Skip to content

Skip to table of contents

প্ৰতীক্ষাৰ মনোভাব বজাই ৰাখক!

প্ৰতীক্ষাৰ মনোভাব বজাই ৰাখক!

প্ৰতীক্ষাৰ মনোভাব বজাই ৰাখক!

“মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰলৈ বাট চাম; মোৰ ঈশ্বৰে মোলৈ কাণ দিব।”মীখা ৭:৭.

১, ২. (ক)অৰণ্যত ইস্ৰায়েলসকলৰ সঠিক মনোবৃত্তি নথকাৰ বাবে কেনেকৈ হানিকাৰক হৈছিল? (খ) যদি এজন খ্ৰীষ্টান ব্যক্তিয়ে সঠিক মনোভাব নাৰাখে তেনেহʼলে তেওঁলৈ কি ঘটিব পাৰে?

 আমি আমাৰ মনোভাবৰ বাবে জীৱনৰ বহুতো ক্ষেত্ৰত সুখ বা দুখ অনুভৱ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, যেতিয়া ইস্ৰায়েলসকল অৰণ্যত আছিল যিহোৱাই তেওঁলোকৰ বাবে মান্নাৰ যোগাৰ কৰিছিল। কিন্তু তেওঁলোকে ভাল মনোভাব ৰখাৰ পৰিবৰ্ত্তে বাৰে-বাৰে আপত্তি কৰিব ধৰিলে। যদি তেওঁলোকে সেই মৰুভূমিৰূপী অৰণ্যৰ চাৰিওফালে দৃষ্টি কৰাহʼলে, তেওঁলোকে যিহোৱাৰ প্ৰৱন্ধৰ প্ৰতি কৃতজ্ঞতা হʼলহেঁতেন। কিন্তু তাৰ পৰিৱৰ্ত্তে তেওঁলোকে মিচৰত পোৱা খাদ্যবোৰক স্মৰণ কৰি আপত্তি জনাইছিল যে মান্না তেওঁলোকৰ বাবে তৃপ্তিকৰ নহয়। তেওঁলোকে কিযে বিপৰীত মনোভাব দেখুৱাইছিল!—গণনা পুস্তক ১১:৪-৬.

ঠিক সেইদৰে আজিও খ্ৰীষ্টানসকলৰ মনোবৃত্তি প্ৰাচীন কালৰ ইস্ৰায়েলজাতিৰ দৰে হʼব পাৰে। যদি এজন খ্ৰীষ্টানে সঠিক মনোবৃত্তি নাৰাখে তেনেহʼলে তেওঁ সহজতে নিজৰ আনন্দ হেৰুৱাব পাৰে। এই হেতুকে, নহিমিয়াই কৈছিল: “তোমালোকে দুখ নকৰিবা, কাৰণ যিহোৱাত যি আনন্দ সেয়েই তোমালোকৰ শক্তি।” (নহিমিয়া ৮:১০) এতেকে সঠিক আৰু আনন্দিত মনোবৃত্তিয়ে আমাৰ ঐক্যতাক শক্তিশালী কৰে। ইয়াৰ উপৰিও মণ্ডলীত প্ৰেম আৰু শান্তি বজাই ৰখাত সহায় কৰে।—ৰোমীয়া ১৫:১৩; ফিলিপীয়া ১:২৫.

৩. সঠিক মনোবৃত্তিয়ে যিৰিমিয়াক কঠিন পৰিস্থিতিত কেনেকৈ সহায় কৰিছিল?

যিৰিমিয়াই সন্মূখীন হোৱা কঠিন পৰিস্থিতিৰ মাজতো সঠিক আৰু আনন্দিত মনোবৃত্তি বজাই ৰাখিছিল। আনকি সা.যু.পূ. ৬০৭ চনত হোৱা যিৰূচালেম বিনাশৰো যেতিয়া তেওঁ সাক্ষী দিছিল সেই সময়তো তেওঁ সঠিক মনোবৃত্তি দেখুৱাইছিল। তেওঁ জানিছিল যে যিহোৱাই ইস্ৰায়েলসকলক পাহৰি নাযায় আৰু সেই জাতিক ৰক্ষা কৰিব। সেইবাবে তেওঁ বাইবেলৰ বিলাপ নামৰ পুস্তকত লিখিছিল: “আমাৰ যে সংহাৰ নহল, এইটোৱেই যিহোৱাৰ নানা অনুগ্ৰহৰ কাৰণ, কিয়নো তেওঁৰ নানা দয়া নুঢুকায়। সেইবোৰ প্ৰত্যেক প্ৰভাতে নতুন হয়; তোমাৰ বিশ্বস্ততা মহৎ।” (বিলাপ ৩:২২, ২৩) যিৰিমিয়াৰ দৰে যিহোৱাৰ সেৱকসকলেও কঠিন পৰিস্থিতিত সঠিক, আশাপূৰ্ণ আৰু আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিছে।—২ কৰিন্থীয়া ৭:৪; ১ থিচলনীকীয়া ১:৬; যাকোব ১:২.

৪. যীচুৱে কি মনোবৃত্তি বজাই ৰাখিছিল, আৰু ই তেওঁক কেনেকৈ সহায় কৰিছিল?

