপ কৰা ব্যক্তিজনক আপুনি কেনেকৈ শান্ত্বনা দিব পাৰে?

কিছুমানে বাইবেলৰ সৈতে পৰিচিত থকা ব্যক্তিসকলক ২ কৰিন্থীয়া ১:৩-৭ পদটো পঢ়াৰ যোগেদি শান্ত্বনা প্ৰদান কৰিছে। সেই পদটো পঢ়াৰ সময়ত তেওঁলোকে “খ্ৰীষ্টৰ দ্বাৰাই আমাৰ শান্ত্বনাও উপচি পৰে” বুলা অভিব্যক্তিটোক জোৰ দি বুজায়। এই শাস্ত্ৰীয় পদটো এজন ব্যক্তিক বাইবেলখনেই যে প্ৰকৃত শান্ত্বনাৰ উৎস তাক বুজিবলৈ অধিককৈ সহায় কৰিব পাৰে। তদুপৰি ইয়ে আন এটা সময়ত আলোচনা কৰিবলৈ আধাৰ প্ৰস্তুত কৰিব পাৰে। যদি এজন ব্যক্তিয়ে নিজৰ বেয়া কৰ্ম্মৰ বাবে তেনে পৰিণাম ভুগিবলগীয়া হৈছে বুলি ভাবে, তেন্তে আমি নিজৰ কোনো ৰায় নিদিয়াকৈ তেওঁক হয়তো কʼব পাৰোঁ যে ১ যোহন ২:১, ২; গীতমালা ১০৩:১১-১৪ পদত উল্লেখ কৰা পৰামৰ্শসমূহক জানি শান্ত্বনা লাভ কৰিব পাৰে। এনে কৰাৰ দ্বাৰা আমি আনক ঈশ্বৰীয় শান্ত্বনা প্ৰদান কৰিব পাৰোঁ।

আৰ্থিক সমস্যা বা অত্যাচাৰৰ সম্মুখীন হোৱা লোকলৈ শান্ত্বনা

৮, ৯. অত্যাচাৰৰ সম্মুখীন হোৱা লোকসকলক কেনেকৈ সঠিকভাৱে শান্ত্বনা দিব পাৰি?

বৰ্তমান কোটি কোটি লোকে অত্যাচাৰ, সামাজিক উৎপীড়ন বা গৃহ যুদ্ধৰ সম্মুখীন হʼবলগীয়া হৈছে। তেনে ব্যক্তিসকলক আমি কেনেকৈ শান্ত্বনা দিব পাৰিম?

প্ৰকৃত খ্ৰীষ্টানসকলে এই জগতৰ কাৰ্য্যবোৰত বা জগতৰ আন সংগ্ৰামবোৰত ভাগ অথবা কোনো এজনৰো পক্ষ নলয়। (যোহন ১৭:১৬) কিন্তু তেওঁলোকে উপযুক্তৰূপে বাইবেলৰ পৰা দেখুৱাই যে বৰ্তমানৰ নিষ্ঠুৰ পৰিস্থিতি সদায়েই নাথাকিব। তেওঁলোকে হয়তো গীতমালা ১১:৫ পদটো পঢ়ি দেখুৱাব পাৰে যে যিহোৱাই অত্যাচাৰৰ কাৰ্য্যক প্ৰীতি ৰাখোঁতাসকলৰ প্ৰতি কেনে দৃষ্টি ৰাখে বা গীতমালা ৩৭:১-৪ পদৰ পৰা প্ৰতিশোধ লোৱা আমাৰ নহয় কিন্তু ঈশ্বৰৰহে কাম বুলি দাঙি ধৰিব পাৰে। গীতমালা ৭২:১২-১৪ পদত উল্লেখিত বাক্যসমূহে দেখুৱাইছে যে বৰ্তমানে স্বৰ্গত শাসন কৰা মহান চলোমন অৰ্থাৎ যীচু খ্ৰীষ্টই নিৰ্দ্দোষী লোকসকলৰ যাতনা ভুগি থকা দেখি কেনে অনুভৱ কৰে।

১০. যদিও আপুনি বহুসময় ধৰি যুদ্ধগ্ৰস্ত পৰিস্থিতিৰ মাজত বাস কৰিছিল, উল্লেখ কৰা শাস্ত্ৰীয় পদবোৰে আপোনাক কেনেকৈ শান্ত্বনা প্ৰদান কৰিব পাৰে?

