পবিত্র বাইবেল—নতুন জগত অনুবাদ

ভৱিষ্যতৰ বিষয়ে বাইবেলে কি প্ৰতিজ্ঞা কৰিছে?

অসমীয়া
ভৱিষ্যতৰ বিষয়ে বাইবেলে কি প্ৰতিজ্ঞা কৰিছে?
https://cms-imgp.jw-cdn.org/img/p/1001061100/univ/wpub/1001061100_univ_sqr_xl.jpg
nwt পৃষ্ঠা ২০-২১

প্ৰশ্ন ১০

ভৱিষ্যতৰ বিষয়ে বাইবেলে কি প্ৰতিজ্ঞা কৰিছে?

“ভাল মানুহবিলাক পৃথিৱীৰ অধিকাৰী হʼব আৰু তাত অনন্ত জীৱন জীয়াই থাকিব।”

গীতমালা ৩৭:২৯

“পৃথিৱী সদায় থাকে।”

উপদেশক ১:৪

“তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাস কৰিব আৰু প্ৰভু যিহোৱাই সকলোৰে মুখৰ পৰা চকু-লো মচিব।”

যিচয়া ২৫:৮

“সেই কালত অন্ধবিলাকৰ চকু খোলা হʼব আৰু কলাবোৰৰ কাণ মুকলি হʼব। সেই কালত খোৰাই হৰিণীৰ দৰে ডেও দিব আৰু বোবাবিলাকৰ জিভাই গান কৰিব; কিয়নো অৰণ্যত জল আৰু মৰুভূমিত জুৰিবোৰ ওলাব।”

যিচয়া ৩৫:৫, ৬

“তেওঁ তেওঁলোকৰ আটাই চকুপানী মচি দিব আৰু মৃত্যু নহʼব, শোক বা ক্ৰন্দন বা বেদনাও নাথাকিব। আগৰ বিষয়বোৰ শেষ হʼল।”

প্ৰকাশিত বাক্য ২১:৪

“লোকবিলাকে ঘৰ সাজি তাৰ ভিতৰত বাস কৰিব আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিব। অন্যে বাস কৰিবলৈ তেওঁবিলাকে ঘৰ নাসাজিব, অন্যে ভোগ কৰিবলৈ তেওঁবিলাকে বাৰী নাপাতিব; কিয়নো গছৰ আয়ুস যিমান, মোৰ প্ৰজাবিলাকৰ আয়ুসো সিমান হʼব আৰু মোৰ মনোনীত লোকবিলাকে নিজ নিজ হাতেৰে কৰা কাৰ্য্যৰ ফল বহুকাললৈকে ভোগ কৰিব।”

যিচয়া ৬৫:২১, ২২