ঠিক একেইদৰে যিৰিমিয়াৰ ছয় হাজাৰ বছৰৰ পিছতো, সঠিক মনোবৃত্তিয়ে যীচুকো উৎপীড়ন সহন কৰাত সহায় কৰিছিল। বাইবেলত তেওঁৰ বিষয়ে এইদৰে কৈছে: “তেওঁ তেওঁৰ আগত থকা আনন্দৰ নিমিত্তে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।” (ইব্ৰী ১২:২) যীচুৰ “আগত থকা আনন্দৰ নিমিত্তে” সকলো বিৰোধী বা অপমানক হেয়জ্ঞান কৰি—আনকি যাতনা স্তম্ভত মৃত্যুৰ যান্ত্ৰণাতো সহন কৰিলে। তেওঁৰ সেই আনন্দ আছিল যিহোৱাৰ সাৰ্ব্বভৌমত্বক দোষ নিবাৰণ আৰু তেওঁৰ নামক পবিত্ৰকৃত কৰা, ইয়াৰ উপৰিও আজ্ঞাকাৰী মানৱজাতিৰ বাবে ভৱিষ্যতে মহান আশীৰ্ব্বাদ কঢ়িয়াই আনা। ই যীচুৰ বাবে এক বিশেষ অধিকাৰযুক্ত কাৰ্য্য আছিল।

প্ৰতীক্ষাৰ মনোভাবক বিকাশিত কৰক

৫. এনেধৰণৰ কি পৰিস্থিতিত প্ৰতীক্ষা কৰা মনোভাবে আমাক সেই বিষয়টোৰ ওপৰত সঠিক দৃষ্টি ৰাখিবলৈ সহায় কৰে?

যদি আমি যীচুৰ দৰে মনোবৃত্তি ৰাখোঁ তেনেহʼলে যিহোৱাৰ প্ৰতি থকা আমাৰ আনন্দক নেহেৰুৱাম, সেইসময়তো যেতিয়া তেওঁ নিজ সময় আৰু পদ্ধতিৰ অনুসৰি কাৰ্য্য কৰে। ইয়াৰ বাবে ভাৱিষ্যতবক্তা মীখাই কৈছিল: “মই হলে, যিহোৱালৈ প্ৰতীক্ষা কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰলৈ বাট চাম।” (মীখা ৭:৭; বিলাপ ৩:২১) আমিও সেই একেদৰে প্ৰতীক্ষাৰ মনোভাবক দেখুৱা পাৰোঁ। কেনেকৈ? বহুতো ক্ষেত্ৰত আমি এই মনোবৃত্তি দেখুৱাব পাৰোঁ। উদাহৰণস্বৰূপে, ইয়াৰে এটা হৈছে, আমি হয়তো কেতিয়াবা ভাবিব পাৰোঁ যে এজন প্ৰাচীনে, সহায়ক সেৱক বা বিশেষ অধিকাৰত থকা ভায়ে যদি ভুলৰূপে কাৰ্য্য কৰে, তেন্তে তাৰ বাবে তেওঁ ততালিকে সংশোধন কৰা আৱশ্যক। কিন্তু প্ৰতীক্ষা কৰা মনোভাবে আমাক ইয়াক চিন্তা কৰিবলৈ সহায় কৰিব যে ‘তেওঁ সচাঁকৈ ভুল কৰিছিলনে বা মোৰে বুজাত ভুল হৈছে? যদি তেওঁ ভুল কৰিছে, তেনেহʼলে এইটো এইদৰেনে যে যিহোৱাই এনেধৰণৰ ঘটনাক অনুমতি দিয়ে কিয়নো তেওঁ জানে যে ব্যক্তিজনে উন্নতি কৰিব আৰু সেইবাবে কঠোৰ সংশোধনৰ কোনো আৱশ্যক নাই?’

৬. ব্যক্তিগত সমস্যাৰ সৈতে যুঁজিবলৈ কেনেকৈ প্ৰতীক্ষা মনোভাবে ব্যক্তিজনক সহায় কৰিব?

যদি আমি কোনো ব্যক্তিগত সমস্যাৰ সন্মূখীন হওঁ বা কোনো দুৰ্ব্বলতাৰ সৈতে যুঁজ কৰিবলগীয়া হয় সেই সময়তো প্ৰতীক্ষাৰ মনোভাবে আমাক সহায় কৰিব পাৰে। ধৰি লওঁক আমি সমস্যাৰ সমাধানৰ বাবে যিহোৱাৰ পৰা সহায় বিচাৰিছো, কিন্তু তাৰ পাছতো যদি সমস্যাৰ সমাধান হোৱা নাই, সেই সময়ত কি কৰা উচিত? তাৰ বাবে আমি আমাৰ শক্তি অনুসৰি সমস্যাক সমাধান কৰিবলৈ কাৰ্য্য কৰা আৱশ্যক আৰু যীচুৱে কোৱা বাক্যৰ ওপৰত বিশ্বাস ৰখা উচিত: “খোজা, তেহে তোমালোকক দিয়া হব; বিচৰা, তেহে পাবা; দুৱাৰত টুকৰিওৱা, তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হব।” (লূক ১১:৯) প্ৰাৰ্থনাত লাগি থাকি যিহোৱালৈ অপেক্ষা কৰক। উচিত সময়ত আৰু তেওঁৰ অনুসৰি যিহোৱাই নিশ্চয় আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব।—১ থিচলনীকীয়া ৫:১৭.

৭. কিদৰে প্ৰতীক্ষা মনোভাবে বাইবেলৰ প্ৰতি থকা আমাৰ বুজক অগ্ৰসৰৰূপে সংশোধন কৰিবলৈ আমাৰ দৃষ্টিভঙ্গীক সহায় কৰিব?

