প্ৰশ্ন ৯

আমাৰ দুখ-কষ্টৰ কাৰণ কি?

“যিসকলে বেগেৰে লৰ মাৰে, তেওঁলোকেই যে সকলো সময়তে জয়ী হয়, এনে নহয়; বীৰসকলেই যে সকলো সময়তে যুদ্ধত জয়ী হয়, এনে নহয়; বিজ্ঞসকলেই যে সকলো সময়তে পেট ভৰাই খাবলৈ পায়, এনে নহয়; বুদ্ধিমানসকলেই যে সকলো সময়তে ধনী হয়, এনে নহয়; জ্ঞানীসকলেই যে সকলো সময়তে সফল হয়, এনে নহয়। কিয়নো বিপদৰ সময় যিকোনো লোকৰ ওপৰত আহিব পাৰে আৰু দুৰ্ঘটনা যিকোনো লোকৰ লগত হʼব পাৰে।”

উপদেশক ৯:১১

“এজন মানুহৰ পৰা পাপ জগতলৈ আহিল আৰু পাপৰ পৰা মৃত্যু আহিল আৰু এইদৰে মৃত্যু সকলো মানুহলৈ বিয়পি গʼল, কিয়নো সকলোৱে পাপ কৰিলে।”

ৰোমীয়া ৫:১২

“ঈশ্বৰৰ পুত্ৰক এই উদ্দেশ্যেৰে প্ৰকাশ কৰা হৈছে যাতে তেওঁ চয়তানৰ কামবোৰক নষ্ট কৰে।”

১ যোহন ৩:৮

“গোটেই জগত চয়তানৰ নিয়ন্ত্ৰণত আছে।”

১ যোহন ৫:১৯