Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

আদালতত এজন খ্ৰীষ্টান ব্যক্তিয়ে বাইবেলৰ ওপৰত হাত ৰাখি যি কম সম্পূৰ্ণ সঁচা কম বুলি শপত খোৱাটো বাইবেলৰ সিদ্ধান্তৰ সামঞ্জস্যত নে?

এই সম্পৰ্কে প্ৰত্যেকজনে নিজে সিদ্ধান্ত লোৱা উচিত। (গালাতীয়া ৬:৫) যিহেতু আদালতত শপত খাই সঁচা কোৱাৰ বিষয়ে বাইবেলে কোনো প্ৰতিবাদ নকৰে।

শপত খোৱাতো বহুসময়ৰ পৰা প্ৰচলিত হৈ আহিছে। উদাহৰণস্বৰূপে, প্ৰাচীন সময়ত গ্ৰীকসকলে আকাশলৈ হাত বঢ়াই বা এটা বেদীত ধৰি শপত খাইছিল। যেতিয়া এজন ৰোমান বাসীয়ে শপত লৈছিল, তেওঁ হাতত এটুকুৰা শিল লৈ এইদৰে শপত খাইছিল: “যদি মই ইচ্ছাকৃতভাৱে ছল কৰোঁ তেতিয়াহʼলে জুপিটাৰে নগৰ আৰু দুৰ্গক ৰক্ষা কৰি মই এই শিলটোৰ সৈতে কৰাৰ দৰে মোকো জীৱনৰ সকলো উত্তম বস্তুৰ পৰা আঁতৰ কৰক।”—জন মেক্‌ক্লিংটক্‌ আৰু জেমচ্‌ ষ্ট্ৰঙ্গ নামৰ লিখকে লিখা চাইক্লপেডিয়া অৱ বিবলিকেল, থিয়লজিকেল, এণ্ড এক্লেষ্টিকেল লিট্ৰেশ্বাৰ অষ্টম খণ্ড, ২৬০ পৃষ্ঠা।

এনে কাৰ্য্যই প্ৰমাণ কৰে যে মানুহে ঈশ্বৰৰ শক্তি আৰু অস্তিত্বৰ বিষয়ে অৱগত যিজনে তেওঁলোকক দৃষ্টি কৰে আৰু তেওঁলোকে তেওঁৰ সম্মুখত জবাবদিহি। প্ৰাচীন সময়ৰ পৰাই সত্য উপাসকসকলে জানিছিল যে যিহোৱাই তেওঁলোকে কৰা সকলো কাৰ্য্য আৰু কথাৰ ওপৰত দৃষ্টি কৰে। (হিতোপদেশ ৫:২১; ১৫:৩) তেওঁলোকে ঈশ্বৰৰ উপস্থিতিত বা তেওঁৰ সাক্ষীৰূপে শপত গ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে, বোৱজ, দায়ূদ, চলোমন আৰু চিদিকিয়াই তেনেদৰে শপত খাইছিল। (ৰূথ ৩:১৩; ২ চমূৱেল ৩:৩৫; ১ ৰাজাৱলি ২:২৩, ২৪; যিৰিমিয়া ৩৮:১৬) সত্য ঈশ্বৰৰ উপাসকসকলে আনে তেওঁলোকৰ পৰা শপত গ্ৰহণ লবলৈ অনুমতি দিয়ে। তেনেদৰে অব্ৰাহাম আৰু যীচু খ্ৰীষ্টৰ সৈতেও ঘটিছিল।—আদিপুস্তক ২১:২২-২৪; মথি ২৬:৬৩, ৬৪.

এজন ব্যক্তিয়ে যিহোৱাৰ সম্মুখত লোৱা শপত কেতিয়াবা কোনো ভঙ্গিমাৰ সৈতে জড়িত থাকে। অব্ৰামে (অব্ৰাহাম) চদোমৰ ৰজাক এইদৰে কৈছিল: “মই স্বৰ্গ আৰু পৃথিবীৰ অধিকাৰী সৰ্ব্বোপৰি ঈশ্বৰ যিহোৱাৰ নামেৰে হাত দাঙি কৈছোঁ।” (আদিপুস্তক ১৪:২২) এজন স্বৰ্গদূতে ভৱিষ্যতবক্তা দানিয়েলৰ সৈতে কথোপকথন কৰি “নিজৰ সোঁ আৰু বাওঁ হাত আকাশৰ ফাললৈ দাঙি অনন্ত কাললৈকে জীয়াই থাকোঁতা জনাৰ নামেৰে শপত” খাইছিল। (দানিয়েল ১২:৭) আনকি ঈশ্বৰেও সাঙ্কেতিকৰূপে নিজৰ হাত দাঙি শপত গ্ৰহণ কৰে।—দ্বিতীয় বিবৰণ ৩২:৪০; যিচয়া ৬২:৮.

শপত লোৱাৰ বাবে বাইবেলে কোনো প্ৰতিবাদ নকৰে। তথাপিও, এজন খ্ৰীষ্টানে তেওঁ কোৱা সকলো কথাতে শপত নাখায়। যীচুৱে এইদৰে কৈছিল: “তোমালোকৰ কথা হয় হয় বা নহয় নহয় হওক।” (মথি ৫:৩৩-৩৭) একেইদৰে যাকোবেও এইদৰে উল্লেখ কৰিছিল। তেওঁ মিছা “শপত নাখাবা” বুলি সতৰ্কবাণী দিছিল। (যাকোব ৫:১২) যীচু বা যাকোব দুয়োজনেই আদালতত শপত খোৱাটো ভুল বুলি কোৱা নাছিল।

তেনেহʼলে এজন খ্ৰীষ্টানক সঁচা কʼবলৈ আদালতত লোৱা শপতৰ বিষয়ে কি কʼব পাৰি? তেওঁ হয়তো অনুভৱ কৰিব পাৰে যে তেনে শপত লʼব পাৰি। আনহাতে তেওঁ হয়তো মিছা কোৱা নাই বুলি লিখিতৰূপে লʼবলৈ অনুমতি দিব পাৰে।—গালাতীয়া ১:২০.

এতেকে যেতিয়া আদালতত হাত দাঙি বা বাইবেলৰ ওপৰত হাত ৰাখি শপত খাবলৈ কয়, এজন খ্ৰীষ্টানে হয়তো সেইটোক সমৰ্থন কৰিব পাৰে। তেওঁ হয়তো বাইবেলৰ উদাহৰণসমূহত শপতৰ সৈতে আঙ্গি-ভঙ্গি জড়িত থকা বুলি প্ৰকাশ কৰাৰ বিষয়ে মনত ৰাখিব পাৰে। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় এই যে এজন সত্য খ্ৰীষ্টান ব্যক্তিয়ে যেতিয়া কোনো ভঙ্গিমাৰে শপত গ্ৰহণ কৰে তেতিয়া মনত ৰখা উচিত যে তেওঁ সঁচা কʼবলৈ ঈশ্বৰৰ আগত শপত লৈছে। এনে শপত হৈছে এটা গুৰুত্বপূৰ্ণ বিষয়। যদি এনে পৰিস্থিতিত এজন খ্ৰীষ্টানে তেওঁক কৰা প্ৰশ্নৰ উত্তৰ দিব পাৰে বুলি তেওঁ অনুভৱ কৰে, তেন্তে তেওঁ মনত ৰখা উচিত যে তেওঁক সঁচা কʼবলৈ শপত লোৱা হৈছে। ইয়াত কোনো সন্দেহ নাই যে খ্ৰীষ্টানসকলে সকলো সময়তে সঁচা কʼব বিচাৰে। (w03 1/15)