যেনেকৈ বাইবেলৰ ভৱিষ্যতবাণীবোৰ পূৰ্ণ হৈ আহিছে, আমি শাস্ত্ৰত কোৱা বিষয়বোৰক স্পষ্টকৈ বুজিব পাৰিছোঁ। এটা সময়ত, হয়তো আমি ভাবিব পাৰোঁ যে এক বিশেষ স্পষ্টীকৰণৰ সময় পাৰ হৈ গৈছে। যেতিয়া সময় অনুসৰি ইয়াৰ স্পষ্টীকৰণৰ পলম হয়, সেইসময়ত আমি ইচ্ছাকৃতভাৱে অপেক্ষা কৰোঁনে? স্মৰণ কৰক যে “খ্ৰীষ্টৰ সম্বন্ধীয় নিগূঢ়-তত্ত্বক” যিহোৱাই লাহে লাহে প্ৰকাশ কৰিলে আৰু পূৰ্ণ হʼবলৈ চাৰি হাজাৰ বছৰ সময় লৈছিল। (ইফিচীয়া ৩:৩-৬) তেনেহʼলে আমি অধৈৰ্য্য হোৱাৰ কোনো কাৰণ আছেনে? যিহোৱাৰ লোকসকলক “উচিত সময়ত আহাৰ দিবলৈ” তেওঁ নিযুক্তি কৰা “বিশ্বাসী বুদ্ধিমান দাসৰ” ওপৰত আমি সন্দেহ কৰোঁনে? (মথি ২৪:৪৫) সকলোবোৰ সম্পূৰ্ণৰূপে নুবুজাৰ বাবে আমি নিজকে কিয় ঈশ্বৰীয় আনন্দৰ পৰা বঞ্চিত কৰোঁ? মনত ৰাখক নিজৰ ‘নিগূঢ় মন্ত্ৰণাক’ কেতিয়া আৰু কেনেকৈ প্ৰকাশ কৰিব লাগে তাক যিহোৱাই নিৰ্ণয় কৰে—আমোচ ৩:৭.

৮. যিহোৱাৰ ধৈৰ্য্যই কেনেকৈ বহুতৰ বাবে লাভৱান প্ৰমাণিত হৈছে?

কিছুমানে এইবাবে নিৰাশ হʼব পাৰে যে যদিও তেওঁলোকে বহু বছৰ ধৰি বিশ্বাসী হৈ ঈশ্বৰক সেৱা কৰিছে, কিন্তু “যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিনক” চাবলৈ তেওঁলোকে হয়তো জীয়াই নাথাকিব। (যোৱেল ২:৩০, ৩১) তথাপিও যদি তেওঁলোকে ইয়াক সঠিকৰূপে দৃষ্টি কৰে তেনেহʼলে উৎসাহিত হʼব পাৰে। সেইবাবে পিতৰে পৰামৰ্শ দিছিল: “আমাৰ প্ৰভুৰ দীৰ্ঘ-সহিষ্ণুতাক পৰিত্ৰাণ বুলি জ্ঞান কৰা।” (২ পিতৰ ৩:১৫) যিহোৱাই ধৈৰ্য্যশীল হোৱা বাবে লাখ লাখ ধাৰ্ম্মিক হৃদয়ৰ লোকে সত্য শিকিবলৈ সুযোগ পাইছে। এইটো আচৰিত নহয়নে? ইয়াৰ ওপৰিও, যিহোৱাৰ ধৈৰ্য্যই আমাক “ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন” কৰিবলৈ সময় দিছে।—ফিলিপীয়া ২:১২; ২ পিতৰ ৩:১১, ১২.

৯. ঈশ্বৰৰ সেৱাৰ বাবে আমি কৰা কাৰ্য্য যদিও সীমিত, তেনে পৰিস্থিতিত ধৈৰ্য্য ধৰিবলৈ কেনেকৈ প্ৰতীক্ষাৰ মনোভাবে আমাক সহায় কৰিব?

প্ৰতীক্ষা মনোভাবে আমাক বিৰোধীতা, বেমাৰ, বৃদ্ধ অৱস্থা বা ৰাজ্যৰ সেৱাৰ বাবে অহা অন্য সমস্যাবোৰৰ সৈতে সন্মূখীন হবলৈ সহায় কৰে। যিহোৱাই বিচাৰে যাতে আমি সম্পূৰ্ণ হৃদয়েৰে তেওঁক সেৱা কৰোঁ। (ৰোমীয়া ১২:১) যিহেতু, যিহোৱা ঈশ্বৰ আৰু তেওঁৰ পুত্ৰই “দুখী-দৰিদ্ৰক কৃপা” কৰে গতিকে তেওঁ কেতিয়াও আমাৰ পৰা অধিক নিবিচাৰে। (গীতমালা ৭২:১৩) সেয়েহে আমাক উৎসাহিত কৰা হৈছে যে আমি সাধ্যৰ অনুসৰি কাৰ্য্য কৰি এই ৰীতি-ব্যৱস্থাত বা আহিবলগীয়া ঈশ্বৰৰ ৰাজ্যত পৰিস্থিতিবোৰ পৰিবৰ্তন নোহোৱালৈকে ধৈৰ্য্য ধৰা আৱশ্যক। এই সন্দৰ্ভত বাইবেলত উল্লেখ কৰা এই বাক্যশাৰীক স্মৰণ কৰক: “তোমালোকেও পবিত্ৰ লোকবিলাকৰ যি সেৱা-শুশ্ৰূষা কৰিলা, আৰু কৰিছা, তাৰেই ঈশ্বৰৰ নামলৈ তোমালোকে দেখুউৱা প্ৰেম আৰু তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্ম্মিক নহয়।”—ইব্ৰী ৬:১০.

