Skip to content

এসময়ত আপোনালোকৰ ধৰ্ম্মৰ সদস্য থকা কোনো ব্যক্তিক আপোনালোকে ত্যাগ দিয়ে নেকি?

এসময়ত আপোনালোকৰ ধৰ্ম্মৰ সদস্য থকা কোনো ব্যক্তিক আপোনালোকে ত্যাগ দিয়ে নেকি?

 যিসকল সদস্যই যিহোৱাৰ সাক্ষী হিচাপে বাপ্তিষ্মা লৈছিল, কিন্তু আনক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিবলৈ এৰি দিছে অথবা সংগী ভাই-ভনীসকলৰ লগত সংগতি কৰাৰপৰা আঁতৰি থাকে, তেনে লোকসকলক ত্যাগ কৰা নহয়। আনকি, আমি তেওঁলোকক সাক্ষাৎ কৰোঁ আৰু আধ্যাত্মিকভাৱে আগবাঢ়ি যাবলৈ উৎসাহিত কৰোঁ।

 যদি কোনো এজন সদস্যই গভীৰ পাপ কৰে, তেনেহʼলে তেওঁক তৎক্ষণাত ত্যাগ কৰা নহয়। যদি এজন বাপ্তিষ্মাপ্ৰাপ্ত ভাই বা ভনীয়ে বাইবেলৰ নৈতিক মানদণ্ডবোৰ ভংগ কৰি থাকে আৰু অনুতাপ নকৰে, তেনেহʼলে তেওঁ বা তাইক ত্যাগ কৰা বা বহিষ্কাৰ কৰা হয়। বাইবেলে স্পষ্টৰূপে তেওঁলোকৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে: “তোমালোকৰ মাজৰ পৰা সেই পাপিষ্ঠক বাহিৰ কৰা।”​—১ কৰিন্থীয়া ৫:১৩.

 এনে এজন ব্যক্তিৰ বিষয়ে কি কʼব পাৰি, যাক বহিষ্কাৰ কৰা হৈছে, কিন্তু তেওঁৰ পত্নী আৰু লʼৰা-ছোৱালী এতিয়াও যিহোৱাৰ সাক্ষী হৈ আছে? উপাসনাৰ ক্ষেত্ৰত পৰিয়ালৰ লগত থকা তেওঁৰ সম্বন্ধ পৰিৱৰ্তন হৈছে, কিন্তু তেওঁলোকৰ মাজত থকা তেজৰ সম্পৰ্ক পৰিৱৰ্তন হোৱা নাই। বৈবাহিক সম্বন্ধ আৰু পৰিয়ালৰ সদস্যসকলৰ প্ৰতি মৰম-চেনেহ বৰ্তি থাকে।

 বহিষ্কৃত ব্যক্তিজন আমাৰ সভাবোৰত উপস্থিত হʼব পাৰে। যদি বিচাৰে, তেনেহʼলে তেওঁলোকে প্ৰাচীনসকলৰপৰা আধ্যাত্মিক পৰামৰ্শ লʼব পাৰে। আমাৰ উদ্দেশ্য হৈছে প্ৰতিজন বহিষ্কৃত ব্যক্তিক পুনৰ যিহোৱাৰ সাক্ষীৰ সদস্য হোৱাৰ বাবে সহায় কৰা। বহিষ্কৃত লোকসকলে যদি বেয়া কাৰ্য্যবোৰ ত্যাগ কৰিছে আৰু বাইবেলৰ মানদণ্ড অনুসৰি জীৱন-যাপন কৰিছে, তেনেহʼলে মণ্ডলীত তেওঁলোকক পুনৰ সদস্য হʼবলৈ আদৰণি জনোৱা হয়।