মাৰ্কে লিখা শুভবাৰ্তা ১৫:১-৪৭

  • যীচু পীলাতৰ সন্মুখত (১-১৫)

  • সকলোৰে আগত ঠাট্টা কৰা হʼল (১৬-২০)

  • গলগথাত কাঠত আঁৰি দিয়া হʼল (২১-৩২)

  • যীচুৰ মৃত্যু (৩৩-৪১)

  • যীচুক কবৰ দিয়া হʼল (৪২-৪৭)

১৫  ৰাতিপুৱা হোৱাৰ লগে লগে যিহূদীৰ নেতা আৰু নিয়ম শিকোৱা লোকসকলে* প্ৰধান পুৰোহিতৰ লগত অৰ্থাৎ গোটেই মহা-সভাই একেলগে আলোচনা কৰিলে। তেওঁলোকে যীচুক বান্ধি পীলাতৰ ওচৰলৈ লৈ গʼল আৰু তেওঁৰ হাতত গতাই দিলে। ২  তেতিয়া পীলাতে যীচুক সুধিলে, “তুমি যিহূদীসকলৰ ৰজা নে?” তেওঁ উত্তৰ দিলে, “আপুনি নিজেই এইদৰে কৈছে।” ৩  কিন্তু প্ৰধান পুৰোহিতে তেওঁৰ বিৰুদ্ধে বিভিন্ন অভিযোগ কৰিবলৈ ধৰিলে। ৪  এতিয়া পীলাতে তেওঁক আকৌ এবাৰ সুধিলে, “তুমি একো উত্তৰ নিদিয়া নে? চোৱা, এই লোকসকলে তোমাৰ ওপৰত কিমান অভিযোগ লগাইছে।” ৫  কিন্তু যীচুৱে আৰু একো উত্তৰ নিদিলে, সেইবাবে পীলাতে বৰ আচৰিত হʼল। ৬  পীলাতে প্ৰতিটো নিস্তাৰ-পৰ্বৰ সময়ত লোকসকলৰ ইচ্ছাৰ অনুসৰি কোনো এজন কয়দীক মুকলি কৰি দিয়াৰ পৰম্পৰা আছিল। ৭  সেই সময়ত বাৰাব্বা নামৰ এজন ব্যক্তি আন কয়দীসকলৰ লগত জেলত বন্দী হৈ আছিল। তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু হত্যা কৰিছিল। ৮  এতিয়া ভিৰৰ লোকসকলে পীলাতৰ ওচৰলৈ আহিলে আৰু পৰম্পৰাৰ অনুসৰি পীলাতে তেওঁলোকৰ বাবে যিদৰে কৰে, ঠিক সেইদৰে কৰিবলৈ তেওঁলোকে অনুৰোধ কৰিবলৈ ধৰিলে। ৯  তেওঁ লোকসকলক কʼলে, “মই যিহূদীসকলৰ ৰজাক মুকলি কৰি দিয়াটো তোমালোকে বিচাৰা নে?” ১০  পীলাতে জানিছিল যে প্ৰধান পুৰোহিতসকলে ঈৰ্ষাৰ কাৰণে যীচুক তেওঁৰ হাতত শোধাই দিছিল। ১১  কিন্তু প্ৰধান পুৰোহিতসকলে যীচুৰ সলনি বাৰাব্বাক মুকলি কৰিবলৈ কʼবৰ কাৰণে লোকসকলক উচটালে। ১২  পীলাতে আকৌ এবাৰ তেওঁলোকক কʼলে, “তেনেহʼলে তোমালোকে যিজনক যিহূদীসকলৰ ৰজা বুলি কোৱা তেওঁক মই কি কৰিম?” ১৩  তেওঁলোকে আকৌ চিঞৰি কʼলে, “ইয়াক কাঠত আঁৰি দিয়ক!”* ১৪  কিন্তু তেওঁ কʼলে, “কিয়, তেওঁনো কি অপৰাধ কৰিলে?” কিন্তু তেওঁলোকে আৰু জোৰকৈ চিঞৰিবলৈ ধৰিলে, “ইয়াক কাঠত আঁৰি দিয়ক!” ১৫  তেতিয়া পীলাতে ভিৰক আনন্দিত কৰিবলৈ বাৰাব্বাক মুকলি কৰি দিলে আৰু যীচুক চাবুকেৰে কোবোৱাৰ পাছত কাঠত আঁৰি হত্যা কৰিবলৈ তেওঁ লোকসকলৰ হাতত গতাই দিলে। ১৬  ইয়াৰ পাছত সৈনিকসকলে যীচুক ৰাজ্যপালৰ ভৱনৰ চোতাললৈ লৈ গʼল আৰু তাত তেওঁলোকে গোটেই সৈন্যদলক মাতি একগোট কৰিলে। ১৭  তেওঁলোকে যীচুক বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধালে আৰু কাঁইটেৰে কিৰীটি সাঁজি তেওঁৰ মূৰত দিলে। ১৮  তেওঁলোকে জোৰেৰ চিঞৰি কʼবলৈ ধৰিলে, “হে যিহূদীসকলৰ ৰজা প্ৰণাম!”