১০ কিছুমান লোকে শাসন লাভৰ অৰ্থে সঘনাই হোৱা সংগ্ৰামৰ মাজত জীৱন-নিৰ্বাহ কৰিবলগীয়া হৈছে। তেওঁলোকে যুদ্ধ আৰু ইয়াৰ পৰিণামবোৰক সাধাৰণভাৱে জীৱনৰ এটা অংশ বুলি মানি লৈছে। তেওঁলোকৰ অনুসাৰে অন্য ঠাইলৈ গলেহে শান্তিময় পৰিস্থিতিত থাকিব পাৰিব। কিন্তু সৰহভাগ লোকে এনে কৰি কেতিয়াও সফলতা নাপালে আৰু আন কিছুমানে তেনে কৰিবলৈ চেষ্টা কৰি নিজৰ জীৱন হেৰুৱাবলগীয়া হʼল।। আন কিছুমানে অন্য ঠাইলৈ গৈ অনুভৱ কৰিব পাৰিলে যে তেওঁলোকে এটাৰ পৰিৱৰ্তে আন এটা সমস্যাহে কাষ চপাই লʼলে। তেনে ব্যক্তিসকলৰ বাবে গীতমালা ১৪৬:৩-৬ পদটোৰ পৰা বুজোৱাটো উত্তম হʼব, যʼত অন্য ঠাইলৈ যোৱাৰ সলনি নিৰ্ম্মাণকৰ্ত্তাৰ ওপৰত ভাৰসা ৰাখিবলৈ কোৱা হৈছে। মথি ২৪:৩, ৭, ১৪; ২ তীমথিয় ৩:১-৫ পদত উল্লেখ কৰা ভৱিষ্যতবাণীসমূহে দেখুৱাইছে যে তেওঁলোকে সম্মুখীন হোৱা সমস্যাসমূহৰ অৰ্থ কি, কʼবলৈ গʼলে আমি এই ৰীতি-ব্যৱস্থাৰ একেবাৰে শেষ সময়ত বাস কৰিছোঁ। গীতমালা ৪৬:১-৩, ৮, ৯ আৰু যিচয়া ২:২-৪ পদে হয়তো তেওঁলোকক ভৱিষ্যতে যে এক উজ্জ্বল আশা আছে তাক জনাত সহায় কৰিব পাৰে।

১১. পশ্চিম আফ্ৰিকাৰ এগৰাকী মহিলাক কেনেবোৰ শাস্ত্ৰীয় পদে শান্ত্বনা প্ৰদান কৰিলে আৰু কিয়?

১১ পশ্চিম আফ্ৰিকাত যুদ্ধ আৰু গুলিয়া-গুলি চলি থকাৰ সময়ত এগৰাকী মহিলাই নিজৰ ঘৰৰ পৰা পলায়ন কৰে। তাইৰ জীৱনটো আগতকৈও অতি ভয়ভিত, হৃদয়বিদাৰক নিৰাশতা আৰু দুখময় পৰিস্থিতিৰে ভৰি পৰিল। তাইৰ পৰিয়ালে আন এখন দেশত বাস কৰাৰ সময়ছোৱাত মহিলাগৰাকীৰ স্বামীয়ে ধৰ্ম্মযাজক হʼবলৈ তেওঁলোকৰ বিবাহ প্ৰমাণপত্ৰ জ্বলাই দি তেওঁৰ গৰ্ভৱতী পত্নী আৰু তেওঁলোকৰ দহ বছৰীয়া পুতেকক তাইৰ সৈতে আন এখন ঠাইলৈ পঠিয়াই দিবলৈ নিৰ্ণয় লʼলে। যেতিয়া তাইক ফিলিপীয়া ৪:৬, ৭; গীতমালা ৫৫:২২ পদটো পঢ়ি শুনোৱাৰ সৈতে শাস্ত্ৰীয় আধাৰীত প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ লেখবোৰ দেখুৱা হʼল তেতিয়া তাই শান্ত্বনা লাভ কৰিলে আৰু জীৱনটো যে উদ্দেশ্যপূৰ্ণ তাক জানিব পাৰিলে।

১২. (ক) যিসকলে আৰ্থিক সমস্যাৰ সম্মুখীন হৈছে তেওঁলোকক শাস্ত্ৰই কেনে শান্ত্বনা প্ৰদান কৰিছে? (খ) এছিয়াত বাস কৰা এগৰাকী সাক্ষী ভনীয়ে কেনেকৈ এগৰাকী মহিলা গ্ৰাহকক সহায় কৰিলে?