১০. প্ৰতীক্ষা মনোভাৱ থকা ব্যক্তিয়ে কি অধৰ্ম্মীয় ফান্দৰ পৰা আতঁৰি থাকিব পাৰে?

১০ প্ৰতীক্ষাৰ মনোভাবে আমাক অহঙ্কাৰী হোৱাৰ পৰা আতঁৰি থাকিবলৈও সহায় কৰে। যিসকলে ধৰ্ম্মত্যাগী হৈছিল তেওঁলোক প্ৰতীক্ষা কৰিবলৈ অনিচ্ছুক আছিল। সেইবাবে তেওঁলোকে হয়তো এইদৰে ভাবিছিল যে বাইবেলৰ বিষয়ে থকা বুজ বা সংগঠনৰ বিষয়বিলাকত সাল-সলনি কৰা আৱশ্যক। তেওঁলোকে এইটো বুজাত বিফল হʼল যে আমি বিচৰা সময়ৰ অনুসৰি সাল-সলনি নহয় কিন্তু যিহোৱাৰ নিজ সময়ৰ অনুসৰি সাল-সলনি কৰিবলৈ বিশ্বাসী বুদ্ধিমান দাসক তেওঁৰ পৱিত্ৰ আত্মাৰ দ্বাৰাই পৰিচালিত কৰে। গতিকে যিকোনো সাল-সলনি আমাৰ ব্যক্তিগত ধাৰণাৰে নহয়, কিন্তু যিহোৱাৰ ইচ্ছাৰ সামঞ্জস্যতহে হয়। কিন্তু ধৰ্ম্মত্যাগীসকলে অহঙ্কাৰী মনোবৃত্তি বৃদ্ধি কৰাৰ বাবে ইয়ে তেওঁলোকৰ বিচাৰ-ধাৰাত প্ৰভাৱিত কৰিলে আৰু ফলস্বৰূপে তেওঁলোক বিভ্ৰান্তি হʼল। যদি তেওঁলোকে যীচুৰ দৰে মনোবৃত্তি ৰখা হʼলে তেওঁলোকে নিজৰ আনন্দ বজাই ৰাখি যিহোৱাৰ লোকসকলৰ মাজৰ এজন হʼব পাৰিলেহেঁতেন।—ফিলিপীয়া ২:৫-৮.

১১. কেনেকৈ আমি সময়ক প্ৰতীক্ষাৰূপে ব্যৱহাৰ কৰি লাভৱান হʼব পাৰোঁ আৰু কাৰ উদাহৰণবোৰক অনুকৰণ কৰি?

১১ নিঃসন্দেহ, প্ৰতিক্ষা কৰা মনোভাবক উন্নত কৰাৰ অৰ্থ এলেহুৱা বা নিষ্ক্ৰিয়তাক নুবুজায়। আমি তাৰ বাবে কাৰ্য্য কৰিব লাগিব। উদাহৰণস্বৰূপে, আমি ব্যক্তিগত বাইবেল অধ্যয়ন কৰা আৱশ্যক আৰু লগতে বিশ্বাসী ভৱিষ্যতবক্তাসকলে আৰু আনকি স্বৰ্গদূতবোৰে দেখুৱাৰ দৰে আধ্যাত্মিক বস্তুৰ প্ৰতি আগ্ৰহী হোৱা উচিত। এনেধৰণৰ আগ্ৰহৰ প্ৰতি পিতৰে কৈছে: “যি ভাববাদীসকলে তোমালোকৰ নিমিত্তে নিৰূপিত অনুগ্ৰহৰ বিষয়ে ভাববাণী কৈছিল, তেওঁবিলাকে সেই পৰিত্ৰাণৰ বিষয়ে যত্নেৰে বিচাৰ আৰু অনুসন্ধান কৰিছিল . . . সেই বিষয় স্বৰ্গদূতবিলাকে চাপৰি চাবলৈ আকাঙ্ক্ষা কৰিছে।” (১ পিতৰ ১:১০-১২) মাত্ৰ ব্যক্তিগত অধ্যয়নেই নহয় কিন্তু নিয়মীয়াকৈ সভাবোৰতো উপস্থিত হোৱা আৱশ্যক আৰু ইয়াৰ ওপৰিও প্ৰাৰ্থনা কৰা আৱশ্যক। (যাকোব ৪:৮) যিসকলে নিয়মীয়াকৈ আধ্যাত্মিক আহাৰ লোৱা আৰু মণ্ডলীৰ ভাই-ভনীৰ সৈতে সঙ্গতি কৰে তেওঁলোকে প্ৰকাশ কৰে যে আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি আগ্ৰহী। এনে কৰাৰ দ্বাৰা এইটোও প্ৰকাশ কৰে যে তেওঁলোকে খ্ৰীষ্টৰ মনোভাব গ্ৰহণ কৰিছে।—মথি ৫:৩.

বাস্তৱিক মনোবৃত্তি ৰাখক

১২. (ক)আদম আৰু হৱাই কেনেধৰণৰ স্বাধীনতা বিচাৰিছিল? (খ) আদম আৰু হৱাই কৰা কাৰ্য্যৰ বাবে মানৱজাতিলৈ কি পৰিণাম হʼল?

