Skip to content

যিহোৱাৰ সাক্ষীসকল আমেৰিকাৰ কোনো পন্থী হয় নেকি?

যিহোৱাৰ সাক্ষীসকল আমেৰিকাৰ কোনো পন্থী হয় নেকি?

 আমাৰ মুখ্য কাৰ্য্যালয় আমেৰিকাত আছে। কিন্তু আমি আমেৰিকাৰ কোনো পন্থী নহওঁ। ইয়াৰ কাৰণ তলত উল্লেখ কৰা হৈছে:

  •   কিছুমানে কʼব বিচাৰে যে পন্থী হৈছে কোনো এক ধৰ্ম্মৰপৰা ফাটি যোৱা উপ-সম্প্ৰদায়। যিহোৱাৰ সাক্ষীসকল আন কোনো ধৰ্ম্মৰপৰা ফালৰি কাটি বিভক্ত হোৱা নাই। ইয়াৰ পৰিৱৰ্তে, আমি বিশ্বাস কৰোঁ যে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে যি শিক্ষা আৰু আদৰ্শ অনুসৰি কাৰ্য্য কৰিছিল, তাক আমি অনুকৰণ কৰোঁ।

  •   যিহোৱাৰ সাক্ষীসকলে ২৩০ খনতকৈ বেছি দেশ আৰু দ্বীপপুঞ্জত ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰি আছে। আমি যʼতেই বাস নকৰো কিয়, আমি আমাৰ আনুগত্য আমেৰিকাৰ চৰকাৰ বা কোনো মানৱ চৰকাৰক দিয়াৰ পৰিৱৰ্তে, কেৱল যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টক দিওঁ।​—যোহন ১৫:১৯; ১৭:​১৫, ১৬.

  •   আমাৰ সকলোবোৰ শিক্ষা বাইবেলৰ আধাৰত হয়। আমেৰিকাত থকা কোনো ধৰ্ম্মগুৰুৰ লিখনি নহয়।​—১ থিচলনীকীয়া ২:১৩.

  •   আমি যীচু খ্ৰীষ্টক অনুকৰণ কৰোঁ, কোনো মানৱীয় নেতাক নহয়।​—মথি ২৩:​৮-১০.