১২ আৰ্থিক পতনে কোটি কোটি লোকৰ জীৱন ধ্বংস কৰিছে। কেতিয়াবা যুদ্ধ আৰু ইয়াৰ ফলত উৎপন্ন হোৱা পৰিণামৰ বাবেও তেনে হোৱাটো দেখিবলৈ পোৱা যায়। তদুপৰি আৰ্থিক পতনৰ আন এটা কাৰণ হৈছে নিৰ্বোধ চৰকাৰৰ নিয়ম-ব্যৱস্থা, লোভীয়া আৰু ভ্ৰষ্টাচাৰপূৰ্ণ অধিকাৰীসকলে নিজৰ সা-সম্পত্তি বৃদ্ধি কৰিবলৈ বলেৰে ৰাইজৰ সম্পত্তি জব্দ কৰে। আন কিছুমানে হয়তো জীৱনত কেতিয়াও জগতৰ ইমানবোৰ সুবিধা লাভ কৰিব পৰা নাই। তেনে ব্যক্তিসকলৰ বাবে এইটো জনা কিমান যে শান্ত্বনাদায়ক যিসকলে ঈশ্বৰত ভাৰসা ৰাখে তেওঁলোকে এক ধাৰ্মিক পৃথিৱীত বাস আৰু নিজে লগোৱা ফল অৱশ্যেই ভোগ কৰিব পাৰিব। (গীতমালা ১৪৬:৬, ৭; যিচয়া ৬৫:১৭, ২১-২৩; ২ পিতৰ ৩:১৩) এছিয়াত বাস কৰা এগৰাকী সাক্ষী ভনীক যেতিয়া এগৰাকী মহিলা গ্ৰাহকে আৰ্থিক পৰিস্থিতিৰ সম্পৰ্কে ব্যাকুলতা প্ৰকাশ কৰিলে তেতিয়া সাক্ষী ভনী গৰাকীয়ে বৰ্ণনা কৰি কʼলে যে এই সমস্যাটো গোটেই বিশ্বত ঘটি থকা ঘটনাসমূহৰ এটা অংশ। মথি ২৪:৩-১৪ আৰু গীতমালা ৩৭:৯-১১ পদটোৰ পৰা কৰা আলোচনাই নিয়মিত বাইবেল অধ্যয়ন কৰিবলৈ পৰিচালিত কৰিলে।

১৩. (ক) যেতিয়া লোকসকলে ভুৱা প্ৰতিজ্ঞাসমূহৰ দ্বাৰা নিৰাশ হয় তেতিয়া আমি কেনেকৈ বাইবেলৰ দ্বাৰা সহায় কৰিব পাৰোঁ? (খ) যদি বেয়া পৰিস্থিতিৰ বাবে লোকসকলে ঈশ্বৰ নাই বুলি কয়, তেন্তে আপুনি তেওঁলোকৰ সৈতে কেনেধৰণে যুক্তি দাঙি ধৰি বুজাব পাৰে?

১৩ যেতিয়া বহু সময় ধৰি লোকসকলে বেদনাৰ সম্মুখীন বা ভুৱা প্ৰতিজ্ঞাবোৰৰ দ্বাৰা নিৰাশ হৈ পৰে তেতিয়া তেওঁলোকে মিচৰ দেশত থকা ইস্ৰায়েলসকলৰ নিচিনা প্ৰতিক্ৰিয়া দেখুৱাই, যিসকলে ‘মনৰ অধৈৰ্য্যৰ’ বাবে আমাৰ বাৰ্ত্তাৰ প্ৰতি কাণ নিদিয়ে। (যাত্ৰাপুস্তক ৬:৯) এনে অৱস্থাত তেওঁলোকে কেনেকৈ চলিত পৰিস্থিতিৰ সম্মুখীন আৰু অনাৱশ্যকীয় ফান্দবোৰৰ পৰা ৰক্ষা পাব পাৰে, তাক বাইবেলৰ পৰা দেখুৱালে লাভৱান হʼব। (১ তীমথিয় ৪:৮খ) কিছুমানে বেয়া পৰিস্থিতিত বাস কৰাৰ হেতুকে ঈশ্বৰে তেওঁলোকৰ প্ৰতি বিবেচনা নকৰে বুলি ভাবিব পাৰে। তেনে ব্যক্তিসকলক আপুনি হয়তো উপযুক্ত শাস্ত্ৰীয় পদবোৰৰ পৰা যুক্তি দাঙি ধৰি দেখুৱাব পাৰিব যে ঈশ্বৰে সহায় প্ৰদান কৰিছে কিন্তু বহুতে গ্ৰহণ কৰিব নিবিচাৰে।—যিচয়া ৪৮:১৭, ১৮.