১২ যেতিয়া ঈশ্বৰে প্ৰথম মানৱ দম্পতীক সৃষ্টি কৰিলে, তেতিয়া কি সঠিক আৰু কি ভুল এই কাৰ্য্যৰ নিৰ্দ্ধাৰণ কৰাৰ অধিকাৰ তেওঁ নিজৰ বাবে ৰাখিলে। (আদিপুস্তক ২:১৬, ১৭) কিন্তু আদম আৰু হৱাই ঈশ্বৰৰ পথ-প্ৰদৰ্শনৰ পৰা স্বাধীন হʼবলৈ বিচাৰিলে আৰু তাৰ ফলস্বৰূপে আজি গোটেই জগতখন পাপ আৰু মৃত্যুৰ কবলত পৰিল। সেইবাবে পাঁচনি পৌলে কৈছিল: “এজন মানুহৰ দ্বাৰাই পাপ, পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু পাপ কৰাত, সেই মৃত্যু সকলো মানুহলৈ ব্যাপি গল।” (ৰোমীয়া ৫:১২) আদমৰ সময়ৰ পৰা বৰ্তমান সময়লৈকে অৰ্থাৎ ছয় হাজাৰ বছৰীয়া মানৱ ইতিহাসে যিৰিমিয়াই কোৱা এই ভৱিষ্যতবাণীক প্ৰমাণিত কৰিলে। তেওঁ এইদৰে লিখিছিল: “হে যিহোৱা, মই জানো যে, মানুহৰ গতি নিজ অধিকাৰত নাথাকে; নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনৰ শক্তি নাই।” (যিৰিমিয়া ১০:২৩) যিৰিমিয়াৰ বাক্য যে সত্য তাক স্বীকাৰ কৰাটো কোনো ভুল নহয়। কিয়নো ই বাস্তৱিক সত্য। ইয়াত বৰ্ণনা কৰিছে যে শতাব্দী ধৰি মানৱে ঈশ্বৰৰ পৰা স্বাধীন হৈ শাসন কৰাৰ বাবে “এজনে আন জনৰ ওপৰত তাৰ অপকাৰলৈ ক্ষমতা” পাইছে।—উপদেশক ৮:৯.

১৩. মানৱজাতিয়ে কি কৰিব পাৰে তাৰ প্ৰতি যিহোৱা সাক্ষীসকলৰ কি বাস্তৱিক মনোবৃত্তি আছে?

১৩ মানৱজাতিৰ অৱস্থাসমূহৰ ওপৰত দৃষ্টি কৰি যিহোৱাৰ সাক্ষীসকলে জানিছে যে বৰ্তমান এই ৰীতি-ব্যৱস্থাত আমি যিমান সাফল্যতা লাভ কৰিব বিচাৰো সেয়া হৈছে সীমিত। এক সঠিক মনোবৃত্তিয়ে আমাৰ আনন্দক বজাই ৰখাত সহায় কৰিব পাৰে, কিন্তু এইটোৱে সকলোবোৰৰ সমাধান নহয়। আমেৰিকাত থকা এজন খ্ৰীষ্টান পাদুৰিয়ে ১৯৫০ চনৰ আগভাগত দ্যা পাৱাৰ অৱ পʼজিটিভ থিঙকিং নামৰ কিতাপখনত প্ৰকাশ কৰে যিটো আটাইতকৈ বেছি বিক্ৰি হৈছিল। এই কিতাপখনত উল্লেখ কৰা হৈছে যে আমি সন্মূখীন হোৱা বহুতো সমস্যাক সঠিক মনোবৃত্তি ৰখাৰ দ্বাৰা সমাধান কৰিব পৰা যায়। বাস্তৱতে মনোবৃত্তি হৈছে এক লেখত লʼবলগীয়া। কিন্তু যিমানে সঠিক মনোবৃত্তি নাথাকক কিয়, এনে বহুতো সমস্যা বা বাধা আছে যিটো মানৱৰ দ্বাৰা সমাধান কৰা অসম্ভৱ!

১৪. যিহোৱা সাক্ষীসকলৰ ভুল মনোবৃত্তি আছেনে? বৰ্ণনা কৰক।

১৪ এনেধৰণৰ বাস্তৱিক মনোবৃত্তি ৰখাৰ বাবে যিহোৱাৰ সাক্ষীসকলৰ কেতিয়াবা-কেতিয়াবা ভুল মনোবৃত্তি আছে বুলি মিছা অভিযোগ দিয়া হয়। কিন্তু তেওঁলোকে এই সকলো মিছা অভিযোগক নেওঁচি লোকসকলৰ আগত কবলৈ আগ্ৰহী যে মাত্ৰ এজন ব্যক্তিয়ে মানৱজাতিৰ সকলোবোৰ সমস্যাক চিৰদিনৰ বাবে শেষ কৰিব পাৰে। ইয়াতো তেওঁলোকে খ্ৰীষ্টৰ মনোবৃত্তিক অনুকৰণ কৰে। (ৰোমীয়া ১৫:২) আৰু ঈশ্বৰৰ সৈতে ভাল সমন্ধ বজাই ৰাখিবলৈ লোকসকলক সহায় কৰাৰ কাৰ্য্যত সকলো সময়তে নিজকে ব্যস্ত ৰাখে। কিয়নো তেওঁলোকে জানে যে অৱশেষত এই কাৰ্য্যই সকলো লোকক উদ্ধাৰ কৰিব।—মথি ২৮:১৯, ২০; ১ তীমথিয় ৪:১৬.

