সোণালী নিয়ম—এক বিশ্বব্যাপি শিক্ষা
সোণালী নিয়ম—এক বিশ্বব্যাপি শিক্ষা
“সকলো বিষয়তে লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে, তোমালোকেও তেওঁবিলাকক তেনে ব্যৱহাৰ কৰা।”—মথি ৭:১২.
ওপৰত উল্লেখ কৰা বাক্যশাৰীক প্ৰায় দুই হাজাৰ বছৰৰ আগতেই যীচুৱে তেওঁৰ পৰ্ব্বতীয় উপদেশত কৈছিল। কিন্তু শতাব্দীৰ পাছত শতাব্দী ধৰি সেই সাধাৰণ বাক্যশাৰীৰ বিষয়ে বহুতো বচন কোৱা আৰু লিখা হৈছে। উদাহৰণস্বৰূপে, আন আন বিষয়বোৰৰ সৈতে এই বাক্যফাঁকি হৈছে “এক অতি আৱশ্যকীয় শাস্ত্ৰ পদ।” তদুপৰি, ইয়াত “চুবুৰীয়াৰ প্ৰতি থকা এজন খ্ৰীষ্টানৰ দায়িত্বৰ চমু বিবৰণী” আৰু “নীতি সম্বন্ধীয় এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত” দিয়া হৈছে। এই বিবৰণীটো বৃহৎভাৱে প্ৰসিদ্ধ হৈ পৰিছে, সেইবাবে ইয়াক সোণালী নিময় বুলিও কোৱা হয়।
কেৱল তথা-কথিত খ্ৰীষ্টানসকলে যে এই সোণালী নিয়মক পালন কৰে, এনে নহয়। তদুপৰি, ইহুদী, বুদ্ধ ধৰ্ম্ম আৰু গ্ৰীক দৰ্শনশাস্ত্ৰৰ সকলো বিবৃতিত কোনোবা প্ৰকাৰে হলেও ইয়াক নীতি সম্বন্ধীয় বিষয় বুলি পালন কৰা হয়। চীন দেশৰ কনফুচিয়াচ নামৰ এজন প্ৰসিদ্ধ গুৰু আৰু দাৰ্শনিকৰ অনুসাৰে সেই নিয়ম সমস্ত পূব দিশৰ লোকসকলৰ মাজত প্ৰসিদ্ধ হৈ পৰিছিল। তেওঁ লিখা চাৰিখন কিতাপৰ ভিতৰত এনালেক্টচ নামৰ তৃতীয় কিতাপখনত সেই কথাফাঁকিক তিনিবাৰকৈ উল্লেখ কৰা হৈছে। তেওঁৰ বিদ্যাৰ্থীসকলে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ সময়ত দুবাৰকৈ তেওঁ এইদৰে কৈছিল: “যদি তোমালৈ বেয়া হোৱাটো নিবিচাৰা তেন্তে আনলৈও বেয়া ব্যৱহাৰ নকৰিবা।” আন এটা সময়ত তেওঁৰ জেগন নামৰ এজন বিদ্যাৰ্থীয়ে এইদৰে গৰ্ব্বেৰে কৈছিল, “যেনেকৈ আনে মোৰ সৈতে কৰাটো নিবিচাৰোঁ, তেনেদৰে ময়ো আনলৈ কৰাটো নিবিচাৰোঁ।” তেওঁক উত্তৰ দি শিক্ষকজনে এইদৰে কৈছিল: “একেবাৰে সত্য কথা কৈছা, কিন্তু তথাপিও তুমি তেনে কৰিবলৈ সক্ষম নহবা।”
কিন্তু তেওঁ কোৱা কথাষাৰ যদি যীচুৱে কোৱা কথাফাঁকিৰ সৈতে তুলনা কৰি চোৱা হয়, তেনেহʼলে জানিব পাৰি যে কনফুচিয়াচে কোৱা কথাষাৰ আচলতে এক বিপৰীত অৰ্থত প্ৰকাশ পাইছিল। দৰাচলতে, এক বৃহৎ পৃথকতা আছিল। কিয়নো যীচুৱে কোৱা সোণালী নিয়মত আনৰ প্ৰতি কৰা ভাল কাৰ্য্যক সঠিকভাৱে উল্লেখ কৰা হৈছিল। ধৰি লওঁক যে যদি লোকসকলে যীচুৱে কোৱাৰ অনুসাৰে আনৰ প্ৰতি তত্ত্বাৱধান লোৱা, সহায় কৰা আৰু সেই অনুসাৰে দৈনন্দিন জীৱন নিৰ্বাহ কৰাহʼলে, বৰ্তমান জগতখন এখন উত্তম স্থানলৈ পৰিণত হʼলহেঁতেন বুলি আপুনি ভাবেনে? নিসন্দেহে, হʼলহেতেঁন।