ধুমুহা-বতাহ আৰু ভূমিকম্পৰ দ্বাৰা পীড়িত হোৱা লোকলৈ শান্ত্বনা

১৪, ১৫. যেতিয়া এটা ধ্বংসাত্মক পৰিস্থিতিয়ে বহুতক শোকাগ্ৰস্ত কৰি তুলিছিল তেতিয়া যিহোৱাৰ সাক্ষীসকলে কেনেকৈ তেওঁলোকৰ প্ৰতি নিজৰ চিন্তাধাৰা প্ৰকাশ কৰিলে?

১৪ ধুমুহা-বতাহ, ভূমিকম্প, আগ্নিকাণ্ড বা বোমা বিস্ফোৰণৰ বাবে লোকসকলে বিপদত পৰিব পাৰে। তেনে অৱস্থাত চাৰিওফালে শোকাবহ পৰিস্থিতি দেখা দিব পাৰে। প্ৰাণ ৰক্ষা পোৱা লোকসকলক কেনেকৈ শান্ত্বনা দিব পাৰি?

১৫ লোকসকলে জনা আৱশ্যক যে এনে এজনা আছে যিজনে তেওঁলোকৰ প্ৰতি চিন্তা কৰে। এখন দেশত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ পিছত বহুতে মানসিক আঘাত পালে। কিয়নো তেওঁলোকৰ সৰহভাগ লোকে পৰিয়ালৰ সদস্য, পৰিয়ালটোক চোৱা-চিতা কৰোঁতাজন, বন্ধু-বান্ধব আৰু চাকৰি বা নিৰাপত্তা হেৰুৱাবলগীয়া হʼল। সেই এলেকাত যিহোৱাৰ সাক্ষীসকলে উপস্থিত হৈ তেওঁলোকৰ এনে বৃহত ক্ষতিসাধনৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰে আৰু বাইবেলৰ দ্বাৰা শান্ত্বনা প্ৰদান কৰে। বহুতে তেওঁলোকৰ এনে ভাবনাক দেখি গভীৰভাৱে প্ৰশংসা কৰিলে।

১৬. যেতিয়া এল ছালভেদৰৰ এখন ঠাইত প্ৰাকৃতিক দুৰ্যোগ দেখা দিছিল তেতিয়া স্থানীয় সাক্ষীসকলে কৰা প্ৰচাৰ কাৰ্য্য কিয় অধিক প্ৰভাৱকাৰী হৈছিল?

১৬ এল ছালভেদৰত ২০০১ চনত এক প্ৰকাণ্ড ভূমিকম্পৰ ফলত হোৱা ভূমিস্খলনত বহুতৰে প্ৰাণ হানি হয়। যʼত এগৰাকী সাক্ষী ভনীৰ ২৫ বছৰীয়া পুতেক আৰু তেওঁৰ বাগ্‌দত্তাৰ দুজনী সৰু ভনীয়েকক মৃত্যুত হেৰুৱাব লগীয়া হয়। সাক্ষী ভনী গৰাকীয়ে তাইৰ পুতেকৰ বাগ্‌দত্তাৰ সৈতে সক্ৰিয়ভাৱে প্ৰচাৰ কাৰ্য্যত ব্যস্ত হৈ পৰে। প্ৰচাৰ কাৰ্য্যত লগ পোৱা বহুতো লোকে তেওঁলোকক কৈছিল যে ঈশ্বৰে তাইৰ পুতেক আৰু দুজনী ছোৱালীক নিজৰ ওচৰলৈ মাতি নিলে বা এইয়া তেওঁৰ ইচ্ছা আছিল। তেতিয়া তেওঁলোকে লোকসকলক হিতোপদেশ ১০:২২ পদটো পঢ়ি বৰ্ণনা কৰিলে যে আমি জীয়াতু ভুগাটো ঈশ্বৰে নিবিচাৰে। তেওঁলোকে ৰোমীয়া ৫:১২ পদটো পঢ়ি কʼলে যে কোনোবা এজনৰ মৃত্যু ঈশ্বৰৰ ইচ্ছাৰ বাবে নহয় কিন্তু পাপৰ ফলতহে হয়। তদুপৰি তেওঁলোকে গীতমালা ৩৪:১৮; ৩৭:২৯; যিচয়া ২৫:৮ আৰু প্ৰকাশিত বাক্য ২১:৩ পদটোত উল্লেখ কৰা শান্ত্বনাদায়ক বাৰ্ত্তাৰ বিষয়েও জনালে। এই বাৰ্ত্তাৰ প্ৰতি লোকসকলে বিশেষকৈ সেই দুৰ্যোগত নিজৰ পৰিয়ালৰ সদস্যক হেৰুৱা দুগৰাকী মহিলাই মনোযোগেৰে শুনিছিল আৰু বহুতে বাইবেল অধ্যয়ন আৰম্ভ কৰে।

