পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ

সমলৈঙ্গিক বিবাহৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে?

অসমীয়া
সমলৈঙ্গিক বিবাহৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে?
https://cms-imgp.jw-cdn.org/img/p/502012498/univ/art/502012498_univ_sqr_xl.jpg
ijwbq প্ৰৱন্ধ ১৬

সমলৈঙ্গিক বিবাহৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে?

সমলৈঙ্গিক বিবাহৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 চৰকাৰৰ নিয়ম-ব্যৱস্থা আৰম্ভণি হোৱাৰ বহু আগতেই আমাৰ সৃষ্টিকৰ্ত্তাই বিবাহৰ লগত জড়িত থকা নিয়ম স্থাপন কৰিছিল। বাইবেলৰ প্ৰথম কিতাপে এইদৰে বৰ্ণনা কৰিছে: “মানুহে নিজ পিতৃ মাতৃক ত্যাগ কৰি, নিজ তিৰোতাত আসক্ত হব, আৰু সিবিলাক দুয়ো একদেহ হব।” (আদিপুস্তক ২:২৪) ৱাইনৰ এক্সপজেটেৰী ডিক্সেনেৰী অৱ বিবলিকেল ৱৰ্ডচৰ অনুসৰি, ইব্ৰী শব্দ “তিৰোতাৰ” বাবে, প্ৰায়ে “স্ত্ৰী” ব্যৱহাৰ কৰা হৈছে। যীচুৱে এই কথাষাৰ নিশ্চিত কৰি বৰ্ণনা কৰিছিল যে কেৱল ‘পুৰুষ আৰু স্ত্ৰীৰ’ মাজতহে বিবাহ হোৱা উচিত।—মথি ১৯:৪.

 পুৰুষ আৰু তিৰোতাৰ মাজত হোৱা বিবাহিত জীৱন স্থায়ী আৰু আনন্দিত হোৱাটো ঈশ্বৰৰ উদ্দেশ্য আছিল। পুৰুষ আৰু তিৰোতা এজনে-আনজনৰ পৰিপূৰক হিচাপে সৃষ্টি কৰা হৈছিল, যাতে তেওঁলোকে এজনে-আনজনৰ আবেগিক আৰু শাৰীৰিক প্ৰয়োজনীয়তা পূৰ কৰাৰ লগতে সন্তান জন্ম দিয়াৰ ক্ষমতা ৰাখে।