পবিত্র বাইবেল—নতুন জগত অনুবাদ

মচীহৰ বিষয়ে বাইবেলে কি ভৱিষ্যবাণী কৰিছিল?

অসমীয়া
মচীহৰ বিষয়ে বাইবেলে কি ভৱিষ্যবাণী কৰিছিল?
https://cms-imgp.jw-cdn.org/img/p/1001061100/univ/wpub/1001061100_univ_sqr_xl.jpg
nwt পৃষ্ঠা ১৪-১৫

প্ৰশ্ন ৬

মচীহৰ বিষয়ে বাইবেলে কি ভৱিষ্যবাণী কৰিছিল?

ভৱিষ্যবাণী

“হে বৈৎলেহেম-ইফ্ৰাথা, . . . তোমাৰ পৰা এনে এজন ব্যক্তি আহিব, যিজনক মই ইস্ৰায়েলৰ শাসক পাতিম।”

মীখা ৫:২

কেনেকৈ পূৰ হʼল

“যিহূদিয়াৰ ৰজা হেৰোদৰ সময়ত যিহূদিয়াৰ বৈৎলেহেমত যীচুৰ জন্ম হোৱাৰ পাছত চোৱা! পূব ফালৰ পৰা কেইজনমান জ্যোতিষী যিৰূচালেমলৈ আহিল।”

মথি ২:১

ভৱিষ্যবাণী

“তেওঁলোকে মোৰ কাপোৰ নিজৰ মাজত ভগাই লয় আৰু মোৰ চোলাৰ কাৰণে চিঠি খেলে।”

গীতমালা ২২:১৮

কেনেকৈ পূৰ হʼল

“যেতিয়া সৈনিকসকলে যীচুক কাঠত গজাল মাৰি দিলে, তেতিয়া তেওঁলোকে যীচুৰ কাপোৰখন লʼলে আৰু তাৰ চাৰিভাগ কৰি তেওঁলোকে নিজৰ মাজতে ভগাই লʼলে . . . কিন্তু চোলাটোত কোনো চিলাই নাছিল, ইয়াৰ পৰিৱৰ্তে ওপৰৰ পৰা তললৈকে বোৱা আছিল। সেইবাবে, তেওঁলোকে এজনে-আনজনক কʼলে, ‘আমি ইয়াক নাফালিম, ইয়াৰ পৰিৱৰ্তে চিঠি খেলি আমি নিৰ্ণয় লʼম যে এয়া কাৰ হʼব।’”

যোহন ১৯:২৩, ২৪

ভৱিষ্যবাণী

“তেওঁ তাৰ গোটেই হাড়বোৰ ৰক্ষা কৰে, তেওঁৰ এডালো হাড় ভঙা নহʼল।”

গীতমালা ৩৪:২০

কেনেকৈ পূৰ হʼল

“তেওঁলোকে যেতিয়া যীচুৰ ওচৰলৈ আহিলে, তেতিয়া তেওঁৰ মৃত্যু হোৱা দেখি তেওঁলোকে যীচুৰ ভৰি নাভাঙিলে।”

যোহন ১৯:৩৩

ভৱিষ্যবাণী

“আমাৰ অপৰাধবোৰৰ কাৰণে তেওঁক খোঁচা হʼল।”

যিচয়া ৫৩:৫

কেনেকৈ পূৰ হʼল

“সৈনিকসকলৰ মাজৰ এজনে নিজৰ বৰছাৰে তেওঁৰ কামিহাড়ৰ মাজত খুঁচিলে আৰু লগে লগে তেজ আৰু পানী বৈ আহিল।”

যোহন ১৯:৩৪

ভৱিষ্যবাণী

‘তেওঁলোকে মোক মজুৰি হিচাপে ৩০ টুকুৰা ৰূপ দিলে।’

জখৰিয়া ১১:১২, ১৩

কেনেকৈ পূৰ হʼল

“তাৰ পাছত ১২ জনৰ মাজত এজন, যাক যিহূদা ঈষ্কৰিয়োতীয়া বুলি কোৱা হয়, তেওঁ প্ৰধান পুৰোহিতসকলৰ ওচৰলৈ গʼল আৰু তেওঁ তেওঁলোকক কʼলে, ‘যদি মই তেওঁক আপোনালোকৰ হাতত ধৰাই দিওঁ, তেনেহʼলে আপোনালোকে মোক কি দিব?’ তেতিয়া তেওঁক ৩০ টা ৰূপৰ মুদ্ৰা দিম বুলি কʼলে।”

মথি ২৬:১৪, ১৫; ২৭:৫