১৭. দুৰ্যোগৰ সময়ত আমি কেনে ধৰণে সহায় আগবঢ়াব পাৰোঁ?

১৭ দুৰ্যোগ দেখা দিয়াৰ সময়ত আপুনি হয়তো এনে এজন ব্যক্তিক লগ পাব পাৰে যিজনক শীঘ্ৰেই শাৰীৰিক সাহায্যৰ আৱশ্যক। ইয়াত হয়তো ডাক্টৰ অনা, ব্যক্তিজনক চিকিৎসালয়লৈ নিয়া, আশ্ৰয় আৰু আহাৰৰ বাবে যি সম্ভৱ সেই ব্যৱস্থা কৰাটো সন্মিলিত থাকিব পাৰে। ইটালীত ১৯৯৮ চনত হোৱা প্ৰাকৃতিক দুৰ্যোগত যিহোৱাৰ সাক্ষীসকলে লোৱা পদক্ষেপৰ বিষয়ে এজন সাংবাদিকে এইদৰে কৈছিল যে, “তেওঁলোকে কোনো জাতি-ভেদ নাৰাখি সকলো পীড়িত লোকক ব্যৱহাৰিকভাৱে সহায় কৰিলে।” কিছুমান ঠাইত ভৱিষ্যতবাণীত উল্লেখ কৰা শেষকালত ঘটিবলগা ঘটনাবোৰৰ বাবে অধিক ক্লেশ ভুগিবলগা হৈছে। তেনে ঠাইবোৰত থকা যিহোৱাৰ সাক্ষীসকলে লোকসকলক বাইবেলৰ ভৱিষ্যতবাণীসমূহক বৰ্ণনা আৰু ঈশ্বৰৰ ৰাজ্যই মানৱজাতিৰ বাবে প্ৰকৃত নিৰাপত্তা প্ৰদান কৰিব বুলি আশ্বাস দি শান্ত্বনা প্ৰদান কৰিছে।—হিতোপদেশ ১:৩৩; মীখা ৪:৪.

পৰিয়ালৰ সদস্যৰ মৃত্যুত শান্ত্বনা প্ৰদান কৰা

১৮-২০. কোনো এজন সদস্যৰ মৃত্যু হোৱাত আপুনি শোকাগ্ৰস্ত পৰিয়ালক কেনে কথা কৈ বা কাৰ্য্য কৰি শান্ত্বনা দিব পাৰে?

১৮ প্ৰত্যেকদিনা লাখ লাখ লোকে আপোনজনাক মৃত্যুত হেৰুৱাই শোকাগ্ৰস্ত হোৱা দেখা গৈছে। তেনে ব্যক্তিসকলক আপুনি হয়তো প্ৰচাৰ কাৰ্য্যত বা দৈনন্দিন কৰ্ম্মস্থলত লগ পাব পাৰে। সেই সময়ত আপুনি কি কʼলে বা কেনে কাৰ্য্য কৰিলে তেওঁলোকে শান্ত্বনা পাব পাৰে?