* ১৯  তেওঁলোকে নলখাগৰি লৈ তেওঁৰ মূৰত মাৰিবলৈ ধৰিলে, তেওঁৰ ওপৰত থু পেলাবলৈ ধৰিলে আৰু তেওঁক মূৰ দোৱাই প্ৰণাম কৰিবলৈ ধৰিলে। ২০  ঠাট্টা কৰাৰ পাছত তেওঁলোকে যীচুৰ সেই বেঙুনীয়া ৰঙৰ কাপোৰ খুলি তেওঁৰ কাপোৰ তেওঁকেই পিন্ধাই দিলে। তাৰ পাছত তেওঁলোকে যীচুক কাঠত আঁৰিবলৈ লৈ গʼল। ২১  সেই সময়ত চিমোন নামৰ এজন কুৰীণীৰ মানুহ, গাঁৱৰ পৰা সেই ৰাস্তাইদি আহি আছিল। তেওঁ আলেকজেন্দাৰ আৰু ৰূফৰ দেউতাক আছিল। সৈনিকসকলে যীচুৰ যাতনাৰ কাঠ* উঠাবলৈ তেওঁক আদেশ দিলে। ২২  তাৰ পাছত তেওঁলোকে যীচুক গলগথা নামৰ ঠাইলৈ লৈ আহিল, যাৰ অৰ্থ হৈছে, “মূৰৰ লাওখোলা।” ২৩  ইয়াত তেওঁলোকে যীচুক নিচাজাতীয় পদাৰ্থ গন্ধৰস* মিহলোৱা দ্ৰাক্ষাৰস খোৱাবলৈ চেষ্টা কৰিছিল। কিন্তু যীচুৱে নাখালে। ২৪  তেওঁলোকে যীচুক কাঠত গজাল মাৰি দিলে আৰু তেওঁৰ কাপোৰৰ কাৰণে চিঠি খেলিলে যাতে কোনে কি পাব, সেয়া নিৰ্ণয় লʼব পাৰে আৰু সেইবোৰ নিজৰ মাজতে ভগাই লʼলে। ২৫  এয়া তৃতীয় ঘণ্টা* আছিল আৰু তেওঁলোকে যীচুক কাঠত আঁৰি দিলে। ২৬  তেওঁৰ বিৰুদ্ধে এই অভিযোগ লিখি তেওঁৰ মূৰৰ ওপৰত লগাই দিয়া হʼল: “যিহূদীসকলৰ ৰজা।” ২৭  আৰু তেওঁলোকে তেওঁৰ লগত দুজন ডকাইতক কাঠত আঁৰি দিলে। এজনক তেওঁৰ সোঁফালে আৰু আনজনক বাওঁফালে। ২৮ * — ২৯  যিসকলে সেই বাটেদি অহা-যোৱা কৰিছিল, তেওঁলোকে মূৰ জোকাৰি জোকাৰি তেওঁৰ নিন্দা কৰিবলৈ ধৰিলে, “তইতো মন্দিৰ ভাঙি তিনি দিনৰ ভিতৰতে বনাব পাৰ! ৩০  এতিয়া যাতনাৰ কাঠৰ পৰা নামি নিজকে বচা।” ৩১  এইদৰে প্ৰধান পুৰোহিতেও নিয়ম শিকোৱা লোকসকলৰ লগত মিলি এয়া কৈ নিজৰ মাজতে যীচুৰ ঠাট্টা কৰি আছিল, “সি আনক বচালে, কিন্তু নিজকে বচাব নোৱাৰে! ৩২  ইস্ৰায়েলৰ ৰজা খ্ৰীষ্ট, এতিয়া যাতনাৰ কাঠৰ পৰা নামি দেখাওক, তেতিয়াহে সেয়া দেখি আমি বিশ্বাস কৰিম।” আনকি তেওঁৰ দুয়োফালে কাঠত আঁৰি দিয়া মানুহ কেইজনেও তেওঁৰ বিষয়ে বেয়াকৈ কৈছিল। ৩৩  যেতিয়া ছয় ঘণ্টা* হʼল, তেতিয়া গোটেই দেশত অন্ধকাৰ হৈ গʼল আৰু ন ঘণ্টালৈকে* অন্ধকাৰেই হৈ থাকিল। ৩৪  ন ঘণ্টাৰ সময়ছোৱাত যীচুৱে জোৰকৈ চিঞৰি কʼলে, “এলী, এলী, লামা চবক্তানী?” যাৰ অৰ্থ হৈছে, “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি মোক কিয় এৰি দিলা?” ৩৫  এয়া শুনি ওচৰত থিয় হৈ থকা কিছুমান লোকে কʼবলৈ ধৰিলে, “চোৱা! তেওঁ এলিয়াক মাতিছে।” ৩৬  তাৰ পাছত এজন মানুহে দৌৰি গৈ এটা স্পঞ্জৰ টুকুৰা টেঙা দ্ৰাক্ষাৰসত ডুবালে আৰু নলখাগৰিত লগাই এইদৰে কৈ তেওঁক খাবলৈ দিলে, “চাওঁচোন, এলিয়াই ইয়াক নমাবলৈ আহিব নে নাই।” ৩৭  কিন্তু যীচুৱে জোৰকৈ চিঞৰিলে আৰু প্ৰাণ ত্যাগ কৰিলে।* ৩৮  তেতিয়া মন্দিৰৰ পৰ্দা ওপৰৰ পৰা তললৈকে ফাটি দুভাগ হʼল। ৩৯  তেওঁৰ ওচৰত থিয় হৈ থকা সেনাপতিয়ে যীচুৰ মৃত্যুত এইবোৰ ঘটনা হোৱা দেখি তেওঁ এইদৰে কʼলে, “সঁচাকৈ, এই মানুহজন ঈশ্বৰৰ পুত্ৰ আছিল।” ৪০  তাত কিছুমান তিৰোতাও আছিল, যিসকলে দূৰৰ পৰা থিয় হৈ চাই আছিল। তেওঁলোকৰ মাজত মৰিয়ম মগ্দলীনী, সৰু যাকোব আৰু যোচিৰ মা মৰিয়ম আৰু চালোমীও আছিল। ৪১  যীচু গালীলত থাকোঁতে এই তিৰোতাসকলে তেওঁৰ পাছে পাছে গৈছিল আৰু তেওঁৰ সেৱা কৰিছিল। তাত আৰু বহুতো তিৰোতা আছিল, যিসকলে তেওঁৰ লগত যিৰূচালেমলৈ আহিছিল। ৪২  প্ৰায়েই গধূলি হʼবলৈ হৈছিল আৰু সেই দিন আয়োজনৰ দিন অৰ্থাৎ বিশ্ৰাম-বাৰৰ* আগদিনা আছিল। ৪৩  সেইবাবে, অৰিমাথিয়াত থকা যোচেফ তালৈ আহিল। তেওঁ মহা-সভাৰ এজন সন্মানীয় ব্যক্তি আছিল, তেওঁ নিজেও ঈশ্বৰৰ ৰাজ্য অহাৰ কাৰণে অপেক্ষা কৰি আছিল। তেওঁ সাহসেৰে পীলাতৰ ওচৰলৈ গʼল আৰু যীচুৰ মৃতদেহ খুজিলে। ৪৪  কিন্তু যীচুৰ মৃত্যু হʼল নে নাই, সেই বিষয়ে জানিবলৈ পীলাতে আগ্ৰহী হৈ আছিল। সেইবাবে, তেওঁ সেনাপতিক মাতি সুধিলে যে তেওঁৰ মৃত্যু হʼল নে নাই। ৪৫  যীচুৰ মৃত্যু হʼল বুলি সেনাপতিৰ পৰা নিশ্চিত কৰাৰ পাছত পীলাতে তেওঁৰ মৃতদেহ যোচেফক দি দিলে। ৪৬  তেতিয়া যোচেফে মিহি সূতাৰে তৈয়াৰ কৰা কাপোৰ কিনি আনিলে আৰু তেওঁ যীচুৰ মৃতদেহ তললৈ নমালে আৰু তাক সেই কাপোৰেৰে মেৰিয়াই এটা কবৰত* থʼলে, যি শিলা খান্দি বনোৱা হৈছিল আৰু এচটা ডাঙৰ শিল বগৰাই আনি কবৰৰ দুৱাৰ বন্ধ কৰিলে। ৪৭  কিন্তু মৰিয়ম মগ্দলীনী আৰু যোচিৰ মা মৰিয়ম সেই ঠাইলৈ চাই আছিল, যʼত যীচুক ৰখা হৈছিল।

ফুটনোট

আক্ষ., “লেখক।” শব্দকোষ চাওক
বা “কাঠত আঁৰি হত্যা কৰক।”
বা “তোমাৰ জয় হওক।”
ই এক ধৰণৰ সুগন্ধি এঁঠা। শব্দকোষ চাওক
অৰ্থাৎ ৰাতিপুৱা প্ৰায় ৯ বজাত।
অতি. ক৩ চাওক।
অৰ্থাৎ দুপৰীয়া প্ৰায় ১২ বজাত।
অৰ্থাৎ আবেলি প্ৰায় ৩ বজালৈকে।
বা “শেষ নিশাহ ত্যাগ কৰিলে।”
বা “আৰাম কৰা দিন।” শব্দকোষ চাওক
বা “স্মৰণীয় কবৰত।”