১৫. প্ৰত্যেক ব্যক্তিৰ উন্নতিৰ বাবে যিহোৱাৰ সাক্ষীসকলে কেনেকৈ কাৰ্য্য কৰে?

১৫ যিহোৱাৰ সাক্ষীসকলে বৰ্তমান জগতত হৈ থকা অশাস্ত্ৰীয় কাৰ্য্যবোৰৰ দ্বাৰা ভ্ৰষ্ট হোৱা সামাজিক সমস্যাবোৰক অস্বীকাৰ নকৰে। এজন আগ্ৰহী ব্যক্তি যিহোৱাৰ সাক্ষী হোৱাৰ পূৰ্বেই, ঈশ্বৰক অসন্তোষ্ট কৰা নিচাজাতীয় দ্ৰব্য ত্যাগ দি নিজকে পৰিবৰ্তন কৰে। (১ কৰিন্থীয়া ৬:৯-১১) সেইকাৰণে যিহোৱাৰ সাক্ষীসকলে এনেধৰণৰ ব্যক্তিক যেনে, মদাহী, মাদক দ্ৰৱ্য সেৱন কৰা, ব্যভিচাৰ আৰু জুৱা খেলাৰ দৰে বেয়া অভ্যাসবোৰক ত্যাগ কৰিবলৈ সহায় কৰে। তেনেধৰণে পৰিৱৰ্ত্তিত হোৱা ব্যক্তিয়ে নিজৰ পৰিয়ালৰ বাবে সৎ পথেৰে উপাৰ্জন কৰি পোহ-পাল দিবলৈ শিকিছে। (১ তীমথিয় ৫:৮) যেতিয়া তেনে ব্যক্তি আৰু পৰিয়ালক এইদৰে সহায় কৰা হয়, তেতিয়া সমাজত বহুতো সমস্যাৰ হ্ৰাস হয়—কম সংখ্যাৰ লোকেহে মাদক দ্ৰৱ্য সেৱন কৰে বা কম সংখ্যক পৰিয়ালতহে অত্যাচাৰ হয়। যিহোৱাৰ সাক্ষীসকলে নিয়ম-পালন কৰা নাগৰিক হোৱাৰ বাবে আৰু আনক নিজৰ জীৱনক ভাললৈ পৰিবৰ্তন কৰিবলৈ সহায় কৰাৰ দ্বাৰা তেওঁলোকে সামাজিক সমস্যাক সমাধান কৰিবলৈ কাৰ্য্য কৰা অনুস্থানসমূহৰ বোজা হ্ৰাস কৰে।

১৬. যিহোৱাৰ সাক্ষীসকলে কিয় কোনো ধৰ্ম্মীয় সংস্কাৰ আন্দোলনত ভাগ নলয়?

১৬ তেনেহʼলে যিহোৱাৰ সাক্ষীসকলে জগতৰ নৈতিকতাত পৰিবৰ্তন কৰিলেনে? বাস্তৱতে চাবলৈ গʼলে যোৱা কেইবছৰত সক্ৰিয়ৰূপে কাৰ্য্য কৰা সাক্ষীসকলৰ সংখ্যা ৩৮, ০০, ০০০ জনৰ পৰা ৬০, ০০, ০০০ জনলৈ বৃদ্ধি হʼল। ইয়াৰ অৰ্থ হৈছে প্ৰায় ২২, ০০, ০০০ জন লোকৰ বৃদ্ধি হৈছে, আৰু ইয়াৰ বহুতে অধৰ্মী কাৰ্য্যবোৰ ত্যাগ দি সত্য খ্ৰীষ্টানলৈ সলনি হৈছে। কিমান ব্যক্তিৰ জীৱন যে পৰিবৰ্তন হৈছে! তথাপিও পৃথিৱীৰ জনসংখ্যা অৰ্থাৎ ৮৭, ৫০, ০০, ০০০ জনতকৈ এই সংখ্যা একেবাৰে তাকৰ! যিহোৱাৰ সাক্ষীসকলে যদিও জানে যে বহুত কম সংখ্যক লোকেহে জীৱনৰ পথ বাছি লʼব তথাপি আগ্ৰহ থকা লোকসকলক সহায় কৰিবলৈ তেওঁলোকে আনন্দ অনুভৱ কৰে। (মথি ৭:১৩, ১৪) যিহেতু যিহোৱাৰ সাক্ষীসকলে ঈশ্বৰৰ দ্বাৰা আহিবলগীয়া বিশ্বব্যাপী পৰিবৰ্তনৰ বাবে প্ৰতীক্ষা কৰে, গতিকে তেওঁলোকে কোনো ধৰ্ম্মীয় সংস্কাৰ আন্দোলনত ভাগ নলয়। কিয়নো তেনেধৰণৰ ধৰ্ম্মীয় সংস্কাৰে প্ৰথমে ভাল মনোবৃত্তি ৰাখি আৰম্ভ কৰে কিন্তু শেষত গৈ হতাশ আৰু ভ্ৰষ্টাচাৰলৈ পৰিণত হয়।—২ পিতৰ ৩:১৩.

১৭. যীচুৱে তেওঁৰ চাৰিওফালে থকা লোকসকলক কেনেকৈ সহায় কৰিছিল, কিন্তু তেওঁ কি নকৰিলে?