১৯ আপোনজনাক হেৰুৱাই ব্যক্তিজন আৱেগীকভাৱে ভাঙি পৰিছেনে? তেওঁৰ ঘৰখনত শোকাগ্ৰস্ত হোৱা সম্বন্ধীয়া লোকেৰে ভৰি আছেনে? আপুনি হয়তো অনেক প্ৰকাৰে শান্ত্বনা দিব পাৰে, কিন্তু বিবেচক হোৱাটো অতি আৱশ্যক। (উপদেশক ৩:১, ৭) হয়তো সহানুভূতি দেখুৱা এটা উত্তম পদ্ধতি হৈছে কোনো উপযুক্ত বাইবেল আধাৰিত প্ৰকাশন দিব পাৰে (এখন ব্ৰচাৰ, আলোচনী বা ট্ৰেক্ট) আৰু কিছু দিনৰ পিছত পুনৰাই গৈ অন্য কিবা প্ৰকাৰে সহায় কৰিব পাৰেনে তাৰ বিষয়ে জানওক। কোনো এক উপযুক্ত সময়ত বাইবেলৰ পৰা কিছুমান উৎসাহজনক বিচাৰধাৰা দাঙি ধৰক। ইয়ে তেওঁক শান্ত আৰু আৰোগ্য হʼবলৈ সহায় কৰিব পাৰে। (হিতোপদেশ ১৬:২৪; ২৫:১১) যদিও আপুনি যীচুৰ দৰে কাকো পুনৰুত্থান কৰিব নোৱাৰে তথাপিও মৃতবিলাকৰ বিষয়ে বাইবেলে যি কৈছে তাক বৰ্ণনা কৰিব পাৰে। যিহেতু সেই সময়ত মৃত্যুৰ সম্পৰ্কে থকা তেওঁলোকৰ ভুলধাৰণাক সাল-সলনি কৰাৰ বাবে উপযুক্ত সময় নহʼবও পাৰে। (গীতমালা ১৪৬:৪; উপদেশক ৯:৫,  ১০; যিহিষ্কেল ১৮:৪) পুনৰুত্থানৰ সম্বন্ধে থকা প্ৰতিজ্ঞাবোৰৰ বিষয়ে সেই ব্যক্তিজনৰ সৈতে আপুনি একেলগে বাইবেলৰ পৰা পঢ়িব পাৰে। (যোহন ৫:২৮, ২৯; পাঁচনিৰ কৰ্ম্ম ২৪:১৫) আপুনি হয়তো এইবোৰৰ অৰ্থ কি তাক বুজাবলৈ বাইবেলত লিপিবদ্ধ কৰা এটা বৃত্তান্তৰ বিষয়ে আলোচনা কৰিব পাৰে। (লূক ৮:৪৯-৫৬; যোহন ১১:৩৯-৪৪) তদুপৰি যিজন প্ৰেমময় ঈশ্বৰে আমাক এনে উত্তম আশা প্ৰদান কৰিছে, তেওঁৰ গুণসমূহৰ প্ৰতি আৰ্কষিত কৰক। (ইয়োব ১৪:১৪, ১৫; যোহন ৩:১৬) এই শিক্ষাবোৰৰ দ্বাৰা আপুনি কেনেকৈ লাভৱান হʼল আৰু কিয় সেইবোৰত ভাৰসা কৰিব পাৰে তাৰ বিষয়ে বৰ্ণনা কৰক।

২০ ৰাজ্যগৃহলৈ অহা শোকাগ্ৰস্ত ব্যক্তিসকলক আদৰণী জনাই চুবুৰীয়াৰ প্ৰতি প্ৰকৃত প্ৰেম থকা ভাই-ভনীৰ সৈতে চিনাকি হোৱাত সহায় কৰিব পাৰে। কিয়নো ভাই-ভনীসকলে জানে যে কেনেকৈ এজনে আনজনক উন্নত কৰিব পাৰে। চুইদেনত বাস কৰা এগৰাকী মহিলাই ঠিক এনেদৰে সঙ্গতি বিচৰাত সক্ষম হৈছিল যাক তাই গোটেই জীৱনে বিচাৰি ফুৰিছিল।—যোহন ১৩:৩৫; ১ থিচলনীকীয়া ৫:১১.

