অসমীয়া
আপোনাৰ পৰিয়ালক বাইবেলে কেনেকৈ সহায় কৰিব পাৰে?
https://cms-imgp.jw-cdn.org/img/p/1001061100/univ/wpub/1001061100_univ_sqr_xl.jpg
nwt পৃষ্ঠা ৩০-৩১

প্ৰশ্ন ১৭

আপোনাৰ পৰিয়ালক বাইবেলে কেনেকৈ সহায় কৰিব পাৰে?

স্বামী/পিতৃ

“এইদৰে স্বামীসকলেও নিজৰ নিজৰ পত্নীক নিজৰ শৰীৰৰ নিচিনা প্ৰেম কৰা উচিত। যিজনে নিজৰ পত্নীক প্ৰেম কৰে, তেওঁ নিজকে প্ৰেম কৰে। কাৰণ কোনো মানুহেই নিজৰ শৰীৰক কেতিয়াও ঘিণ নকৰে, ইয়াৰ পৰিৱৰ্তে তাক খোৱায় আৰু মৰমেৰে তাৰ যত্ন লয়, . . . তোমালোকেও প্ৰতিজনে নিজ নিজ পত্নীক সেইদৰেই প্ৰেম কৰা, যিদৰে নিজকে প্ৰেম কৰা।”

ইফিচীয়া ৫:২৮, ২৯, ৩৩

“হে পিতৃসকল, নিজৰ লʼৰা-ছোৱালীক খং নোতোলাবা, ইয়াৰ পৰিৱৰ্তে যিহোৱাৰ ইচ্ছাৰ অনুসৰি সিহঁতক বুজাই আৰু শিক্ষা দি ডাঙৰ-দীঘল কৰা।”

ইফিচীয়া ৬:৪

পত্নী

‘পত্নীয়ে নিজৰ স্বামীক গভীৰ সন্মান কৰক।’

ইফিচীয়া ৫:৩৩

“হে পত্নীসকল, নিজৰ নিজৰ স্বামীৰ অধীনত থাকা, কিয়নো খ্ৰীষ্টৰ শিষ্যসকলে এইদৰেই কৰা উচিত।”

কলচীয়া ৩:১৮

লʼৰা-ছোৱালী

“লʼৰা-ছোৱালীবিলাক, প্ৰভুত নিজৰ মা-দেউতাৰ কথা শুনা, কিয়নো এয়া ঈশ্বৰৰ দৃষ্টিত সঠিক হয়। ‘নিজৰ মা-দেউতাক সন্মান কৰিবা।’ এয়া প্ৰথম আজ্ঞা হয়, যাৰ লগত এই প্ৰতিজ্ঞাও কৰা হৈছে: ‘যাতে তুমি ভাল জীৱন লাভ কৰিব পাৰা আৰু পৃথিৱীত বহু দিনলৈকে জীয়াই থাকিব পাৰা।’”

ইফিচীয়া ৬:১-৩

“হে লʼৰা-ছোৱালীবিলাক, সকলো কথাত নিজৰ মা-দেউতাৰ কথা শুনা, কিয়নো প্ৰভুৱে ইয়াৰ পৰা আনন্দিত হয়।”

কলচীয়া ৩:২০