যীচুৰ মৃত্যুৰ স্মৰণীয় দিন

বৃহস্পতিবাৰ, এপ্ৰিল ২, ২০২৬

যীচুৱে আজ্ঞা দিয়াৰ দৰে যিহোৱাৰ সাক্ষীসকলে বছৰেকত এবাৰ তেওঁৰ মৃত্যুৰ দিন পালন কৰে। তেওঁ এইদৰে আজ্ঞা দিছিল: “মোক সুঁৱৰিবলৈ এইদৰেই কৰি থাকিবা।”—লূক ২২:১৯.

আমি আপোনাক এই কাৰ্য্যক্ৰমত উপস্থিত হʼবলৈ নিমন্ত্ৰণ জনাব বিচাৰোঁ।

সঘনাই সোধা প্ৰশ্ন

ইয়াত কোনে আহিব পাৰে?

সকলোকে স্বাগতম জনোৱা হৈছে। আপুনি নিজৰ পৰিয়ালৰ লগতো আহিব পাৰে।

কাৰ্য্যক্ৰম কিমান সময়লৈকে হʼব?

কাৰ্য্যক্ৰম প্ৰায় এঘণ্টাৰ বাবে হʼব।

স্মৰণীয় দিনৰ কাৰ্য্যক্ৰম কʼত হʼব?

এই বিষয়ে জানিবলৈ কোনো এজন যিহোৱাৰ সাক্ষীক সুধিব পাৰে।

ইয়াত উপস্থিত হʼবলৈ টকা-পইচা লাগে নেকি?

নালাগে।

ইয়াত চান্দা লোৱা হয় নেকি?

নহয়। আমি সভাবোৰত কেতিয়াও চান্দা নুতুলো।—মথি ১০:৮.

ইয়াত উপস্থিত হʼবলৈ বিশেষ ধৰণৰ কাপোৰ পিন্ধিব লাগিবনে?

নহয়। যিহোৱাৰ সাক্ষীসকলে বাইবেলৰ পৰামৰ্শৰ অনুসৰি সুলাজ আৰু পৰিপাটিকৈ কাপোৰ পিন্ধে।

স্মৰণীয় দিনৰ কাৰ্য্যক্ৰমত কি হʼব?

কাৰ্য্যক্ৰমৰ আৰম্ভণিতে এটি গীত গোৱা হʼব আৰু গীতৰ পাছত এজন যিহোৱাৰ সাক্ষীয়ে প্ৰাৰ্থনা কৰিব। তাৰ পাছত এটা ভাষণ দিয়া হʼব, যʼত বুজোৱা হʼব যে যীচুৱে আমাৰ বাবে কিয় নিজৰ জীৱন দিলে আৰু ঈশ্বৰ আৰু যীচুৱে আমাৰ বাবে যি কৰিলে, তাৰ পৰা আমি কেনেকৈ লাভৱান হʼব পাৰিম। ভাষণৰ পাছত এটি গীত গোৱা হʼব আৰু প্ৰাৰ্থনাৰ যোগেদি কাৰ্য্যক্ৰম সমাপ্ত কৰা হʼব।

আহিবলগীয়া বছৰবোৰত স্মৰণীয় দিন কেতিয়া পালন কৰা হʼব?

২০২৬: বৃহস্পতিবাৰ, এপ্ৰিল ২

২০২৭: সোমবাৰ, মাৰ্চ ২২