যদিও এই সোণালী নিয়ম উচিত হওঁক বা নহওঁক অথবা কোনো বিশেষ কাৰণ হওঁক বা নহওঁক, সকলো পৃষ্ঠভূমিৰ লোকে এই সোণালী নিয়মক বিশ্বাস কৰে। সাধাৰণতে এইটো প্ৰকাশ কৰিছে যে যীচুৰ সেই পৰ্ব্বতীয় উপদেশ হৈছে এক বিশ্বব্যাপি শিক্ষা, যিটো সকলো ঠাই আৰু বয়সৰ লোকক প্ৰভাৱিত কৰি তুলিছে।
নিজকে এইদৰে সোধক: ‘মোক আনে সন্মানপূৰ্বক আৰু নিস্বাৰ্থতাৰে ব্যৱহাৰ কৰাটো বিচাৰিমনে? মই এনে এখন জগতত বাস কৰিবলৈ বিচাৰিমনে, যʼত কোনো জাতিবাদ, পক্ষপাত, অপৰাধ আৰু যুদ্ধ নাই? মই এনে এটা পৰিয়ালৰ সদস্য হʼব বিচাৰিমনে, যʼত সকলো সদস্যই ইজনে সিজনৰ
প্ৰতি বিবেচনা আৰু হিতৰ বাবে কাৰ্য্য কৰে?’ প্ৰকৃততে কোনে কয় যে মই তেনে পৰিবেশত বাস কৰিব নিবিচাৰোঁ? কিন্তু প্ৰকৃত সত্য হৈছে কেৱল কিছুমান লোকেহে তেনে পৰিস্থিতিৰ আনন্দ উপভোগ কৰিব। দৰাচলতে, বেচিভাগ লোকৰ বাবে তেনে পৰিস্থিতিৰ প্ৰতি আশা ৰখাটো অসম্ভৱ।সোণালী নিয়ম লোপ পালে
গোটেই ইতিহাসত দেখা গʼল যে মানৱতাৰ বিৰুদ্ধে অপৰাধ হোৱাৰ বাবে লোকসমূহৰ অধিকাৰৰ প্ৰতি সম্পূৰ্ণৰূপে আওকাণ কৰা হʼল। ইয়াত আফ্ৰিকা দেশত হোৱা দাসত্বৰ ব্যৱসায়, নাজী যাতনা শিবিৰ, বাল-শ্ৰমিক আৰু বহুতো ঠাইত হোৱা হত্যাকাণ্ড সন্মিলিত আছে। যদি তেনে পৰিস্থিতিৰ তালিকা বনোৱা হয় তেন্তে এই তালিকা বহুত দীঘল হʼব।
বৰ্তমান জগতখন হৈছে স্বাৰ্থপৰ। কিছুমান লোকে বিপদৰ সম্মুখীন হোৱাৰ সময়ত বা নিজৰ স্বাৰ্থপৰ ইচ্ছাক পূৰ্ণ কৰাৰ বাবে আনৰ প্ৰতি চিন্তা কৰে। (২ তীমথিয় ৩:১-৫) আজি বহুতে কিয় স্বাৰ্থপৰ, কঠোৰ, নিৰ্দ্দয় আৰু আত্ম-কেন্দ্ৰী হৈ পৰিছে? লোকসকলে জনা-পৰিচিত সোণালী নিয়মৰ অনুসাৰে চলিবলৈ ত্যাগ দিয়াৰ বাবে এনে হবলৈ পাইছে, নহয় জানো? দুখৰ বিষয় এই যে যি সকলে ঈশ্বৰক বিশ্বাস কৰোঁ বুলি দাবী কৰে তেওঁলোকেও এই সোণালী নিয়মৰ অনুসাৰে নচলে। এনে পৰিস্থিতি হোৱা কাৰণক যদি চালি-জাৰি চোৱা হয়, তেনেহʼলে জানিব পৰা যায় যে ইয়াৰ কাৰণ হৈছে লোকবিলাকে অধিক স্বাৰ্থপৰ হৈ পৰিছে।
গতিকে এই প্ৰমুখ প্ৰশ্নসমূহক বিবেচনা কৰাটো অতি আৱশ্যক, এই প্ৰশ্নসমূহ হৈছে: সোণালী নিয়মৰ অনুসাৰে জীৱন-যাপন কৰাৰ সৈতে কি সন্মিলিত আছে? বৰ্তমান সময়ত এই নিয়মৰ অনুসাৰে কোনোবাই জীৱন-যাপন কৰিছেনে? এনে এটা সময় আহিবনে যʼত সকলোৱে সোণালী নিয়মৰ অনুসাৰে জীৱন নিৰ্ব্বাহ কৰিব? এই প্ৰশ্নসমূহৰ সঠিক উত্তৰ পাবলৈ হʼলে, অনুগ্ৰহ কৰি পৰৱৰ্তী লেখটো পঢ়ক।(w01 12/01)
[৩ পৃষ্ঠাৰ ছবি]
কনফুচিয়াচ আৰু অন্য লোকসকলে সোণালী নিয়মৰ বিষয়ে বিভিন্ন প্ৰকাৰৰ শিক্ষা দিছিল