প্ৰশ্ন ৩

বাইবেলৰ লেখক কোন?

“মোচিয়ে যিহোৱাৰ সকলো বাক্য লিখিলে।”

যাত্ৰাপুস্তক ২৪:৪

“দানিয়েলে শুই থকাৰ সময়ত এটা সপোন আৰু কিছুমান দৰ্শন দেখিলে। তেতিয়া তেওঁ সেই সপোন লিখিলে। তেওঁ যি যি দেখিলে, সেই সকলো লিখিলে।”

দানিয়েল ৭:১

“যেতিয়া তোমালোকে ঈশ্বৰৰ বাক্য আমাৰ পৰা শুনিছিলা, তেতিয়া ইয়াক মানুহৰ বাক্য বুলি নহয়, কিন্তু ঈশ্বৰৰ বাক্য বুলি ভাবি গ্ৰহণ কৰিছিলা আৰু এয়া সঁচাকৈ ঈশ্বৰৰ বাক্য।”

১ থিচলনীকীয়া ২:১৩

‘গোটেই শাস্ত্ৰ ঈশ্বৰৰ প্ৰেৰণাৰে লিখা হৈছে আৰু শিকাবলৈ লাভজনক হয়।’

২ তীমথিয় ৩:১৬

“কোনো ভৱিষ্যবাণী মানুহৰ ইচ্ছাৰে কেতিয়াও হোৱা নাই, ইয়াৰ পৰিৱৰ্তে মানুহে পবিত্ৰ শক্তিৰে অনুপ্ৰাণিত হৈ ঈশ্বৰৰ ফালৰ পৰা কৈছিল।”

২ পিতৰ ১:২১