ঈশ্বৰৰ বাক্যৰ পৰিচয়

বাইবেলত আমাৰ কাৰণে ঈশ্বৰৰ বাৰ্তা দিয়া আছে। ইয়ে জনায় যে আমি জীৱনত কেনেকৈ সফলতা লাভ কৰিব পাৰোঁ আৰু ঈশ্বৰৰ অনুমোদন পাব পাৰোঁ। বাইবেলে এই প্ৰশ্নবোৰৰ উত্তৰো দিয়ে:

  1. ঈশ্বৰ কোন হয়?

  2. আপুনি ঈশ্বৰৰ বিষয়ে কেনেকৈ শিকিব পাৰে?

  3. বাইবেলৰ লেখক কোন?

  4. বাইবেলত লিখা কথাবোৰ বিজ্ঞানৰ অনুসৰি সঠিক হয় নে?

  5. বাইবেলৰ মূল বিষয় কি?

  6. মচীহৰ বিষয়ে বাইবেলে কি ভৱিষ্যবাণী কৰিছিল?

  7. বাইবেলে বৰ্তমান সময়ৰ বিষয়ে কি ভৱিষ্যবাণী কৰিছে?

  8. আমাৰ দুখ-কষ্টৰ বাবে ঈশ্বৰ দায়ী নেকি?

  9. আমাৰ দুখ-কষ্টৰ কাৰণ কি?

  10. ১০ ভৱিষ্যতৰ বিষয়ে বাইবেলে কি প্ৰতিজ্ঞা কৰিছে?

  11. ১১ মৃত্যু হ’লে আমাৰ কি হয়?

  12. ১২ মৃত লোকসকলৰ বাবে কি আশা আছে?

  13. ১৩ কামৰ বিষয়ে বাইবেলে কি কয়?

  14. ১৪ আপুনি কেনেকৈ ধন-সম্পত্তিৰ উচিত ব্যৱহাৰ কৰিব পাৰে?

  15. ১৫ আপুনি জীৱনত কেনেকৈ প্ৰকৃত আনন্দ লাভ কৰিব পাৰে?

  16. ১৬ জীৱনৰ দুশ্চিন্তাবোৰ আপুনি কেনেকৈ সন্মুখীন হʼব?

  17. ১৭ আপোনাৰ পৰিয়ালক বাইবেলে কেনেকৈ সহায় কৰিব পাৰে?

  18. ১৮ আপুনি কেনেকৈ ঈশ্বৰৰ কাষ চাপিব পাৰে?

  19. ১৯ বাইবেলৰ কিতাপবোৰত কিহৰ বিষয়ে কোৱা হৈছে?

  20. ২০ বাইবেলখন কেনেকৈ পঢ়িলে আপুনি লাভৱান হʼব পাৰে?

বাইবেলৰ পদবোৰ কেনেকৈ বিচাৰিব

বাইবেলত ৬৬ খন সৰু সৰু কিতাপ আছে। ইয়াক দুটা ভাগত ভাগ কৰা হৈছে: হিব্ৰু-অৰামী শাস্ত্ৰ (“পুৰণি নিয়ম”) আৰু গ্ৰীক শাস্ত্ৰ (“নতুন নিয়ম”)। বাইবেলৰ প্ৰতিখন কিতাপত অধ্যায় আৰু পদবোৰ আছে। যেতিয়া বাইবেলৰ পদবোৰ উল্লেখ কৰা হয়, তেতিয়া প্ৰথমে কিতাপৰ নাম, তাৰ পাছত অধ্যায়ৰ সংখ্যা আৰু পদবোৰৰ সংখ্যা দিয়া থাকে। উদাহৰণস্বৰূপে, আদিপুস্তক ১:১ অৰ্থ হৈছে আদিপুস্তক কিতাপৰ অধ্যায় এক আৰু পদ এক।