Skip to content

সত্য খ্ৰীষ্টানসকলে গৰ্ভনিৰোধক দ্ৰব্য লোৱা উচিতনে?

সত্য খ্ৰীষ্টানসকলে গৰ্ভনিৰোধক দ্ৰব্য লোৱা উচিতনে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 যীচুৱে নিজৰ শিষ্যসকলক সন্তান জন্ম দিয়া বা নিদিয়াৰ বাবে কোনো নিৰ্দিষ্ট আজ্ঞা দিয়া নাছিল। যীচুৰ পাঁচনিসকলৰ মাজৰ কোনো এজনেও এই বিষয়ে নিৰ্দেশনা দিয়া নাছিল। বাইবেলত কʼতো গৰ্ভনিৰোধৰ বিষয়ে স্পষ্টৰূপে উল্লেখ নাই। এই বিষয়ত ৰোমীয়া ১৪:১২ পদৰ সিদ্ধান্ত প্ৰয়োগ কৰিব পাৰি: “প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব।”

 বিবাহিত দম্পতীসকলে জন্ম-নিয়ন্ত্ৰণ কৰিব নে নকৰে, তাৰ বিষয়ে তেওঁলোকে নিজেই নিৰ্ণয় কৰিব। তেওঁলোকৰ ভৱিষ্যতে কিমানজন সন্তান হʼব আৰু কেতিয়া হʼব, তাৰ বিষয়েও তেওঁলোকে নিৰ্ণয় লয়। যদি স্বামী আৰু স্ত্ৰীয়ে গৰ্ভধাৰণৰপৰা আঁতৰি থাকিবলৈ গৰ্ভনিৰোধক দ্ৰব্য ব্যৱহাৰ কৰিবলৈ নিৰ্ণয় কৰে, তেনেহʼলে এয়া তেওঁলোকৰ ব্যক্তিগত নিৰ্ণয় আৰু দায়িত্ব। এই বিষয়ে কোনেও তেওঁলোকক প্ৰশ্ন কৰা উচিত নহʼব।—ৰোমীয়া ১৪:৪, ১০-১৩.