২১, ২২. (ক) যদি আমি শোকাগ্ৰস্ত এজনাক শান্ত্বনা দিব বিচাৰিছোঁ তেন্তে কি কৰা আৱশ্যক? (খ) শাস্ত্ৰীয় পদবোৰৰ সৈতে ভালদৰে পৰিচিত হোৱা ব্যক্তিসকলক আপুনি কেনেকৈ শান্ত্বনা দিব পাৰে?

২১ যেতিয়া আপুনি মণ্ডলীত বা বাহিৰত কোনোবা এজনে শোকাগ্ৰস্ত হোৱাৰ বিষয়ে গম পাই তেতিয়া তেওঁক কেনেকৈ শান্ত্বনা দিব পাৰি বুলি চিন্তিত হয়নে? বাইবেলত উল্লেখ কৰা গ্ৰীক “শান্ত্বনা” শব্দটোৰ প্ৰকৃত অৰ্থ হৈছে “এজনৰ হৈ কোৱা।” এজন প্ৰকৃত শান্ত্বনাদাতাই শোকাগ্ৰস্ত লোকবিলাকলৈ নিজকে সহজলভ্য কৰে।—হিতোপদেশ ১৭:১৭.

২২ যদি এজন ব্যক্তিয়ে মৃত্যু, মুক্তিপণ আৰু পুনৰুত্থানৰ সম্বন্ধে ইতিমধ্যেই জানে তেন্তে তেওঁক আপুনি কেনেকৈ শান্ত্বনা দিব? একেই বিশ্বাস ৰাখা বন্ধুজনৰ উপস্থিতিয়ে তেওঁক শান্ত্বনা দিব পাৰে। যদি তেওঁ কিবা কব বিচাৰিছে তেন্তে মনোযোগেৰে শুনক। এইটো নাভাবিব যে তাত আপুনি ভাষণ দিয়া আৱশ্যক। যদি শাস্ত্ৰীয় পদবোৰ পঢ়ি শুনোৱা হৈছে তেন্তে সেইবোৰক ঈশ্বৰৰ অভিব্যক্তি হিচাবে ব্যৱহাৰ কৰক যাতে উভয়ৰে মনোবল দৃঢ় হয়। উল্লেখ কৰা প্ৰতিজ্ঞাবোৰ পূৰ্ণ হʼব বুলি উভয়ে দৃঢ় বিশ্বাস ৰাখক। ঈশ্বৰীয় সহানুভূতি দেখুৱা আৰু তেওঁৰ বাক্যত থকা মূল্যৱান সত্যতাক বিতৰণ কৰাৰ দ্বাৰা আপুনি দুখ ভোগা লোকসকলক সহায় আৰু “সকলো শান্ত্বনাৰ ঈশ্বৰ” যিহোৱাৰ পৰা শক্তি প্ৰদান কৰাত সফল হʼব।—২ কৰিন্থীয়া ১:৩. (w03 5/1)

[ফুটনোট]

^ জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়, ৮ অধ্যায়; ৰীজনিং কিতাপ, ৩৯৩-৪০০, ৪২৭-৩১ পৃষ্ঠা; এনে এজন সৃষ্টিকৰ্ত্তা আছেনে যিজনে আপোনাৰ তত্ত্বাৱধান লয়?, ১০ অধ্যায় আৰু ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? নামৰ ব্ৰচাৰখনত চাওক।

আপুনি কেনেকৈ উত্তৰ দিব?

• দুৰ্যোগ দেখা দিয়াৰ বাবে বহুতে কাক দায়ী বুলি ভাবে আৰু আমি কেনেকৈ তেওঁলোকক সহায় কৰিব পাৰোঁ?

• বাইবেলে প্ৰদান কৰা শান্ত্বনাৰ পৰা সম্পূৰ্ণকৈ লাভৱান হবলৈ আমি লোকসকলক কেনেকৈ সহায় কৰিব পাৰোঁ?

• আপোনাৰ এলেকাত কেনে পৰিস্থিতিৰ লোকসকলে শোকাগ্ৰস্ত হৈছে আৰু আপুনি তেওঁলোকক কেনেকৈ শান্ত্বনা দিব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

শৰণাৰ্থী শিবিৰ: UN PHOTO 186811/J. Isaac

[২১ পৃষ্ঠাৰ ছবিসমূহ]

দুৰ্যোগৰ সময়ত শুভবাৰ্ত্তা শুনোৱাৰ দ্বাৰা প্ৰকৃত শান্ত্বনা প্ৰদান কৰা