কলচীয়াসকললৈ চিঠি ৩:১-২৫

  • পুৰণি আৰু নতুন ব্যক্তিত্ব (১-১৭)

    • শৰীৰৰ অংগবোৰক মাৰি পেলোৱা ()

    • প্ৰেমে সকলোকে একতাত বান্ধি ৰাখে (১৪)

  • খ্ৰীষ্টান পৰিয়ালৰ কাৰণে উপদেশ (১৮-২৫)

 কিন্তু যদি তোমালোকক খ্ৰীষ্টৰ লগত জীয়াই তোলা হৈছিল, তেনেহʼলে স্বৰ্গৰ বিষয়বোৰ বিচৰাত লাগি থাকা যʼত খ্ৰীষ্ট, ঈশ্বৰৰ সোঁহাতে বহি আছে। ২  তোমালোকে পৃথিৱীৰ বিষয়বোৰৰ ওপৰত নহয়, কিন্তু স্বৰ্গৰ বিষয়বোৰৰ ওপৰত ধ্যান দিয়া। ৩  কাৰণ তোমালোকৰ মৃত্যু হৈছিল আৰু ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি তোমালোকৰ জীৱন খ্ৰীষ্টত লুকাই আছে। ৪  আমাৰ জীৱন অৰ্থাৎ খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হʼব, তেতিয়া তেওঁৰ লগত তোমালোককো মহিমাত প্ৰকাশিত কৰা হʼব। ৫  সেইবাবে, নিজৰ শৰীৰৰ সেই অংগবোৰক* মাৰি পেলোৱা, যʼত এনেধৰণৰ ইচ্ছা উৎপন্ন হয়: অনৈতিক শাৰীৰিক সম্পৰ্ক,* অশুচি, নিয়ন্ত্ৰণ নোহোৱাকৈ কামভাৱ পূৰ কৰা, বেয়া ইচ্ছা আৰু লোভ, যি মূৰ্তিপূজাৰ সমান হয়। ৬  এইবোৰৰ কাৰণেই ঈশ্বৰৰ ক্ৰোধ আহি আছে। ৭  তোমালোকেও আগতে এনে কামবোৰত লাগি আছিলা আৰু এয়াই তোমালোকৰ জীৱন-প্ৰণালী আছিল।* ৮  কিন্তু এতিয়া তোমালোকে নিজৰ পৰা ক্ৰোধ, খং, দুষ্টতা, গালি-শপনি আৰু অশ্লীল কথা-বতৰা সম্পূৰ্ণৰূপে দূৰ কৰা। ৯  এজনে-আনজনক মিছা কথা নকʼবা। পুৰণি ব্যক্তিত্বক* তাৰ অভ্যাসৰ সৈতে উলিয়াই পেলোৱা। ১০  আৰু সেই নতুন ব্যক্তিত্বক পিন্ধি লোৱা, যাৰ সৃষ্টি ঈশ্বৰে কৰে আৰু তাক সঠিক জ্ঞানেৰে ঈশ্বৰৰ প্ৰতিৰূপ অনুসৰি নতুন কৰি গৈ থাকা, ১১  যʼত কোনো গ্ৰীক বা যিহূদী, চুন্নৎ হোৱা বা চুন্নৎ নোহোৱা, বিদেশী, স্কুথীয়া,* দাস বা স্বাধীন এনে কোনো নাই, কিন্তু খ্ৰীষ্টই সকলো হয় আৰু সকলোতে আছে। ১২  সেইবাবে, ঈশ্বৰে বাছনি কৰা লোক হিচাপে তোমালোক, যিসকল পবিত্ৰ আৰু প্ৰিয় হোৱা, কৰুণাৰে পৰিপূৰ্ণ, কোমল স্নেহ, কৃপা, নম্ৰতা, কোমলতা আৰু ধৈৰ্যক কাপোৰৰ দৰে পিন্ধি লোৱা। ১৩  কাৰোবাৰ বিৰুদ্ধে যদি কিবা অভিযোগ কৰাৰ কাৰণো থাকে, তেতিয়াও এজনে-আনজনক সহন কৰি থাকা আৰু এজনে-আনজনক হৃদয় খুলি ক্ষমা কৰি থাকা। যিহোৱাই* যিদৰে তোমালোকক হৃদয় খুলি ক্ষমা কৰিলে, তোমালোকেও সেইদৰেই কৰা। ১৪  কিন্তু এইবোৰৰ উপৰিও, প্ৰেমক কাপোৰৰ দৰে পিন্ধি