১৭ যিহোৱাৰ সাক্ষীসকলে যীচুৱে পৃথিৱীত থকা কালছোৱাত প্ৰদৰ্শন কৰা উত্তম আৰ্হিক অনুকৰণ কৰি এইটো দেখুৱাই যে তেওঁলোকেও যিহোৱাৰ ওপৰত ভৰসা ৰাখে। যদি আমি প্ৰথম শতাব্দীলৈ উভটি যাওঁ, তেনেহʼলে আমি দেখা পাওঁ যে যীচুৱে আচিৰতৰূপে লোকসকলক সুস্থ কৰিছিল। (লূক ৬:১৭-১৯) আনকি তেওঁ মৃত ব্যক্তিকো পুনৰুত্থান কৰিছিল। (লূক ৭:১১-১৫; ৮:৪৯-৫৬) কিন্তু তেওঁ বেমাৰ বা মৃত্যুৰ দৰে সমস্যাক চিৰকালৰ বাবে আতঁৰোৱা নাছিল। কিয়নো তেওঁ জানিছিল যে সেই সময় ঈশ্বৰৰ নিযুক্ত সময় নহয়। এজন সিদ্ধ আৰু ক্ষমতা থকা ব্যক্তি হোৱাৰ বাবে যীচুৱে সকলোবোৰ গম্ভীৰ ৰাজনৈতিক আৰু সামাজিক সমস্যা সমাধান কৰিবলৈ পাৰিলেহেঁতেন। ইয়াৰ পৰা এইটো জানিব পৰা গৈছে যে কিছুমান লোকে বিচাৰিছিল যে যীচুৱে সেই সময়তে অধিকাৰ গ্ৰহণ কৰাটো, কিন্তু যীচুৱে তেওঁলোকৰ সেই দাবীক প্ৰত্যাখ্যান কৰে। আমি পঢ়ো: “তেওঁ দেখুৱা এই আচৰিত চিন দেখি, সেই মানুহবিলাকে কোৱাকুই কৰিলে, নিশ্চয়ে এৱেঁই জগতলৈ আহিব লগা সেই ভাববাদী। এতেকে তেওঁক ৰজা পাতিবলৈ, মানুহবিলাকে আহি তেওঁক ধৰি নিবলৈ উদ্যত আছে, যীচুৱে ইয়াকে জানি, অকলশৰে আকৌ পৰ্ব্বতলৈ গল।”—যোহন ৬:১৪, ১৫.

১৮. (ক)যীচুৱে সকলো সময়তে কেনেকৈ প্ৰতীক্ষাৰ মনোভাব প্ৰকাশ কৰিছিল? (খ) ১৯১৪ চনৰ পৰা কেনেকৈ যীচুৰ কাৰ্য্য প্ৰণালী সলনি হʼল?

১৮ যীচুৱে ৰাজনৈতিক বা সামাজিক কাৰ্য্যত জৰিত হʼবলৈ অস্বীকাৰ কৰিলে কিয়নো তেওঁ জানিছিল যে ৰজা হৈ সকলোৰে বাবে আচৰিত কাৰ্য্য কৰি সুস্থ কৰিবলৈ তেওঁৰ কাৰণে এতিয়াও সেই নিৰ্দ্ধাৰিত সময় অহা নাই। আনকি যীচুৱে অমৰ আত্মিক ব্যক্তিৰূপে জীৱিত হৈ স্বৰ্গলৈ যোৱাৰ পাছতো কাৰ্য্যৰ সম্পন্নৰ বাবে যিহোৱাই নিযুক্ত কৰা সময়লৈকে প্ৰতীক্ষা কৰিবলৈ ইচ্ছুক আছিল। (গীতমালা ১১০:১; পাঁচনিৰ কৰ্ম্ম ২:৩৪, ৩৫) যিহেতু তেওঁ ১৯১৪ চনত ঈশ্বৰ ৰাজ্যৰ ৰজাৰূপে নিযুক্ত হʼল আৰু তেতিয়াৰে পৰা তেওঁ “জয় কৰি কৰি, আৰু জয় কৰিবলৈ” ওলাইছে। (প্ৰকাশিত বাক্য ৬:২; ১২:১০) যিহেতু বহুতে খ্ৰীষ্টান হোৱা বুলি দাবী কৰে কিন্তু ৰাজ্যৰ বিষয়ে থকা বাইবেলৰ শিক্ষাক অস্বীকাৰ কৰে। কিন্তু আমি কিমান যে কৃতজ্ঞ হোৱা উচিত যে আমি তেওঁৰ ৰাজ্যৰ অধীনত আছোঁ!

প্ৰতীক্ষা কৰাটো আনন্দৰ নে নিৰাশাৰ উৎস?

১৯. প্ৰতীক্ষা মনোভাবে কেতিয়া ‘হৃদয়ৰ বাবে পীড়াজনক’ আৰু কেতিয়া আনন্দ কঢ়িয়াই আনে?

১৯ ৰজা চলোমনে জানিছিল যে প্ৰতীক্ষা কৰাটো নিৰাশজনক হʼব পাৰে। সেইবাবে তেওঁ লিখিছিল: “আশা-সিদ্ধিৰ পলম হৃদয়ৰ পীড়াজনক।” (হিতোপদেশ ১৩:১২) সচাঁকৈ, যদি এজন ব্যক্তিয়ে আশা-সিদ্ধিৰ পলম হোৱা দেখে তেওঁৰ হৃদয় পীড়াজনক হʼব পাৰে। যিহেতু, আনন্দজনক কাৰ্য্যৰ বাবে প্ৰতীক্ষা কৰা যেনে, বিবাহ, এটা শিশুৰ জন্ম বা যাক আমি ভাল পাওঁ তেওঁলোকৰ সৈতে একত্ৰিত হোৱা, এই সকলোবোৰে সেই দিনটো অহাৰ বহু আগৰে পৰা আমাক আনন্দিত কৰে। আমি আৰু আনন্দিত হʼব পাৰোঁ যদি আমি আহিবলগীয়া উপলক্ষ্যৰ বাবে সেই প্ৰতীক্ষা সময়ক বুদ্ধিমানৰূপে ব্যৱহাৰ কৰোঁ আৰু তাৰ বাবে প্ৰস্তুত থাকোঁ।

২০. (ক)আমি কি কি আচৰিত কাৰ্য্যবোৰক সম্পন্ন হোৱাটো চাবলৈ সম্পূৰ্ণ ভৰসাৰে প্ৰতীক্ষা কৰি আছোঁ? (খ) যিহোৱাৰ উদ্দেশ্য পূৰ্ণ হোৱাটো চাবলৈ যেতিয়া আমি আশাৰে বাট চাওঁ সেই সময়ত আমি কেনেকৈ আনন্দ লাভ কৰিব পাৰোঁ?

২০ যেতিয়া আমাৰ আশা-সিদ্ধিৰ ওপৰত পূৰ্ণ ভৰসা কৰোঁ, যদিও আমি নাজানো যে এইবোৰ কেতিয়া পূৰ্ণ হʼব তেতিয়াও অপেক্ষিত সময় আমাৰ বাবে ‘হৃদয়ৰ পীড়াজনক’ নহয়। ঈশ্বৰৰ বিশ্বাসী উপাসকসকলে জানে যে খ্ৰীষ্টৰ হাজাৰ বছৰৰ শাসনকাল একেবাৰে ওচৰত। তেওঁলোক নিশ্চিত যে বেমাৰ আৰু মৃত্যু শেষ হোৱাটো তেওঁলোকে দেখিবলৈ পাব। তেওঁলোকে লাখ লাখ লোকক আৰু লগতে নিজৰ প্ৰিয়জনক মৃত্যুৰ পৰা আদৰণি জনাবলৈ আগ্ৰহেৰে আশা ৰাখি আনন্দৰে প্ৰতীক্ষা কৰিছে। (প্ৰকাশিত বাক্য ২০:১-৩, ৬; ২১:৩, ৪) আনকি তেওঁলোকে পৃথিৱীৰ এই বেয়া অৱস্থাত থাকিও, এই পৃথিৱীত যে পৰমদেশ স্থাপন হʼব তাক চাবলৈ নিশ্চিতৰূপে আশা কৰি আছে। (যিচয়া ৩৫:১, ২, ৭) তেনেহʼলে আমি আমাৰ অপেক্ষিত সময়লৈকে উচিতৰূপে ‘প্ৰভুৰ কাৰ্য্যত সদায় উপচি পৰাটো’ কিমান যে বুদ্ধিমান কাৰ্য্য হʼব! (১ কৰিন্থীয়া ১৫:৫৮) গতিকে একেৰাহে আধ্যাত্মিক আহাৰ লৈ থাকি যিহোৱাৰ সৈতে এক ঘনিষ্ঠ সমন্ধ গঢ়ি তোলক। এনে লোকসকলৰ সন্ধান কৰক যিসকলে যিহোৱাক সেৱা কৰিবলৈ বিচাৰে। নিজৰ সঙ্গী বিশ্বাসী ভাই-ভনীসকলকো উৎসাহিত কৰক। যিহোৱাই অনুমতি দিয়া সময়ক সম্পূৰ্ণৰূপে সদ ব্যৱহাৰ কৰক। যদি এইদৰে কৰে তেনেহʼলে কেতিয়াও আপোনাৰ ‘হৃদয় পীড়াজনক’ নহʼব। কিন্তু ইয়াৰ পৰিবৰ্ত্তে আপুনি আনন্দৰে উপচি পৰিব।

আপুনি বৰ্ণনা কৰিব পাৰিবনে?

যীচুৱে কেনেকৈ প্ৰতীক্ষা মনোভাব প্ৰকাশ কৰিছিল?

কি পৰিস্থিতিসমূহত খ্ৰীষ্টানসকলৰ বাবে প্ৰতীক্ষা মনোভাবৰ আৱশ্যক?

যিহোৱাৰ সাক্ষীসকলে কিয় যিহোৱাতহে অপেক্ষা কৰিবলৈ ইচ্ছুক?

যিহোৱালৈ প্ৰতীক্ষা কৰা মনোভাব কেনেকৈ আনন্দৰ উৎস হʼব পাৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১২ পৃষ্ঠাৰ ছবি]

যীচুৰ আগত থকা আনন্দই তেওঁক সহন কৰিবলৈ সহায় কৰিছিল

[১৩ পৃষ্ঠাৰ ছবি]

আনকি বছৰ ধৰি সেৱা কৰা পাছতো আমি আমাৰ আনন্দ বজাই ৰাখিব পাৰোঁ

[১৫ পৃষ্ঠাৰ ছবি]

যিহোৱাৰ সাক্ষীসকলৰ সহায়ৰ যোগেদি লাখ-লাখ লোক নিজৰ জীৱনত পৰিৱৰ্তন কৰিছে