লোৱা, কিয়নো প্ৰেমে সকলোকে সম্পূৰ্ণৰূপে একতাত বান্ধি ৰাখে। ১৫  লগতে খ্ৰীষ্টৰ শান্তি তোমালোকৰ হৃদয়ত শাসন কৰক,* কিয়নো এই শান্তিৰ কাৰণেই তোমালোকক মতা হৈছে যাতে তোমালোক এক শৰীৰ হৈ থাকা। তোমালোক কিমান কৃতজ্ঞ সেয়া দেখুওৱা। ১৬  খ্ৰীষ্টৰ বাক্য তোমালোকৰ ভিতৰত সম্পূৰ্ণৰূপে কাম কৰক আৰু তোমালোকক বুদ্ধিমান কৰি তোলক। গীত গাই, ঈশ্বৰৰ প্ৰশংসা কৰি আৰু কৃতজ্ঞতাৰে ভৰা হৃদয়েৰে উপাসনাৰ গীত গাই এজনে-আনজনক শিকাই থাকা আৰু এজনে-আনজনক উৎসাহিত কৰি থাকা* আৰু নিজৰ হৃদয়ত যিহোৱাৰ* কাৰণে গীত গাই থাকা। ১৭  আৰু তোমালোকে যিয়েই কোৱা বা কৰা, সকলো প্ৰভু যীচুৰ নামেৰে কৰা আৰু তেওঁৰ যোগেদি ঈশ্বৰ অৰ্থাৎ পিতৃক ধন্যবাদ দিয়া। ১৮  হে পত্নীসকল, নিজৰ নিজৰ স্বামীৰ অধীনত থাকা, কিয়নো খ্ৰীষ্টৰ শিষ্যসকলে এইদৰেই কৰা উচিত। ১৯  হে স্বামীসকল, নিজৰ নিজৰ পত্নীক প্ৰেম কৰি থাকা আৰু তেওঁলোকৰ ওপৰত খঙত জ্বলি-পকি নুঠিবা।* ২০  হে লʼৰা-ছোৱালীবিলাক, সকলো কথাত নিজৰ মা-দেউতাৰ কথা শুনা, কিয়নো প্ৰভুৱে ইয়াৰ পৰা আনন্দিত হয়। ২১  হে পিতৃসকল, নিজৰ লʼৰা-ছোৱালীক খং নোতোলাবা, নহʼলে সিহঁতে নিৰাশ হৈ যাব। ২২  হে দাসবিলাক, জগতত যিসকল তোমালোকৰ মালিক হয়, সকলো কথাত তেওঁলোকৰ আজ্ঞা পালন কৰা, কিন্তু মানুহক আনন্দিত কৰিবলৈ কেৱল তেওঁলোকৰ সন্মুখতে আজ্ঞা পালন নকৰিবা, ইয়াৰ পৰিৱৰ্তে সম্পূৰ্ণ হৃদয়েৰে আৰু যিহোৱালৈ* ভয় ৰাখি এইদৰে কৰা। ২৩  তোমালোকে যিয়েই কাম কৰা মনে-প্ৰাণে এইদৰে কৰা যেন মানুহৰ কাৰণে নহয়, কিন্তু যিহোৱাৰ* কাৰণে কৰিছা। ২৪  কিয়নো তোমালোকে জানা যে যিহোৱাৰ* পৰাই তোমালোকে পুৰস্কাৰ হিচাপে উত্তৰাধিকাৰ পাবা। নিজৰ মালিক খ্ৰীষ্টৰ দাস হৈ তেওঁৰ সেৱা কৰা। ২৫  যিজনে বেয়া কাম কৰে, তেওঁ নিজৰ বেয়া কামৰ ফল পাব, কাৰণ ঈশ্বৰে পক্ষপাত নকৰে।

ফুটনোট

আক্ষ., “সেই অংগবোৰক, যি পৃথিৱীত আছে।”
গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক
বা “তোমালোকে এইদৰেই জীৱন অতিবাহিত কৰিছিলা।”
আক্ষ., “মানুহ।”
ইয়াত “স্কুথীয়াৰ” অৰ্থ হৈছে, অসভ্য লোক।
অতি. ক৫ চাওক।
বা “হৃদয়ক নিয়ন্ত্ৰণত ৰাখক।”
বা “বুজাই থাকা।”
অতি. ক৫ চাওক।
বা “তেওঁলোকৰ লগত কঠোৰ ব্যৱহাৰ নকৰিবা।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।